ফটাঢোল

সোণৰ সংসাৰ – চৈয়দা চেমিন ইচলাম

১) প্ৰেমিক-প্ৰেমিকা

নতুনকৈ কোম্পানী এটাত জব কৰিবলৈ লোৱা পিণ্টুক চিমিয়ে ক’লে,

: আমাৰ গাঁৱৰ মানুহে নকলি সোণ চিনি নাপায় দিয়াহে। আচল সোণতেই ঠগ খোৱা মানুহ সিহঁত। তুমি মাথো মোক সোণৰ আঙুঠিটো দিবা, হৈ যাব। বাকীখিনি কিনা দিলেই হ’ল। সৰ্ব সন্মতিক্ৰমে বিয়াখন সুকলমে হৈ যোৱাটোহে আচল কথা আমাৰ৷

: পিচে, তুমি কি কৰিম বুলি ভাবিছা? জানাইতো আমাৰ ঘৰৰ মানুহখিনিক৷ সিহঁতৰ চকুত কেনেকৈ ধূলি মাৰিবা তুমি?

: ময়ো তোমাক অকল আঙুঠিটোহে সোণৰ দিম। তোমাৰ মাৰাই দাবী কৰা সোণৰ হাৰডাল কিন্তু নকলি দিম।

: মোৰ বিয়াৰ নামত মোৰ গৰিব পিতৃ মাতৃক মাটি সম্পত্তি বিক্ৰী কৰিবলৈ দি এই বয়সত গৃহহাৰা কৰিব নোৱাৰোঁ মই।

: পিচে, মায়ে যদি ইতিমধ্যে তোমাৰ কাৰণে সকলো সোণৰ গহণা যোগাৰ কৰি থোৱা থাকে তেতিয়া ল’বানে নে নোলোৱা?

: মুঠেও নলওঁ। তুমিও তোমাৰ পচন্দ নাই হোৱা বুলি কৈ মনে মনে ওভতাই দি কিনা নকলি সোণ লৈ আনিবা।

সোণক লৈ কিবা কাৰণে ‘যুদ্ধ’ লাগিলেও দুয়ো পক্ষৰে ভুল সমান সমান হ’ব। বিয়া ভঙাৰ প্ৰশ্নই নুঠে আৰু তেতিয়া! বুজিলানে মোৰ বুদ্ধিটো?

২) ন-কইনা

ন-কইনাৰ সাজত বহি থকা চিমিৰ পিন্ধি থকা গহণাবোৰলৈ চাই নাকটো কোঁচাই দিলে আঢ‍্যৱন্ত খুৰীয়েকে – হেৰৌ চিমি, তই হ’বলা এইবোৰ সকলো নকলি গহণা পিন্ধিছ? আমাৰোতো মান-সন্মান বুলি কথা এটা আছে। মইতো সুধিছিলোৱে তোক – তইহে সকলো যোগাৰ হোৱা বুলি কৈছিলি। তাৰ মানে মিছা মাতিছিলি তই মোক। দাদা আৰু বৌৰ তোৰ বাহিৰেতো আৰু দ্বিতীয় সন্তান নাই এই ঘৰ-মাটি সাঁচি ৰাখিবলৈ। দাদা আৰু বৌৱেতো আমাকে ঘৰ-মাটিখিনি বিক্ৰী কৰি দিব পাৰিলেহেঁতেন! তোকো সোণৰ গহণাৰে ভৰাই তুলিব পাৰিলেহেঁতেন আৰু বিয়াখনো অলপ জাক-জমককৈ পাতিব পাৰিলেহেঁতেন! নহয় জানো?

: খুৰীদেউ, সেইটো কাৰণতেই মিছা কথা ক’লোঁ মই তোমাক। বহুত কষ্ট কৰি বিজ্ঞানৰ স্নাতকোত্তৰৰ গহণাখিনি যে মা-দেউতাই কষ্ট কৰি পিন্ধাব পাৰিছে, সেয়াই মোৰ কাৰণে সোণতকৈয়ো মূল্যবান। তুমি মোক সোণৰ গহণা পিন্ধাই আমাৰ ঘৰ মাটি কাঢ়ি লৈ দেউতা আৰু মাক যে পথৰ ভিক্ষাৰী বনোৱাৰ উদ্দেশ্য আছিল, সেয়া কাহানিবাই বুজি পাইছিলোঁ মই। কিয়, নকলি সোণৰ গহণা পিন্ধাৰ কাৰণে মোক কইনা যেন লগা হোৱা নাই নেকি খুৰীদেউ? ক’তা বিয়ালৈ অহা মানুহবোৰেতো মোকেই আশীৰ্বাদ কৰি গৈ আছে! ইমান দামী গহণা পিন্ধা তোমাকতো কইনা বুলি ভুল কৰা নাই তেওঁলোকে? আৰু এটা কথা খুৰীদেউ, বিয়াখন সৰুকৈ পাতিলেও দৰা-কইনা উভয় পক্ষৰ মত ঠিকে থাকিলে সুকলমে হৈ যাব বিয়াখন! তুমি চিন্তা নকৰিবা।

৩) পতি-পত্নী

: চিমি, তোমাৰ বুদ্ধি কিন্তু মানিলোঁ দেই মই! পিচে, সোণৰ অলংকাৰৰ সমস্যাটো এতিয়া কেনেকৈ সমাধান কৰোঁ? মায়ে ছাগৈ কালি পুৱাই গৈ সোণাৰিয়ে ঠগোৱা বুলি বেচেৰা সোণাৰিজনক ধৰিবলৈ যাব!

: ঠিক আছে। এটা কাম কৰা। মাক গৈ টকাখিনি ওভতাই দি সকলো খুলি কোৱা গৈ। নিশ্চয় ক্ষমা কৰি দিব তেওঁ আমাক।

এতিয়া আমি দুয়ো পতি-পত্নী হলোৱেই যেতিয়া আৰু টেনশ্যন কিহৰ? মায়ে লাজ পালে বাবে অলপ খং হয়তো কৰিবও পাৰে। হাতে-ভৰিয়ে ধৰিম দিয়া আৰু দুয়ো! অন্ততঃ বিয়া ভঙাৰতো টেনশ‍্যন নাই এতিয়া, নে কি কোৱা?

৪) পিতৃ-মাতৃ

: চিমি, অলপ জমা টকা পাম অফিচৰ পৰা। কিবা লোৱা যদি ক’বা।

: মই মোৰ টিউশ‍্যন কৰি জমা হোৱা টকাৰে যোৱা মাহতে চেইন এডাল ললোঁ। প্ৰায় এক লাখৰ ওচৰা ওচৰি। তুমি কিবা কোৱা বুলি ভয়তেহে কোৱা নাছিলোঁ তোমাক। বিপদৰ বন্ধু বুলি লগতে ৰাখি থৈছোঁ দিয়া।
এটা কাম কৰা, তোমাৰ টকা কেইটাৰে পমিৰ কাৰণেই সোণৰ কিবা অলপ কিনি থওঁ। সঞ্চয় এটাও হ’ব। অন্ততঃ সোণখিনিৰ লোভতে হয়তো বৃদ্ধাৱস্থাত আমাক অথবা আমাৰ অবিহনে তাইকো কোনেও গৃহহাৰা কৰিব নোৱাৰিব। নে কি কোৱা?

: পিচে, তুমি যে ইমান দামী চেইন ডাল ল’লা, কেতিয়া পিন্ধিবা?

: পিন্ধিম নহয়। তোমাক নো কেলেই ইমান জানিব লাগিছে? টিউশ‍্যনৰ পইচাৰে আৰু কিবা কিবি দুই এপদ ল’ম মই। তুমি মোৰ ওপৰত চকু নিদিবা। আৰু এটা কথা কওঁ তোমাক, মোৰ গহণাবোৰ কিন্তু মই মোৰ জীৱিত অৱস্থাত পমিক নিদিওঁ দেই।

: একেটাই সন্তান, একেজনী ছোৱালী আমাৰ। কিয় নিদিয়া?

: নিদিওঁ বুলিনো কেতিয়া ক’লোঁ? মোৰ জীৱিত অৱস্থাতহে নিদিওঁ বুলি কৈছোঁ। আমাৰ মৃত্যুৰ পিছত এনেয়ো সকলো বস্তু তায়েই পাব।

৫) বৃদ্ধ-বৃদ্ধা

: বাঃ! আজি একেবাৰে বেলেগ দেখোন! গোটেইবোৰ সোণৰ অলংকাৰ ওলোমাই লৈছা যে গাত, ক’ৰবালৈ যাবা নেকি হে তুমি?

: ধেই, নাযাওঁ ক’তো। এনেই পিন্ধি লৈছোঁ। এতিয়াই নিপিন্ধিলে আৰু কেতিয়া পিন্ধিম? বৃদ্ধাৱস্থাত পিন্ধিবলৈকেইতো এইবোৰ সাঁচি ৰাখিছিলোঁ। এতিয়া লাহে লাহে আমি দুয়ো একেবাৰে অক্ষম হৈ নপৰিম জানো? চাবাচোন, এই সোণৰ অলংকাৰৰ লোভতে কোনোবাই হ’লেও আমাক ভালদৰে দেখ-ৰেখ কৰিবলৈ আগবাঢ়ি আহিব!

: তুমিও বৰ বুধিয়কহে।

খিলখিলাই হাঁহি উঠিল দুয়ো।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *