দেউতাৰ সংস্কাৰী পুত্ৰ – কাবেৰী মহন্ত
দেউতাৰ একমাত্ৰ পুত্ৰ সন্তান মই৷ হয়, ইয়াত আচৰিত হ’ব লগা একো নাই, মোৰ দৰেই আপোনালোকৰো বহুতেই হয়তো মাক দেউতাকৰ বংশৰ চিন একমাত্ৰ পুত্ৰ বা বংশধৰ৷ কিন্তু সকলো “দুৰ্ভগীয়া” বংশধৰেই এইটো কথাত নিশ্চয় একমত হ’ব যে এই বংশধৰ শব্দটোত আচলতে কিমান মানসিক চাপ থাকে! আপুনি সৰুৰেপৰাই আপোনাৰ বংশৰ নিকটতম লিংক মানে দেউতাৰ ইচ্ছা অনিচ্ছা মতেই কাপোৰ পিন্ধিব লাগিব, খোৱাবোৱা তেওঁৰ ৰুচিমতেই কৰিব লাগিব আৰু তেওঁ যদি ফুটবল ভাল পায় আপুনি এম এচ ধুনীৰ বেটিং বাদ দি ব্ৰাজিলৰ ফেন হ’ব লাগিব৷ মুঠৰ ওপৰত দেউতাৰ সকলো বিফল সপোন বাস্তৱত ৰূপায়িত হোৱাৰ ময়েই একমাত্ৰ মাধ্যম হ’ব লাগিব৷
সৰুতেই দেউতা চাকৰিসূত্ৰে কৰ্মৰত অৱস্থাত থকা পাহাৰীয়া চহৰখনৰ কনভেন্ট স্কুল এখনত মোক নাম লগাই দিছিল। এতিয়াও মনত পৰে.. সেইদিনা ইস্ত্ৰি কৰা ইউনিফৰ্ম আৰু পলিচ কৰা জোতা-মোজাৰ লগত টাই মাৰিছিলো। খ্ৰীষ্টানধৰ্মীসকলৰ তুলনামূলকভাৱে আগবঢ়া আধুনিকতাই শৈশৱতে কিছু পশ্চিমীয়া সংস্কৃতিৰ মোহত পেলাইছিল৷ সহপাঠীসকলৰ ৰাপৰ পিছে পিছে মোৰো অলীক সপোনত পাখি গজিবলৈ আৰম্ভ কৰিছিল৷ পাখি কাটিবলৈ সময়মতেই সদা সতৰ্ক “দেউতা” নামৰ হিটলাৰ মানৱজন প্ৰাচীৰ ৰূপে থিয় হ’লহি৷ সেয়ে choir ৰিয়াজ দুদিনতেই সমাপ্ত কৰি ঘৰতেই বিচাৰি খোচাৰি গলগলীয়া মাতৰ বাপ এজনৰ ওচৰত বৰগীতৰ তালিম দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ যিয়েই নহওক ছয়মাহৰ পাছতো ভটীয়ালী ৰাগ অথবা দুলড়ী আৰু ভজনৰ পাৰ্থক্য এই বংশধৰে মনত ৰাখিব নোৱাৰিলে আৰু সেই অধ্যায় তাতেই সমাপ্তি ঘটিল৷ সমাজেও অকালতে ভৱিষ্যতৰ এক সংগীত তাৰকা হেৰুৱালে দেউতাৰ দৃষ্টিত৷ সম্ভৱ চুট টাইৰ ইউনিফৰ্মতো নিশ্চয় কোনোবা গুৰুজনা অসন্তুষ্ট হ’ল, দেউতাৰ ট্ৰেন্সফাৰ আহিল ভিতৰুৱা এক অঞ্চললৈ৷ টালিটোপোলা আৰু আধা চহৰীয়া জীৱন সামৰি আমিও পালোহি দেউতাৰ নতুন কৰ্মক্ষেত্ৰ৷ মোৰো হাইস্কুলীয়া জীৱন আৰম্ভ হ’ল। টাইদাল মায়ে তাঁতশালৰ অসংখ্য ৰছীৰ মাজত এদাল অন্যতম ৰছী হিচাপে ব্যৱহাৰ কৰিলে৷ আকাশৰ পৰা ঠেকেচি মাটিত পেলাই দিয়াৰ দৰেই মইও গাঁৱৰ স্কুললৈ যাত্ৰা আৰম্ভ কৰিলোঁ কাষলতিৰ তলত এখন কঠ আৰু হাতত এটা কাপোৰৰ মোনা লৈ৷ দেউতা সুখী হ’ল অন্ততঃ ল’ৰাটো মাটিৰ গোন্ধ পাই ডাঙৰ হব।
লাহে লাহে কলেজৰ ৰঙীন জীৱনত ভৰি দিব পৰা হ’লোহি৷ ইতিমধ্যেই যথেষ্ট সংস্কাৰীৰূপত ডাঙৰ হৈছোঁ দেউতাৰ কাঢ়া আশীৰ্বাদত.. এই ধৰক ৰাতিপুৱাই গা-ধোৱাৰ নামত হাত মুখৰ লগতে চুলিখিনি তিয়াই ওলাই অহা, লংপেণ্টৰ ওপৰত ধূতি মেৰিয়াই গধূলি নামঘৰৰ দবা কোবোৱা অথবা কিবা সকাম নিকামত ব্ৰত ৰখাৰ নামত লুকাই চুৰকৈ পেট পূজা কৰা ইত্যাদি ইত্যাদি৷ জীৱনলৈ নতুন বন্ধুৰ আগমনৰ লগতে নতুন নতুন ৰুচিবোধো আহিল। কিতাপৰ আলোচনাতকৈ লেটেষ্ট চিনেমাৰ আলোচনাই মন মুহিবলৈ ল’লে৷
কলেজলৈ অহাযোৱা কৰিবৰ বাবে চাইকেল ব্যৱহাৰ কৰিছিলোঁ আমি৷ সেইয়া আছিল বন্ধুৰ সৈতে মতলীয়া হোৱাৰ সময়। এখন হাতৰে চাইকেলৰ হেন্দেল আৰু ইখনত সস্তীয়া চিগাৰেটৰ টুকুৰা..… চাৰিআলিৰ চ’কটো কোনে আগতে পাব গৈ পাৰে তাৰ এক অঘোষিত প্ৰতিযোগিতা৷
এই প্ৰতিযোগিতাত মোৰ প্ৰথম হোৱাৰ মনত নাই যদিও সেই সোনোৱালী সময়ৰ গ্ৰহণ লাগিবলৈও বেছি দিন নালাগিল৷ এদিন এইদৰেই চাৰিআলিৰ চ’ক পোৱাৰ সময়ত মোৰ খাছ বন্ধুটোৰ বাহিৰে সকলো ঘৰাঘৰি গৈছিল৷ মোক ট্ৰাকৰ তলত পৰিবলৈ কলেও ইমান ভয় নাখালোহঁতেন সিদিনা তাৰ মুখৰ কথা শুনি যিমান ভয় খালো- মোক চিগাৰেট টানি থকা হেনো দেউতাই দেখিলে! হাতৰ জলন্ত চিগাৰেটৰ টুকুৰাই যেন কলিজা পুৰিবলৈ ধৰিলে৷ এখন বুলেট ট্ৰেইন যেন চলি গল কলিজাটোৰ মাজেদি!
চাইকেল ঘৰৰ নঙলামূৰ পাওঁতেই দেখিলো, সাক্ষাত যমৰাজেই ঘৰৰ বাৰাণ্ডাৰ আৰামী চকীখনত বহি আছিল! চিধাই হাত মুখ ধুই পঢ়াৰ টেবুলত ননস্টপ বহি থাকিলো, পৰীক্ষাৰ আগতো একেলেথাৰিয়ে এনেদৰে বহা নাছিলো। পিছে শহাকণীয়া হৈ থাকিলো৷ ভাতপানী খাই বাচিলো বুলি ভাৱিছিলোঁ যদিও ভুল আছিল, দেউতা সেইদিনা শোৱা নাছিল, মোৰ বাবে চকীখনত বহি অপেক্ষা কৰি আছিল! হাতত দুই পেকেট চিগাৰেট (দেউতাই অধিকাৰ হিচাপেই হুপিছিল) .. জ্বলি থকা জুইকুৰাত এহেতা ঘিউ ঢালি গম্ভীৰ কন্ঠেৰে ঘোষণা কৰিলে “এটা মানুহৰ ইনকামত দুটাই চিগাৰেট খাব নোৱাৰে৷ আজিৰ পৰা ময়েই বাদ দিলো ” হে ভগৱান! কি শুনিলো .. বিনামেঘেই লাইচেঞ্চ পাই গলো নেকি? ধেৎ কিয় যে এনেয়ে ভয় খাই আছিলো!”
দুদিনমানৰ পাছত সেই একেই চাৰিআলি, একেই চাইকেলৰ ৰেচ! কিন্ত সেইয়া ৰাস্তাৰ সিপাৰৰ দোকানখনৰ পাছফালে লুকাই লুকাই চিনাকি চিনাকি যেন এজন মানুহে চিগাৰেট হুপি আছে! হয়তো তেখেতেও অকস্মাৎ মোক দেখা পালে, আধাখোৱাকৈয়ে মাটিত টুকুৰাটো পেলাই মানুহজন চেকেণ্ডৰ ভিতৰত নোহোৱা হৈ গল….
… সেইদিনা বিশ্ববিজয়ী বীৰৰ দৰেই সুহুৰিয়াই সুহুৰিয়াই মই ঘৰ সোমালো
… অপৰাধীজনে পাছফালে মোৰ পৰা পলাবলৈকে চাগে বাৰীৰ লিচুজোপা কলম কৰাত লাগি আছিল!
☆★☆★☆
12:35 pm
বঢ়িয়া লাগিল দেই????????
1:04 am
ধন্যবাদ বেহেনা ৷
1:27 pm
বঢ়িয়া লাগিলে বা। বহুতেই বঢ়িয়া
1:06 am
বহুত ধন্যবাদ তৃষ্ণা ৷ your words means a lot to me
4:15 pm
কিছু লিখিছে দেই বা।খুবেই ভাল লাগিল পঢ়ি।
4:24 pm
থাংকু ৰাজশ্ৰী ৷
3:50 pm
খুব ভাল লাগিল বা
1:08 am
ধন্যবাদ নীলাক্ষী পঢ়ি চোৱাৰ বাবে ৷
3:54 pm
বহুত ভাল লাগিল পঢ়ি বা।আৰু কয়লিখিব নাজানে বুলি।
1:10 am
ৰাজশ্ৰী ভাল পালা ? চেস্টাহে অলপ.. ধন্যবাদ দেই পঢ়ি চোৱাৰ বাবে ৷
7:15 am
তোমাৰ লিখা আজিহে পঢ়িলো। খুব ভাল লাগিল।
7:55 am
ধন্যবাদ শৰ্মিষ্ঠা ৷ এনেয়ে আৰু চেস্টা এটা..
10:15 am
বহুত ভাল হৈছে । অনুভৱৰ মাজেৰে ডাঙৰ মেচেজ এটা প্ৰতিফলিত হৈছে ।
মিনতি মহন্ত ।
7:56 am
আশীৰ্বাদ দি থাকিবি ৷
10:50 am
বহুত মজা লাগিল দেই পঢ়ি….
কিছু টেক্টফুলি লিখিলে !
3:05 pm
কিবা এটা লিখিলো আৰু ! পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ থাকিল ..
11:11 am
বঢ়িয়া লাগিল দেই
3:06 pm
বহুত ধন্যবাদ থাকিল ৷
12:34 pm
ৱাহ! কি সাংঘাতিক ধৰণেৰে শেষ কৰিছা! বিৰাট বেছি ভাল লাগিল পঢ়ি।
3:08 pm
বহুত ধন্যবাদ গীতিকা ৷ অভ্যাসবোৰ নোহোৱা হল.. তথাপিও চেস্টা এটা কৰিছিলো ৷
1:10 pm
Val lagil kaberi porhi…..aru likhibaha…tumalokor xakalore hatar likhoni bor manomoha….
3:10 pm
thanks Nibu.. you all are my inspirations !
1:10 pm
Bohut val lagil kaberi porhi…..aru likhibaha…tumalokor xakalore hatar likhoni bor manomoha….
3:11 pm
Thanks dear.. love !
1:52 pm
বৰ ধুনীয়া প্ৰকাশ ভংগী। ” বিনা মেঘে ….”
3:12 pm
পঢ়িচোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল ৷
3:43 pm
মজা
11:57 pm
বহুত ধন্যবাদ থাকিল ৷
11:03 pm
বৰ ভাল লাগিল।
11:58 pm
বাইদেউ পঢ়াৰ বাবে ধন্যবাদ জনালো ৷
1:30 am
ঝাকাচ কাবেৰী৷ মজা লাগিল গল্পটো৷
4:25 pm
ধন্যবাদ দাদা ৷
3:31 pm
ভাল লাগিল
4:26 pm
পঢ়াৰ বাবে অশেষ ধন্যবাদ ৷