আচাৰ – মনালিছা গগৈ
দেশৰ পৰিস্থিতি বিৰাট বেয়া৷ শত্ৰুপক্ষই য’তে ত’তে ব’ম পেলাব পাৰে গোলাবাৰি কৰি দিব পাৰে সাৱধান৷ মআপা বাচিছো হেৰৌ আজি৷ লগৰ এজনীয়ে দিলে বগৰী অলপ৷ তাকে বোলো আচাৰ বনাই থওঁ৷ যুদ্ধ চুদ্ধ হ’লে আটকত খাবলে হ’ব৷ খোৱাবস্তুৰ নাটনি হয় না যুদ্ধ হ’লে৷
ইনেই মই আচাৰ প্ৰতিবছৰে থওঁ৷ নাখাই যেনিবা কোনেও৷ আগতে খাইছিল৷ বেছি ভাল পালে হপায় খাই আজিকালি হিংসাতে নেখায়৷ মই হেনো তেল সোপা নষ্ট কৰিবলেহে আচাৰ থওঁ আমাৰ পেটকুলীৰ কথা সেয়া৷ বাৰু৷ আগৰ আচাৰ পেলাই বটল ধুই শুকুৱাই ল’লোঁ৷
তেল কেৰাহীত দি গৰম কৰি তাত পাঁচফোৰন দি জলকীয়া দিলোঁ৷ সৰিয়হ অলপো দিছোঁ গুৰি কৰি৷
গৰম তেলত মচলাৰ মাজত জলকীয়াই ঘুমৰ ঘুমৰ
নাছি ধপলিয়াই ফুৰিছে যেনিবা৷ লাহেকে বগৰীখিনি বোলো দি লওঁ৷ ঔ আই ৰ’হ বগৰীৰ ঠাৰিটো চিঙাই নাই৷ হ’ব চিঙি চিঙি দি যাওঁ ভালে হ’ব জোখটো পাম৷
প্ৰথম বিছটামান দি লৈ তলমূৰ কৰি চালনীতে চিঙি আছোঁ ঠাৰিবিলাক৷ তেনেকুৱাতে…
ধুউউউউউউপ ধমম
ধাআআআপ ধাঅঅম
ধেপ ধেপ ঠাইইইইইই
ঠিউউউউচচচ ফুচচচচ
অ’ মোৰ গোসাঁই দিলে ঐ দিলে৷ আজি পালেহি সন্ত্ৰাসবাদী৷ ভিতৰতে দিলে আজি ব’ম৷ দেহামানু ক’ত ঐ আহ আহ পলা বাহিৰ ওলা৷ টিভি চাই থকা ল’ৰাই এক্কে জাপে বাহিৰত৷ তাৰ খুব ভয়৷ এবাৰ ভূমিকম্প আহোঁতে তাক মই চোলাত ধৰি চোচৰাই বাহিৰলে নিয়া চকটো আছে যে৷ আইও আইতা বাহিৰত দুইটা কঁপি জপি ৰৈ দেউতাকক চিঞৰিছোঁ বোলো বছাহি অ’ গুলিয়ে আমাৰ বুকু ভেদ কৰিব এতিয়া৷ শ্বহীদ হ’ম এতিয়া ঠিয়ৈ ঠিয়ৈ
ধাআআম ধুউউপ ধুউউউচচচ ঠাআআআপ
আইও বিধে বিধে ফুটিছে বোলো তোমাক নকৈছোঁ৷ তাৰ মাজতো মোৰ প্ৰতিভাশালী মগজে চিন্তা কৰি পাইছোঁ বুলো আজি তাহাঁতে ভাল মেচিনগান নানিলে দেই নহ’লে আমাৰ দুইটাকে ফালি পেলালেহেঁতেন৷
( মানে মেচিনগানে থাইথাইথাই কে একেৰাহে মাৰেতো আৱাজটো…)
পাঁচমিনিট মানৰ পাচত ধুপধাপবোৰ নাইকিয়া হ’ল যেনিবা দেই ৰইখা৷ তা পা দেখিছোঁ গিৰিহঁত ওলাই আহিছে কিট্চেনৰ পৰা৷
ওৱাইইই মই ক’তে মৰোঁ হে হৰি৷ মোৰ মানুহটোৱে কেতিয়াপা এইবোৰত জইন কৰিলে হয়? খালে খালে মোৰ ঘৰত আনি বন্দুক সোমোৱালেহি৷
: আচাৰ নথ’বলে ক’লে কিয় নুশুনা তুমি?
আও মই মৰিছোঁ দেশৰ চিন্তাত৷ তেওঁৰ কথা শুনা৷ আচাৰৰ পা প্ৰমোচন নাই পোৱা৷
: হেই আচাৰৰ কথা বাদ দিয়া তুমি এইবোৰ কি কৰিছা? কেতিয়াৰ পৰা এইবোৰ জইন কৰিলা?
ৰিভলভাৰ ক’ত পালা কোৱা?
: বলিয়া কুকুৰে কামুৰিলে নেকি তোমাক? যি তি গাইছা যে? যোৱা ভালে ভালে বগৰি বুটলাগে গোটেই সিঁচৰিত হ’ল৷
: হুহ মোক কুকুৰে নাই কামোৰা৷ দেশতকে বগৰী ডাঙৰ নহয় বুজিছা?
বকি বকি আহিছোঁ খঙতে ভিতৰলে৷ হয় আই গোটেই কিট্চেনত বগৰী চিটিকি আছে৷ তেলৰ টোপালে বগৰীয়ে গোটেই মজিয়া ফুল বাছিলে৷ ভয়ে ভয়ে চফা কৰিবলে লওঁতেই আকৌ মাৰিলেই কাটিং,
: কোনে শিকালে পকা তেলত গোটা বগৰি দিবলে?
হেঁ? তেলৰ গৰমত ইনেই বগৰীসোপা ফুটিছে তাতে আকৌ গেছৰ জুই দমদমাই দি লৈ মানুহজনীয়ে বাহিৰত টেটু ফালি আছাগে৷ আচাৰ নথ’বলে ক’লে কেলেই নুশুনা বাৰু তুমি?
ও আই কিনো জানো মই৷ অভদ্ৰ বগৰী৷ হুহ্ অকণমান তাপ পালে কি নাই৷ কিহে পাই ফুটিবলে ইমান ধমধমাই৷ মিছাতে কথা শুনিব লগা হ’ল হেৰৌ।
☆★☆★☆