ফটাঢোল

অশ্বত্থামা হত কিন্তু ইতি গজ – অমূল্য কুমাৰ কলিতা

অভিযন্তা পাপুৰ কলেজ শিক্ষয়ত্ৰী পত্নীয়ে পাঁচ দিন একেলগে কলেজ বন্ধ থকা বাবে, বন্ধ কেইদিন তাৰ কোৱাৰ্টাৰত কটোৱাৰ উদ্দেশ্যে আজি ৰাতিপুৱা দহবজাত আহি পাবহি। তাৰ বিয়া হোৱা বেছি দিন হোৱা নাই; এই প্ৰথমবাৰৰ বাবে তাৰ থকা ঠাইলৈ আহিব তাই।

সেয়েহে ৰাতিপুৱা পাঁচবজাতে উঠি সি ড্ৰাইভাৰজনৰ সৈতে মিলি কোৱাৰ্টাৰটোত চাফাই অভিযান চলাইছে। চাফাই কৰিবলৈ বিশেষ একো নাই; মাথোন আজি ছমাহমান ধৰি বেডৰুমৰ কাষৰ ৰুমটোত জমা কৰি থোৱা, সি পান কৰা সোমৰসৰ খালী বটলবোৰ এটা ডাঙৰ বস্তাত ভৰাই বস্তাটো সম্পূৰ্ণ হোৱাত মুখখন ভালদৰে বান্ধি দুয়ো ধৰাধৰিকৈ গাড়ীখনত তুলি কিছু নিলগত থকা ৰাজহুৱা পুখুৰীটোত কোনেও নেদেখাকৈ পেলাই থৈ আহিল। অৱশ্যে এই চাৰে পাঁচবজাত কোনোবাই দেখাৰ প্ৰশ্নও নুঠে। চাফাই কামখিনি নিয়াৰিকৈ সুকলমে হৈ যোৱাত সি স্বস্তিৰ নিশ্বাস পেলালে। কাৰণ বিয়াৰ আগতে ঘৈণীয়েকে সোধাত সি সোমৰস পান নকৰাে বুলিয়েই কৈছিল। আনহাতে ঘৈণীয়েকৰ মুখেৰে সি সোমৰস পান কৰা কথাটো তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাক দেউতাকে জানিব পাৰিলে মৃত্যু সম আঘাত পাব।

ন বজাত অফিচলৈ যাওঁ বুলি সি বাৰাণ্ডাত ভৰি থৈছে মাত্ৰ, এনেতে এখন গাড়ীত অহা এজন পুলিচ বিষয়াৰ সৈতে তিনিজন পুলিচ তাৰ ওচৰলৈ আহি ক’লে – “হত্যাৰ অভিযোগত আপোনাক গ্ৰেপ্তাৰ কৰা হ’ল।”

“তাৰমানে, তাৰমানে কি ক’বলৈ বিচাৰিছে আপোনালোকে?”

– থতমত খাই প্ৰশ্ন কৰিলে সি।

“আপুনি হত্যা কৰি ডেড্ বডী বস্তাত ভৰাই ৰাতিপুৱাই ৰাজহুৱা পুখুৰীটোত পেলাই দিয়া বহুকেইজন প্ৰাতঃভ্ৰমণকাৰীয়ে দেখি দিয়া অভিযোগৰ ভিত্তিত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এতিয়া আমাৰ সৈতে থানালৈ ব’লক।”

থানাখন নিউজ চেনেলৰ সাংবাদিকবোৰেৰে ভৰি পৰিছে। সকলোৰে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি দি সি হায়ৰাণ হৈ পৰিছে। শেষত উপায়ন্তৰ হৈ সি হাত জোৰ কৰি চিঞৰি চিঞৰি ক’লে – “আপোনালোকে নিশ্চিত থাকক মই কাকোৱেই হত্যা কৰা নাই। মানুহ হত্যা কৰিবলৈ মই ইমান বেয়া মানুহ নহয়। মোৰ মাত্ৰ এটাই ডাঙৰ দোষ আছে ; সেইটো আপোনালোকে যিমান সুধিলেও একমাত্ৰ মা দেউতাৰ স্বাৰ্থত ক’ব নোৱাৰিম।”

ইতিমধ্যে পুখুৰীত ডেড্ বডী বিচাৰিবলৈ বিশেষ ডুবাৰুৱে বিভিন্ন অত্যাধুনিক যন্ত্ৰ পাতি লৈ বিচৰা পৰ্ব আৰম্ভ কৰিছে। পুখুৰীৰ পাৰত টিভিৰ সাংবাদিকৰে সৈতে লোকে লোকাৰণ্য হৈছে। সকলোৰে মুখত এটাই কথা – “কি যে দিন কাল হ’ল, পাপু ছাৰৰ দৰে মদ পানী নোখোৱা নিৰামিষভোজী ডাঙৰ বিষয়াইও মানুহ হত্যা কৰিবলৈ ল’লে। সঁচাকৈয়ে মানুহক বিশ্বাস কৰিবলৈকে কঠিন হ’ল দেই।”

ভূতৰ ওপৰত দানহ পৰাদি তাৰ ঘৈণীয়েকেও পুখুৰীৰ পাৰলৈ আহি সাংবাদিকৰ কেমেৰাৰ সন্মুখত ৰাউচি জুৰি কান্দি কান্দি ক’বলৈ ধৰিলে – “ইমান মেধাৱী মানুহজনো যে হত্যাকাৰী হ’ব পাৰে মই জনাই নাছিলো। ই মহাপাপীয়ে মোৰ জীৱনটো শেষ কৰিলে ঔ। মই হত্যাকাৰীৰ ঘৈণীয়েক হ’লো ঔ।”

ইতিমধ্যে এজন ডুবাৰুৱে হেলাই হেফাই ওপৰলৈ উঠি আহি ক’লে – “ডেড্ বডীৰ বস্তাটো মই হাতেৰে চুই আহিছোঁ। কিন্তু লৰচৰেই কৰিব নোৱাৰিলো। এটা ডেড্ বডী হোৱাহেঁতেন মই অকলেই ওপৰলৈ দাঙি আনিব পাৰিলোহেঁতেন। বস্তাটোৰ ভিতৰত নিশ্চয় দুই তিনিটা ডেড্ বডী ভৰোৱা আছে।”

কথাটো শুনি ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ’ল। বহুতেই তাক আক্ৰমণ কৰিবলৈ থানালৈ খেদি গ’ল। উপায়ন্তৰ হৈ তাক ৰক্ষা কৰিবলৈ বৃহৎ বাহিনী মোতায়েন কৰিব লগা হ’ল।

অবশেষত ক্ৰেণৰ সহায়ত ডেড্ বডীৰ বস্তাটো ওপৰলৈ অনাত ৰাইজৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হ’ল। টিভিৰ কেমেৰাবোৰৰ দৃষ্টি বস্তাটোৰ ওপৰত নিবদ্ধ হ’ল।

পলম নকৰি বস্তাৰ মুখ খোলাত, ভিতৰৰ বস্তুবোৰ দেখি সকলো আচৰিত হ’ল। এয়া ডেড্ বডীৰ সলনি দেখোন এবস্তা মদৰ খালী বটলহে।

সকলোৰে মুখত এটাই কথা উচ্চাৰণ হ’ল – “পাপু ছাৰ ঘোৰ মদাহীহে; নহ’লে এবস্তা মদৰ বটল ওলায়নে?”

ঘৈণীয়েকেও পুনৰ ৰাউচি জুৰিলে – “মোৰ ফুটা কপাল ঔ; মই এটা ঘোৰ মদাহীৰ সৈতে বিয়া হ’লো ঔ। এতিয়া মই কি কৰো ক’তে মৰো ঔ।”

শেষত পাপুৱে তলমূৰকৈ ঘৈণীয়েকৰ সৈতে থানাৰপৰা কোৱাৰ্টাৰলৈ বুলি প্ৰস্থান কৰিলে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *