আপদীয়া পদ্য – জোনমণি দাস
১.
বি.এ পাছ বেকাৰে নকৰে যে খেতি
আন্দোলন কৰি কৰি বচাবই জাতি
বিহু-পূজাত চান্দা
তোলাটোৱেই ধান্দা
পথাৰত পৰি আছে ছনপৰা মাটি।।
২.
মেট্ৰিক ফেল তন্তী পঞ্চায়তৰ মেম্বাৰ
ঘৰতো খুলি লৈছে আছুতীয়া চেম্বাৰ
মাথাত নাই মাল
ভাষণত ভাল
কোট-টাই পিন্ধিলে কি চাবা টেম্পাৰ।।
৩.
ছাত্ৰ সমাজৰ চেনেহৰ পাত্ৰ
অনুজ্জ্বল ভট্ট আজিও যে ছাত্ৰ
পকা চুলিত সানে ৰং
তিলমানো নাই খং
ছাত্ৰৰ বয়সটোহে মিলা নাই মাত্ৰ।।
৪.
বিহালীৰ বৰুৱা বিয়াগোম বেজ
বেজালি কৰিবলৈ পাৰি লয় মেজ
ঘৈণীৰ চৰ খাই
একতিল লাজ নাই
কেনেকৈ চিধা হ’ব কুকুৰৰ নেজ।।
৫.
খুহুতীয়া কথা কোৱা বি.এন ৰূপী
কোন আপী ধুনীয়া তাকে থাকে জুপি
মেচেজত চেনী খায়
ৰাতি ৰাতি মজা পায়
বিচাৰিহে পোৱা নাই এজনীও আপী।।
৬.
আগ তপা ভাস্কৰ উপাধিটো ডেকা
বগা চোলাত নাই তিলমানো চেকা
আন নাম চেনীৰাম
ৰাতি লয় ৰাম নাম
পাম্প মাৰি ফুলাই দিয়ে ৰেলগাড়ীৰ চকা।।
৭.
চহৰৰ ছোৱালী চহৰীয়া মিতালী
পুৱাই কিয় বাৰু ফটা-ঢোল বজালি
বাজনত সাৰ পাই
মুখ ধুই চাহ খাই
ভাবি আছো কিয় বাৰু তই মোক জগালি।।
☆★☆★☆