নেটিজানৰ চৰিত্ৰাৱলী – ড° মদন তাপৰীয়া
নিজৰ লগতে আনৰ নম্বৰ বিচাৰ কৰক :
১) যি সকলে নিজৰ ডিপি স্থিৰ বা সলনি নকৰাকৈ ৰাখে, তেওঁলোক শান্ত স্বভাৱৰ মালিক।
২) ঘনাই ঘনাই ডিপি সলনি কৰা লোক চঞ্চল প্ৰবৃত্তিৰ লোক বুলি জানিব।
৩) সততে কিবা নহয় কিবা শ্বেয়াৰ কৰা লোক বহল মনৰ উদাৰ মানুহ বুলি বুজিব লাগিব।
৪) কেতিয়াও কাকো লাইক-কমেণ্ট নকৰাজন মদগৰ্বী লোক বুলি জানিব।
৫) প’ষ্টত সদায় ভাল কমেণ্ট দিয়াজন দয়ালু আৰু লোকৰ ভাৱনাক বুজা লোক হ’ব।
৬) যিকোনো প’ষ্টত বেয়াকৈ কমেণ্ট দিয়াজন ক্ৰুৰ স্বভাৱৰ হ’ব।
৭) এই ফালৰ মেচেজ সিফালে কৰাজন ৰাজনৈতিক প্ৰবৃতিৰ লোক হ’ব।
৮) গ্ৰুপত লোকৰ প’ষ্ট পিছ ফালে ঠেলি নিজৰটো আগবঢ়োৱাত চতুৰ মানুহজন নিজৰ যশস্যা চৌদিশে হোৱা বিচৰা মানুহ হ’ব।
৯) পুৰণা প’ষ্ট বাৰে বাৰে আপলোড কৰাজন উদণ্ড স্বভাৱৰ হ’ব।
১০) ফ’টো বা প’ষ্ট দেখাৰ লগে লগে অপেন কৰাজন অধীৰ স্বভাৱৰ লোক হ’ব।
১১) মেচেজ বা প’ষ্ট দেখি কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াজন সংকুচিত মনোভাৱৰ মানুহ হ’ব।
১২) কেতিয়াও কোনো শ্বেয়াৰ নকৰাজন কৰাইছ প্ৰকৃতিৰ লোক হ’ব।
১৩) দীঘল লেখাৰ পোষ্ট দেখি নপঢ়াকৈ এৰি থৈ আগবাঢ়ি যোৱাজন এলেহুৱা স্বভাৱৰ লোক হ’ব।
১৪) বেলেগ বেলেগ গ্ৰুপ গঠন কৰা লোক মহত্বাকাংক্ষা থকা লোক হ’ব।
১৫) নিজৰ কামৰ অনুপাতেহে মাত্ৰ ওৱাটচ্ এপ ব্যৱহাৰ কৰাজন ধনী আৰু যশস্বী লোক হোৱাৰ লক্ষণ।
১৬) কপি পেষ্টত উৎস্তাদ সকল চৌৰ্য্য বিদ্যাত পাৰ্গত হ’ব।
১৭) বেলেগ ভাষাৰ প’ষ্টবোৰ অনুবাদ কৰি নিজৰ নামত প’ষ্ট কৰাসকল নোম-টেঙৰ হ’ব।
১৮) লোকৰ প’ষ্টত বেছি লাইক আৰু কমেণ্ট অহা দেখি জ্বলি-পুৰি মৰাজন হিংসাত্মক প্ৰবৃতিৰ লোক হ’ব।
১৯) মাত্ৰ মহিলা বা ছোৱালীৰ প’ষ্টত লাইক বা কমেণ্ট দিয়াজন মানসিক হতাশাগ্ৰস্ত লোকৰ লক্ষণ। ‘চেনি’ নামৰ বেমাৰৰ প্ৰথম লক্ষণ।
২০) সৰু সৰু প’ষ্ট দিয়াজন মিতব্যয়ী আৰু বৰ বৰ প’ষ্ট দিয়াজন ধোঁৱাখুলিয়া স্বভাৱৰ লোক হ’ব।
২১) যি সকলে মাত্ৰ নিজৰ,পৰিয়ালৰ বা বংশক লৈ আপলোড দিয়ে তেনেলোক সামন্তবাদী প্ৰবৃত্তিৰ হ’ব।
২২) যি সকলে লোকৰ পোষ্টত কোনে কি মন্তব্য দিছে তাকে খুচুৰা খুচুৰি কৰি থাকে তেওঁলোক নিশ্চয় পিপিং ট’ম হ’বই লাগিব৷
২৪) পোষ্ট পঢ়ি একো লাইক কমেণ্ট নিদি কিন্তু লগ পালে প্ৰশংসাৰে গগন ফালি দিয়া লোক অসন্তোষীয়া স্বভাৱৰ হ’ব.!
২৫) নিজৰ পোষ্টবোৰ লোকক টেগ কৰি আপলোড কৰে সেইসকল মহত্বাকাংক্ষী লোক হ’ব।
২৬)যিকোনো পোষ্টত অনাহকতে বিতৰ্ক সৃষ্টি কৰি পৰিবেশ প্ৰদূষণ কৰি আমেজ পায় তেনে লোক ৰাজনৈতিক আকাংক্ষাৰ হ’ব।
২৭) কিবা সৰু অসুখ বিসুখতে ফটো দি আপলোড কৰাসকল সহানুভূতি পাবলৈ বাঞ্ছা কৰা পাগল হ’ব।
২৮) একো মছলা নাথাকিলেও বতৰ আদিৰ কথা কৈ পোষ্ট কৰাজন হীনমাণ্যতাগ্ৰস্থ হ’ব।
২৯) নিজৰ ফটো দি আপলোড কৰা পুৰুষসকল নাৰী-স্বভাৱসূলভ হ’ব।
৩০) উদ্দেশ্যবিহীন ভাবে নিজৰ ফ্ৰেণ্ড লিষ্ট বঢ়াই যোৱা সকল কৃপন প্ৰবৃত্তিৰ হ’ব।
এতিয়া নিজে নিজৰ অৱস্থিতি বিচাৰ কৰি লৈ নিৰ্ণয় কৰিব পাৰে নিজে কোনটো নম্বৰত সঠিককৈ খাপ খাব …!
☆★☆★☆