ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১)
কূটবুদ্ধিজীৱিৰ কি কৃতি
কেচকেচ কথা কটাকটি!

কাপত কুটিলতা
কিহৰ কুশলতা?

কাজিয়া কৰে কথাইপতি৷

(২)
বু্কুত খোৱা বিদেশীৰ ৰক্ষক
বহুৰূপী কত জাতিৰ ভক্ষক

বিৰাট কথাৰ ধূলি
ব্যাগ্ৰতাৰে দিওঁ তালি

বেহেৰাই বোলে ভেটি বেচোঁ দিয়ক!

(৩)
চপনীয়াৰ চিকুণ চঞ্চলতা
চেগ চাই চলা চহানেতা

চিৰকলীয়া চিকাৰ
চিকাৰী চমৎকাৰ

চিলনীৰ চিৰন্তন চতুৰতা!

(৪)
আপুৰুগীয়া অদ্ভুত ভৃত্য
আসুৰিক অন্ধ আনুগত্য

আঁহফলা ৰণুৱা
আচহুৱা বনুৱা

আবেগৰ নিচাত বিভ্ৰান্ত!

(৫)
নীতিবিগৰ্হিত নাট
নীতিবাগিশ নিমাত

নিষ্ক্ৰিয়তা
নিষ্পৃহতা

নাটক নষ্ট নিৰ্ঘাত৷

(৬)
নাভূত-নাশ্ৰুত নাট্য
নটৰ নিস্তেজ নৃত্য

নিদ্ৰাহীন নিশা
নতুন নিৰাশা

নীতি-নিৰ্দেশনা নষ্ট৷

(৭)
ভীষণ ভক্তৰ ভেশচন
ভালেই ভকতীয়া ভাষণ

ভয়ংকৰ ভাটি
ভয়াতুৰৰ ভেঁটি

ভষ্মাসুৰৰ ভূৰি ভোজন৷

(৮)
মাহনিত মহান মহন্ত
মুখত মনোমোহা মন্ত্ৰ

মনত মোহিনী
মাহ মায়াবিনী

মাহখোৱা মত মদমত্ত৷

(৯)
দেখো দিশহাৰাৰ দৰ্পণ
দুৰ্কপলীয়া দিগদৰ্শন

দুতলীয়া দৃষ্টি
দুৰাশাৰে দোস্তি

দুৱাৰমুখত দশানন৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *