ফটাঢোল

বাজী – বৈদুৰ্য্য বৰুৱা

: হাৰে কাকতি দেখোন। হঠাৎ যে? ক’ত আছিল ইমান দিন! আহক। আহক।

ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাৰ সম্ভাষণটো সামান্যভাবে মূৰটো দুপিয়াই গ্ৰহণ কৰি দিনদয়াল চাংকাকতিয়ে গ্লাছৰ দুৱাৰখন ঠেলি পোনেই আহি চকী এখন টানি বৰুৱাৰ টেবুলখনৰ সন্মুখতে বহিল।

: অলপ ব্যৱসায়ৰ কামত বিজি আছিলোঁ।

বেগ এটা টেবুলৰ ওপৰত থৈ কাকতিয়ে মেনেজাৰ বৰুৱালৈ চাই ক’লে। তাৰ পাছত কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে। তেওঁৰ কাষতে তৃতীয় প্ৰাণী পান্নালাল প্ৰজাপতি বহি আছে।

: কাগতি বাবু আপ্নি কি ব্যচায় কৰে ভগৱানৰভি মালুম নেই৷

কাকতিৰ খংটো টিঙিচকৈ উঠি আহিল। এই পান্নালাল প্ৰজাপতি মানুহটোক তেওঁ মুঠেও দেখিব নোৱাৰে। প্ৰকাণ্ড পেট এটাৰে এই মানুহটোৰ চকুযোৰত কেৱল বিদ্ৰূপৰ চাৱনি, যেন তাৰ সমান পাক্কা ব্যৱসায়ী এই দুনিয়াত নাইহে! কি ব্যৱসায় কৰোঁ ভগৱানৰ মালুম নাই; তাতে তোৰ কি হ’ল! কাকতিয়ে মনৰ ভিতৰতে ভোৰভোৰালে।

: কওকচোন কাকতি, আজি দিবলৈ আহিল নে নিবলৈ আহিল!

মেনেজাৰ বৰুৱাই সুধিলে।

: ফিক্সড ডিপজিট কৰিবলৈ আহিছিলোঁ। পঞ্চাছ হাজাৰমান।

কথাষাৰ কৈয়েই চাংকাকতিয়ে অনুমান কৰিলে পান্নালাল প্ৰজাপতিৰ চকু দুটা অমৰাগুটিলৈ ৰূপান্তৰিত হৈছে। এইবাৰ কাকতিয়ে বেপৰোৱা ভাৱত বেগটো টেবুলখনৰ ওপৰত উবুৰিয়াই দিলে। পঞ্চাছ টকীয়া বাণ্ডিলকেইটা সিঁচৰতি হৈ পৰিল। হওঁতে কাকতিয়ে কামটো কৰোঁ বুলিয়েই কৰিলে। পান্নালাল প্ৰজাপতি আৰু অলপ জ্বলক বুলি।

পান্নানালৰ এই চহৰখনত আলুৰ বৃহত কাৰবাৰ আছে। টকা-পইছাৰ লেনদেন পান্নালালে এই বেংকৰ যোগেদিয়েই কৰে। চহৰখনৰ এই বেংকটোৰ বাবে পান্নালাল ডাঙৰ গ্ৰাহক। দিনদয়াল চাংকাকতিয়েও এই বেংকটোৰ লগত আগৰেপৰাই ভাল সম্বন্ধ বজাই ৰাখিছে। পান্নালালৰ সমানে কাকতিয়েও ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাৰপৰা গুৰুত্ব পায়। পান্নালালে কিন্তু সীমাতকৈ বেছি গুৰুত্ব বৰুৱাৰপৰা বিচাৰে। মেনেজাৰ বৰুৱাই পান্নালালক তাৰ ওফাইডাং মৰা স্বভাৱটোৰ কাৰণে চকু পাৰি দেখিব নোৱৰা কথাটো দিনদয়াল চাংকাকতিয়ে ভালকৈ জানে। বেংকটোত আন কোনোবাই গুৰুত্ব পোৱাটো পান্নালালে নিবিচাৰে, পান্নালালৰ দৰে আন কোনো ব্যৱসায়ীয়ে টকা উপাৰ্জন কৰাটো তাৰ বাবে অসহ্যকৰ। পেটে পেটে পান্নালালে কাকতিক অলপ হিংসাৰ চকুৰে চায়। কাৰণ এটাই- দিনদয়াল চাংকাকতিয়ে কাম, বন, চাকৰি, বা ব্যৱসায় একোকে নকৰে, তথাপিতো পান্নালালক আচৰিত কৰি কাকতিয়ে তাৰ চকুৰ আগতেই এই বেংকতে হাজাৰ-লাখৰ লেনা-দেনা কৰি থাকে! কাকতি মানুহটো দেখিবলৈ একেবাৰে সাধাৰণ। কথা কমকৈ কয়। মুখখন দেখিলে যেন একোৱেই নাজানে তেনেকুৱা লাগে। মাহেকে-পষেকে তেওঁ গাড়ী বদলি কৰি থাকে। কি কৰে বুলি সুধিলে ব্যৱসায় কৰে বুলি কয়; কিন্তু ক’ত পায় সি ইমান টকা! পান্নালালে ভাবে।

: কাকতি, আপুনি এক্সুৱেলি পিকুলিয়াৰ মানুহ। যোৱা মাহত আপুনি ত্ৰিছ হাজাৰ ৰাখিছিলহে৷

: এই মাহটো মোৰ বৰ ভাল নগ’ল। কোনোমতে এইকিটাকে…

টকাখিনি পুনৰ বেগত ভৰাই ভৰাই কিঞ্চিত হাঁহি মাৰি কাকতিয়ে বৰুৱাক ক’লে।

: ৱণ্ডাৰ ফুল! বেয়া নাপায় যদি ক’ব নেকি আপোনাৰ কিহৰ ব্যৱসায়?

: হাঁ কাগতি বাবু। মিনজাৰ বাবু ঠিক বলিছে। আমাকভি বলক কি ব্যাচায় কৰে আপনি। না কিবা আল্লাদিনৰ চিৰাক লগত ৰাখিছে

ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ

পান্নালালে হাঁহি মাৰিলে আৰম্ভণীৰ সময়ত ডিঙিটোত এটা অদ্ভূত শব্দ হয়। বুকুত জমাহৈ থকা কফ সোপাৰ মাজেৰে খুব জোৰেৰে বতাহখিনি ওলাই যায়। তাৰ চেৱে চেৱে প্ৰকাণ্ড পেটটোৱে যি ধৰণে নাচে নাৰি-ভুৰুবোৰ ওলাই আহিব যেন লাগে। কাকতিৰ খং উঠিছিল যদিও একো নক’লে।

: মই কি ব্যৱসায় কৰোঁ সেইটো ক’লে বিশ্বাস নকৰিব, সেইকাৰণে মই এই বিষয়ে একো ক’বলৈ নিবিচাৰোঁ।

: ইমান ৰহস্যৰ মাজলৈনো নিয়ে কেলেই। কওকচোন, কিয় বিশ্বাস নকৰিম!

: হাঁ। বৰুৱা বাবু ঠিক বলিছে।

পান্নালালে মেনেজাৰ বৰুৱাক উৎসাহ দিলে।

: বাজী! বাজীৰ ব্যৱসায় কৰোঁ মই!

: বাজী……..।

বৰুৱাৰ চচমাযোৰ নাকৰ আগ পালেহি। চকীত আঁউজি থকাৰপৰা তেওঁ ইমানেই হাউলি দিলে যে তেওঁৰ নাকটো দিনদয়াল চাংকাকতিৰ নাকটোত লাগিবলৈ কেইইঞ্চিমানহে থাকিল।

ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ – পান্নালালৰ হাঁহিৰ বিস্ফোৰণ ঘটিল। তেওঁৰ হাঁহিটোৰ তালে তালে সম্ভৱ পেটটোৰ ওজনৰ প্ৰতাপত বহি থকা চকীখনে কেঁকাই উঠিল।

: কাগতি বাবু! আপনি হাঁচালে৷ বাজীৰ ব্যচ্যায় কৰি কেনে……

ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ – এইবাৰ হাঁহিৰ মাৰাত্মক হেঁচাত পান্নানালৰ নাকৰপৰা কিছু পদাৰ্থ ছিটিকি গৈ টেবুলত পৰিলগৈ।

: প্ৰজাপতি! অলপ ৰ’বচোন। তেখেতক কবলৈ দিয়ক৷

বৰুৱাই পান্নালালৰ ফালে চাই প্ৰায় আদেশৰ সুৰত ক’লে,

: ইণ্টাৰেষ্টিং! কৈ যাওক কাকতি।

নাকৰ তলৰপৰা চছমাযোৰ ওপৰলৈ তুলি পুনৰ বৰুৱাই কাকতিলৈ চালে।

: কোৱাখিনিতো কলোৱেই….আৰু….

: কিন্তু কেনেকৈ.

: হাঁ…হাঁ। হৰেক ৰকম ব্যাচায়ৰ ফৰ্মুলা থাকে। আপনাৰ ফৰমুলাটো অলপ-চলপ আমাক ভি চমঝাৱক।

পান্নালালে মেনেজাৰ সৌৰভ বৰুৱাৰ কথাৰ ওপৰতে কাকতিক উদ্দেশ্যি ক’লে। তাৰ মুখখন এতিয়াও হাঁহো হাঁহো হৈ আছে। দুচকুত বিদ্ৰুপ ভৰা চাৱনি।

: নাই নাই একো ফৰমুলা নাই। একেবাৰে সাধাৰণ ব্যৱসায়! আপোনালোকো মোৰ গ্ৰাহক হ’ব পাৰে।

: আমাৰ লগত ভি?

পান্নালালে যেনেকৈ সুধিলে যেন তেওঁহে কেৱল যিকোনো ব্যৱসায় কৰিব পাৰে।

: ঠিক আছে পান্নালাল বাবু, আপোনাৰ লগতে আজি মোৰ ব্যৱসায় আৰম্ভ কৰিম। ৰাজীতো?

: বহুত আচ্ছা।

: আগোনাৰ গাৰ কোনো অংশত এটা ক’লা দাগ আছে। যদি আছে আপুনি মোক পাঁচহাজাৰ টকা দিব লাগিব আৰু যদি নাই মই আপোনাক পাঁচহাজাৰ টকা দিম।

ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ..

: আপুনি আমাক বুৰ্বক চমজিছে। কালা দাগ কাৰ গাৱত নাথাকে! চাবা আদমীৰ গাৱত একতা ভি হ’লেও দাগ থাকিব।

….সেঁ….সেঁ…..সেঁ….

: আপোনাৰ গাত এটা ডাঙৰ ক’লা দাগ আছে, পঞ্চাছ পইছাটোৰ সমান।

: হাঁ? নাই…..নাই…..নাই ইমান ডাংগৰ দাগ আমাৰ গাৱত নাই আছে।

পান্নালাল এইবাৰ কিছু সংযত হ’ল।

: যদি নাই আজি ৰাতিৰ ভিতৰতে আপোনাৰ গাৰ যিকোনো অংশত এটা পঞ্চাছ পইছাৰ সমান ডাঙৰ ক’লা দাগ ওলাব। মই বাজী মাৰি কৈছোঁ। যদি দাগ নাথাকে কাইলৈ মই আপোনাক এই বেংকৰ মেনেজাৰৰ সাক্ষাততে পাঁচহাজাৰ টকা দিম। আৰু যদি দাগ থাকে আপুনি মোক নগদ পাঁচহাজাৰ টকা দিব লাগিব। কাইলৈ পুৱা এঘাৰ বজাত আপুনি ইয়ালৈ আহিব হাতত টকা লৈ।

এইবুলি দিনদয়াল চাংকাকতি বহাৰপৰা উঠিল আৰু কাকো একো কোৱাৰ সুবিধা নিদি তেওঁ গম্ভীৰতাৱে বেগটো লৈ দুৱাৰখন টানমাৰি ওলাই গ’ল।

ফুলছাইজৰ মিৰৰখনৰ আগত পান্নালাল প্ৰজাপতিয়ে দিগম্বৰ হৈ নিজ দেহাটো তন্ন তন্নকৈ চালে। নাই। ইমান ডাঙৰ ক’লা দাগ দেহৰ কোনো অংশতে নাই, ক’বতো নোৱাৰি দিনদয়ালৰ কথা! যদি কিবা যাদুমন্ত্ৰৰ জানে! সি কোৱাৰ দৰেই ৰাতিটোৰ ভিতৰতে যদি কৰবাত ক’লা দাগ এটা হয়। বৰ ডাঙৰ কথা হ’ব। পাঁচহাজাৰ টকাৰ কথা আছে।

ৰাতিপুৱাৰে পৰা পান্নালালে যথেষ্ট উদ্বিগ্নতাৰে কটাইছে। দিনদয়ালে কোৱা মতে বাৰু তেওঁৰ দেহত ইমান ডাঙৰ ক’লা দাগ এটা আছে নেকি! নিজ দেহত এনেকুৱা এটা দাগ থাকিলে কাৰনো মনত নাথাকিব! তথাপিতো তেওঁ মনৰ সন্দেহ আঁতৰ কৰিবলৈকে বেংকৰপৰা আহিয়েই বাথৰুমত সোমাইছে। একো নাই। পঞ্চাছ পইছাৰ সমানতো বাদেই তিল এটাৰ সমান ক’লা দাগ এটাও তেওঁৰ দেহত নাই। কাইলৈ তাৰমানে দিনদয়াল হাৰিব। তেওঁৰপৰা পাঁচ হাজাৰ টকা পাবই। আনন্দতে পান্নালাল প্ৰজাপতিয়ে নগ্ন অৱস্থাৰেই এটা নাচোনৰ ভংগী কৰিলে।

: আহক আহক প্ৰজাপতি বাবু। আমি আপোনাৰ বাবেই ৰৈ আছিলোঁ।

: পান্নালাল অফিচত সোমোৱাৰ লগে লগে ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাই আদৰিলে। দিনদয়াল চাংকাকতি আগৰেপৰাই তাতে বহি আছিল।

: ৰাম ৰাম বৰুৱা বাবু। ৰাম ৰাম কাগতি বাবু। আমাৰ গাৱত কালা দাগ নেই। আমি জিতিছোঁ! আপনি হাৰিছে৷

…ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ..

পান্নালালে আহিয়েই প্ৰসংগটোৰ অৱতাৰণা কৰিলে।

: আমি চাব লাগিব, তাৰ পাছতহে…

: চাই লিউক….সে…সে….সে – কাকতিক কিবা কোৱাৰ সুবিধাই নিদিলে পান্নালালে।

: আপুনি এতিয়া নাঙঠ হ’ব লাগিব।

দিনদয়াল চাংকাকতিয়ে প্ৰায় ধমক দিয়াৰ দৰেই পান্নালালক ক’লে।

: নাংগা! শ্ৰীৰাম। শ্ৰীৰাম।…বহুত চালাক আছে আপনি। আপনি চোছিচে কি আমি নাংগা হ’বলৈ চৰমাম আৰ পাঁচহাজাৰ টাকা নিক্লাই দিম। আৰৰে পান্নালাল প্ৰজাপতি ব্যাচ্যয়ৰ খাতিৰত সেইটোভি কৰি দিব, কি আছে। বৰুৱা বাবু আপনি অলপতো বাহাৰত নিকলক।

: নাই….বৰুৱা বাবু ইয়াতে থাকিব সাক্ষী হিচাবে। বৰুৱা আপুনি পৰ্দাবোৰ টানি দুৱাৰখন লক কৰি দিয়ক।

ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাই সেইমতেই বাহিৰৰপৰা কোনেও চাব নোৱৰাকৈ গ্লাছৰ ৰূমটোৰ পৰ্দাবোৰ টানি দিলে আৰু কোনো যাতে সোমাৰ নোৱাৰে তাৰ বাবে দাৰোৱানটোক বাহিৰত ৰৈ থাকিবলৈ ক’লে।

পান্নালাল প্ৰজাপতিয়ে এটা এটাকৈ সকলোবোৰ কাপোৰ খুলি সম্পূৰ্ণ নগ্ন হৈ কাৰ্পেটৰ ওপৰত থিয় হ’ল। মুখত সামান্য লাজ লাজ ভাৱ। অৱশ্যে পাঁচহাজাৰ টকাৰ লোভত আৰু বাজীৰ জিদত সেইটো ঢাক খাই গৈছে। তপা মূৰটোৰ সৈতে প্ৰকাণ্ড পেটটোৰে নাঙঠ অৱস্থাত এই গ্ৰহৰ প্ৰাণী নহয় যেন লাগিছিল পান্নালালক।

: দেখি লিউক কাগতি বাবু। দেখি লিউক…….কোন জাগাত কালা দাগ আছে….সে….সে

দিনদয়াল চাংকোকতিয়ে মনোযোগেৰে পান্নালালৰ দেহাটো তন্ন তন্নকৈ চালে। ক’লা চিন ক’তো এটাও দেখা নাপালে, তথাপিতো তেওঁ পান্নানালক বিভিন্ন অংগীভংগী কৰিবলৈ নিৰ্দেশ দি তলে-ওপৰে, সোঁৱে-বাৱে, আগে-পিছে সকলোফালে চালে। নাই, একোদাগেই নাই! দিন দয়াল চাংকাকতি ঘামি উঠিল। আজিৰ দৰে কেছ তেওঁ খুব কমেই পাইছে। ইফালে পান্নালালে যেনেকুৱা অংগীভংগী কৰি আছে যেন ভাৰত নাত্যমৰ পৰা ব্ৰেক ডেঞ্চলৈকে মানুহটো পাৰ্গত!

: হ’ব। হ’ব পান্নালাল বাবু। কাপোৰ পিন্ধক। মই হাৰি গ’লোঁ। জীৱনত প্ৰথম হাৰিছোঁ। প্ৰায় পোন্ধৰ মিনিটমানৰ পাছত কাকতিয়ে হুমুনিয়াহ এটা কাঢ়ি ক’লে।

: কাগতি বাবু, আমি জানো। আপনি আমাৰ লগত কোনোতি ব্যচ্যায়ত জিতিব নাপাৰে৷

…ফাঁ….উ…..উ…..স…..সেঁ….সেঁ…..সেঁ..

: এতিয়া আমাক পাঁচ হাজাৰ টাকা দিয়ক….

কাকতীয়ে জুপুকা লাগি তললৈ মূৰ কৰি থাকিল, যেন তেওঁৰ সকলো শেষ হৈ গ’ল। তাৰ পাছত ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাৰ ফালে আগবাঢ়ি গ’ল – বৰুৱা বাবু, মোক এতিয়া আপুনি পোন্ধৰ হাজাৰ টকা দিয়ক। মই আপোনাৰ লগত পোন্ধৰ হাজাৰ টকাৰ বাজী মাৰি কোৱা নাছিলোঁনে যে এই পান্নালাল প্ৰজাপতিক এদিন আপোনাৰ সন্মুখত নাঙঠ কৰি নচুৱাম!

বান্স মেনেজাৰ বৰুৱাই সন্তুষ্টিৰ হাঁহি এটা মাৰি পাঁচহাজাৰ টকীয়া তিনিটা বাণ্ডিল কাকতিলৈ আগবঢ়াই দিলে।

: পান্নালাল বাবু, আপুনি জিকিল! লওক এয়া পাঁচহাজাৰ টকা বাজী ব্যৱসায়ৰ চুক্তিমতে। আপোনাৰ আপুৰুগীয়া নৃত্যসমূহ অৱশ্যে আমি জীৱনত নাপাহৰোঁ।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *