ফটাঢোল

চাৰ্জিকেল ষ্ট্ৰাইক – কাবেৰী মহন্ত

বহুত দিনৰপৰা এটা সাংঘাতিক চাৰ্জিকেল ষ্ট্ৰাইক কৰিম বুলি ভাবি আছোঁ৷ কিন্ত ভাবোতেই দিন গৈছে, কৰিবহে পৰা নাই৷ কেতিয়াবা যদি বতৰে বিধি পথালি দিছে, কেতিয়াবা আকৌ কোনোবা “বিন বুলায়ে মেহমানে”! হ’ল বুলিও ইমান ঠাণ্ডা দিনত এনেয়ে একো কৰিবলৈ মন নাযায়,তাতে চেগাচোৰোকাকৈ দি থকা অত্যাচাৰী বৰষুণজাকৰ বাবে কিবা এটা কৰিবলৈ সাহসে নুকুলায়৷ আচলতে ষ্ট্ৰাইকটো অত্যন্ত জৰুৰী আৰু দৰকাৰী হৈ পৰিছে, সময়ো পাৰ্ফেক্ট৷ ল’ৰা ছোৱালীৰ পৰীক্ষা শেষ হৈছে আৰু এতিয়া “এজ মাই উইছ টাইম” আৰম্ভ৷ এইয়াই উত্তম সময়৷ এই “এজ মাই উইছ টাইম” যি নহওক, শেষত উদযাপিত হয়গৈ কোনোবা শ্বপিং মল অথবা চেল বুলি লিখি থোৱা কাপোৰৰ দোকানত! ইয়াৰে ফলাফল, মাজে মাজে আহি থকা অনাকাংক্ষিত ইজৰাইলী মিছাইলৰূপী কাপোৰৰ টোপোলাবোৰ৷

সাতে পাঁচে মিলি আজি কৰিয়েই দিলো প্ৰায় ছয় মাহৰপৰা কৰি থকা পৰিকল্পনা আৰু ইচ্ছা শক্তিক সাৰোগত কৰি চাৰ্জিকেল ষ্ট্ৰাইকটো৷

মোৰ কাপোৰৰ আলমাৰীটো খুলি ল’লো, বোলো আজি চিজিল লগাইহে এৰিম! উস্ খুলিবলৈ পালোহে, ভিতৰত থকা কিছুমান কাপোৰৰূপী অনুপ্ৰৱেশকাৰীয়ে হামখুৰি খাই বাহিৰত পৰিলহি৷ কিছুমানে যেন বহুতদিনৰ পাছত স্বস্তিৰে গভীৰ উশাহহে ল’লে! অলপতে ঠেলি হেঁচুকি থোৱা কেইটামান সৰু সৰু কাপোৰ আহি ভৰিৰ তলতে পৰিলহি। যেন কাৰাগাৰৰপৰা মুক্তিহে বিচাৰিলে!

গোটেই ঘৰৰ আলমাৰীবোৰ খুলিলে মোৰ কাপোৰেই মিচিকিয়াই, এইটোও “এক্সক্লুছিভলি” মোৰেই। কিছুমান সোমাই আছে বাৰ চৌধ্য বছৰ ধৰি এক নিগাজি পট্টা বনাই আৰু কিছুমান একচনীয়া পট্টাৰে৷ কিছুমান কাপোৰৰ ফেশ্বনে মোৰ পাৰ হৈ যোৱা আউটদেটেট চইছবোৰকো সোঁৱৰাই উপলুঙা কৰি আছে! এইসোপাই মোৰ পাৰ হৈ যোৱা বয়সটো আওপকীয়াকৈ ক’ব বিচাৰিলেও মই আওকাণ কৰিলোঁ৷ ঘোপাকৈ চাই সেইখিনি কাপোৰ পুনৰ চুক এটালৈ হেঁচি থ’লো৷

অৱশ্যে এইয়াও সত্য যে এই অনুপ্ৰৱেশকাৰীসোপাই আলমাৰীটোৰ সম্পূৰ্ণ আভ্যন্তৰীণ ব্যৱস্থাটোক তচনচ কৰি পেলাইছে৷ দুদিনৰ বাবে যদি কিবা এটা থানথিত লগাওঁ, তিনিদিনৰ দিনা পুনৰ কুৰ্তিৰ লগৰ লেগিংচটো বিচাৰি নাপাওঁ, অথবা দোপাত্তাখন! সেইদিনা ভাৱীজীৰ শহুৰেকৰ মৃত্যুৰ খবৰ কৰিবলৈ যাওঁতে ভুচুংপহুটোৰ দৰে সেউজীয়া কাপোৰযোৰৰ লগত ৰঙা ব্লাউজ পিন্ধি যাব লগা হ’ল! লগৰ গায়ত্ৰীয়ে কি সুন্দৰকৈ ক’লা কাপোৰযোৰ পিন্ধি গৈছিল! আনটো সত্য হ’ল যে বছৰটোত দুই তিনিটা লোভনীয় চেলৰ অফাৰত মগজুক কবৰ দি মনটোৱে কৰা অদৰকাৰী জিংঘাসামূলক খৰচৰ টোপোলা৷ পুৰণা কাপোৰবোৰে নতুন কাপোৰবোৰক তিলমানো জেগা দিবলৈ ৰাজী নহয়, তথাপিও আহিয়েই থাকেচোন বজাৰলৈ গ’লে! ইপিনে কাপোৰবোৰ পেলাবলৈও মন নাযায়৷ এইটো ছোৱালীজনীক প্ৰথম হস্পিতালৰপৰা আনোতে পিন্ধি অহা নাইটিটো, সেইটো ভাইটিয়ে প্ৰথমবাৰ ঘৰলৈ যাওঁতে দিয়া টপটো, সেইয়া মোৰ প্ৰথম উপাৰ্জনেৰে কিনা শ্বলখন, প্ৰথম প্ৰথম বুলিয়েই এটা চুক ভৰি আছে। ইফালে ছোৱালী এতিয়া কলেজ যাব পৰা হ’লহি বা মোৰ চাইজ Mৰপৰা XXL লৈ ৰূপান্তৰিত হ’লহি! কেতিয়াবা কাপোৰেও আবেগিক কৰি তোলে৷ কিছুমান আকৌ এবাৰেই পিন্ধিছোঁ, কেনেকৈনো উলিয়াই পেলাওঁ বাৰু? মিদল ক্লাছ ফেমিলিৰ মানুহ, হ’ল বুলিয়ে আকৌ তেনে পছন্দৰ কাপোৰ ল’বলৈ ভাগ্য নহ’বও পাৰে! অলপ পুৰণা হৈ যোৱা “অল্ড ফেশ্বন্‌দ চুট” কেইযোৰৰ ফালে চাই ভাবিলো, কোনে জানে পুৰণা ফেশ্বন আকৌ কেতিয়া ঘূৰি আহে? হ’বওতো পাৰে মোৰ এই চুটকেইযোৰেই এদিন ম’ষ্ট ফেশ্বন্‌দ ootd! নতুন বোৱাৰী হোৱাৰ দিনৰ মেখেলা চাদৰবোৰ মলিন হৈ ৰজা ৰাণীৰ দিনৰ দৰেই হৈছেগৈ, তথাপিও উলিয়াই পেলাবলৈ মন নাযায়। ইমান দামী কাপোৰনো ঘৰলৈ অহা দিদিক দিব পাৰিনে? কৃপণালি কৰা বুলি ভাবিলেও ভাবক৷

মুঠৰ ওপৰত সাতে পাঁচে মিলি মোৰ চাৰ্জিকেল ষ্ট্রাইক আজিও বিফল হোৱাৰ পথত৷ নাই, এটাও অনুপ্ৰৱেশকাৰী উলিয়াই পঠিয়াব নোৱাৰিলোঁ৷ আলমাৰীটোৰ কাপোৰবোৰৰ অট্টহাস্যক আওকাণ কৰি নতুনকৈ অনা মোৰ টি চাৰ্ট দুটা ওপৰৰ চেল্ফলৈ চুকৰ ফালে হেঁচুকি থ’লোঁ৷

অন্য এদিন চেষ্টা কৰিম আৰু সফলো হ’ম৷

☆★☆★☆

15 Comments

  • মিনতি মহন্ত

    প্ৰথম লিখা যদিও বহুত ভাল হৈছেঅ ‘ ,অভ্যাস নেৰিবি । অহামাহৰ কাৰনে চিন্তা কৰেই ,

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল কাবেৰী, প্ৰকাশভংগী সাৱলীল। লিখি থাকিবা

    Reply
  • সৌৰভ শৰ্মা

    কাপোৰৰ মাজতো ইমান সাৱলীল লিখিব পাৰিবুলি আগতে জনা হলে ,,, ময়ো লিখিলোঁ হয়। লালচালাম কমৰেড। ঝাকাছ।????????

    Reply
  • হেমন্ত কাকতি

    ভাল হৈছে কাবেৰী৷ তোমাৰ চেন্স অৱ হিউমাৰ আছে৷ লিখাটো ভাল লাগিল৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ময়ো ভাবো সদায়েই কৰিম কৰিম বুলি।

    Reply
  • নীলাঞ্জনা

    সজ সজ৷ মোৰ কাপোৰখিনিও কোনোবাই ঠিকনা লগাই দিয়া হ’লে৷ বাকী সাহিত্যখিনি বাৰু লাগিল দেই৷ কাপোৰত হাত নিদিলেও কলমত চৰি কীবৰ্ডত আঙুলি চলাই নিবলৈ টানি অনুৰোধ জনালো৷

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল বা।

    Reply
  • Suntu

    মজা

    Reply
  • বহুত ভাল লাগিল বা৷কলমক থমিবলৈ নিদিব৷

    Reply
  • Madhurjya Goswami

    সুন্দৰ প্ৰকাশভংগী, সৰু সৰু কথাৰ ওপৰত। লিখিবলৈ নেৰিব। সুন্দৰতা বাঢ়ি গৈ থাকিব বাইদেউ।

    Reply
  • কাবেৰী মহন্ত

    সকলোলৈকে আন্তৰিক ধন্যবাদ থাকিল অলপ সময় উলিয়াই পঢ়িচোৱাৰ বাবে ৷আপোনালোকৰ মন্তব্যই যথেষ্ট অনুপ্ৰেৰণা যোগালে ৷

    Reply
  • Very good,mur nijor kotha jen Lagise, very nice Kaberi… Aru anuvutibur bur likhibi…. Never stop

    Reply
  • লখিমী

    বঢ়িয়া লাগিল।

    Reply
  • Anonymous

    Awesome…. Best commentary of an in-vitro surgical strike, that happen to everyones home. Nice, don’t stop writing…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *