ফটাঢোল

শুকান বৰালী – নাজিয়া হাচান

ৰমজান মাহত চেহেৰী আৰু ইফটাৰত খাবলৈ বুলি ৰহমান চাহাবে বৰ ডাঙৰ বৰালী মাছ এটা কিনি আনিলে। ইফটাৰত মাছৰ পকৰী খাব আৰু চেহেৰীত মাছৰ জোলেৰে টকালি পাৰি ভাতকেইটা খাব, এই আশাত।

পিছদিনা পত্নীয়ে মাছৰ কোনো আইটেমেই চেহেৰী ইফটাৰত নৰখাত তেওঁ আচৰিত হ’ল।

ৰহমান : বৰালী মাছটো ক’লৈ গ’লহে?

পত্নী : আছে।

ৰহমান : কি আছে বুলিছা? নাৰান্ধিলা যে মাছৰ পকৰী?

পত্নী : মাংসৰ কোফ্টাখিনিকে শেষ কৰকচোন আগতে!

দুদিন পাছত খোৱা টেবুলত বহি ৰহমান চাহাবে আকৌ সুধিলে,

ৰহমান : ইমান দিনৰপৰা এই মাংসৰ পকৰীকে খুৱাই আছা যে? মাছটো কি কৰিলা?

পত্নী : আছে।

ৰহমান : হেৰা! সদায় কি আছে আছে কৰা হে! ক’ত আছে সেইটো?

পত্নী : আছে অ’।

ৰহমান : ক’ত আছে? ফ্ৰীজতচোন নাই বৰালীটো! কি কৰিলা?

ৰহমান চাহাবে দৌৰি গৈ ফ্ৰীজ খুলি বৰালীটোক নেদেখি চকু মুখ ৰঙা কৰি পত্নীলৈ চালে।

পত্নী : হে খোদা মোৰ! কি কৰোঁ? আছে অ’ আছে!

লগে লগে পত্নীয়ে ৰহমানজীৰ হাতখনত থাপ মাৰি ধৰি দৌৰাই লৈ গ’ল!

ৰহমান : হেৰা! হেৰা! কি কৰা! চাদখনৰ ওপৰলৈ কিয় দৌৰাই আনিছা? পৰিম মই চিৰিত পাক খায়!

পত্নী : আহক, আহক বুলিছোঁ আহক মোৰ লগত ভালে ভালে! সৌটো চাওক বৰালী!

ৰহমান : ইয়ে! এইটোক কি কৰিলা তুমি! কিয় ৰচী বান্ধি ওলমাই থৈছা! এইটোচোন এইহেন ৰ’দত ওলমি ওলমি শুকাই গ’ল!

চাদৰ ওপৰত ওলমাই থোৱা বৰালীটোক দেখি ৰহমান চাহাবে আচৰিত হৈ সুধিলে।

পত্নী : এইটোক শুকান মাছ কৰি খাম!

ৰহমান : কি? কি খকে ধৰিছে হে তোমাক?

পত্নী : আজি কিমান বছৰ হ’ল, অসমৰপৰা আহি বাহিৰত আছোঁহি। শুকান মাছ এডোখৰ খাবলৈ নোপোৱা যে কিমান যুগ হ’ল! বজাৰৰপৰা কিনি আনিবলৈয়ো আপোনাৰ কি লাজ! ঘৰৰপৰা অনিবলৈ লওঁতে ট্ৰেইনে, এৰোপ্লেনে কোনোবাই গোন্ধ পাই বুলি আপোনাৰ আকৌ যি ভয়! এইবোৰ কথাৰ মাজত পৰি মই নিজৰ মনটোক কম মনাইছোঁনে! সেয়ে এইবাৰ এই বৰালীটোকে শুকুৱাই পেলালোঁ যাওক।

ৰহমান : চেহ! কি যে কৰা নহয় তুমি! মই কিমান আশা কৰি বৰালীটো আনিলোঁ আৰু তুমি কি আশা কৰি এইটোক শুকুৱাই পেলালা! ধেই!

নাকটো ধৰি ৰহমান চাহাব চাদৰপৰা ভোৰভোৰাই নামি গ’ল।

পত্নী : ইস্! বৰ একেবাৰে চৌখিন হৈ দেখুৱাবলৈ আহিছে! নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, তেল, মচলা দি ৰঙাকৈ এই শুকান বৰালীক মই ৰান্ধি দিলে, খাই খাই আঙুলি চেলেকি তেওঁ তত নাপাব! এতিয়া নাকত ধৰিবলৈ আহিছে! খকে ধৰিছে বুলি ক’বলৈ আহিছে মোক! ৰোজাৰ মাহত ৰাতিৰ সাজত শুকান মাছৰ চৰ্চৰি, শুকান মাছৰ জ্বলাকৈ বনোৱা ভৰ্তা, শুকান মাছৰ বেঙেনা দি বনোৱা থুপথুপিয়া গেডখিনি! আইজ্জৌ কি যে মজ্জা লাগে! ৰান্ধিম নহয়। খোজকচোন তেওঁ দুবাৰ। দিম ভালকৈ খাবলৈ!

শুকান বৰালীটোক হাতেৰে চুই চুই মৰম কৰি কথাখিনি কৈ তেঁৱো চাদৰপৰা ফুফুৱাই নামি গ’ল।

☆★☆★☆

One comment

  • শইকীয়া

    ভাল লাগিল পঢ়ি । মানে তামাম । ঈদ মোবাৰক ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *