ফটাঢোল

অথন্তৰ — খাণ্ডিল্য নয়ন শইকীয়া

(১)

গ্ৰেজুৱেচনত তেতিয়া নতুনকৈ নামভৰ্তি কৰিছোঁ মাত্ৰ । উৎসবে পাৰ্বনে খুড়াহঁতৰ ঘৰলৈ যোৱা হয় । গাঁৱৰ মানুহবোৰে মোৰ খবৰ লয় হেনো “অমুকৰ পুতেকে কি কৰি আছেনো ?” বুলি । উত্তৰত পেছাৰে খেতিয়ক খুৰাই “ইঞ্জিনীয়াৰ কৰি আছে” বুলি কয় । “কিহত” বুলি সুধিলে খুৰাৰ হাহাকাৰ লাগি যায় । ফোন কৰি সুধিয়েই থাকে , তথাপিও এবাৰ গাওঁলৈ যোৱাত খুড়াই সুধিলে,

“বাবা , তোমাৰ কিহত ইঞ্জিনীয়াৰ কৰি আছা ?”

“ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন “

কেইদিনমানৰ পিছত আকৌ সুধিলে, “বাবা , তুমি ইলেক্ট্রিকচিটিত ইঞ্জিনীয়াৰ কৰি আছা ন ?”

“নহয় খুড়া , ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন “

কেইদিনমান পিছত আকৌ সুধিলে, “বাবা , তুমি কিহৰ ইঞ্জিনিয়াৰ হবা ?”

মই বুজিলোঁ যে এনেকৈ ব্ৰান্সৰ নাম কৈ লাভ নাই , ইজি মেমৰী টেকনিক ব্যৱহাৰ কৰিব লাগিব ।

“খুড়া , ৰাস্তা ভাল হোৱাৰ পিছত ৰঙিয়াৰ পৰা গুৱাহাটীলৈ কি ভাল হৈছে ?”

“কুমিনিকেচন”

“মোৰো ব্ৰান্স সেইটোই, কোনোবাই সুধিলেও এইটোকেই কব ।”

“এতিয়া আৰু নাপাহৰো , কোনোবাই সুধিলে কম তুমি কুমিনিকেচন ইঞ্জিনীয়াৰ ।”

মই বোলো নাই মোমাইতকৈ কণা মোমাই ভাল , ভুল ভাল ব্ৰান্সৰ নাম কোৱাতকৈ অলপ মিলিলেও ভাল ।

এই ঘটনাৰ প্ৰায় দুবছৰ পিছত মোৰো পাঠ্যক্ৰম শেষ হৈছে । গাঁৱত বিয়া এখনলৈ যাওঁতে খুৰাৰ লগৰ এজনে সুধিলে, “বাবা , এ পি এছ চিৰ চিভিলৰ চাকৰি যে ওলাইছে , এপ্লাই কৰিছানে ?”

খুৰাৰ বন্ধু যেতিয়া ময়ো খুড়া বুলিয়েই মাতো ,”খুড়া মোৰ ইলেক্ট্ৰনিক্স হে , মই নোৱাৰো নহয় এপ্লাই কৰিব ।”

“কিন্তু যাদৱে(খুৰাৰ নাম) তো তুমি ৰাস্তা ভাল কৰা ইঞ্জিনীয়াৰ বুলি কৈছে । ৰাস্তা ভাল কৰা মানে চিভিল নহয় জানো ।”

মই লাজতে পানী পানী হৈ গলো । হে হৰি মই ইজি মেমৰী টেকনিক ব্যৱহাৰ কৰিহে বুজাব চেষ্টা কৰিছিলোঁ , খুৰাই বেছিয়ে উজু কৰি ললে । মই অনুমান কৰিলোঁ , খুৰাই হয়তো “ৰাস্তা ভাল হোৱা….” লৈহে মনোযোগ দিলে , সেয়ে তেনেকৈয়ে মোক ৰাস্তা ভাল কৰা ইঞ্জিনীয়াৰ বুলিয়েই ভাবি থৈ দিলে । এজ অলৱেজ , খুড়া ৰকড লিভিং মি চকদ !!

(২)

তেতিয়া ইঞ্জিনীয়াৰিংৰ দ্বিতীয় ষাণ্মাসিকত । নতুন নতুনকৈ সকলোৰে লগত চিনাকি হৈছোঁ । তাৰে এজনী শিলচৰৰ ছোৱালীৰ লগত চিনাকি হলো । খুব কম সময়ত তাই বৰ ভাল বান্ধৱী হৈ পৰিল । প্লেন কৰিলোঁ যে বিহুৰ বন্ধত মই তাই গুৱাহাটীলৈ যোৱা বাছখনতেই যাম । সেয়ে তাইৰ লগত বন্ধুত্ব গাঢ় কৰিবলৈ তাইৰ এচাইনমেণ্ট লিখি দিয়াৰে পৰা আৰম্ভ কৰি তাইৰ বাবে ব্ৰেকত শাৰী পাতি পৰঠা লৈ দিয়া সকলোতেই মই এক নম্বৰ । কিন্তু সাহসতো অলপ কম হোৱাৰ বাবেই তাইক এবাৰলৈ সুধিব নোৱাৰিলোঁ যে “বিহুৰ বন্ধত একেলগে যাম দেই !”

দুদিন পিছত খবৰ পালোঁ বিহুৰ বন্ধৰ আগে আগে চেছনেল পৰীক্ষা লব হেনো । আমাৰ কলেজত চেছনেল পৰীক্ষাবোৰ এনেই নামমাত্ৰ বুলিলেও ভুল নহয় । তথাপিও পঢ়িব লাগিব। ৰুটিনখন চাই দেখিলো , তাইৰ আৰু মোৰ চেক্সন বেলেগ বেলেগ যদিও একেদিনাই প্ৰেক্টিকেল শেষ হব । মই সিদ্ধান্ত কৰিলো পৰীক্ষা শেষ কৰিয়েই তাইক একেলগে যোৱাৰ কথা কম । অহুকানে পহুকানে খবৰ লৈ গম পালোঁ তাই গুৱাহাটীলৈ ৯তাৰিখে দুপৰীয়া দুই বজাত যাব । মোৰো থোকি বাথৌ মন , ৯তাৰিখে একেটা ছিটত বহি যাম । মনৰ কথা কম ।
পৰীক্ষা দিবলৈ গলো , ৰুটিন মতে ৯তাৰিখে ৰাতিপুৱা তাইৰ আৰু মোৰ পৰীক্ষা ৰাতিপুৱা ১২ বজাত শেষ হব । সেই গতিকে ময়ো তাই নজনাকৈয়ে একেখন বাছতেই টিকেট কৰি ৰাখিছিলোঁ । মোৰ চেক্সনৰ মোৰ ৰোল নং এক হোৱা গতিকে সিহঁতৰ পৰীক্ষা শেষ হোৱাৰ তুৰন্তেই মোৰ পৰীক্ষা হোৱা কথা । কিন্তু কথাতেই কয় নহয় , বোলে বাটত আছে কণা বিধি । পৰীক্ষা ১২বাজি গল সিহঁতৰ চেক্সনৰ পৰীক্ষা শেষ কৰি মাষ্টৰ কেইজন গল নহয় ভাত খাবলৈ । মই বোলো অকল মোৰ এজনৰ পৰীক্ষা লৈয়ো যাব পাৰে । সময় হল ১২:৪৫ , মই ভাবিলোঁ বোলো মোৰ যোৱা নহব । এইফালে লগৰ এটাই কৈ আছিল সি হেনো টিকেট কৰিব নোৱাৰিলে তাক যেনেকৈ নহওক টিকেট এটা লাগে । এইফালে পৰীক্ষাৰ বাবে মোৰ টিকেটটোও এনেই যায় । সেয়ে কথা পাতি সি মোৰ পৰা টিকেটতো লৈ ললে । টিকেটতো দিয়াৰ সময়ত মোৰ বুকুখন চিৰিংকৈ বিষাই গল । বাৰু পৰীক্ষা ডাঙৰ , যিমান যি হলেও । টিকেটটো গলগৈ । তায়ো বেগটো দাঙি মেজিকত উঠিলেগৈ । কম খন দুখৰ কথানে , কিনা টিকেট দিব লগা হৈছে । পেটে পেটে মোৰ মাষ্টৰ কেইটাৰ প্ৰতি পুৰা খং উঠিছে । ১২:৫০ত যেনিবা ছাৰহঁত আহিল । মোৰ নাম মাতিলে , ময়ো গলো । এইফালে প্ৰশ্ন এক সোধে , সেইফালে মোৰ মনত খেলাই “তাই চাগে গাড়ীত উঠিল!” । প্ৰশ্ন দুই সোধে , মনত খেলাই “তাই চাগে ছিটত বহিল ” , মুঠৰ ওপৰত মই উচপিচাই থাকিলোঁ । শেষত চাৰে কলে বোলে “তোমাৰ হৈছে যোৱা” । ওলাই সময় চালোঁ , সময় ১বাজি ১০মিনিট । ৱাহ পাই যাম । লগৰতোক ফোন কৰিব ফোনটো উলিয়ালোঁ , দেখিলোঁ দুই পাৰছেন্ট চার্জ আছে , নম্বৰ উলিয়াই ফোন কৰো মানে ফোন চুইছ অফ হৈ গল । দৌৰাদৌৰিকৈ ৰুমলৈ খোজ দিলোঁ । ৰুম গৈ পাই দেখিলোঁ কাৰেণ্ট নাই । ফোন কৰি গাড়ী ৰখাবলৈ কবলৈ ফোন অফ । মুঠৰ ওপৰত সিদিনা সকলো মিলি আছিল , সকলোফালেই আমি একেলগে যাত্ৰা কৰাৰ কথা ইচৰে লিখি থৈছিল । কিন্তু মই ইমানেই বেছি অথন্তৰীয়া যে মোৰ অথন্তৰৰ সন্মুখত ইছৰৰ বিধিয়েও হাৰ মানিলে আৰু শেষত ৯এপ্ৰিলত যাবলগীয়া মই মোৰ প্ৰেমৰ যাত্ৰা সিমানতেই সামৰিব লগা হল ।

মাই অথন্তৰ ৰকড , লিভিং মাই দেস্তিনী চকদ !!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *