ফটাঢোল

ভাওনাৰ প্ৰেম গাঁথা – মিনতি মহন্ত

বহুত বছৰৰ আগৰ কথা৷ এখন মহাপুৰুষীয়া সত্ৰৰ বছৰেকীয়া অংকীয়া নাটৰ ভাওনাৰ (সেই সত্ৰত আজি পৰ্য্যন্ত মৃদংগহে প্ৰচলিত, খোলৰ নহয়) দুই তিনিখন গাঁও মিলি বৰ নামঘৰৰ ৰভাঘৰত অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি বধ কৰা ভাওনাৰ পুৰ্ণদমে আখৰা চলিছে। আখৰা চাওঁতেই চকুৰ পানী উলায়। গাঁৱৰ এজন হৃষ্ট পুষ্ট ভদীয়া নামৰ ডেকাক ভীমৰ ভাও দিয়া হৈছে। কোনোমতে তৃত্বীয় শ্ৰেণীলৈকে পঢ়া ভদীয়াই বচনবোৰ মুখস্থ কৰিব পৰা নাই। বৰ বায়ন গোঁসাইজনাৰ পৰা সদায় গালি খায়। মাজু গোঁসায়ে সুত্ৰৰ ভাও আৰু সৰু গোঁসায়ে কৃষ্ণৰ ভাও প্ৰত্যেক বছৰে লোৱাটো বাধ্যতামূলক। সেই সময়ত ছোৱালীৰ ভাওবোৰো ল’ৰাৰ যোগেদিয়ে কৰোৱা হৈছিল। সত্ৰৰ নিয়ম-কানুন কোনেও অৱজ্ঞা নকৰে।

নিৰ্ধাৰিত তাৰিখত তিনিখন গাঁৱৰ ৰাইজৰ মুনিহ তিৰোতা, ল’ৰা-ছোৱালী আহি ৰভাঘৰত দলদোপ হেন্দোলদোপ হ’লহি। ৰভাঘৰৰ চাৰিওফালে মানুহ মাটিত বহি ভাওনা উপভোগ কৰে। মাজত খালী ঠাই ৰাখি ভাৱৰীয়াসকলে অভিনয় কৰে৷ সত্ৰত তেতিয়া মঞ্চৰ প্ৰথা নাছিল৷ আজিকালি ক’ৰবাত আছে যদিও আমি সম্পুৰ্ণ অজ্ঞাত৷ তেতিয়াৰ দিনত চোৰ ডকাইতো তেনেদৰে নাছিল৷ সেইবাবে সকলোৱে হিলদল ভাঙি ভাওনা চাবলৈ আহিব পাৰে৷

এনেদৰেই, গায়ন বায়নৰে মুখৰিত কৰি সত্ৰাধিকাৰ গোসাঁয়ে ভাওনা আৰম্ভ কৰিবলৈ কোৱাৰ লগে লগে সকলো ৰাইজে হৰিধ্বনি দি মণিকূটলৈ সেৱা জনালে৷ সুত্ৰই প্ৰৱেশ কৰি গোটেই ভাওনাখনৰ বিৱৰণ ডাঙি ধৰি নিৰ্দিষ্ট ঠাইত বহাৰ পাছতে কৃষ্ণৰ প্ৰৱেশ ঘটিল। ক্ৰমে ক্ৰমে পঞ্চ-পাণ্ডৱ, কৌৰৱ আদি সকলো প্ৰৱেশ হোৱাৰ পাছত বচন আৰম্ভ হ’ল৷ ভীমে দুঃশাসনক উদ্যেশ্যী বচন গাবলৈ (মুখস্থ নথকাৰ বাবে) ঐয়ে পাপমতি দুৰাচাৰ দুঃশাসন ; তোহোঁ হামাৰ ৰাণী দ্ৰৌপদীকো সভাৰ মধ্যে বস্ত্ৰ হৰণ কৰিয়া বুলি, এহ পাহৰিলোং পাই প্ৰভু বুলি কোৱাৰ লগে লগে সকলোৱে হাঁহিবলৈ ধৰিলে যদিও সুত্ৰই ছেগ বুজি “এহিমতে ভীমে ক্ৰোধাম্বিত হুয়া দুঃশাসনৰ সৈতে যুদ্ধ কৰল, দেখহ শুনহ বুলি বায়নক যুদ্ধৰ চাপৰ মাৰিবলৈ ইংগিত দিলত ভাওনা আগবাঢ়িল৷

ইফালে, অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি ধৰি যুদ্ধ আৰম্ভ কৰিলে। বেহুৰ মাজত অকলশৰে অভিমন্যুৱে বিলাপ কৰি “হে কৃষ্ণ মামা মোৰ পিতৃ ধনঞ্জয়, আজিৰ সমৰে মোৰ ৰক্ষা নাহি হয়। হৰি হৰি উত্তৰা সুন্দৰী বৰ নাৰী,
তোমাক বিধৱা কৰি মই যাওঁ মৰি…..”৷ দৰ্শকৰ মাজৰ পৰা কান্দোনৰ ৰোল উঠিল। হয়, সঁচাকৈয়ে বৰ নিদাৰুন কাহিনী।

পঞ্চ পাণ্ডৱ সেই যুদ্ধৰ সময়ত বেলেগ ঠাইত যুদ্ধ কৰি থকাৰ বাবে অভিমন্যুক বেঢ়ি বধ কৰাৰ কথা অজ্ঞাত আছিল। অভিমন্যু বধৰ পাছত সভাৰ মাজত যেতিয়া পঞ্চ পাণ্ডৱে প্ৰৱেশ কৰিবলৈ আহিল, তাৰ মাজত সুদৰ্শন পুৰুষ নকুল নাই। বাকী চাৰিজনেই দ্ৰৌপদীৰ সৈতে সভাৰ মাজত প্ৰৱেশ কৰিলেহি। নকুল নাই যি নায়েই। ক’লৈ গ’ল কোনেও নাজানে। সকলোৱে কোৱা-কুই, চোৱা-চুই কৰি ঠাঁৰে চিয়াঁৰে কথাটো আলোচনা কৰি আছে৷ অৱশ্যে সভাৰ মাজত ভাওনাৰ অকনো যতি নপৰাকৈ সুত্ৰধাৰে চলাই আছে, যাতে দৰ্শকৰ কোনেও হুলস্থুল নকৰাকৈ নাট উপভোগ কৰিব পাৰে৷

আনহাতে, সত্ৰৰ ভিতৰৰে এঘৰত ছোৱালী এজনীৰ কন্যাকাল হোৱাৰ বাবে ঘৰৰ গোটেই মানুহখিনি ভাওনা চাবলৈ গ’ল৷ মাক কোকিলাই জীয়েক প্ৰমিলাক এৰি যাব নোৱাৰিলে। ভাওনা থকাৰ বাবে পাঁচ দিনতে অনুষ্টুপীয়াকৈ নিয়ম কৰি বিয়াৰ কাম সমাধা কৰিছিল যদিও ৰাইজক মাতি খুউৱা হোৱা নাই৷ নামঘৰৰ মৃদংগৰ মাত, ভাৱৰীয়াৰ বচন শুনি থাকোঁতেই কোকিলাৰ কেতিয়া টোপনি আহিল গমকে নাপালে। আমাৰ সুদৰ্শন পুৰুষে ছেগ বুজি সভাথলি এৰি কোকিলাৰ ঘৰত সোমাই জীয়েকক অপহৰণ কৰি নিজৰ ঘৰত সোমোৱালেগৈ।

ৰাতিপুৱা ভাওনা শেষ হ’লত সকলো ঘৰাঘৰি গ’ল৷ প্ৰমিলাৰ ঘৰৰ মানুহো ঘূৰি আহি যেতিয়া পালেহি, কোকিলাই সাৰ পাই ওচৰত জীয়েকক নেদেখি খোচাৰ কৰি নোপোৱাত কথাটো ওচৰত ৰাষ্ট্ৰ হৈ পৰিল। নকুলৰ ঘৰ বেলেগ এখন গাঁৱত হোৱাৰ বাবে সিহঁতৰ ঘৰতো হুৱাদুৱা লাগিল৷ এফালে ভাওনাৰ টোপনি খতি, আনফালে ছোৱালী আনিবলৈ বুলিয়ে ভাওনা ত্যাগ কৰি নকুলে এনে এটা কাম কৰিলে। জনাজনি হোৱাৰ পাছত সত্ৰলৈ কেইজনমান গৈ খবৰটো দিলতহে নকুল অন্তৰ্ধ্যান হোৱাৰ আচল ৰহস্যৰ ভাওনাৰ প্ৰেম- গাঁথা পোহৰলৈ আহিল। সেই সময়ত ছোৱালীৰ বয়স লৈ কোনেও হকাবধা নকৰিছিল। মনে মিলিলেই হ’ল। অৱশ্যে জাত পাতৰ বেলিকা চোকা নজৰ আছিল। আমাৰ সুদৰ্শন পুৰুষ নকুলৰ মনৰ মিলতে কামফেৰা সমাধান কৰিলে। বিচূৰ্তিহে পায়৷

☆★☆★☆

7 Comments

  • কাবেৰী মহন্ত

    জমনি দেই ৷ একেবাৰে চেগ চাই আছিল

    Reply
  • নীলাঞ্জনা

    ভাল লাগিল দেই৷

    Reply
  • ৰিণ্টু

    নকুলে ভাওনাৰ মাজতে এইবোৰ কাম কৰিব পাই নে বাউ, বিচুৰ্তি আউ পাই।

    ভাল লাগিল খুৰী

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ নকুলে ভালকৈ ভাওঁ দিলে।

    Reply
  • চিত্ৰলেখা দেৱী

    সঁচা দেই — মন মিলিলেই হৈছিল তেতিয়া । ভাল লাগিল বাইদেউ ।

    Reply
  • সৌৰভ শৰ্মা

    ভাল লাগিল । নকুল ঠিক আছে । ভাওনা পিছত আগে পলায়ন কইনাক লৈ।

    Reply
  • হেমন্ত কাকতি

    ভাওনা চেকেণ্ডাৰী, নকুলে মেইন কাম কৰি ললে৷ মজা লাগিল বাইদেউ!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *