ফটাঢোল

ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী

“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকছনৰ দ্বিতীয় নিবেদন –

ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী

সত্যমেৱ জয়তে।
আপ্ত বাক্যশাৰীৰ তলতেই নিজ আসনত উপবিষ্ট ন্যায়মূৰ্তিগৰাকীয়ে গোচৰটোৰ শুনানী শুনাবলৈ তৎপৰ হ’ল।

স্থান – গুৱাহাটী উচ্চ ন্যায়ালয়।

– তামাম গৱাহো ঔৰ চবুটো কৌ মদ্দে নজৰ ৰখতে হুৱে, আদালত এই সিদ্ধান্তত উপনীত হয় যে যোৱা ৩১ জুলাইৰ বৰ্ষামুখৰ মধ্যনিশাত আচামী মিথুন চলিহাই তেওঁৰ ঘৰৰ পৰিচাৰিকা তগৰ ছেত্রীক সুৰামত্ত অৱস্থাৰে তাইৰ শোৱনি কোঠাত সোমাই ধৰ্ষণ কৰি হত্যা কৰে।

কাঠগড়াত ঠিয় হৈ থকা মিথুন চলিহাৰ (অভিনয়ত : বঙ্গদাদা মিথুন চত্রৱৰ্ত্তী) মূৰত যেন সৰগহে ভাঙি পৰিল। মুখ শুকাই গ’ল তেওঁৰ একমাত্র ভাতৃ অক্ষয় চলিহাৰো। (অভিনয়ত : বলিউডৰ অক্ষয় কুমাৰ) তাৰ বিপৰীতে এক পলকৰ বাবে এক দুৰ্বোধ্য হাঁহি জিলিকিল আদালততে বহি থকা মিথুন চলিহাৰ পত্নী চানী লহকৰ (অভিনয়ত : চানী লিয়ন) আৰু তাইৰ বন্ধু ইমৰাণৰ। (অভিনয়ত : বিতৰ্কিত চুম্বন অভিনেতা ইমৰাণ হাচানী)

ন্যায়াধীশে কৈ গ’ল –

– এজন উদ্যোগপতি হৈয়ো চাৰিত্রিক স্খলন ঘটা মিথুন চলিহাৰ দৰে লোকে এনে নাৰকীয় ঘটনা সংঘটিত কৰি, সমাজৰ মাজলৈ অৱক্ষয়তা অনাত ইন্ধন যোগাইছে। ভাৰতীয় দণ্ডবিধি অনুসৰি…

– থেহৰিয়ে জজ্ চাহাৱ। মুঝে অফচোচ হেই কি…

হঠাতে সোমাই অহা আগন্তুক চল্লিশোৰ্ধ সুন্দৰী মহিলা অধিবক্তাগৰাকীৰ সজোৰ কণ্ঠত সকলোৱে তেওঁলৈ ঘূৰি চালে।

– …অফচোচ হেই কি, ক’ৰ্ট কি ফৈচলে চুনানে কা ৱক্ত্ এইচা দখলঅণ্ডাজি। কিন্তু মই কাৰো সপক্ষলৈ গৈ তেওঁক বচোৱাৰ বাবে এইদৰে আদালতক অসুবিধা দিব খোজা নাই। মাত্র আদালতৰপৰা এটা দুষ্ট চক্ৰই লুকুৱাই ৰখা এটি ক’লা অধ্যায়হে মহামান্য আদালতৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। মিঃ লৰ্ড! হয়তো মোৰ স্বেচ্ছামূলক তথ্যই আপোনাৰ এটা সিদ্ধান্তত কিছু সত্যতাৰ আধাৰত এক ন্যায়মূলক ৰায় দিয়াত সহায়ক হ’ব পাৰে।

– অৱজেকশ্যন য়ৰ অনাৰ। আচামী আৰু ফৰিয়াদীৰ নিজৰ নিজৰ উকীল থকা অৱস্থাত এইদৰে কেচৰ বাহিৰৰ এগৰাকী অচিনাকি উকীল সোমোৱাতো…

গুচৰীয়াৰ উকীল পৰেশ ৰায়চৌধাৰীয়ে (অভিনয়ত : পৰেশ ৰাৱল) আপত্তি দৰ্শালে। গুৱাহাটী হাইক’ৰ্টৰ বাকী মানুহে চিনক বা নিচিনক, জাজ চাহাবে ঠিকেই চিনিছিল আগন্তুকক! ন্যায়ব্যৱস্থাৰ চাকৰি জীৱনত পাহৰিব নোৱাৰা এইগৰাকী মহিলা অধিবক্তাই এসময়ত এলাহাবাদ – পাটনা হাইক’ৰ্ট যুক্তিৰে কঁপাই তুলিছিল।

– অৱজেকশ্যন অভাৰ-ৰুল্ড্! য়ু মে প্ৰচিড্ মিচেচ্ শইকীয়া।

জোকৰ মুখত চূণ পৰাৰ দৰেই উকীলৰূপী পৰেশ ৰাৱলে মুখত কিছু শংকা সানি বহি পৰিল। মিচিকিয়া হাঁহিৰে দুখনমান নথি-পত্র জজৰ এচিষ্টেণ্টৰ হাতত দি কৈ গ’ল চল্লিশোৰ্ধ মহিলা অধিবক্তা জুহি শইকীয়াই। (অভিনয়ত ৰূপ চুহানা লগতা হেই খ্যাত জুহি চাওলা)

– মিঃ লৰ্ড! মৃত তগৰৰ গুচৰীয়া পিতৃ আৰু সতীয়া মাতৃয়ে এইকেইদিন যে গহপুৰৰপৰা আহি গুৱাহাটীত বাহৰ পাতি হোটেলত আছেহি, সেই হোটেলৰ আজি যি বিল পৰিশোধ কৰা হৈছে,ব্যৱহৃত সেই ক্ৰেডিট কাৰ্ডখন আচামী মিথুন চলিহাৰ পত্নী চানীৰহে!
আদালতকক্ষ যেন কাঁহ পৰি জীণ গ’ল। গুঞ্জন ভাঁহিল। মিথুনৰ ভায়েক অক্ষয়ৰ মুখত এটি ক্ষীণ আশাৰ হাঁহি জিলিকিল।

– তদুপৰি মিঃ লৰ্ড, মৃত্যুৰ আগেয়ে তগৰে মাক-দেউতাকক ফোনেৰে সকলো জনোৱা বুলি যি অভিযোগনামাৰে তগৰৰ মাক-দেউতাকে পুলিচ থানাত CD ফাইল কৰা হৈছে, সি ভিত্তিহীন। কাৰণ ৩১ জুলাইৰ দিনা এটাও ফোনকল তগৰৰ ফোনৰপৰা যোৱাই নাছিল! মই এইমাত্র আদালতক জমা দিয়া এয়াৰটেলৰ অসম শাখাৰ কম্প্লায়েন্স অফিছাৰে দিয়া কল ডিটেইলছ্ ৰিপোৰ্টেই তাৰ স্পষ্ট প্ৰমাণ।

সমগ্ৰ আইনী আৰু প্ৰক্ৰিয়াই ওলোটা মোৰ লোৱাত উপস্থিত সকলোৱেই স্তম্ভিত হৈ পৰিল। তাৰ মাজতে জুহিলৈ অপলক দৃষ্টিৰে চাই ৰ’ল মিথুনে।

– দ্যা কোৰ্ট ইজ এড্-জাৰ্ণ! পৰৱৰ্ত্তী শুনানী অহা মাহৰ ১ তাৰিখে দিয়া হ’ব।

*****************

কিষাণগঞ্জ ৰেলৱে ষ্টেছন। মাত্র ১ মিনিট সময়ৰ বাবে ৰোৱা ডিব্ৰুগড়মুখী ৰাজধানী এক্সপ্ৰেছখনে পুনৰ কোঁ-কোৱাই ঢাপলি মেলিবলৈ আৰম্ভ কৰিলে। দুটা ছাঁয়ামূৰ্ত্তি চলন্ত ৰেলখনত উঠিবলৈ অতি তৎপৰ হৈ উঠিল। আৰু এটা সময়ত দুয়ো দৌৰি দৌৰি, দৌৰি দৌৰি, দৌৰি দৌৰি জঁপিয়াই ডবা এটাত সোমাই পৰিল।

– বোলেতো, ক্যা হে না ভাই, (ফোঁপাই-জোপাই) এইচা কুঁডনেকা প্ৰেক্টিছ বনা লিয়া ত’ ভাই, কভি যাকে প্লেন য়া চাবমেৰিণ মেঁ ভি কুঁড চকেগা না ভাই।

২য় জন ব্যক্তিয়ে বেচিনত মুখত এসোপা পানী চটিয়াই হাঁহি হাঁহি কৈ উঠিল –

– এ চাৰ্কিট! যা। টিটিকো উঠা লা। গুৱাহাটী তক্ মস্ত্ দো টিকেট বনানে কা।

– জা..জাতা হে না ভাই। নেই ত’ ড্ৰাইভাৰ মামু কো…

তীব্ৰগতিত ট্ৰেইন চলিছে। তীব্ৰগতি। বিহাৰ বেংগল সীমান্তৰ মাজেৰে তীব্ৰগতিৰ ৰাজধানী এক্সপ্ৰেছখনৰ ডবাবোৰত নেমকাষ্টিং আৰম্ভ হৈ গ’ল –

– মিথুন চত্রৱৰ্তী
– অকছয় কুমাৰ
– জুহি চাওলা
– ইমৰাণ হাচমি
– চানী লিয়ন

– সঞ্জয় দত্ত
– আৰ্শাদ ৱৰ্ছি
– অজয় দেৱগন
– কেটৰিণা কেইফ

সংগীত – মানস শইকীয়া
কণ্ঠ – জেনিফাৰ লোপেজ

জেক ডাইৰেক্টৰ : ৰিণ্টুমনি দত্ত
সহঃ জেক ডাইৰেক্টৰ : ৰাজশ্ৰী শৰ্মা

ডাইৰেক্টৰ : ৰামানুজ গোস্বামী

——-*——-

গুৱাহাটীত উপস্থিত হোৱা মুন্নাভাই আৰু চাৰ্কিটক অক্ষয়ে সমগ্ৰ ঘটনাৱলী বুজাই কয়। আচলতে অক্ষয়ৰ খুব ভাল বন্ধু মুন্নাভাই; মুম্বাইত থকাৰ সময়ত মুন্নাভাই আৰু চাৰ্কিটৰ সৈতে সু-সম্পৰ্ক আছিল অক্ষয়ৰ। সেই কাৰণে ঘৰুৱা বিপদত দুয়োৰে সহায় বিচাৰি মতাই আনিছে; কাৰণ মুন্না আৰু চাৰ্কিটে আজিকালি মুম্বাইত প্ৰাইভেট ডিটেকটিভৰ কাম কৰিছে।

অক্ষয় আৰু মিথুন আচলতে ককাই ভাই। দুয়োৰে মাজত খুবেই স্নেহ। সৰুতেই পিতৃ-মাতৃক হেৰুওৱা উদ্যোগপতি মিথুন চলিহাই ব্যৱসায়ৰ উন্নীতকৰণ আৰু ভায়েকৰ চোৱা-চিতা কৰাৰ বাবেই কিছু পলমকৈ বিবাহ হ’ল। মিথুনৰ পত্নী অৰ্থাৎ অক্ষয়ৰ বৌৱেকৰ নাম চানী। দুয়োজনৰে বয়সৰ পাৰ্থক্য, মিথুনৰ ব্যৱসায়িক ব্যস্ততা আৰু অত্যাধুনিক চখ আদি থকা চানী লিয়নৰ লগত মিথুনৰ সাংসাৰিক সুখ নাছিল। তাৰ পৰিৱৰ্ত্তে দেওৰেক অক্ষয়ৰ বন্ধু ইমৰাণৰ লগতহে তাইৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল।

অক্ষয়, ইমৰাণৰ কলেজীয়া দিনৰ পুৰণি বন্ধু। পূৰ্বতে খুব ভাল বন্ধুত্ব থাকিলেও পিছলৈ কথাবোৰে অন্যৰূপ লৈছিল। ইমৰাণে অক্ষয়ক দুই নম্বৰী চৰ্ট কাট ৰাস্তাৰে জীৱনত ধনী হোৱাৰ প্ৰস্তাৱ দিছিল। ক্ষুণ্ন অক্ষয়ে নিজৰ জমিৰ আৰু ইমানদাৰৰ দোহাই দি, ইমৰাণক চৰ্ট কাট ৰাস্তাৰে ধনী কেনেকৈ হ’ব পাৰে, সেয়া প্ৰমাণ কৰিবলৈ চেলেঞ্জ কৰিছিল। চতুৰ ইমৰাণে অক্ষয়ৰ ঘৰতে কূট-কৌশলী খেলখন খেলিছিল। বন্ধু অক্ষয়ৰেই যুৱতী বৌৱেক চানীক, সি তাইৰ ৰূপ-যৌৱনৰ প্ৰশংসা গাই লাহে লাহে চানীৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল। কোনোবা এটা পাৰ্টিত স্বল্পবসনা চানীৰ কিছু ফটোগ্ৰাফ লৈ, ফটোবোৰ জনপ্ৰিয় মেগাজিন কিছুমানত ছপা হোৱাত চানী লাহে লাহে ইমৰাণৰ আৰু কাষ চাপিছিল। সি তাইক তাইৰ আত্মাভিমান জগাই তুলিছিল; মডেলিং জগতত তাই যে ভীষণ নামী দামী হৈ পৰিব, সেইবোৰ কৈ তাইক সি আকৃষ্ট কৰিছিল। এটা হাই প্ৰফাইল ইন-হাউচ পাৰ্টিত সি চানীক লৈ গৈ এটা জনপ্ৰিয় গানৰ ভিডিঅ’ বনাইছিল, যিটোৱে তাইৰ মডেলিং কেৰিয়াৰ বহু ওপৰলৈ উঠোৱাত সহায় কৰিছিল। গানটোত তাই বৰ আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰিছিল –

এই দুনীয়া…
এই দুনিয়া পিতলৰে..
এই দুনিয়া পিতলৰে..

কিন্তু মই সোণ সোণৰে পুতলা
মোৰ জান মই সোণৰে পুতলা।

ধুনীয়া ধুনীয়া ভৰিদুখনিত মোৰ
নাচত লাগিছে যে ভাগৰ
ঝণ্ডু বাম অকণমান ঘঁহি দিয়ানা
কৰাই দিয়া না তাক আঁতৰ।

চিকমিক্ চিকমিক্ কৈ জিলিকে
দেহৰ মোৰ উজ্জলতা,
চমচম চমচম কৈ নুপুৰে মোৰ
ভৰাই তোলে মাদকতা।

মোৰেই যে চৰ্চা
ঘৰে গলিয়ে,
বুকুৱে কয়হি যেন মোৰ
এয়াই সফলতা।

এই দুনীয়া
য়ে দুনীয়া পিতলৰে
য়ে দুনীয়া পিট্টল দি

….

হৰিণীৰ দৰে চঞ্চল খোজ মোৰ
নাগিনীৰ দৰেই চুলি,
শাওণৰ বৃষ্টিৰ দৰেই পুলক
তোমাৰ আকুল চাৱনি

সলজ্জিত হওঁ মই
তোমাৰ চুমাৰ পৰশত
ব্যাকুল হৈ পৰো মই
পিৰীতিৰে সাগৰত।

য়ে দুনীয়া
য়ে দুনীয়া পিট্টল দি
দুনিয়া পিট্টল দি
বেবী ড’ল মে চোনে দি
সোণ মই সোণৰে পুতলী।

বেবী ড’ল মে চোনে দি
সোণ মই সোণৰে পুতলী।
…..

এইদৰে এখন নতুন পৃথিৱীৰ সোণৰ পুতলা হোৱাৰ কল্পনাত চানী লহকৰে উচ্চাকাংক্ষাৰ খোজ পেলালে। অবৈধ প্ৰেমৰ দুষ্ট নায়ক ইমৰাণৰ কুটবুদ্ধিমতে তাই নিজৰ পতি মিথুনৰপৰা উকা কাগজত কেইটামান চহী কৰােৱাই, সেয়াই পিছলৈ আইনী দলিল সজাই গোপনে “পাৱাৰ অৱ এটৰ্ণি” লৈ ল’লে। অৰ্থাৎ মিথুনৰ অৱৰ্তমানত চানীয়েই হ’ব বিপুল উদ্যোগ ব্যৱসায়ৰ মালিক। ইফালে ইমৰাণ লাহে লাহে চানীৰ বেডৰুমৰ গোপন শয়নসঙ্গিনীলৈ ৰূপান্তৰিত হৈ পৰিল; তাৰ সন্মোহনী বাহুবন্ধনত তাই লাহে লাহে ইমৰাণৰ চিৰলগৰী হোৱাৰ দুৰাকাংক্ষা জাগ্ৰত হ’ল। ইমৰাণেও তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰিম বুলি, মিথুনক ৰাস্তাৰপৰা আঁতৰাই চানীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে। সুযোগৰ অপেক্ষাত থাকোতেই এদিন –

নিশা ১০বজা। ৩১ জুলাই।
পাৰ্টি এটাত মদ্যপান কৰি চানী-ইমৰাণ ঘৰলৈ উভতিল। বাহিৰত প্ৰচণ্ড বৰষুণৰ বাবে নিচাগ্ৰস্ত চানীয়ে ইম্ৰানক ১ ঘণ্টামান সংগ দিবলৈ অনুৰোধ কৰে; কাৰণ সেইদিনা ৰাতি মিথুন দেৰীকৈ অহাৰ কথা। কিন্তু দুয়োকে ড্ৰয়িং ৰুমতে অত্যন্ত অসংযত অৱস্থাত দেখা পায় ঘৰুৱা পৰিচাৰিকা তগৰে;কাৰণ তাই টোপনিৰপৰা পানী খাবলৈ উঠি আহিছিল। চানী প্ৰায় নিদ্ৰালস অৱস্থাত থকাৰ বাবে তগৰক দেখা নাপালে যদিও, ইমৰাণে তাইক দেখিলে। সম্ভাৱ্য বিপদৰ চিন্তাৰ লগতে তাৰ চকুত কামনাৰ অসৎ অভিপ্ৰায় জ্বলি উঠিল। বেচেৰীক তাইৰ কোঠালৈকে খেদি নি সি তাৰ পাশৱিক অভিপ্ৰায় চৰিতাৰ্থ কৰি তাইক হত্যা কৰে।

তেতিয়াহে তাৰ নিচা ফাটিছিল। চানীক জগাই সি সকলো কৈ পেলালে। দুয়ো বিমোৰত পৰিল। ইতিমধ্যে অফিছৰ পাৰ্টিত মদ্যপান ঢলং ঢপং কৈ মিথুনো আহি পালে।
ইমৰাণে ৰুমালত ক্লৰ’ফ’ৰ্ম দি মিথুনক অচেতন কৰি পেলালে, আৰু তগৰৰ ৰুমলৈ দুয়ো চোঁচৰাই নি তগৰৰ মৃতদেহৰ লগত বিচনাত পেলাই দিলে। পুৱতি নিশালৈ পুলিছ আহিল। চানীয়েই মাতিলে আৰু দোষীক নাৰী ধৰ্ষণৰ বাবে উপযুক্ত শাস্তিৰ দাবী কৰিলে। ইমৰাণে তগৰৰ গহপুৰৰ ঘৰলৈ ফোন কৰি বাপেক আৰু মাহীমাকক মাতি পঠালে, যিয়ে তগৰক বেচি দিছিল দুবছৰ আগেয়ে। সিহঁতক টকা-সিকা দি বুজাই ল’লে আৰু কেচ দিবলৈ ক’লে এইবুলি যে, ৰাতি ১১ বজাত তগৰে কান্দি কান্দি ফোন কৰি কৈছিল বোলে তাইৰ মালিকে তাইৰ ইজ্জত লুটিলে আৰু কাৰোবাক ক’লে তাইক হত্যাই কৰিম বুলি হুমকি দিছে।

বচ্। মিথুন ফচি গ’ল। ভায়েক অক্ষয় মিয়ম্ৰাণ হ’ল শোকত। মিথুন মানসিকভাৱে ভাঙি পৰি কপালত সেয়াই আছিল বুলি ধৰি ল’লে। কিন্তু পাৱাৰ অফ এটৰ্ণিৰ কথা গম পাই, ভায়েক অক্ষয় যে এতিয়া ৰাস্তাৰ ভিক্ষাৰী হ’ব, সেই চিন্তাত মিথুন বোবা হৈ পৰিল। জেলত, আদালতত তেওঁ অহৰ্নিশে হৈ পৰিল মৌন।

কিন্তু ককায়েকক আইনৰপৰা বচোৱাৰ লগতে মানসিক দৃঢ়তা ঘূৰাই আনিবলৈ তৎপৰ হ’ল অক্ষয়। সি তাৰ পুৰণি চিনাকি জুহিবাক অৰ্থাৎ অধিবক্তা জুহি শইকীয়াক দিল্লীৰপৰা মাতি আনিলে; কাৰণ উকীল পৰেশ ৰাউলে কেচ হৰাৰ নজিৰেই নাই! কিন্তু অকল উকীল হ’লেই হ’বনে ? মূল ধৰ্ষণকাৰী আৰু হত্যাকাৰীক উলিয়াবলৈ হ’লে লাগিব প্ৰাইভেট ডিটেক্টিভো, কাৰণ পুলিছ ইতিমধ্যেই চানী-ইমৰাণৰ পকেটত!

**********

– ইয়াত কি কণবিলাহী-মোৱামাছ, কলডিল-পাৰমাংস, ভকুৱাৰ মুড়িঘণ্টাৰ জুতি লৈ সময় পাৰ কৰিব নে মোৰ কেচটোও তদন্ত কৰি দিব? দাদাই এনে ঘৃণনীয় কাণ্ড কৰা নাই।

অক্ষয়ৰ অসন্তুষ্টিজনক কথাত মুন্নাভায়ে লগে লগেই ক’লে –

– তু কাইকো টেনছন লেতা হে ৰে! আপন হে না? এ চাৰ্কিট! চুন, অক্ষয় বাবা কা কেচ।

– মালুম হে না ভাই! ৱ কিডনীৱালা ফৰ্মূলা লগাকে তেহকিকত কি ছালা এইচি কি তেইচি। বচ হমকো ঔৰ কঠালগুটি খিলাও অক্ষয় ভাই। ব’লে ত’ একদম হৃদয় পৰিবৰ্ত্তন, বলে ত’ দিল খুছ হো জাতা হেই।

– লেকিন পিচ্ছ্লে বাৰ ৱ’ পুণাৱালা কেচ জেইচা ভেটেনাৰিৱালা আইটেম মত লানা ৰে চাৰ্কিট।

– আৰে নেই নেই ভাই! ইচবাৰ না মামলা একদম GMC মে। বোলে ত’ ভাঙাগড়ৱালা মেডিকেল কা চাথ্ ফিট কিয়া।

অক্ষয়ে একো নুবুজি অবোধ্য প্ৰশ্নবোধক চাৱনিৰে দুয়োলৈ চালে।

– তু ফিকৰ্ মত কৰ অক্ষয়। চবুট চৱ লগ্ জায়েগা হাথ্ মে। তু চিৰ্ফ ৰাত কি লিয়ে মিট্টিদাল-ওটুঙা,পুঠিমাছ কা চৰ্চৰি,নৰচিংঘ্ ঔৰ কাৱৈ কা ঝোল ৰেডি কৰ।

– ভাই! মেৰেকো না গৰৈমাছ কা পিটিকা ভী মাংগটা। আৰে ক্যা মস্ত্ হেই আপকা খানা অক্ষয় ভাই! ঔৰ ভাই কে লিয়ে তামোল পাণ ভী…

**********

মান্দাকাটা, জালুকবাৰী সমষ্টি। আতিকুল ইছলামৰ ঘৰৰ চৌহদলৈ ইন’ভাখন সোমাই আহিল। সময় : নিশা ১.৩০ বাজিছে। ভিতৰৰ কোঠাত মানুহ এটাৰ হাত-ভৰি-মুখ বান্ধি থৈছে। কোঠাটো মেডিকেল সা-সৰঞ্জামেৰে ভৰ্ত্তি। বন্দীজনৰ উপৰিও তাত বহি আছে স্বয়ং মুন্নাভাই। ইন’ভাখনৰপৰা চাৰ্কিট নামিল। গতিয়াই-ঠেলি ইমৰাণক কোঠাটোলৈ সুমুৱাই কৈ উঠিল –

– বডি পহুছেলা ৰে ভাই। পাণ্ডুঘাট চে উঠাইলা। ফটাফট্ পাৰ্টছ, স্পেয়াৰ পাৰ্টছ সৱ নিকাল লেনে কা।

– এই! ডাক্তৰ, চল্! ফটাফট চেট্ ৰেডী কৰ। ঔৰ কিডনী নিকাল ছালে কা।

কৈয়েই মুন্নাভায়ে বান্ধি থোৱা পূৰ্বৰেপৰা বান্ধি ৰখা ডাক্তৰক খুলি দিলে। ধূলি-বালি জোকাৰি ডাক্তৰে চিৎকাৰ কৰি উঠিল –

– কি কিডনী নিকালিম? মইতো (অশ্লীল) ডেণ্টিষ্টহে!

– ফিৰ তুনে লায়া না দুচৰা এলিয়েন চাৰ্কিট..

– হাঁ হাঁ ঠিক হেই। কাটনে কা চামান উমান হে না। কৰনা ক্যা হেই! গুট্-লি নিকালনা হি তো হেই। জেইছে, এইছে পকড়কে দাঁত নিকালতে হেই না, এইচে কিডনী লোকেশ্যন মে ঘুচানেকা ঔৰ..

ইমৰাণক কটকটীয়াকৈ ডেণ্টেল বেডত বান্ধি, এইধৰণৰ প্লেন-প্ৰগ্ৰেম, কথা-বাৰ্ত্তা কোৱাত ইমৰাণ কঁপি উঠিল। সি বাৰে বাৰে তাক কটা মেলা নকৰিবলৈ অনুৰোধ কৰিলে।

– টেনশ্যন কাইকো লেতা হেই! তু মৰেগা নেই ৰে! চিৰ্ফ গুট্-লি…

আৰু এইদৰেই চাৰ্কিট আৰু মুন্নাই ইমৰাণৰপৰা তগৰৰ মৃত্যু সম্পৰ্কীয় সমগ্ৰ সত্য ঘটনা অডিঅ’ ৰেকৰ্ডিং কৰি পেলালে, য’ত সি গোটেই ঘটনাটোৰ মূল দোষী চানীক সাব্যস্ত কৰিলে।

**********

গান্ধী মণ্ডপৰ পাহাৰ, দক্ষিণ শৰণীয়া, গুৱাহাটী।
চাৰ্কিট আৰু মুন্নাভায়ে ইমৰাণৰ স্বীকাৰোক্তিৰ অডিঅ’ ক্লিপছ্ আৰু চানীৰ সৈতে ইমৰাণে মোবাইল যোগে মুন্নাভাইৰ ধমকিত পতা কিছু কথা, প্ৰমাণমূলক অডিঅ’ ক্লিপছৰ পেন ড্ৰাইভটো, অক্ষয় আৰু অধিবক্তা জুহিৰ হাতত গটাই দিয়ে। কিন্তু তৎমূহুৰ্ত্ততে তলৰপৰা চাৰি-পাঁচখন মান গাড়ী কোঁ-কোঁৱাই উঠি আহিল যুদ্ধং দেহি মনোভাৱে। গাড়ীকেইখনে অক্ষয়-জুহি-মুন্না-চাৰ্কিটক ঘেৰি ধৰোতেই এখন গাড়ীৰ পৰা নামিল গোৱাৰ দুই নম্বৰী ব্যৱসায়ী তথা গুণ্ডা জয়কান্ত চিকড়ে! পুতেক ইমৰাণক এইদৰে ধৰি-বান্ধি মাৰপিট কৰা বুলি গম পাই জয়কান্তে ৰাতাৰাতি ফ্লাইটযোগে নিজা গুণ্ডাবাহিনী লৈ আহি গুৱাহাটী পায়হি। দুয়োপক্ষৰ মাজত তামাম ফাইট হয়। অক্ষয় কুমাৰ আৰু সঞ্জয় দত্তই যুটীয়াভাৱে কেবাটাও গুণ্ডাক ধৰাশায়ী কৰে। বাপেকৰ লগত ওস্তাদী মাৰি অহা ইমৰাণক চাৰ্কিটে অকলেই উগ্ৰ পিটন দিয়ে। কিন্তু পিষ্টল এটা লৈ জয়কান্ত চিকড়েই হঠাৎ আক্ৰমণ কৰি জুহিৰ মূৰত পিষ্টল ৰাখি, পেনড্ৰাইভটো জমা দিবলৈ হুকুম দিয়ে। জুহিয়ে নিদিবলৈ বাধা দিয়া স্বত্বেও, অক্ষয়ে তাৰ মৰমৰ জুহিবাক বচাবলৈ, পেন ড্ৰাইভটো উলিয়াই জয়কান্তৰ ফালে আগবাঢ়ে।

এনেতে অন্য এটা ঘটনাই কাহিনীৰ মোৰ সলায়। দুদিন আগতে মৰিগাঁৱৰ লাহৰীঘাট থানাৰপৰা চান্দমাৰী থানালৈ বদলি হৈ অহা ইন্সপেক্টৰ বাজীৰাও সিংঘমে (অভিনয়ত : অজয় দেৱগান) এই ঘটনাৰ ভু পায়। তেওঁ এদল পুলিছ লৈ গান্ধিবস্তি এল.পি. স্কুলৰ পিছফালৰ পাহাৰেৰে গান্ধীমণ্ডপলৈ বগাই উঠে। অক্ষয়ে পেন ড্ৰাইভটো দিবলৈ লওঁতেই জয়কান্ত চিকড়েৰ হাতলৈ ব্লেংকফায়াৰ কৰে সিংঘমে। জয়কান্ত আচৰিত হোৱাৰ লগতে ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ পৰে।

– ছাল্লা দো টকে কা ইন্সপেক্টৰ! ফিৰ ইধৰ! ফিৰ চে গোৱাৱালা এপিচ’ড চুৰু হোগা ৰে! মা কা ইণ্ডিয়া! আলি ৰে আলি, আতা তুঝি বাৰি আলি..

জয়কান্ত চিকড়েই এইদৰে হাতখন মাটিৰ সমান্তৰালকৈ ৰাখি জোকাৰি জোকাৰি কোৱাত,দাঁত মুখ কৰচি সিংহম পাহাৰৰপৰা জঁপিয়াই পৰি নিজৰ “বাজুৱোঁ কা তাকত্” দেখুৱাই দিলে। জয়কান্তৰ মোচাল গোৱানীজ গুণ্ডা ফাইলটো তেহেচ-নেহেচ কৰি দিলে আৰু সোঁহাতৰ আঙুলিকিটা টানকৈ মেলি ধৰি নিজৰে মূৰটোৰ পিছফালে খুন্দিয়াই খুন্দিয়াই ক’লে,

– আতা মাঝি চটক-লি। ইচবাৰ মে তুঝে দৌৰা দৌৰাকে মাৰুংগা জয়কান্ত। তুনে ইচবাৰ শ্বেৰ কা মুহ মে নেহী, গলত জগহ্ পৰ হাথ ৰখ্খা। বাপ-বেটে দোনো কো ছা..ল্লা…

ইয়াৰ পিছত ইমৰাণ, বাপেক জয়কান্ত আৰু চানী পুলিছৰ হাতত বন্দী হয়। এইবাৰ আদালতত পৰেশ ৰাউলে মুখ থেকেছা খায়; খাৰিজ হৈ আদালত কক্ষৰ পৰা ওলাই আহে মিথুন,অক্ষয়,মুন্না-চাৰ্কিটসহ অন্য বন্ধুবৰ্গ। আনফালে লতাশিল থানালৈ লৈ যোৱা হয় ইমৰাণ, জয়কান্ত চিকড়ে আৰু তগৰৰ বাপেকক। পাণবজাৰ মহিলা থানাৰ দলটোৱে লৈ যায় চানী আৰু তগৰৰ মাহীমাকক,য’ৰপৰা সকলোকে ফাঁচীবজাৰ জেইললৈ নিয়া হ’ব। মৃত তগৰে এইদৰে সঠিক ন্যায় পোৱাত বহু ৰাষ্ট্ৰীয় নিউজ চেনেলে এই নিউজ কভাৰেজ কৰে আৰু নিজৰ বিগ ব্ৰেকিঙত বৰ বৰ হৰফেৰে লিখি দিয়ে –

ন্যায় – দ্যা জাষ্টিচ!

********

প্লেনেটিৰিয়ামৰ ওচৰত অক্ষয়হঁতক দেখি দৌৰি আহিল বাকদত্তা কেটৰিণা। (অভিনয়ত : কেটৰিনা কাইফ) তাই অক্ষয়ক সাৱটি ধৰি সকলোৱে মানসিক যন্ত্রণাৰপৰা উপশম ঘটোৱাৰ বাবে বাবা লোকনাথক ধন্যবাদ জনায়। তাই অক্ষয়ৰ দুখ বুজিছিল আৰু সকলো জানিছিলো। কিন্তু তাই এটা ৰহস্যহে জানিব খুজিলে। বিজয় মহাজনৰ দৰে উকীল হাতত থাকিও, কিয় দিল্লীৰপৰা মতাই অনা হ’ল জুহিবাক?

– আচলতে দাদাৰ কেচটো কোনো উকীলে ল’বই নুখুজিছিল। কাৰণ পুলিছৰ হাতত তগৰৰ ৰূমত মিথুনদাৰ অচেতন অৱস্থাৰে বহু আপত্তিজনক ফটো আছিল। পুলিছক আগতীয়াকৈ হাত কৰিছিল চানী আৰু ইম্ৰানে। মিথুনদা যে নিৰ্দোষী,মোৰ বাদে সেই কথা বিশ্বাস কৰিব পৰা মানুহ এগৰাকীয়েই আছিল। সেয়া হৈছে জুহিবা। কাৰণ…

– কাৰণ?

সকলো আচৰিত হ’ল।

– কাৰণ জুহিবা আছিল মিথুনদাৰ প্ৰথম প্ৰেম। কিন্তু বাৰ দেউতাক উমেশ পুৰী শইকীয়াৰ লগত দাদাৰ কাজিয়া থকাত জুহিবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত দেউতাকে জুহিবাক লক্ষ্ণৌলৈ লৈ যায় আৰু প্ৰেমৰ সমাপ্তি ঘটে। এতিয়া দুটা সন্তানৰ মাতৃ জুহিবাই দাদাৰ খবৰটো শুনি সহায় কৰিবলৈ অসম পালেহি।

সকলো কিছুক্ষণ মৌন হৈ পৰিল। মিথুনদাই ক’লে –

– এৰা জীৱনে শিকাই গ’ল, প্ৰথম প্ৰেম সদায় নিষ্পাপ আৰু অমৰ। এই সম্পৰ্ক সমগ্ৰ জীৱন জুৰি নিঃস্বাৰ্থ হৈয়েই ৰয়; লাগিলে সেই প্ৰথম প্ৰেম সফল হওকেই বা নহওক। প্ৰতিজন লোকৰ বাবেই এই দুনীয়াত তেজৰ সম্পৰ্ক থকাবোৰৰ উপৰিও ইষ্ট-কুটুম্ব, বন্ধু-বান্ধৱৰ বাদেও, এনেকৈয়ে এটা পৱিত্র আন্তৰিক সম্পৰ্ক গোপনেই, সযতনেই থাকি যায় হৃদয়ত। জুহিক মই কি বুলিনো ধন্যবাদ দিম! কাৰণ ভগৱানে নকৰক, কাইলৈ তাই যদি কিবা অসুবিধাত পৰে, মোৰ মনেও তাইৰ কাষত ঠিয় হ’বলৈ খুজিব। পৰিস্থিতিৰ দাস হৈ মই বা আমি হয়তো তেনে কৰিবলৈ অপাৰগ হওঁ। কিন্তু জুহিয়ে সেই অদৃশ্য শিকলিডাল চিঙিবলৈ সক্ষম হ’ল।

জুহি শইকীয়াই মিথুনলৈ চালে। মিথুনে চলিহায়ো চালে জুহিলৈ। আস্! তেজপু্ৰৰ স্কুলীয়া দিনত, লুইতৰ পাৰে পাৰে আবেলিৰ হেঙুলীয়া জাহাজঘাটত কিমান যে বিনিময় ঘটিছিল সেই মিঠা মিঠা দৃষ্টিৰ।

কাষৰ আছুৰ শ্বহীদ ন্যাসৰ কাষৰ দোকানৰপৰা ভাঁহি আহিল “শতৰঞ্জ” চিনেমাৰ মিথুন-জুহিৰ গানটো –

দিল পে তেৰে প্যাৰ কা পেগাম লিখ দুঁ
আ..জা
জিন্দেগী মে
তেৰে নাম লিখ দুঁ..

☆★☆★☆

27 Comments

  • ৰিণ্টু

    ৱাহ ভাই ৱাহ। চানীকো নচাই দিলা।

    লা-জৱাব

    Reply
  • সৌৰভ শৰ্মা

    কি কি ভাবিব পাৰেহে । জয়হৌ প্ৰভূ

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া বঢ়িয়া ৷

    Reply
  • Mridula

    বঢ়িয়া লাগিল । গানটো মজ্জা ।

    Reply
  • চিদানন্দ

    এই দুনিয়া পিতলৰে,,,,, তাক কণ্ঠত নিগৰাই শুনাব পাৰিলে ৰুমা পইন্টত পাৰ্টি মই দিম এইবাৰ |||

    Reply
    • পূৰ্ণময়ী

      বাহ:বাহ: চুপাৰহিট

      Reply
  • Sewali Hazarika Saikia

    কমেণ্টত কি বুলি লিখিম প্রায় ১ ঘণ্টা সময় ভাবি থাকিলো….ভাষা বিচাৰি নাপালো….
    মিঠুন আৰু ছানি লিয়নি পতি-পত্নী???এনেকুৱা ঘটনা ঘটাটো স্বাভাৱিক

    Reply
  • চিদানন্দ

    এই দুনিয়া পিতলৰে,,,,, তাক কণ্ঠত নিগৰাই শুনাব পাৰিলে ৰুমা পইন্টত পাৰ্টি মই দিম এইবাৰ |||

    Reply
  • kamal Talukdar

    ৱাও ! হুৱাট এ চিকুৱেল , ••আপুনি যিয়েই নিলিখক কাহিনীত কিন্তু দম আছে , মজা চিনেমা ।

    দিল পে তেৰে প্যাৰ
    পেয়গাম লিখি দু , •••• আ••••জা । গীত টো কিন্তু বৰ প্ৰিয় ।

    Reply
    • ৰামানুজ

      থেংকয়ু জনাব্ !

      Reply
  • নিভা

    হিট

    Reply
  • Abhijit Goswami

    টামাম মিলাই ছে কিন্তু দাদা… হিট চিনেমা চাবলৈ যাব দেই ৰাইজ

    Reply
  • Sankar Jyoti Bora

    য়ে দুনিয়া পিট্টল দি___
    বলে ত’ একদম হ্ৰিদয় পৰিবৰ্তন হ’ গেয়া৷বলে তু ঝাক্কাছ,একদম দিল খুছ হ’ গেয়া৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এই দুনিয়া পিতলৰে….
    পিছে সহঃ জেক ডাইৰেক্টৰ জনীয়ে কি নো কৰিলে। মাজে মাজে শ্বুটিঙৰ সময়ত চাহৰ কাপ লৈ ফুৰাহে দেখিলো। বাকী চিনেমা কি ক’ম আৰু দাদা!!

    Reply
  • কমলা দাস

    ???গুটলি হি তো নিকালনা হেই ।

    Reply
  • তৃষ্ণা সো

    শ শ হাত তালি ৰে দাদা। চুপাৰ্ব, লাজাৱাব।ফুল পেইছা ৱচুল চিনেমা

    Reply
  • মানসী বুদ্ধ

    একদম বঢ়িয়া ? বোলে টো ঝাক্কাছ

    Reply
  • Anjan Sadhanidar

    আলিৰে আলি৷চালাম থুকিলো দোষ্ট৷

    Reply
  • Abinash Sarma

    ? এনে লেখা ৰামানুজদাৰ কলমহে ওলাই৷ চেলুট গুৰজী

    Reply
    • ৰামানুজ

      সকলোকে ধন্যবাদ

      Reply
  • ৰামানুজ

    সকলোকে ধন্যবাদ

    Reply
  • অভিজিত কলিতা

    অৱশেষত মোৰ মনৰ পচণ্ডৰ চিনেমা এখন ওলাল ফটাঢোলত।

    Reply
  • ব্লক ব্লাষ্টাৰ!

    Reply
  • Santana Devi

    Bah bhai…….borhia.tor ei journey xophol houk….aru xundar houk…

    Reply
  • Jnyandip

    মজা দেই.. তামাম

    Reply
  • deepjyoti Handique

    বৰ ভাল লগা হ’ল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *