দুজন “জ্ঞানী” ব্যক্তিৰ সৈতে কথোপকথন – মাধুৰ্য্য গোস্বামী
: চাল্লা মই নাথাকিলে তাই লেখক হ’ব পাৰিলেহেঁতেন নেকি? হয়নে নহয় কওঁক আপুনি গোস্বামী।
প্ৰচণ্ড ক্ৰোধ, ঈৰ্ষা আৰু ঘৃণামিশ্ৰিত সুৰত কথাখিনি কৈ মানুহজনে সুৰাৰ গিলাচটো খুব জোৰেৰে টেবুলত থেকেচা মাৰি থ’লে। ধম্কৈ উঠা শব্দটোত মোৰ চকীত হাউলি পৰা নিচাসক্ত দেহাটো সামান্য পৰিমাণে জিকাৰ খাই উঠিল। অত্যন্ত জোৰ প্ৰয়োগ কৰি মেলি ৰখা অৰ্ধ উন্মীলিত চকুৰে তেওঁলৈ চাই মই ক’লোঁ,
: ঠিক কৈছে বৰুৱা। তাই উঠিছে আপোনাৰ কাকতখনত লিখাৰপৰাই, তাকো আপোনাৰ অনুগ্ৰহত। আমাৰ চেনেলে উঠাইছোঁ তাৰ বহুত পিছত।
: তাৰ পিছতো তাই (অশ্লীল) আপোনাৰ প্ৰপ’জেলটো মানি নল’লে।
বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে কৈ উঠিল।
কোঠাটোত আমি তিনিজন মানুহ। বৰুৱা এজন আগশাৰীৰ সাহিত্যিক আৰু কাকত এখনৰ প্ৰধান সম্পাদক, মই এটা চেটেলাইট চেনেলৰ এডিটৰ ইন চীফ আৰু আনজন এখন নামকৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক। অধ্যাপকজন তেওঁৰ বিষয়টোত এজন নামকৰা শিক্ষক। কোনো সন্দেহ নাই যে তেওঁৰ বিষয়টোৰ ওপৰত যথেষ্ট জ্ঞান আৰু অধ্যয়ন আছে যিটোৱে মানুহক আকৰ্ষণ কৰে। তাৰ সমানুপাতিকভাৱে আছে তেওঁৰ এটা সাংঘাটিকভাৱে কামলিপ্সু ভোক। সেইটো এটা অ’পেন চিক্ৰেট, সকলোৱে জানে অথচ কোনোৱে মুখ খুলি নকয় বা তেওঁক উভতি নধৰে; আনকি তেওঁৰ সহকৰ্মীসকলেও। যোৱা দহ-পোন্ধৰ বছৰত তেওঁৰ তলত গৱেষণা কৰা দুই তিনিজনী ছোৱালী-মহিলাৰ লগত তেওঁৰ কি সম্পৰ্ক সেয়া ঘুনুক-ঘানাককৈ উৰাবাতৰি হৈ সকলোৰে মুখে মুখে বাগৰি ফুৰে। সেইবিধ চিকাৰত তেওঁ পাকৈত খেলুৱৈ।
তাৰ বিপৰীতে বৰুৱা অলপ বেলেগ চৰিত্ৰৰ। তেওঁ যিকোনো সম্ভাৱনাপূৰ্ণ লেখকক (পুৰুষখিনিক বাদ দি) প্ৰথমতে উৎসাহ উদ্দীপনা দি কিছু পৰিমাণে প্ৰতিষ্ঠিত কৰোৱায়। তাৰপিছত লাহে লাহে তেওঁৰ কামনা চৰিতাৰ্থ কৰাৰ দিশে অগ্ৰসৰ হয়, খুব সংগোপনে। তাৰ বিপৰীতে পুৰুষ লেখকৰ লগত তেওঁৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ। যেতিয়ালৈকে সেই লেখকজনে তেওঁৰ বিৰুদ্ধাচৰণ নকৰে বা খুব ভাল লেখক হৈ নাযায় তেতিয়ালৈ তেওঁ একো অপকাৰ নকৰে যিহেতু সেইটো পৰ্যায়লৈ জ্যেষ্ঠ আৰু পথপ্ৰদৰ্শক হিচাপে যথেষ্ট সমীহ তেওঁ আদায় কৰিব পাৰে।
মোৰ কথাটো সম্পূৰ্ণ বিপৰীত। উঠি অহা চেটেলাইট মিডিয়াৰ নতুন নতুন মুখৰ ছোৱালীবোৰৰ মাজত অন্য গুণৰ লগতে যে সৌন্দৰ্য্যও লাগে সেয়া এক অঘোষিত নিয়মৰ দৰেই, তাৰপিছৰখিনি হয় টেলেণ্ট আৰু ওপৰ মহলৰ লগত থকা সম্পৰ্কৰ মিশ্ৰিত ফলশ্ৰুতিত। অন্ততঃ এইক্ষেত্ৰত বৰুৱা, অধ্যাপক আৰু মই একে। তাৰপিছত আমাৰ মাজত থকা মিলটো হ’ল সন্মান আৰু বৌদ্ধিক ক্ষমতাৰ প্ৰতি থকা দূৰ্বলতা।
সি যি কি নহওক, সুৰাৰ আড্ডাত আমি কেতিয়াবা বহোঁ, বেছিভাগ বৰুৱাৰ ঘৰতেই। আজি পিছে পৰিৱেশ অলপ বেলেগ, সামান্য গহীন। যোৱা দুবছৰত বৰুৱাই যিগৰাকী লেখিকাৰ উত্থানত নিজৰ যথেষ্ট সময় খৰছ কৰিছে, তেওঁ বৰুৱাৰ ‘বিশেষ’ সঁহাৰিটো আগ্ৰাহ্য কৰিছে। ক্ষোভ আৰু অপ্ৰাপ্তিৰ জুই মই তেওঁৰ চকুত সম্পূৰ্ণ ধৰা পেলাইছোঁ। আগে পিছে তেওঁৰ এইখন জালত প্ৰায় মানুহ ফঁচি যায়েই, কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হ’ল কথাটো।
অধ্যাপকে পুনৰ ক’বলৈ ধৰিলে,
: তাই উঠিবলৈ আৰম্ভ কৰিছেহে। এতিয়ালৈ মাত্ৰ এখন উপন্যাস। তাইৰ লেখা ছপোৱা সকলোতে বন্ধ কৰি দিয়ক, চাওঁ কি কৰে। বঁটা-বাহনটো নাপায়েই আৰু। গতিকে লেথাই শেষ।
বিদ্ৰুপাত্মক হাঁহি এটা মাৰি বৰুৱাই উত্তৰ দিলে,
: তাই বেটীয়ে জনাই নাই মই কিমান পানীৰ মাছ। তাইৰ লেখক জীৱন তিলতিলকৈ শেষ কৰিবলৈ মোৰ বেছি সময় নালাগে।
বৰুৱাৰ শ্লেষাত্মক বাক্যটো শুনি মোৰ মনটো কিছুবছৰ আগলৈ উভতি গ’ল। তেওঁতকৈ বহুত প্ৰতিভাশালী বন্ধু এজন আছিল বৰুৱাৰ। মই তেতিয়া সাপ্তাহিক কাকত এখনত সাংবাদিকৰ কাম কৰোঁ। বৰুৱা তেতিয়া কাকতখনৰ সহকাৰী সম্পাদক আৰু লেখক। আচৰিত হ’লোঁ তেতিয়া যেতিয়া তেওঁৰ বন্ধুজনেও এটা-দুটাকৈ আমাৰ কাকতলৈ লেখা পঠিয়াবলৈ ধৰিলে আৰু খুব বেছি কেতিয়াবা বন্ধুত্বৰ খাতিৰত এটা-দুটা লেখা ছপাই বাকীবোৰ ডাষ্টবিনলৈ দলিয়াবলৈ ধৰিলে। তাৰ কাৰণো স্পষ্ট হৈ পৰিল যেতিয়া মই লেখাবোৰৰ দুই-এটা তুলি আনি পঢ়ি চাইছিলোঁ। সঁচাকৈ সেইবোৰ যথেষ্ট উন্নতমানৰ আছিল যিবোৰে প্ৰমাণ কৰে যে কেৱল ঈৰ্ষাকাতৰ হৈ বৰুৱাই তেওঁৰ বন্ধুৰ লগত তেনে বিশ্বাসঘাটকতা কৰিছিল। অকল সেয়ে নহয়, আন কাকতবোৰকো তেওঁৰ লেখা ছপাবলৈ মানা কৰি দিছিল। বন্ধুজনৰ সন্মান বা ক্ষমতাৰ তিলমানো খক নাছিল। কিন্তু এই কথাবোৰে তেওঁক হতাশগ্ৰস্থ কৰি পেলাইছিল যাৰ বাবে পিছত তেওঁ আৰু কলম তুলি নল’লে।
: কি হ’লহে গোস্বামী? বৰুৱাৰ মুখত লেখিকাৰ নাম শুনাৰেপৰা তাইলৈ (অশ্লীল) মনত পৰি আছে নেকি?
অধ্যাপকে তীৰ্যক বাক্যবাণ এৰিলে মোলৈ। তাৰপিছত বৰুৱালৈ চাই ক’লে,
: আপোনাৰো যে কাম বৰুৱা। দুবছৰ আপুনি কেৱল সুবিধা ল’বলৈকে খৰছ কৰেনে? মোক চাওক, ছোৱালী দেখিলেই গম পাওঁ কোন ফঁচিব। যিয়ে মোৰ ইংগিতত সন্মতি দিয়ে তাই টপাৰ হৈ গৱেষণাৰ বাবেও চিট পায় পিছলৈ। তাৰপিছতো মই যিমান পাৰোঁ সহায় কৰোঁ আমুৱাই নোযোৱালৈকে। কিন্তু এটা কথা ঠিক, আগতে কাম, তাৰপিছত দাম (অশ্লীল)।
বৰুৱাই তেওঁলৈ সন্মতিসূচকভাৱে চাই ক’বলৈ ধৰিলে,
: চাওক, বহুত মানুহৰে লেখাত potential থাকে। তাৰ ভিতৰত কিছুমান অধ্যয়নশীল আৰু কিছুমান নহয়। লিখাৰ বাবে অধ্যয়নৰ খুবেই দৰকাৰ। তাৰপিছতো বেছিভাগে লিখিব নোৱাৰে বা নিলিখে উৎসাহ আৰু অনুপ্ৰেৰণাৰ অভাৱত, বা ভাবে যে লিখিলে হয়তো বেয়া হ’ব। সেই ভয়টো ইমান সহজে মাৰ নাযায়, অন্ততঃ এবাৰলৈ অভূতপূৰ্ব জনপ্ৰিয়তা নোপোৱালৈকে। আজিকালি চ’চিয়েল মিডিয়াৰ জামানাত ভয়টো অলপ কমিল। কিন্তু তাত উচ্চ মানদণ্ডৰ পঢ়ুৱৈ কম। তাতোতকৈ ডাঙৰ কথা ভাল লিখিলে ছপালৈ পঠিওৱা tendency সদায় থাকে। চালুকীয়া হৈ থকা ইণ্টাৰনেটৰ দুনীয়াত লিখা কথা বেলেগ; ছপা মাধ্যমত তাই সেইটো স্তৰ পোৱাই নাই এতিয়ালৈকে। সহায়-সহযোগিতা, উৎসাহ-উদ্দীপনা নাপালে উৎসাহী লেখক খুব সোনকালে মৰহি যোৱাৰ চান্স থাকে। তাইৰ ক্ষেত্ৰতো সেয়েই হ’ব। চাই থাকক।
সাংঘাটিকভাৱে যেন বিশ্লেষণ কৰি কথাখিনি ক’লে বৰুৱাই।
: আৰু তাইৰ লগত ইতিমধ্যেই ওলোৱা বদনামবোৰ?
মই বৰুৱাক মাজতে বাধা দি সুধিলোঁ।
: সেইবোৰ সঁচাই মিছাই ওলায়েই থাকিব। কেতিয়াবা লেখাতকৈও আপুনি বদনামৰ বাবেই বেছি বিখ্যাত হয়। আপুনি নিজেই সাংবাদিক জীৱনত কিমানটা বিতৰ্কত সোমাল এতিয়ালৈ হিচাব আছে জানো?
চিপ্টো মাৰি পেগটো শেষ কৰি বৰুৱাই মোলৈ চালে। তেওঁৰ প্ৰশ্নত মই নিৰুত্তৰ হৈ ৰ’লোঁ।
প্ৰায় এক মিনিটমান পিছত নীৰৱতা ভাঙি অধ্যাপকে ঈষৎ হাঁহি এটা মাৰি ক’লে,
: গোস্বামী, এইবোৰ ভাবি কিবা লাভ আছে জানো? নামজ্বলা হ’বলৈ আপোনাৰ অধ্যৱসায়ৰ লগতে পলিটিক্সৰো দৰকাৰ আছে, তাক আপুনি নুই কৰিব নোৱাৰে। আপোনাতকৈ কোন টেলেণ্টেড তাক চালেই নহ’ব, তাক পিছ পেলায়ো যাবলৈ জানিব লাগিব। কেতিয়াবা নিজৰ দোষ স্বীকাৰ আংশিকভাৱে কৰাটোও নিৰুত্তৰ হৈ থকাতকৈ লাভজনক হ’ব পাৰে লেখক এজনৰ বাবে। নে কি কয়হে বৰুৱা?
কথাখিনি শেষ কৰিয়েই ডাঙৰকৈ হো-হোঁৱাই হাঁহিলে। বৰুৱাই যেনেতেনে চকুদুটা মেলি ‘য়েচ’ বুলি উত্তৰ দি আকৌ টোপনিয়াই থাকিল।
মই পেগটো শেষ কৰি আৰু এটা ল’বলৈ উঠি গ’লোঁ। পেগটো বাকি তাত আইচ কিউব, চ’ডা দি লৰাই লৰাই পিছফালে নোচোৱাকৈ ক’বলৈ ধৰিলোঁ,
: ঠিকেই কৈছে। হয়তো এইখিনি পাবলৈ আমি কাৰোবাক ক’ৰবাত পেলাই থৈ আহিছোঁ। এইখিনি মান-সন্মান বা সামাজিক স্থানৰ বাবে আমি কম কষ্ট কৰা নাই। সকলোৱে তাক পাবলৈ হয়তো উগ্ৰভাৱে নিবিচাৰে বাবেই নাপায়, কাৰণ সেইখিনি পাবলৈ কিবাকিবি compromise ও কৰিবলগা হয়। দেশ-দুনীয়া এনেকৈয়ে চলিছে আৰু চলি থাকিব। নে কি কয়? চিয়েৰ্ছ!
তিনিওজনে পুনৰ চিয়েৰ্চ বুলি কৈ একেশোহাই পেগকেইটা শেষ কৰিলোঁ। খালি গিলাচকেইটা টেবুলত থোৱাৰ লগে লগে অধ্যাপকৰ ফোনত মেছজৰ ৰিংটন বাজিল। হোৱাটচ্ এপ্ৰ মেছেজ অহাৰ ৰিং। বৰুৱাই খুব কেজুৱেলি মোবাইলটোৰ ফিংগাৰ প্ৰিণ্ট লক খুলিলে। কেইছেকেণ্ডমান পিছতেই লক্ষ্য কৰিলোঁ কেঁহেৰাজ বৰণীয়া হৈ বৰুৱাৰ মুখখন কঁপিব ধৰিছে। ডিঙি মেলি ডিছপ্লেত দেখিলোঁ এহাল চুম্বনৰত যুৱক-যুৱতীৰ ফটো। হয় হয়, মই ঠিক চিনিব পাৰিছোঁ, সেইজনী অধ্যাপকৰেই কলেজত পঢ়ি থকা ছোৱালীজনী। ফটোখন মানে চেল্ফীখনো মাৰিছে তাই নিজেই। ভাইৰেল হৈ গ’ল হয়তো ইতিমধ্যে।
: ল’ৰাজন কোন?
প্ৰায় মুদ খাই যাব ধৰা চকুহাল অলপ মেলি মই সুধিলোঁ। অধ্যাপকে দাঁত কৰচি উত্তৰ দিলে,
: মোৰেই ডিপাৰ্টমেণ্টৰ। চাল্লা কুকুৰ। মোৰ ছোৱালীক নষ্ট কৰিবি। ফঁচাবলৈ বেলেগ ছোৱালী নাপালি অসভ্য। চাই ল’ম তোক (অশ্লীল)।
কি হ’ল ভালকৈ ধৰিব পৰাৰ আগতেই অধ্যাপকে খঙত মোবাইলটো জোৰেৰে মজিয়াত আচাৰি দিলে। টুকুৰা-টুকুৰ হৈ মোবাইলটো মজিয়াত সিঁচৰতি হৈ পৰিল। মোৰ এনে লাগিল যেন ভগ্ন টুকুৰাবোৰেও অধ্যাপকক বুমেৰাং এটা হৈ অট্টহাস্য কৰি থাকিল। ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ হাঁ বুলি মুখ মেলি বৰুৱা আৰু মই অধ্যাপকৰফালে চাই থাকিলোঁ।
☆★☆★☆
1:21 pm
সাংঘাটিক
2:07 pm
এইটো সুন্দৰ হৈছে মাধুৰ্য্য, চৰ্চা এৰি নিদিবা
2:28 pm
ধন্যবাদ নিলাক্ষীবা ৰিণ্টুদা।
4:30 pm
বহুত সুন্দৰ লিখিলা মাধুৰ্য্য। ভাল লাগিল।
4:37 pm
চুপাৰ্ব
8:10 pm
চেমিম বাইদেউ, সোণটো দা ধন্যবাদ।
6:27 am
বহুত ওপৰ লেভেলৰ লিখা…. সাংঘাতিক !
লেখকৰ ভৱিষ্যত লেখাবোৰ লৈ শুভেচ্ছা জনালো
7:41 am
ধন্যবাদ ৰামানুজদা।
5:17 pm
একদম ফাটাফাটি লিখিছা৷ মজা লাগিল ৷ গল্পটোত দম আছে দেই
7:10 am
বৰ ভাল লাগিল ৷ তোমাৰ কবিতাৰ লগতে গদ্যৰো অনুৰাগী মই ৷
7:56 am
অতি সুন্দৰ হৈছে।
8:14 am
বৰ সুন্দৰ হৈছে।
9:10 am
সকলোলৈকে ধন্যবাদ।
9:12 am
বহুত উচ্চ মানদণ্ডৰ ব্যঙ্গ। ভাল লাগিল।
11:42 am
ধন্যবাদ নিলাক্ষীবা
5:21 pm
দেশ দুনীয়া এনেকৈ চলি আছে আৰু এনেকৈ চলি থাকিব, নে কি কয়। চিয়েৰ্চ।