ফটাঢোল

ডাংকাটি বাই (লিমাৰিক) – সুভাষ দাস

(১)
ভেকোলাই বোলে ডাংকাটি বাই
কিনো আছা ভেৱা লাগি চাই
চিনাকি নদীৰ ঘাট
নহয় দূৰৰ বাট
এবাৰ আহো ব’লা মুকলি বতাহ খাই।

(২)
কিনো কথাটি হেৰা ক’লা
কলিজাখনকে কাঢ়ি নিলা
বেলি চুকত বহিল
ছাগলী জাকো আহিল
আগতে কথাটি কিয় নক’লা?

(৩)
মোৰো নাছিল যাবৰ মন
ভাল নহয় দেহাৰ ঘৰখন
পদূলিতে পালোঁ
মনতে ভাবিলোঁ
তোৰ লগত দুষাৰ পাতিবলৈ মন।

(৪)
কাইলৈ আহিবা সন্ধিয়া পৰত
গিৰিহঁত মোৰ নাথাকে ঘৰত
তিনি আলিলৈ যাম
পকৰি ভাজি খাম
মোৰে শপত কাকো নানিবা লগত।

(৫)
কথা দিলোঁ ডাংকাটি তোক
অলপ চেনেহত ৰাখিবা মোক
ঘৰৰ তামোল বেচি
ৰাখিছিলোঁ সাঁচি
তিনি আলিতে ল’বি কি লাগে তোক।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *