ফটাঢোল

গগৈ সেনাপতি – উজ্জ্বল ডিপ্লু গগৈ

২০১০ চনৰ কথা৷ মই তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ৷ মই থকা হোষ্টেলখন আছিল মাধৱ বেজবৰুৱা ১নং দুমহলীয়া ছাত্ৰাবাস চমুকৈ সকলোৰে মুখত RCC1৷ নতুনকৈ আমি চিনিয়ৰ হৈছোঁ৷ হোষ্টেলৰ প্ৰিফেক্টৰ দায়িত্ব ল’বৰ বাবে লগৰবোৰে মোক আগবঢ়ালে৷ প্ৰিফেক্টৰ দায়িত্ব গধূৰ৷ হোষ্টেলৰ প্ৰতিটো কামৰ খতিয়ান, প্ৰতিজন ল’ৰাৰে সুবিধা-অসুবিধাৰপৰা লৈ ইলেকচন, ভাৰ্চিটি উইক ইত্যাদি সকলোতে আগভাগ ল’ব লাগে৷ বহু চিন্তা-চৰ্চা কৰাৰ পাছত মই ২০১০ চনৰ জুলাই মাহত প্ৰিফেক্ট হ’লোঁ৷ দিনবোৰ বাগৰিল; অক্টোবৰৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইলেকচনৰ দিন ঘোষণা কৰিলে৷ কামৰ হেঁচা বাঢ়িল, প্ৰাৰ্থীক সাজু কৰোৱাৰ পৰা আৰম্ভ কৰি ভোটাৰকেন্দ্ৰিক কামবোৰ, যোগাযোগ ইত্যাদি সকলোধৰণৰ কামবিলাক জ্যেষ্ঠসকলে দিয়া দিহা-পৰামৰ্শমতে কৰিবলৈ আৰম্ভ কৰিলোঁ৷ পুৱা ৮বজাৰপৰা বিভাগবিলাকত কেম্পেইনিং আৰম্ভ হয়, দৌৰাদৌৰি কৰি শেষ হয় মানে আবেলি হোষ্টেলবিলাকৰ কেম্পেইনিঙলৈ যাবলৈ হয়েই৷

ঠিক তেনেকুৱা এটা আবেলিৰ কথা; অসমীয়া নিউজ চেনেল এটাৰ সাংবাদিক এজন আহি আমাৰ হোষ্টেল ওলালহি৷ আমাৰ প্ৰাৰ্থীকেইজনৰ লগতে মোৰপৰাও টিভিত দিবলৈ বাইট ল’লে৷ কম সময়ৰ কথা প্ৰসংগতে তেখেতে মোক হোষ্টেলৰ দায়িত্ব লোৱা সেনাপতি বুলি ক’লে৷ খোলা অন্তৰেৰে বহুকেইজন লোকৰ আগত ক’লে ‘কেণ্ডিডেট GS পষ্ট’ৰ হ’লে কি হ’ল, সেনাপতিৰ আদেশ নহ’লে কেণ্ডিডেটে মুতিবলৈও যাব নোৱাৰে৷’ নামজ্বলা সাংবাদিকজনৰ প্ৰশংসাত মই গঙাটোপতো যেন হ’লোঁ৷ তেখেতৰ প্ৰশংসাৰ কোবত সেনানীসকলে (হোষ্টেলৰ জুনিয়ৰসকলে) মোৰপৰা ভালদৰে এজাউৰি খালে৷ উচটনিৰ জোল বেছি হৈছিল চাগৈ মোৰ বাবে, কাৰণ কেণ্ডিডেটকেইটাকো অনাহকতে শাসন কৰিবলৈ মোৰ চেষ্টা চলিল (কাৰণ মোক গগৈ সেনাপতি পাতি দিছিল)৷

ইলেকচনৰ দিনটোলৈকে আমাৰ বাবে অতি স্পৰ্শকাতৰ সময়৷ সাংবাদিক ডাঙৰীয়াই মোক সেনাপতিৰূপে স্থলাভিষিক্ত কৰাৰ দিনাৰপৰাই গধূলি সাউতকৈ এপাক লগ কৰি ‘সেনাপতি গগৈদেউৰ জয় হওঁক’ বুলি লগ কৰে আৰু একপ্ৰকাৰ কামোৰ দি গধূলি পানীৰ 500ml বটল এটাৰ পইচা লৈ যায়৷

যথাসময়ত ভোটৰ দিন আহিল আৰু গ’ল৷ আমাৰ হোষ্টেলৰ GS প্ৰাৰ্থী জিকিল৷ উল্লাসত সকলো ফাটি পৰিল৷ GS ক লৈ শোভাযাত্ৰাও হ’ল বিশ্ববিদ্যালয়ৰ চৌহদত৷ সাংবাদিক ডাঙৰীয়াকো দেখিলোঁ লাইভ ব্ৰেকিং নিউজ দি থকাৰ৷ বিজয়ী GS কেণ্ডিডেটৰ কাষতেই মই থিয় দি আছিলোঁ, যিমান যি নহওঁক মই আছিলোঁ সেনাপতি৷ সাংবাদিকজনে স্বভাৱগত ভাৱেৰে কথা কৈ কৈ বাওঁহাতেৰে ছাত্ৰসকলক মৃদু থেলা দি আঁতৰাই কৈ গ’ল ‘এইবাৰ আপোনালোকক আমি দেখুৱাই আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীৰ আঁৰত থকা ব্যক্তিসকলক৷’ চাৰ্টৰ কলাৰটো অলপ ঠিক কৰি লৈছিলোঁহে টিভিত ওলাম বুলি কিন্তু হঠাৎ অচিনাকি আচৰণৰ দৰে কৰা তেখেতৰ বাওঁহাতৰ মৃদু থেলা এটা লাগিল৷ আঁতৰি দিব লগা হ’ল৷ মন কৰিলোঁ সাংবাদিকৰ কেমেৰাৰ আগত যেনিয়ে তেনিয়ে এগালমান সেনাপতি ওলাল, লগতে তেখেতেও যিমান পাৰে সিমানবোৰ সেনাপতিৰ অৰিহণাৰ বিষয়ে কৈ গ’ল৷ লগৰ এটাই মোক হাতত ধৰি আঁতৰাই নি ক’লে ‘ঐ নামকটা সেনাপতি এইফালে আহ, তোৰ দায়িত্ব শেষ হ’ল, এতিয়া আমি নিজৰ মাজতে পাৰ্টী এটা কৰোঁ ব’ল৷’

ওপৰত লিখা ইলেকচনটোৰ প্ৰায় এবছৰ পাছৰ কথা…৷ চুপাৰ চিনিয়ৰ হ’লো হোষ্টেলৰ৷ আকৌ ইলেকচনৰ বতাহ বলিল৷ মোৰ পাছৰ বছৰৰ ল’ৰা এজন প্ৰিফেক্ট হ’ল৷ সকলোতে আগৰটি বছৰৰ দৰেই বাতাৱৰণ চলিল৷ পুনৰ আবিৰ্ভাৱ ঘটিল সেই সেনাপতি সজোৱা সাংবাদিকজনৰ৷ মোৰ চকুৱে চকুৱে পৰিল, লগে লগে তেখেতে অচিনাকি আচৰণ কৰিলে আৰু মইও মাত দিবলৈ কোনোধৰণৰ ইচ্ছা নকৰিলোঁ৷ অলপ পাছতে কাণত পৰিল “এইবাৰ হোষ্টেলত তুমিয়েই মেইন, তুমিয়েই সেনাপতি, তুমিয়েই অগ্নি, তোমাৰ পাৰ্মিচন নহ’লে কেণ্ডিডেটে মুতিবলৈও যাব নোৱাৰে৷” লগৰকেইটাই মোৰ মুখলৈ চাই হাঁহি হাঁহি ক’লে “লাষ্ট ইয়েৰত গগৈ সেনাপতি আছিলি, ইলেকচনৰ পাছত তোৰ পতিডাল কাটি নি যোৱাবাৰৰ ইলেকচনত সেনাৰ কাম কৰা দেউৰীৰ পাছফালে পতিডাল লগাই এইবাৰলৈ তাক কেনেকৈ সেনাপতি পাতি দিলে দেখা পালি?”

মনতে নিজকে সান্ত্বনা দিলোঁ “গগৈ তই অৰিজিনেলী সেনা আছিলি, সেনাই থাকিবি, ভুলৰ ফলত সেনাপতি হৈছিলি, অহাবছৰ দেউৰীৰ পাছফালৰপৰাও পতিডাল কাট খাব, সিও তোৰ দৰেই ভাবিব মই অৰিজিনেলী সেনাই হয়; সেনাপতি নহয়৷”

☆★☆★☆

2 Comments

  • Anonymous

    জোল খুউৱাত উস্তাদ । ভাল লাগিল।

    Reply
  • Sharif khan

    জোল খুউৱাত উস্তাদ । ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *