ফটাঢোল

ভহাঘ ভিহু ফেষ্টিভেল – পৰিস্মিতা বৰদলৈ

গেলেকনি গাঁৱৰ গকুলহঁতে এইবাৰ বহাগ বিহু উপলক্ষে বৰ বিশাল আয়োজন কৰিছে বিহু সন্মিলনৰ৷ সিহঁতৰ লক্ষ্য হ’ল এইবাৰ সিহঁতে পতা বিহু সন্মিলন দেখি যাতে গাঁৱলৈ বিহু বুলি চহৰৰপৰা ফুৰিবলৈ অহা চহৰীয়া মানুহবোৰেও ভূৰিভূৰি সিহঁতৰ প্ৰশংসা কৰি যায়গৈ৷ এই উদ্দেশ্যেৰেই চ’ত সোমোৱাৰো আগৰেপৰাই সিহঁতে কাক কি নচুৱাব, কাৰ হতুৱাই কি গোৱাব, কোনে কেনেকৈ মাইক্ৰ’ফোন হাতত লৈ ঘোষণা কৰি যাব বিহুৰ কাৰ্য্যসূচী ইত্যাদি ইত্যাদি সকলোবোৰ জুকিয়াই লৈছে৷

গাঁৱৰ বয়োজ্যেষ্ঠসকলৰপৰাও বিশেষ পৰামৰ্শ নোলোৱাকৈয়ে তেওঁলোকে হাতে-কামে লাগিছে৷ মাথো পিতৃস্থানীয় ব্যক্তিসকলক কৈছে যাতে তেওঁলোকে আৰ্শীবাদফেৰা দিয়াতহে কৃপণালি নকৰে, বাকী সকলো যা-যোগাৰ হৈ গৈছে৷ গাঁৱৰ ৰাইজেও ভাবিবলৈ ধৰিছে “হওক তেওঁ ইহঁতে এইবাৰ ব্যতিক্ৰমী কিবা এটা কৰি যদি গাঁৱৰ নাম জিলিকাবলৈ সক্ষম হয়, সেয়াও তেওঁলোকৰে যশ৷ বোলে “কুকুৰ চিকুণ, গৃহস্থৰ যশ”৷ এইবুলিয়েই সাতে পাঁচে গুণি কোনেও ডেকামখাক এটা প্ৰশ্নও কৰা নাই৷ যদিওবা যিমানেই বিহু সন্মিলনৰ দিনটো চমু চাপি আহিছে, বিহুৰ আখৰাৰ নামত আগৰ কেইবছৰৰ দৰে ঢোলৰ চাপৰ এটাৰ মাতো গাঁৱৰ ৰাইজে শুনা নাই সেয়াও গকুলহহঁতৰ ভাষাত “চাৰপ্ৰাইজ” কিবা হ’ব বুলি মনতে পাঙি গাঁৱৰ ৰাইজে মুখেৰে টু উচ্চাৰণ এটাও কৰা নাই৷

লাহেলাহে চ’তেও মেলানি মাগিবৰ হৈছে৷ কুলিজনীয়ে তাইৰ বোপাককাকৰ দিনৰে প্ৰবৃত্তি অনুসৰি উপজি পুৱাৰেপৰা ৰেৱাজ কৰিবলৈ লাগিছে৷ কেতেকীজনীয়েও সমানে সমানে তাল মিলাই সখীয়েকৰ লগেলগে ৰাগ টানিছে৷ পদূলিৰ তগৰবোৰে গাঁৱৰ প্ৰায় প্ৰতিঘৰৰে আগচোতাল আমোলমোল কৰিছে৷ কপৌ,ভাটৌবোৰে আমগছ,কঁঠালগছৰ ওপৰত যেন সগৌৰৱেৰে বহাগৰ অৱস্থিতি সবল কৰি ওলমি ৰৈছে৷ সকলোতে বিহু অহাৰ উমঘাম পোৱা গৈছে৷ পাছে আমাৰ গকুলহঁতেনো বিহু সন্মিলনৰ নামত কি ব্যতিক্ৰম কৰিবলৈ গৈ আছে, তাৰহে ভূ- ভটং কোনেও ধৰিব পৰা নাই৷

অৱশেষত সেই বিশেষ দিনটো আহিল৷ গকুলহঁতৰ বিহু সন্মিলনৰ দিনটো৷ এইবাৰ সিহঁতে আগৰকেইবাৰৰ দৰে গাঁৱৰে তিলক নামৰ ৰেডিঅ চেণ্টাৰত কাম কৰা প্ৰবালক ঘোষকৰ বিষয়বাব দিয়া নাই। চহৰৰপৰা কোনোবা টি ভিত ওলোৱা মানুহকহে আমন্ত্ৰণ কৰি আনিছে৷ দিনটো হুচৰি, সৰু বিহুৱতী, বৰ বিহুৱতীৰ প্ৰতিযোগিতাৰ সলনি এইবাৰ কিবা বোলে গ্ৰুপ ডেন্স, চ’ল’ ডেন্স আৰু ক্ৰিয়েটিভ ডেন্সৰ আয়োজন কৰা হৈছে৷ গাঁৱৰে হেৰম্বকান্তৰ নাতিনীয়েকে দুই ভৰিত ফটা লংপেণ্ট এটা পিন্ধি ফুল ভলিউমত “কাঁটা লাগা” বুলি যিটোহে পজিচন ল’লে গাঁৱৰে ৰঙিলী বুঢ়ীয়ে “আই ঔ সৌজনীৰ ভৰিত কাঁইটে বিন্ধিলে হ’বপায়” বুলি ষ্টেজৰ ওপৰলৈ উঠি আহিবলৈ লৈছিলেই৷ তেনেতে বোৱাৰীয়েকে টিপ দি ৰাখিলে বুলিহে৷ দিনটো বিহু সন্মিলনৰ নামত বাৰেবিংকৰা কিবাবোৰ চাই চাই গাঁৱৰ ৰাইজৰ গা মন টেঙাইছিলেই যদিও সাংস্কৃতিক সন্ধিয়ালৈ নাহিলে গকুলহঁতে বেয়া পাব বুলিয়েই আহিল আৰু৷

যেতিয়া এক বিশেষ কায়দাত অসমীয়া, ইংৰাজীৰ খিচিৰি ভাষাত হাইহিল পিন্ধা যুৱতীগৰাকীয়ে কথা কৈ কৈ ষ্টেজৰ ওপৰেৰে খোজ কাঢ়িবলৈ ধৰিলে৷ মাকনৰ মাকে “আই অ’ পাহাৰচটা ভৰিত পিন্ধি মৰতীজনী বাৰু পৰি গ’লে কি হ’ব” বুলি উচপিচাই থাকিল৷ ইফালে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ল৷ গানৰ মাততকৈ বাদ্যযন্ত্ৰৰ তালফাল লগোৱা মাতত আধাখিনি মানুহ উঠি গৈ কাণত চেপা দি ৰ’ল৷ আনফালে বিহুসুৰীয়া গীতৰ নাম লৈ বাৰীৰ কেৰেলা, বেঙেনাৰপৰা আৰম্ভ কৰি টোকোন নে টাকোন লোৱালৈকে এফালৰপৰা গাই যাবলৈ ধৰিলে কাণফুলি আৰু গৰমকোট পিন্ধা মামৰেধৰা চুলিৰ গায়কজনে৷ ইমানদিনৰপৰা গাঁৱৰ স্পেচিয়েল বিহু সন্মিলন চাবলৈ খাপ পিটি থকা গাঁৱৰ ৰাইজৰ কোনোৱে তেতিয়ালৈ কোলাত লালকাল দিয়া কেঁচুৱা লৈ আকৌ কোনোৱে লগত লৈ অহা কঁকাল পৰি অহা বুঢ়ীমাকক হাতত ধৰি ঘৰলৈ যাবলৈ ওলাল৷ তেনেতে ওলাই আহোঁতেহে বিহু বুলি সজোৱা তোৰণখন কাৰোবাৰ চকুত পৰিল৷ য’ত লিখা আছিল “BHOHAGH BHIHU FESTIVAL, GALAKONI GAON”৷ প্ৰাণৰ ‘বহাগ’ শব্দটো অসমীয়াত নিলিখি ইংৰাজীত তাকো ভুলকৈ লিখা দেখি গাঁৱৰে নৰেন দাইটিয়ে বৃদ্ধা মাকক মানুহজনীৰ লগতে ৰাস্তাটোৰ কাষলৈ ৰ’বলৈ বুলি কৈ চুৰিয়াৰ পোন্ধটো এহাতে ধৰি গকুলহঁতৰ পিনে চোঁচা মাৰি আহিল৷ সেই সময়ত ষ্টেজৰ ওপৰত কোনে কি গাই আছে তালৈ তিলমানো কেৰেপ নকৰি নৰেন দাইটিয়ে গকুলহঁতৰ ওচৰলৈ গৈ চৈধ্য গোষ্ঠী উজাৰি গালি পাৰিবলৈ ধৰিলে৷ নৰেন দাইটিৰ এই তাণ্ডৱ দেখি গাঁৱৰে আৰু কেইজনমান বয়সস্থ লোকে আগবাঢ়ি আহি গকুলহঁতৰ ওচৰত ফেপেৰি পাতি ধৰিলেহি৷ গাঁৱৰ লোকৰ এই ৰূপ দেখি মঞ্চত তালফাল লগাই থকা কোট পিন্ধা গায়ককেইজনে তাৰেপৰাই গ্ৰীণৰূমৰপিনলৈ লৰ দিলে৷ গকুলহঁতেও গাঁৱৰ ৰাইজৰ এই ৰুদ্ৰমূৰ্তি দেখা পাই ত্ৰাহিমধুসূদন সুঁৱৰিবলৈ ধৰিলে৷

শুনিবলৈ পোৱামতে তাৰ পাছৰ এসপ্তাহলৈকে নৰেন দাইটিহঁতে গকুলহঁতৰ বিহুকমিটিৰ সমূহ সদস্যৰ হতুৱাই ‘বহাগ’ শব্দটো দিনে এশবাৰকৈ জোঁটাবলৈ দিয়াৰ উপৰিও লিখোৱাইছে৷

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল পৰিস্মীতা

    Reply
  • Jyotika rajkhowa bora

    বৰ ধুনীয়া পৰি বা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *