ৰুণুমাই – মূৰ্চ্ছনা শইকীয়া গগৈ
হাফ পেডেল মাৰি মাৰি এপাকত যেনিবা ৰুণুমাই চাইকেলখনৰ দুইফালে ভৰি দি ছিটটোত বহি চলাব পাৰিলগৈ। এশখোজমান হাফ পেডেলতে যাবলগীয়া হয়গৈ।
: আই,যাং দেই, চাহৰ কেটলিটো তই লৈ আনিবি৷
চিঞৰি চিঞৰি মাকক কৈ যোৱা উত্তৰত মাকে কি ক’লে আকৌ ঘূৰি চোৱাৰ সময় নাই, উভতি চালেই বা চাইকেল গৈ পথাৰত সোমাবগৈ।
দুয়োফালে বেগ ভৰাই হালোৱাকেইজনলৈ জা-জলপানৰ টোপোলা লৈ তাই পথাৰৰ কাষৰ কাৰেণ্টৰ পষ্টটোৰ সমুখতে খোপনি পুতি ৰ’লগৈ। তাতে চাইকেলখন আওজাই থৈ পথাৰৰ বোকা-পানী ফালি পিন্ধি থকা ফ্ৰকটো ডাঙি নিজৰ পথাৰডৰা পালেগৈ।
: ঐ পিতাই, পিতাই, আহ আহ, জলপান আনিছোঁ। খা হি আহ! ধনেশ্বৰ কাই, ৰূপম কাই, ঐ তংকেশ্বৰ তয়ো আহ।
তাইৰ চিঞৰত ওচৰে-পাজৰে থকা গোটেই হালোৱা কেইজনৰো বুজিবলৈ বাকী নাথাকিল আৰু, জীৱন কাইদৌহঁতৰ কাৰণে জলপান আহি পালেহি।
: ঐ তোৰ বাপেৰে শুনাই নাই, ইমান লাহেকৈ কৈছ তই৷
ওচৰৰে ডিম্পল কাইদৌয়ে জলপান দিবলৈ আহি তাইক জোকালে।
: তোৰ কি হ’ল তাতে, যাহ! শুনক-নুশুনক মোৰ কথা, হুঁহ।
তাইৰ গালি খাবলৈয়ে তাইক জোকাই থাকে তেওঁ।গালি দিয়াৰ পাছত তাই আৰু সেইফালে নাচাই ঘূৰি।
জা-জলপান খাই হোৱালৈকে মাকও আহি পথাৰ পালেহি। ঘৰত কোনো নথকাৰ বাবে বাচন-বৰ্তনখিনি লৈ তাই ঘৰলৈ আহিবলৈ বুলি উভতিল। জপং জপংকৈ আহি থাকোঁতেই ঘটিল ঘটনাটি। ভৰিত ডাঙৰ জোক এটাই মেৰিয়াই ধৰাত থেহ পাতি থকা ডিম্পল কাইদৌকে,
: ঐ ডিম্পল কাইদৌ, এৰোৱাই দে হি, ঐ জোক লাগিলে, অ’
“অ’ আই,খালে ঐ” বুলি মাতিব লগা হোৱাত ডিম্পলৰ লগতে হালোৱা কেইজনেও নহঁহাকৈ নোৱাৰিলে।
: ৰহ, পথাৰৰ আলি নাভাঙিবি, কালি দিছেহে, এৰুৱাই দিছোঁ, ৰৈ থাক একেঠাইতে৷
এৰুৱাই দিয়াৰ পিছত তাই একেবাৰে দৌৰিহে যেন ৰাস্তাটো পালেগৈ।
চাইকেলখন লৈ পুনৰ লাহে লাহে ঘৰৰ ফালে বাট বুলিলে। বাটতে গৈ থাকোঁতে অৰূপ ককাইদেউৰ সৈতে দেখা হ’ল। মটৰ চাইকেলত ধুনীয়া সেই ব্লেক কালাৰৰ গাগল্চখনি লগাই, আইঔ কৃষ্ণ, ইমান ধুনীয়া, হেণ্ডচম পুৰুষ ঔ, গোটেই গাঁৱতে নাই। গোটেই ছোৱালী তাৰ লগত পাগলী। ৰুণুমাই জানো নহ’ব! কেতিয়াও নমতা মানুহজনে তাইক ইমান ধুনীয়া কৈ হাঁহি মাতি থৈ গ’লগৈ ভুৰুংকৈ। আই ঔ সপোন যেনেই লাগিল তাইৰ।পিছলৈ উভতি চাই চাই থাকোঁতেই চাইকেলেৰে সৈতে তাই পৰিলগৈ। নিজকে দেখিলে খালত। শুকান বাম খাল হোৱা বাবে যেনিবা একোকে নহ’ল। চকু পুৰুক-পাৰাক ঘূৰাই ইফালে-সিফালে চালে কোনোবাই দেখা নাইতো! উসঃ ৰক্ষা, কোনেও নেদেখিলে৷
ৰঙা-চিঙা পৰি তাই কোনোমতে ঘৰ গৈ পালে। দেখিলে হাতৰ, আঠুৰ ঘিলাত ভালকৈয়ে পাইছে জেঙৰ আঁচোৰ।
সেয়া আছিল গাভৰু দিনৰ স্মৃতি। ৰুণুমায়ে ঘৰলৈ ছোৱালীজনী লৈ খোজ কাঢ়ি কাঢ়ি গৈ থাকোঁতে পথাৰখন দেখি কথাবোৰ মনত পৰিছিল আৰু নিজেই অকলেই বাটত হাঁহিছিল।
বিয়াৰ মাত্ৰ তিনিবছৰ হৈছিলহে। বগাসাজ এযোৰ পিন্ধাই মানুহটো গুচি গ’ল অজান দেশলৈ।
কেতিয়াবা ফটোখন চাই চাই তাই কৈ উঠে,
: ঐ তংকেশ্বৰ তোলৈ যে ইমান মনত পৰে। তই বাৰু এনেকৈ ল’ৰা পোৱালিজনী মোক দি অকলে এৰি থৈ যাব লাগেনে!
ফেকুৰি ফেকুৰি অকলে কান্দি উঠে তাই। পিচে শুনিব কোনে।
গাঁৱৰ তংকেশ্বৰে যে পথাৰত হাল বোৱা দিনৰেপৰা তাইক ভাল পাইছিল। তাইৰো জানো কিনো হৈ গ’ল!এদিন ৰাতি পলাই তায়ো গুচি গৈছিল একেগাঁৱৰে তংকেশ্বৰ লৈ। নীতি-নিয়মবোৰ কৰি দুয়োখন ঘৰেই আকোঁৱালি লৈছিল। কিন্তু কালৰ সৈতে কোনে ফেৰ মাৰিব। কালে মানি লোৱা নাছিল সিহঁতৰ সম্বন্ধক, সৰ্ম্পকক। আকস্মিক ভাৱেই নামি আহিল সেই দিন।এদিন প্ৰখৰ ৰ’দত আনৰ ঘৰৰ হাল বাই থাকোঁতেই কি জানো হ’ল, থলীতে নোহোৱা হ’ল সি, আউলি-বাউলি চুলি মেলি জলং-জপংকৈ ৰুণুমাইজনী পথাৰ পালেগৈ।বেচেৰীজনী তেতিয়া গা-ভাৰী, নিষ্ঠুৰ সময়ৰ নিষ্ঠুৰ পৰিহাস অসহ্যকৰ, মৃত্যু দায়ক যন্ত্ৰণা। কিন্তু তাইকো সময়ে সময়ৰ লগত আগবাঢ়িবলৈ শিকালে। গৰ্ভত থকা কণমানিটিক লৈয়ে তাই নিজক জীৱন দিলে, নতুন জীৱন।
এতিয়া তাই স্কুলত ভাত সিজাই চলি আছে কোনোমতে। চাকৰিটো পাৰ্মেনেণ্ট হোৱাৰ কথা আছে।কেতিয়ালৈ বা হয়গৈ।
মাকৰ ঘৰখনত থকা আজি পাঁচ দিনেই হ’ল। ওপজা ঘৰখনত থাকি গছ তলৰ বিহু চাবলৈ নাযাব, তেনে কথা হ’বই নোৱাৰে। আগেয়ে কম বিহু গালেনে তাই, নাচনীক নচুৱাই, ডেকাক ধেমালি কৰা আদিৰে বিহু তলী গৰমাই ৰাখিছিল।
“তোমাৰ চেহেৰা জাতিলাওৰ নিচিনা
কোমোৰাৰ নিচিনা গা..”
“পুৰুষৰ নিচিনা মহাকপটীয়া
সংসাৰৰ ভিতৰত নাই
নিনিয়ে মানে আনন্দৰ সীমা নাই
নিলেহে পাহৰি যায়।”
আদি বিহু নামেৰে বিহু তলী ৰজনজনাই থৈছিল। বিহু চাবলৈ অহা ডেকাই মাগুৰবৰণীয়া ৰুণুমাইক মুঠতে চিনি পাবলৈ বাকী নাছিল। তাৰে দুটামান ডেকাই পচন্দও নকৰা নহয় পিচে তাইৰ সেইবোৰ কাণ-সাৰেই নাই।
বিহু তলীখন পাইয়ে কিবা যেন উৰুঙা উৰুঙা লাগিল।ছোৱালীবোৰৰ আগৰ দৰে উছাহেই নাই, কোনোবাই গাইছে অকণমান কৈ, আকৌ নাচনীও তেনেই কেইজনীমান ছোৱালী।
তাই আৰু ৰৈ থাকিব নোৱাৰিলে। জীৱননো কেইদিনীয়া, কচু পাতৰ পানী বুলিতো কয়েই। গতিকে দুখ-বেজাৰবোৰ পাহৰি জীৱনটোকতো লৈ গৈছেই আগুৱাই, গাভৰু কালৰ স্মৃতি জড়িত চেনেহৰ এই বিহু তলীখন ইমান উৰুঙা কৰি ৰাখিব নোৱাৰি দেই।এইবুলি ভাবিয়ে তাই জীয়েকক কোচৰপৰা নমাই কাষতে বহুৱাই ল’লে তাৰপিছতে ছোৱালী এজনীৰপৰা টকাটি কাঢ়ি লৈ “উঠ ভনী যা, যা, নাচ গৈ” বুলি কৈ যেতিয়াই বিহু নাম জুৰিলে তেতিয়াই আকৌ হঠাতে যেন বিহু তলী একেবাৰে গপগপীয়া হৈ আহিল, ৰুণুমাইৰ মনগহনত আকৌ ৰহনীয়া হৈ বসন্তৰ ফুল যেন ফুলি উঠিল ভমকা-ফুলীয়া হৈ –
“দায়-দোষ এৰিবা
সকলো ঐ ক্ষেমিবা
নামেনো চাৰিষাৰি গাওঁ
বৃন্দাবনত থাকোঁতে
কৃষ্ণ লীলা খেলোঁতে
ঈশ্বৰে ঐ সৰজা নাম।….
হুৰৰৰৰৰ’…..
প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে
তাৰ পিছত স্ৰজিলে জীৱ
হেনো জন ঈশ্বৰে পিৰীতি কৰিলে আমিনো নকৰিম কিয়…”।
☆★☆★☆
5:57 pm
ভাল লাগিল পঢ়ি।
5:58 pm
ভাল লাগিল পঢ়ি।
1:44 pm
ভাল পালোঁ পঢ়ি