শৈশৱৰ দুষ্টালি – চিন্ময় দাস
তেতিয়া মই চতুৰ্থ শ্ৰেণীত আছিলোঁ। মোৰ লগত তিনিজন আৰু আছিল। সৌৰভ(লাডেন) চন্দন(মাইকেল)আৰু ধৃমান। থ্ৰি ইডিয়ট্চ চিনেমাখনৰ দৰেই আমাৰ কাহিনী আছিল।
তেতিয়া বাৰিষাকাল আছিল। আমাৰ আকৌ বৰশী বোৱাৰ বৰ হেঁপাহ। কিন্তু খাল বিলত পানী বেছি হোৱাৰ বাবে বৰশী বাব নোৱাৰা হ’লোঁ। সেয়ে আমি আলোচনা কৰিলোঁ যে এখন কলগছৰ ভুঁৰ যদি বনাও তেন্তে বৰশী পাতিবলৈ যাব পাৰিম।
কিন্তু এতিয়া কলগছ কাৰ পৰা লওঁ? আমাৰ চাৰিওটাৰ ঘৰত কলগছ নাই। আমি য’ত বৰশী পাতিছিলোঁ, তাৰ কাষতে কলৰ বাগিছা এখন আছিল। তাতেই চাৰিওজন সোমাই পৰিলোঁ। চাৰিডাল কল লাগিব। গতিকে প্ৰত্যেকে এডাল এডাল চোৰ কৰাৰ সিদ্ধান্ত ল’লোঁ। হাফ পেণ্ট গেঞ্জী পিন্ধি নামি পৰিলোঁ মিছনত।
কল যি কলেই নহওক আমাক কলগছহে লাগে। প্ৰথমতে মাইকেল আৰু ধৃমানে এডাল এডাল কাটিলে। কাষতে এঘৰ মানুহে ঘৰ বনাবৰ বাবে মাটি বন্ধাইছিল। চাৰিওটাই সেই দুডাল ডাঙি নি তাতে থ’লোঁ। তৃতীয়ডাল কাটিবলৈ লাডেন সোমাল। কিন্তু সি পাগলে যিডাল কলগছত ঘাপটো মাৰিছিল তাৰেই কাষতে আছিল দুটা বৰলৰ বাঁহ। লগে লগে বৰলৰ ‘আৰ্মী’য়ে আমাৰ ওপৰত আক্ৰমণ কৰি দিলে। গোটেইকেইটাই এনেকৈ দৌৰিলোঁ যে জেওৰাৰ খুঁটিত লাগি মাইকেলৰ হাফপেণ্টৰ আধা ৰৈয়ে গ’ল। নাই ইয়ালে নোৱাৰোঁ আৰু যাব।
কি কৰা যায় এতিয়া??
লাডেনে মাত দিলে,
: ঐ আমি য’ত আগৰ কল দুডাল থৈছোঁ, তাতেই তিনিডাল কলগছ আছে।
কলগছ কটাৰ পাল আছিল লাডেন আৰু মোৰ। গতিকে সহজতে পোৱা দেখি একে কোবে মান্তি হ’লোঁ। কথামতেই তিনিডালৰ দুডাল কাটি ভুঁৰ বনাই নিৰ্দিষ্ট ঠাই পোৱালোঁ।
আবেলি বৰশী বোৱাৰ কথাৰে ঘৰ পালোহি। দুপৰীয়াৰ ভাতকেইটা খাই থাকোঁতে কোনোবাই মাত লগালে,
: ঐ মাষ্টৰ, তহঁতৰ সৰুটো আছে নে?
মোৰ বুকুখন কঁপি উঠিল৷
: সি আমাৰ নতুন মাটিখিনিত ৰোৱা মালভোগ আৰু জাহাজী কল দুডাল কাটি ভুঁৰ বনাইছে, ক’ত সি?
মই এতিয়া অকলে মাৰ কিয় খাম? সেয়ে ঠুনুকা মাতেৰে ক’লোঁ,
: মোৰ লগত লাডেনো আছিল।
দেউতাই শুনা মাত্ৰেকে উঠি গৈ কেঁচা চিটিপনি আনি ভৰিত কোব দিলে। বাগৰি বাগৰি কান্দিলোঁ। লাডেনৰ ঘৰলৈও গ’ল মানুহজন, কিন্তু মোক মৰা শুনি সি পলাল। তাৰ ভাগৰ মাৰখিনিও মোৰ তাতেই পৰিল।
এতিয়াও কলগছৰ মালিক ধৰ্মেশ্বৰ খুড়াক দেখিলে কথাবোৰ মনত পৰে আৰু হাঁহি উঠে৷ মাজে মাজে ভাবোঁ কম অঘাইটং আছিলোঁ নে বাৰু আমি!
- *****
4:23 pm
আপোনাৰ কাহিনী পঢ়ি আমোদ পালো ।