ফটাঢোল

লিমাৰিক – জীমণি গগৈ

(১)
পালিনেতাৰ কথামতে আন্দোলনলৈ যায়
দেখাক দেখি চিঞৰে হায়! হায়! হায়!
কি কথা, কি বতৰা
ঢেঁকী বোলেনে কঁতৰা
ভু নাপায় ‘কেব'(CAB)টো পিন্ধে নে খায়!

(২)
কোন মৰিব কোন হজিব কিনো দৰকাৰ
ছলে-বলে-কৌশলেৰে ল’ব লাগে চৰকাৰ
দেশ যাওঁক ৰসাতল
ক্ষমতাই যাৰ ধৰাতল
মুখাপিন্ধা নেতাবোৰ বিয়াগোম কলাকাৰ।

(৩)

নিৰ্বাচনী অংকত মাথা মাৰি লাভ নাই
শেষ নিশাৰ এন্ধাৰত সমীকৰণ বদলি যায়
পেইছা ফেক্ তামাছা দেখ্
বিবেক ভোটাৰৰ বিবশ বেশ
বণিক, নেতা উভয়ে দেশ লুটি-পুতি খায়।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *