ফটাঢোল

সপোনত একতা কাপুৰ – সৌৰভ শৰ্মা

যোৱা নিশা সপোনত একতা কাপুৰ আহিছিল। মোৰো ফটামুখ, ওলাই গ’ল সচাঁ কথা, “একদম বুঢ়ী হৈ গলা, সেই একতা কাপুৰ নাই। কম ‘বোল্ড’ আছিলানে আমাৰ দিনত !”

তাই ধমক লগাই দিলে, “কি ফেট-ফেটাই বকি গৈছা ? মোক কথা কবলৈ নিদিয়া নেকি ?”

মই বোলে, “নিদিওঁ। এহাল মতা-মাইকীৰ ৭বাৰ বিয়া হয়। তাৰে মাজতে মাইকীজনীৰ  দেওৰেকৰ লগত দুবাৰমান বিয়া পাতা। সেইখিনি কৰিও শান্তি নোপোৱা। তাইক আকৌ ননদৰ গিৰিয়েকৰ সৈতে বিয়া পাতি দিয়া। আকৌ ক’ৰবাত বাগৰি বা খুন্দা খায় স্মৃতি শক্তি নোহোৱা হয়। তাইৰ আকৌ প্ৰেম হয় কাৰোবাৰ লগত। মানে কি বনাইছা, বুজি নাপাওঁ। মতা মানুহজনে ছোৱালী বুলি দোমেছা (হিজিৰা) এটাক ভাল পাই পাগল হয়।”

: ধেই তু ভি ! মুখ বন্ধ কৰা না। মই এই চিৰিয়েলবোৰ নিজে চাবলৈ নবনাওঁ, নিজে টকা ঘটিবলৈ বনাওঁ। মোৰ টকা আহি আছে বচ সিমানেই। কিন্তু এইবোৰ চোৱা এচাম দৰ্শক, সেয়ে বনাই যাওঁ।

: এক্কু দাৰ্লিং যিয়ে নোকোৱা এইবোৰে চ’ছাইটিত বেড এফেক্ট কৰে।

: ধেই, চ’ছাইটিত থকা বোৰে চালেহে চ’ছাইটিত এফেক্ট হ’ব। এইবোৰ নিঃসংগভাৱে ঘৰত থকা বৃদ্ধাবোৰৰ বাবে বনাওঁ, যাতে দেখি মাথা গৰম হয়। মাথা গৰম হলে থুপুকা মাৰি বহিবলৈ এৰি ইফাল-সিফাল কৰিব। দেহটো সুস্থ হৈ থাকিব।

: এক্কু জান, বুজিলোঁ, তুমাৰ চিৰিয়েল বৃদ্ধৰ বাবে দৰৱ। কিন্তু ছোৱালী-বোৱাৰীয়েও চায়।

: য়াৰ চমঝা কৰো, আমাৰ দুই নম্বৰ টাৰ্গেট এই ছোৱালী-বোৱাৰীহঁত। আধাতে পঢ়া বাদ দিয়া অথবা পঢ়া শেষ কৰি বিয়া-বাৰু নহয় ঘৰত বহি থকা ছোৱালীবোৰ। যিয়ে এইবোৰ চায় বৌৱেকহঁতৰ লগত যুঁজ দি থাকে। অথবা আৰ-তাৰ বদনাম কৰে চিৰিয়েল ষ্টাইলত।
কিন্তু বোৱাৰীবোৰেও চায় এক্কু, তুমি নুবুজিবা সিহঁতে তোমাৰ চিৰিয়েল চোৱা বাবে দেশৰ বহু ক্ষতি হয়। আঞ্জা-ভাত জ্বলি গলেও গম নাপায়। বহুত খাদ্য সামগ্ৰী ধ্বংস হয়, দেশৰ অৰ্থনীতিত পৰোক্ষ প্ৰভাৱ পৰে। কাৰেণ্টৰ বিলসোপা উঠে। 

: মাই ডিয়েৰ, আজি আৰ্থনীতিৰ কথা কোৱা । যেতিয়া ডেবোনীয়াৰত মোৰ বোল্ড ফটো দিছিলোঁ, তোমালোক ১৩বছৰীয়াৰ পৰা ৭৩ বছৰীয়ালৈ সকলোৱে কিনিছিলা।  (মনে মনে কোৱা এক্কু, ঘৈনীয়ে শুনিলে পিটিব।)

: নিজৰ ওপৰত পৰিলে মনে মনে কব লাগে। এই বোৱাৰীসকলে শাহু-ননদৰ চকুত ধুলি দি তোমালোকৰ দৰে আলোচনী কিনিব নোৱাৰে, কিন্তু মোৰ চিৰিয়েলৰ দুই এটা হেনচুক চাই সপোন দেখে। সেয়ে নিজৰ মৰম লগা আভিনেতা থকা চিৰিয়েল কেইখন চায়। তাতেই মতাবোৰে জ্বলি মৰিব লাগেনে। হাৰে সিহঁতে আৰ্থনীতিৰ কথা ভাবিলে হাতত শলা-কূৰ্চা লৈ ঊণৰ কাম কৰিবচোন। ইমান দুৰলৈ ভাবিব পৰা বোৱাৰী ভাৰতত মাত্ৰ ৩৫% । বাকী সকল মোৰ চিৰিয়েল চোৱা ভকতনী। ময়ো বিন্দাচ জাবৰ-গোবৰ বনাই বেছি আছোঁ ।

: নাপায় এক্কু সিহঁতৰ সৰলতাক দুৰ্বলতা বনাই ধন ঘটিব নেপায়। পাপ লাগিব, মহা পাপ, ৰৌ,ৰৌ নৰকত পৰিবা তুমি।

: থোৱা হে নৰক মোৰ লাইফষ্টাইল দেখা নাই, ৰাণীৰ দৰে আছোঁ, বিয়া নকৰাকৈ। চিৰিয়েল চোৱা বোৰে এইবোৰ কথা ভাবিলে দেশত বাতৰিৰ চেনেল, ডিস্কোভাৰি টাইপ বা ফূডি টাইপ চেনেলহে থাকিব। কিন্ত আমি জানো, সকলোৰে মগজুত অৰ্থনীতি, স্বাৱলম্বিতা আদি প্ৰকৃতাৰ্থত সোমাবলৈ আৰু ৫০/৬০বছৰ লাগিব। তেতিয়ালৈ ময়ো জীয়াই নেথাকো , সৌৰভ।

: প্লীজ তুমি নমৰিবা এক্কু , মাজে মাজে সপোনত আহি হলেও মাতা এষাৰ দিয়া, ভাল লাগে তোমাক প্লীজ নমৰিবা এক্কু, এক্কু এক্কু ……….- মুখত পানী পৰাত খক-মককৈ উঠি বহিলোঁ।

আৰম্ভ হ’লেই, ” কিয় মৰিব নালাগে? সোনকালে মৰক জহনীযোৱা জনি। কোন এই এক্কু ? এই বয়সত ক’ত কি লিলিমাই কৰি আছে ?”

কিবাকৈ নিজক বাস্তৱত আনি সমগ্র ঘটনা বুজালো যদিও, শেষত কলে সপোন বাস্তৱৰ ভেটিত হে দেখে, ক’ৰবাত কিবা আছিল চাগে। খা কপাল, এই এক্কুই মোৰো সংসাৰ ভাঙিব এতিয়া।

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *