হাঁহিয়েই জীৱন – পাৰিজাত ফুকন
হাঁহি যে সঞ্জীৱনী সুধা তাত কোনো দ্বিমত নাই। পিছে এই হাঁহিটো নোলাবলগীয়া ঠাইত হঠাতে ওলাই গ’লে কিমান গৰিহণা পাব লগা হয় সেয়া বুজাইহে বুজে। বাৰু ওলাল যদি ওলাল, আকৌ তাকে নিজৰ কণ্ট্ৰ’ললৈ আনিব নোৱাৰি দগৰা জাৰণ খোৱা মানুহৰ পিছত নিজৰ ওপৰতে ভৰষা নোহোৱা হৈ যায়। ইয়াতো কেনেবাকৈ হাঁহিটো ওলাই যাব নেকি, এই চিন্তাত!
তেনে দুবিধমান দুৰ্ঘটনাৰ কথাকে কৈ থওঁ।
আগতে স্কুলত শোকসভাৰ শেষত এক মিনিটৰ মৌন প্ৰাৰ্থনাৰ কাৰ্য্যসূচীটো আহিলে সকলোতকৈ মোৰ বেছি চিন্তা হয়। নিজান পৰিবেশটোত কিবা নহয় কিবা এটা মনত নপৰিবলগীয়া কথা পৰিবই মনত। তথাপি যেনেতেনে চম্ভালি ৰাখি দুখ ভাব মনলৈ আনিবলৈ চেষ্টা কৰো কেতিয়াও নেদেখা ৮৯ বা ৮৫ বছৰ বয়সীয়া বুঢ়াজনলৈ। ক’ত দুখ লাগিব হয়? ঘৰৰবোৰে তেতিয়ালৈ চাগৈ সকামত ম’হৰ দৈ লগাম নে গৰুৰ দৈ লগাম আলোচনা কৰেগৈ! দিয়ে নহয় তেনেকুৱাতে লগৰ এজনীয়ে গলহেকাৰি এটা মাৰি। বচ্ ফিচ্ ফিচ্ কৈ হাঁহি আৰম্ভ হৈ যায়। তাৰপাছত ক্লাছত খা চাৰ বাইদেউসকলৰ গালিসোপা পিছৰ দুদিনমানলৈ।
সন্ধিয়া আমাৰ ঘৰত আটাইকেইটা ল’ৰা ছোৱালীয়ে ঢৰা পাৰি লৈ চিঞৰি চিঞৰি প্ৰাৰ্থনা গাওঁ। মই সকলোতকৈ মাজত হওঁ, যিহেতু ঘৰৰ ডাঙৰ। গাবলৈ বহিয়ে সৰুসুৰা কাজিয়া এখন হয়েই। এটাই গাম বুলি ভবা প্ৰাৰ্থনাটো সিটোৰ আকৌ অপচন্দ। এদিন হ’ল কি, যেনেতেনে গাবলৈ লৈ “গজেন্দ্ৰ পীড়াক পায়া পাছে” শাৰী পাইছোঁগৈহে, পৰুৱাৰ লীডাৰটো যে, অলপ মূৰ ডাঙৰটো, সি আকৌ অকণমানি পোক এটাক কামুৰি থাপনাৰ ওপৰলৈ উঠাবলৈ চেষ্টা কৰি বাৰে বাৰে পোকৰ সৈতে লুটি খাই পৰে। পাপী মন যে, কি জানো মোৰ মনলৈ আহিল পোকটো গজেন্দ্ৰ আৰু পৰুৱাটো গ্ৰাহ। বচ্ এতিয়া আগৰ লাইনকেইটা গাবই নোৱাৰা হ’লো, উঠিলেই নহয় হাঁহি। প্ৰাৰ্থনাই গাওঁ নে, স্বয়ং বিষ্ণুৰূপী মই পোকটোক বচাওঁ? আকৌ দুই তিনিবাৰ একেটা লাইনকে গাই গাই ও শেষ কৰিব পৰা নাই হাঁহিৰ কোবত। তাৰপিছত যেনেতেনে সিমানতে সামৰি ওলাই আহিয়েই দেউতাৰপৰা ইমান দগৰা পিটন খালো ঐ। বিশেষকৈ মোৰ ভাগত কোবটো বেছিকৈ পৰিল। আটাইকেইটাতকৈ ডাঙৰ যে। হাঁহি যে কাণৰ, নাকৰ ফুটাইদি উৰি গ’ল। দুদিনমানলৈ পৰুৱা দেখিলেই সিহঁতৰ গাঁতত কাগজেৰে সোপা দিওঁ। তহঁতৰ বাবেই যি হ’ল হ’ল বুলি। মৰ খাবলৈ নাপায় ভিতৰতে বোলো!
আইতাৰ প্ৰায়ে মতা মন্ত্ৰষাৰি হাঁহি নুঠিবলগীয়া জেগাত হাঁহি উঠিলেই আওৰাওঁ, “বেছিকৈ হাঁহিলে কান্দিবলৈ পায়, তেল ফাটিছে তহঁতৰ? হুহ”।
পিছে ফটাঢোলত সেইটো সমস্যা নাই দেই। যিমান দাঁত নিকটাই, চকুপানী উলিয়াই হাঁহিলেও হাঁহি কমি নাযায়, বাঢ়নী পানীৰ দৰে বাঢ়িহে যায়।
☆★☆★☆
6:24 am
বৰ ভাল লাগিল
12:13 pm
ভাল লাগিল