ইটাৰ উপকাৰিতা — দেৱজিত শইকীয়া
ইটা এবিধ মূল্যবান সম্পদ৷ পূৰ্বতে এক লিটাৰ ইটাৰ দাম ৬০ টকা আছিল যদিও হঠাৎ পৰিবৰ্তনৰ ঢৌৱে অনা মেজিকৰ অচ্ছে দিনৰ ফলত আকাশলংঘী হৈছেগৈ৷ বিদেশত যথেষ্ট পৰিমানে মূল্যবান ক’লা ইটা পোৱা যায়৷ ভাৰতীয় ইটাৰ মূল্য অন্য ৰাষ্ট্ৰতকৈ কম যদিও ক’লা বেপাৰী সকলে ক’লা ইটা লুকুৱাই থয়৷
ইটাৰ উপকাৰিতাৰ কথা লিখি শেষ কৰিব নোৱাৰি। সেয়ে ইটাৰ বিষয়ে ৰচনা মেট্ৰিক পৰীক্ষা বাদেই IAS পৰীক্ষাতো কমন নপৰে৷ ইটাক কাপোৰৰে বান্ধি তিনিদিন পানীত ডুবাই ৰাখিলে গজালি মেলে আৰু তাৰ পৰা বিভিন্ন প্ৰকাৰৰ ১৫ দিনতে লগা হাইব্ৰিড অমিতা গছ গজাৰ সম্ভাৱনা থাকে৷
ইটাৰ ওপৰত গৱেষণা কৰি খ্ৰীষ্টপূৰ্ব ১২২৮ ত নৱাব চিৰাজউদ্দিনে শান্তিৰ নবেল বঁটা পাইছিল৷ তেখেতৰ গৱেষণা পত্ৰখন এতিয়াও ব্ৰিটেইনৰ পাটবাউসী সত্ৰত সংৰক্ষিত আছে৷ বৰ্তমান তেওঁ ইটাৰ Tissue culture বিষয়ত গৱেষণা কৰি আছে৷
ইটা এবিধ বিভিন্ন প্ৰকাৰৰ ঔষধি গুণসম্পন্ন পদাৰ্থ৷ তিনি পিচ ইটা পুৱা খুন্দি বিলাটি সুৰাৰ লগত মিহলাই পুৱা এচামুচকৈ নিতৌ এসপ্তাহ খালে ওকণি নাইকীয়া হয়৷ ভাতৰ লগত দৈনিক কমেও এচপৰা ইটা খালে কৌষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি৷
ইটাৰ গুড়ি কেঁচুৱাৰ প্ৰধান খাদ্য৷ পিছে অধিক খুৱালে পেলু হোৱাৰ সম্ভাৱনা থাকে৷ সাধাৰণতে ছমাহৰ তলৰ দাঁত নজগা শিশুক গোটা ইটা আৰু ছমাহৰ ওপৰৰ শিশুক পিতিকা কৰি খুৱাব লাগে৷ প্ৰাপ্তবয়স্ক সকলে ইটা খোৱা আইন মতে দণ্ডনীয়৷
ইটাৰ ৰস চেপি তালুত লগালে উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি, লগতে ইটাক গাধোৱা চাবোনৰ সলনিও ব্যৱহাৰ কৰিব পাৰি৷ ইটাৰ চপৰা নিতৌ পুৱা গাধোৱাৰ আগত আৰু পিচত এঘণ্টাকৈ তালুত ঘঁহিলে চুলি সৰা সমস্যা নাইকীয়া হয় বুলি মহাভাৰতৰ ২৯ নং অধ্যায়ৰ ১২৫ নং শ্লোকত বৰ্ণনা কৰা আছে বুলি আলেকজেণ্ডাৰে বদন বৰফুকনক নিজ কাণেৰে কৈ গৈছে৷
ইটাক সুষম আহাৰ হিচাপে গণ্য কৰা হয়৷ ইটা কোমলাই পঁইতাভাত বনাব পাৰি৷ ইটাত প্ৰচুৰ পৰিমানে পুষ্টিকৰ খনিজ লৱণ, ভিটামিন আদি পোৱা যায়, সেয়ে ইটাক কীটনাশক হিচাপে বৰ্তমান খেতি পথাৰত ব্যৱহাৰ কৰা হয়৷
চালানী ইটা ফ্লু, প্লেগ আদি ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হয় বাবে চালানী ইটাৰ চুপ দেহৰ বাবে ক্ষতিকাৰক৷ কোনো কোনো দেশত মেট্ৰিক পৰীক্ষা পাছ কৰিবৰ বাবে প্ৰসাদৰ লগত গুড় আৰু ইটাৰ গুড়িৰ লাড়ু বনাই ভোগ দিয়া হয়৷
পুৰণিকালত বিয়াত যৌতুক হিচাপে ইটা দিয়াৰ প্ৰচলন আছিল৷ খোবাহিৰ নিশা কইনাই দৰাৰ মূৰত ইটাৰে মৰিয়াই দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ দিয়া প্ৰথা এতিয়াও আফ্ৰিকাৰ চৰ অঞ্চল সমূহত দেখা পোৱা যায়৷
ইটাৰ পৰা নিস্কাষণ কৰা বায়’ ডিজেল ব্যৱহাৰ কৰি বেমাৰী মানুহক একে দিনাই এশ ত্ৰিশ কিলোমিটাৰ দৌৰাব পাৰি৷ ইটাৰ খনি অসমৰ বাৰাউণিত অবস্থিত৷ অসম আন্দোলনৰ ফলস্বৰূপে এই খনিটো প্ৰতিষ্ঠা হৈছিল৷
দৈনন্দিন জীৱনত ইটাৰ গুৰুত্ব অপৰিসীম৷ ইটা এমাহ ৰ’দত শুকুৱাই তুলি বনাব পাৰি তথা ইটাক ৰাতি গাৰুৰ তলত লৈ শুলে বেয়া সপোন দেখাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইটাৰে বনোৱা লেপৰ উম সকলোতকৈ বেছি৷ পুৰণিকালত ইটাৰ অলংকাৰ মহিলা সকলে প্ৰসাধন সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছিল আৰু এতিয়াও ফেচন শ্ব সমূহত একমাত্ৰ ইটা পৰিধান কৰি ৰেম্পত খোজ কঢ়া দেখা যায়৷
ইটাৰ প্ৰজননক্ষমতা অধিক তথা গড় আয়ুস ১০২ বছৰ৷ এচপৰা ইটাই বছৰেকত তিনি লিটাৰ গাখীৰ দিয়ে৷ সেই গাখীৰৰ পৰা বনোৱা দৈ লাক্স চাবোন বনোৱাত ব্যৱহাৰ কৰা হয়৷
মৃতকৰ হৈ ইটা দান দিলে মানুহ ঠিয়ই ঠিয়ই স্বৰ্গলৈ যায় বুলি শাস্ত্ৰত প্ৰমাণ পোৱা যায়৷ প্ৰতিপদ আৰু অমাৱশ্যাত ইটা খোৱা নিষিদ্ধ৷ তিনি কেৰেট ইটাৰ আঙুঠি মধ্যমা আঙুলিত পিন্ধিলে গ্ৰহদোষ নোহোৱা হয় ৷
☆★☆★☆
11:38 am
এইখন আল্টিমেট ৰচনা ।
মজ্জা শইকীয়া দা ।