ফটাঢোল

‘ব’ৰ অনুপ্ৰাস – ৰিতন বৰুৱা

বুদ্ধিত বৃহস্পতি বাটিৰামে বগা বলধহাল বিয়লি বলুকাত বনোৱা বহাত বান্ধি বজাৰলৈ বাট বুলিলে। বজাৰত বিনিয়োগ বুজিলৈ বহুত বস্তু বাহানি বান্ধিলৈ বলুকাৰ বহালৈ বাট বুলিলে। বাটত বাপুৰামে বাটভেটি বাটিৰামক বহু বেছি বস্তু বাহানি বান্ধিবলৈ বাধাদি বুজালে। বাটকুৰি বাই বাই বাটিৰামে বিষত বেঁকাকৈ বৰজুপিতে বহিল। বতৰৰ বতৰা বুজি বাটিৰামে বৰ বেগাবেগিকৈ বেঙা বোলালে। বাটত বহালৈ বহু ব্যৱধানত বাটিৰামক বৰষুণে বুৰালে। বহুবল্কী বাটিৰামে বৰষুণজাকক বৰকৈ বলিয়ালি বলকিলে। বগা বলধহাল বৰষুণত বুৰিলে বাবে বাটিৰামৰ বদনত বৰজামুৰ বৰণ বিয়পিল। বিষণ্ণ বদনে বান্ধৈয়ে বাট বুলাইছে বাবে বগী বাইটিয়ে বুলিলে, “বোলে বান্ধৈ, বিৰহৰ বেদনা বাৰণ, বেগাবেগিকৈ বাট বুলা। বেলি বুৰিবৰ বয়স।”

বেলিৰ বয়সক বাধাদি বাটিৰামে বাৰ্তালাপত বুৰিল। বাটিৰামে বৰডেকা (বৰ পুত্ৰ) বৰবোৱাৰীৰ বাৰ্তা বগীবাইটিক বখানিলে। বৰডেকাই বগৰীগুৰি বাগানৰ বৰমহৰীৰ বৰজীক বৰমাল্য বৰষি বোৱাৰীস্থানত বহুৱালে। বৰ্ষীয়ান বিয়ৈ বিয়নী বৰ বিহু বলীয়া। বৰডেকাৰ বিবাহ বৰ্ষপুতিতে বৰনাতিৰ বদন বৰ্হিপ্ৰকাশ বোলে। বছেৰেক বাগৰাৰ বিৰতিত বৰনাতি বৰপোনালৈ বদলিল। বৰ্তমান বৰনাতিক বৰপোনা বোলে।

বৰপোনা বিদ্যালয়ৰ বাহিৰেও বৰশিত বোৱাত বিশাৰদ। বিশাল বিশাল বৰালি, বামী, বৰিয়লা, বৰশিত বিন্ধে। বানত বিয়াগোম বিয়াগোম বান্ধ বান্ধি বহুতক বচায়। বহুতে বোলে, ”বিপদৰ বন্ধুহে বৰিষ্ঠ বন্ধু”।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *