ফটাঢোল

জ্যোতিষীৰ এদিন (মূল: আৰ কে নাৰায়ণ) – অনুবাদ: অনুৰূপ মহন্ত

ঠিক দুপৰীয়া হোৱাৰ লগে লগে তেওঁ নিজৰ টোপোলাটো খোলে আৰু নিজৰ জ্যোতিষৰ দোকানখন আৰম্ভ কৰে। টোপোলাটোৰ ভিতৰত থকা সম্পত্তিৰ ভিতৰত আছে কেইখনমান গোলকৈ কটা কাপোৰ, য’ত কিছুমান ৰহস্যময় ৰেখা টনা আছে, এখন ‘নোটবুক’ আৰু এখন জ্যোতিষৰ পুৰণা কিতাপ।

তেওঁৰ কপালত ছাই আৰু সেন্দুৰ সনা থাকে আৰু চকুত এটা বেঁকা চাৱনি যিটো গ্ৰাহক তেওঁৰ ফালে আহিছেনে নাই চাবৰ বাবে তেওঁ ব্যৱহাৰ কৰে, কিন্তু সহজ সৰল মানুহে এইয়া কোনো দৈৱিক শক্তিৰ প্ৰভাৱ বুলিহে ভাবে। আচলতে তেওঁৰ চকু দুটাই মানুহক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে, কপালৰ ফোঁট আৰু ডিঙিলৈকে দীঘল মোচ্ কোছাৰ মাজত জিলিকি থকা তেওঁৰ চকুহাল দেখি অল্পবুদ্ধিৰ মানুহে তেওঁক ভগৱান হেন জ্ঞান কৰে। মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেওঁ মূৰত গেৰুৱা ৰঙৰ পাগুৰি এটাও মাৰে আৰু এই ৰঙে সদায় তেওঁক সহায় কৰি আহিছে। মানুহ বিলাক তেওঁৰ প্ৰতি এনেকৈ আকৰ্ষিত হয় যেন ফুলৰ প্ৰতি মৌ মাখিহে আকৰ্ষিত হৈছে।

টাউন হলটোৰ সন্মুখতে থকা পার্ক খনৰ কাষৰ বৃহৎ তেঁতেলীৰ গছ জোপাৰ ডাল পাত বিলাকে ঠাই খিনি সকলো সময়তে ছাঁ কৰি ৰাখে আৰু এই গছ জোপাৰ তলতেই তেওঁ বহি লয়। এই ঠাই খিনিৰে মানুহ বিলাক ৰাতিপুৱাৰ পৰা মাজ ৰাতিলৈকে অহা যোৱা কৰে।

চাৰিআলিটোৰ চাৰিওফালে সৰু সৰু দোকান কিছুমান আছে যিবোৰৰ ভিতৰত আছে ঘৰুৱা দৰবৰ দোকান, চুৰি কাঠ আৰু লোহা বিক্ৰী কৰা দোকান, এখন যাদুকৰৰ দোকান, সস্তীয়া কাপোৰ বিক্ৰি কৰা দোকান ইত্যাদি, ইয়াত দোকানী বিলাকে অনবৰতে বৰ চিঞৰ বাখৰ কৰি গ্ৰাহক সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰে। তেওঁৰ কাষতে এজন বাদাম বিক্ৰেতাও থাকে, যি সদায় চিঞৰি চিঞৰি তাৰ বস্তু বিলাকৰ নতুন নতুন নাম দি থাকে যেনে কেতিয়াবা কয় মুম্বাইৰ
আইচক্ৰীম, কেতিয়াবা কয় দিল্লীৰ বাদাম ইত্যাদি, আৰু মানুহ বিলাকে তাৰ কথা বিশ্বাস কৰি কিনিও থাকে এইবিলাক।

ভিৰৰ মাজত জ্যোতিষীৰ ওচৰতো যথেষ্ট মানুহ হয়। সন্ধ্যা কাষৰ বাদাম বিক্ৰেতা জনৰ বাদামৰ দ’মটোৰ তলত দিয়া জুইকুৰাত ধোঁৱাৰ মাজে মাজে অলপ অলপকৈ ওলোৱা জুইৰ পোহৰতেই জ্যোতিষী জনে কাম চলায়। এই ঠাইখিনিত মিউনিচিপালিতিয়ে বিজুলীৰ ব্যৱস্থা কৰা নাই, সেয়ে সৰু সৰু দোকান বিলাকত লগোৱা লেম বা চাকিৰ পোহৰতেই সকলোৱে কাম চলাব লগীয়া হয়। কিছুমানে মেন্থন লাইটৰ ব্যৱস্থাও নিজাকৈ কৰি লৈছে, এইবিলাকে চি চি কৈ শব্দ কৰি থাকে আৰু কিছুমানে জ্যোতিষীৰ দৰে আনৰ পোহৰৰ ভৰসাতেই চলি আছে। এইবিলাক সকলো মিলি সন্ধ্যাৰ সময়খিনিত পৰিৱেশটো ৰহস্যময় কৰি তোলে।

জ্যোতিষীৰ এই পৰিৱেশটো বৰ ভাল লাগে। তেওঁ যেতিয়া নিজৰ জীৱনটো আৰম্ভ কৰিছিল, তেওঁ কেতিয়াও ভবা নাছিল জ্যোতিষী হ’ব বুলি, তেওঁ আনৰ ভৱিষ্যত নালাগে নিজৰে ভৱিষ্যতত আগন্তক মুহূৰ্তত কি হ’ব নাজানিছিল। তেওঁৰ কোনো গ্ৰহ নক্ষত্ৰৰে জ্ঞান নাছিল বা যি সকল তেওঁৰ গ্ৰাহক হৈছিল সেই সকলৰ বিষয়েও একো নাজানিছিল। কথা কোৱাত কিন্তু তেওঁ পাৰ্গত আছিল, যিটো সকলোৱে পছন্দ কৰিছিল। সেয়ে অভ্যাস আৰু অনুমানত কথা পাতি পাতিয়েই তেওঁ এইটো বিদ্যাত অতি সোনকালেই পাৰ্গত হৈ পৰিল। কেৱল এইটোৱেই নহয়, তেওঁৰ মতে সকলো বিলাক ব্যৱসায়তকৈ এইটোৱেই সকলোতকৈ সৎ ব্যৱসায় আছিল আৰু দিনটো কষ্টৰ বলত তেওঁৰ যি উপাৰ্জন হৈছিল সেয়া একেবাৰে সৎ উপায়েৰে ঘটা টকা বুলিয়েই তেওঁ বিশ্বাস কৰিছিল।

তেওঁ যেতিয়া গাঁও এৰি আহিছিল, এবাৰো ভবা নাছিল তেওঁ কি কৰি চলিব। গাঁৱত থকা হ’লে সেইবিলাক কামেই কৰিলে হেঁতেন যিবিলাক তেওঁলোকে পুৰুষানুক্ৰমে কৰি আহিছিল অৰ্থাৎ খেতি বাতি, বিয়া, সন্তান জন্ম দিয়া আৰু পুৰণা ঘৰটোতে থাকি এটা সময়ত মৃত্যু বৰণ কৰা। তেওঁ তেনেকুৱা জীৱন বিচৰা নাছিল, সেয়ে মনে মনে ঘৰৰ পৰা পলাই আহিছিল। তেওঁ ঘৰৰ পৰা প্ৰায় দুশ মাইল দূৰলৈ গুচি আহি ইয়াতেই তেওঁৰ নতুন জীৱন আৰম্ভ কৰিলে। দুশমাইল এজন সাধাৰণ গাঁৱলীয়া মানুহৰ বাবে যথেষ্ট দূৰ, যেন দুখন ঠাইৰ মাজত এখন সাগৰৰ সমান বিশাল দূৰত্ব।

মানুহৰ কঠিন সময় আৰু বিভিন্ন সমস্যা বিলাকৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আছিল যেনে বিয়াবাৰু, টকা পইছা, সা সম্পত্তিৰ সমস্যা আদি। দীঘলীয়া সময় ধৰি এইবিলাক কাম কৰি কৰি তেওঁ নিপুণ হৈ উঠিছিল। মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে বুজি পাইছিল আচল সমস্যা ক’ত। এটা প্ৰশ্নৰ সমাধান দিবলৈ তেওঁ আঠ অনা পইচা দক্ষিণা লৈছিল আৰু তেতিয়ালৈকে নিজৰ মুখ নুখুলিছিল যেতিয়া লৈকে গ্ৰাহকজনে নিজৰ সমস্যাৰ বিষয়ে দহ মিনিট নিজ মুখে কৈ নলয়। এই সময়তে তেওঁৰ মনতে দহটা উত্তৰ বা সমাধান ভাবি লয়।

যেতিয়া তেওঁ গ্ৰাহক জনৰ হাতখন নিজৰ হাতত তুলি লয়, হাতৰ ৰেখা বিলাক চাই চাই ক’বলৈ ধৰে- “তুমি কেতিয়াও তোমাৰ কাম বিলাকৰ সম্পূৰ্ণ সু-ফল নোপোৱা।” আৰু দহৰ ভিতৰত ন জনেই তেওঁৰ কথাত সন্মতি জনায়।

নাইবা কেতিয়াবা তেওঁ প্ৰশ্ন কৰে, “তোমাৰ পৰিয়ালত বা বংশত কোনোবা মহিলা আছে নেকি যি তোমাৰ বিৰুদ্ধাচৰণ কৰি আহিছে?”

বা কেতিয়াবা তেওঁ গ্ৰাহক জনৰ চৰিত্ৰৰ বিশ্লেষণ কৰি কয়, “তোমাৰ সৰহ সংখ্যক সমস্যা তোমাৰ নিজৰ স্বভাৱৰ বাবেই হৈছে। ইয়াৰ কাৰণ এইটো যে তোমাৰ ৰাশিত শনি বহি আছে। তুমি বৰ সাহসী আৰু কেতিয়াবা কেতিয়াবা তোমাৰ ব্যৱহাৰ কঠোৰ হৈ পৰে।”

এই শেষৰ বাক্যষাৰি শুনি সকলোৱে জ্যোতিষীৰ সকলো কথা একেবাৰে সঁচা বুলি ভাবিবলৈ বাধ্য হয়, কিয়নো দুৰ্বল মানুহ জনেও নিজকে সাহসী বুলি শুনি সুখী হৈ পৰে।

বাদামৱালাটোৱে জুইকুৰা নুমুৱালে আৰু ঘৰলৈ যাবৰ বাবে সাজু হ’ল। এইটোৱেই জ্যোতিষীৰ বাবে সংকেত, যে তেওঁৰো দোকান সামৰাৰ সময় হৈছে। সকলো ফালে আন্ধাৰে আৱৰি ধৰিছিল, দূৰৰ পৰা এটা সেউজীয়া পোহৰৰ কিৰণ জ্যোতিষীৰ ওচৰত আহি পৰিছিল। তাৰেই পোহৰত জ্যোতিষীয়ে নিজৰ সম্পত্তি বিলাক সামৰি আছিল, তেনেকুৱাতে সেইকণ পোহৰো নোহোৱা হৈ গ’ল।

তেওঁ সন্মুখৰ ফালে চাই দেখে যে এজন মানুহ তেওঁ সন্মুখত ঠিয় হৈ আছে।

জ্যোতিষীয়ে মনতে ভাবিলে, এইজন তেওঁৰ গ্ৰাহক হ’ব পাৰে, নাইবা হয়তো তেওঁক গ্ৰাহক বনাব পৰা যাব। এই উদ্দেশ্যেৰে জ্যোতিষীয়ে মাত লগালে, ” তোমাক বৰ চিন্তিত যেন দেখা গৈছে। ঠিক ঠাইতেই আহিছা তুমি, ইয়াতে অলপ আৰামত বহা আৰু মোৰ লগত অলপ কথা পাতা।”

মানুহ জনে উত্তৰত কিবা এটা ভুন ভুনালে। জ্যোতিষীয়ে আকৌ একেখিনি কথাকে দোহাৰা দেখি মানুহ জনে নিজৰ হাতখন একেবাৰে জ্যোতিষীৰ নাকৰ সন্মুখত ডাঙি ধৰিলে আৰু কবলৈ ধৰিলে, ” হুহ, বৰ জ্যোতিষীটো ওলাইছে….”

জ্যোতিষীয়ে এইটো প্ৰত্যহ্বান হিচাপে ভাবি মানুহ জনৰ হাতখন ধৰি ক’বলৈ ধৰিলে-“তোমাৰ স্বভাৱ এনেকুৱা যে…”

-“এইসোপা বকিব নালাগে, কিবা এটা সঠিক কথা ক’!”

-“জ্যোতিষীয়েও নিজৰ তাও দেখুৱাই কলে, এটা প্ৰশ্নৰ উত্তৰত মই আঠ অনা লওঁ, মাত্ৰ ইমান পইছাতেই মই তোমাৰ বহুত সমস্যাৰ সমাধান দিম।”

মানুহ জনে জ্যোতিষীৰ হাতৰ পৰা টান মাৰি নিজৰ হাত খন আনি পকেটত ভৰালে আৰু আঠ অনা এটা জ্যোতিষীৰ সন্মুখত পেলালে আৰু কলে,

-“মোৰ দৰকাৰী কথা সুধিব লগা আছে। আৰু মোৰ যদি এনেকুৱা লাগে যে তই মোৰ লগত ঠগ প্ৰবঞ্চনা কৰিবলৈ বিচাৰিছ, তেন্তে আঠ অনা সুতৰ সৈতে ঘূৰাই ল’ম কিন্তু।”

-“ঠিক আছে, কিন্তু মোৰ উত্তৰ যদি তোমাৰ শুদ্ধ যেন লাগে তেতিয়া মোক পাঁচ টকা দিব লাগিব, হ’ব নে?”

-“নিদিওঁ”

-“তেতিয়াও তুমি মোক আঠ অনা হে দিবা?”

-“ঠিক আছে দিম, কিন্তু ভুল হ’লে মোক দুগুণ দিব লাগিব।”

অলপ সময় গুণা গঁথা কৰি জ্যোতিষীয়ে মানি ল’লে। জ্যোতিষীয়ে ভগৱানক প্ৰাৰ্থনা জনালে আৰু মানুহ জনে বিড়ি এটা জ্বলালে। বিড়ি জ্বলাওতে জুইশলাৰ কাঠিৰ পোহৰত জ্যোতিষীয়ে মানুহ জনৰ মুখ খন দেখা পালে।

অলপ সময়ৰ বাবে জ্যোতিষী চুপ্ হৈ ৰ’ল। মটৰ গাড়ী বিলাকে ৰাস্তাৰে হৰ্ণ বজাই আগ বাঢ়িছিল, ঘোঁৰা গাড়ী বিলাকেও খট্ খট্ শব্দ কৰি আগবাঢ়িছিল, দূৰৰ পৰা আন্ধাৰত মানুহৰ কোলাহলো শুনা গৈছিল। গ্ৰাহক জন আৰামত মাটিতে বহি ল’লে আৰু বিড়িৰ ধোঁৱা উৰুৱাবলৈ ধৰিলে।

জ্যোতিষীয়ে আঠ অনা পইছাটো মানুহ জনক ঘূৰাই দি ক’বলৈ ধৰিলে, “থাকক দিয়া। মই এনেয়ো তোমাৰ দৰে মানুহৰ পৰা আঁতৰিয়েই থাকোঁ, আৰু মোৰ যথেষ্ট পলমো হৈছে ইতিমধ্যে।”

জ্যোতিষীয়ে খৰ ধৰকৈ নিজৰ টালি টোপোলা বন্ধাত লাগিল। গ্ৰাহকজনে জোৰকৈ জ্যোতিষীৰ হাতত খামুচি ধৰিলে আৰু ক’লে, “এতিয়া মই তোক নেৰিছোঁ, মইতো ৰাস্তাৰে গৈহে আছিলোঁ, তইহে মোক ধৰিছিলি।”

জ্যোতিষী ভয়ত কঁপিবলৈ ধৰিলে। ভয়ে ভয়ে ক’লে, “মোক আজিলৈ এৰি দিয়া। মই কাইলৈ তোমাৰ সৈতে কথা হ’ম।”

গ্ৰাহক জনে নিজৰ হাত এখন আকৌ জ্যোতিষীৰ নাকৰ সন্মুখত তুলি ধৰিলে, আৰু ক’বলৈ ধৰিলে “প্ৰত্যাহ্বান সদায় প্ৰত্যাহ্বানেই। মোক এতিয়াই ক’ব লাগিব।”

উপায় নাপাই জ্যোতিষীয়ে ক’বলৈ আৰম্ভ কৰিলে, “কোনোবা মহিলা আছে….

-“এইচব অদৰকাৰী কথা ক’লে নহ’ব। ক’, মই মোৰ অনুসন্ধানত সফল হ’ম নে নাই? সঠিক উত্তৰ দে, নহ’লে মই তোৰ সকলো পইচা কাঢ়ি ল’ম।”

জ্যোতিষীয়ে মনতে আকৌ ভগৱানক সুৱঁৰিলে আৰু শেষ বাৰলৈ চেষ্টা কৰি চাওঁ বুলি ক’বলৈ ধৰিলে-” ঠিক আছে মই সকলো ক’ম। কিন্তু মই যদি সকলো কথা শুদ্ধকৈ কওঁ, মোক কিন্তু তুমি পাঁচ টকা দিবই লাগিব। আৰু যদি নিদিয়া, তেনেহলে মই যাওঁ, তুমি যি কৰা কৰি থাকা।”

-“ঠিক আছে, হ’ব বাৰু দিম। এতিয়া ক।”

-“তোমাক মৃত বুলি ভাবি এৰি দিছিল। কোৱা হয়নে?”-জ্যোতিষীয়ে ক’লে।

-“হয় হয়, ঠিক কৈছে, আৰু কওঁক।” মানুহজনে আচৰিত হৈ ক’লে।

-“তোমাৰ পেটত এখন চুৰি ভৰাই দিয়া হৈছিল।”

-“আৰে ৱাহ, একেবাৰে সঁচা।” গ্ৰাহকজন জ্যোতিষীৰ কথাত বৰকৈ প্ৰভাৱিত হ’ল আৰু নিজৰ কামিজটো খুলি নিজৰ পেটৰ দাগটো দেখুৱাবলৈ ধৰিলে।

-” ইয়াৰ পাছত তোমাক পথাৰৰ কাষতে থকা এটা কুঁৱাৰ ভিতৰত মৰিবলৈ পেলাই দিয়া হৈছিল আৰু মাৰোতা জনে তুমি মৰিলা বুলি তোমাক তাতেই এৰি পলাই গৈছিল।”

-“সঁচাই, এজন বাটৰুৱাই কুঁৱাটোৰ ভিতৰলৈ জুমি চাই মোক উদ্ধাৰ নকৰা হ’লে মই মৰিলোঁৱেই হেঁতেন।”

গ্ৰাহকজনে জ্যোতিষীক ভগৱান হেন জ্ঞান কৰিবলৈ ধৰিলে আৰু আকৌ সুধিলে, “এতিয়া অনুগ্ৰহ কৰি এইটোও কৈ দিয়ক, মই সেই মানুহটোক ক’ত বিচাৰি পাম?”-ইয়াকে কৈ মানুহ জনে জ্যোতিষীৰ ভৰিত গবা মাৰি ধৰিলে।

-“তুমিতো তেওঁক এতিয়া পৰলোকতহে বিচাৰি পাবা। চাৰি মাহ আগতে দূৰৰ এখন গাঁৱত তেওঁৰ মৃত্যু হ’ল। এতিয়া তুমি তেওঁক কেতিয়াও দেখা নোপোৱা।”

জ্যোতিষীৰ কথা শুনি মানুহজনৰ চকু দুটা সেমেকি উঠিল।

জ্যোতিষীয়ে পুনৰ কলে, “গুৰু নায়ক…”

-“আপুনি চোন মোৰ নামো জানে!” মানুহ জনে আৰু আচৰিত হৈ ক’লে।

-“মইতো সকলো জানো, কি নাজানো মই!”

-“গুৰু নায়ক, মই যি কৈছোঁ সেইটো ধ্যান দি শুনা। তোমাৰ ঘৰ ইয়াৰ পৰা দুদিনৰ দূৰত্বত উত্তৰ দিশে। সোনকালে প্ৰথম খন গাড়ী ধৰিয়েই তুমি ঘৰলৈ ঘূৰি যোৱা। যদি তুমি ঘৰলৈ ঘূৰি নোযোৱা তেন্তে তোমাৰ ভাগ্যত আৰু এটা ভয়ংকৰ ঘটনা হ’ব বুলি মই জানিব পাৰিছোঁ।” ইয়াকে কৈ জ্যোতিষীয়ে অলপ ছাই মাটিৰ পৰা উঠাই মানুহ জনৰ হাতত দিলে আৰু ক’লে,”এইখিনি তোমাৰ কপালত ঘঁহি লোৱা আৰু ঘৰলৈ ঘূৰি যোৱা। দক্ষিণ দিশ তোমাৰ বাবে ভাল নহয়। এইফালে আৰু কেতিয়াও নাহিবা। এনেকুৱা কৰিলে এশ বছৰ জীয়াই থাকিব পাৰিবা, নহলে….”

গ্ৰাহক জনে অলপ সময় চিন্তা কৰি ক’বলৈ ধৰিলে, “মই ঘৰৰ পৰা এতিয়া কিয় ওলাম! মইতো তাক বিচাৰি প্ৰতিশোধ লোৱাৰ আশাতহে মাজে মাজে এনেদৰে ওলাই আহিছিলোঁ। কিন্তু এতিয়াতো এইয়া সম্ভৱেই নহয়। সি মোৰ হাতৰ পৰা বাছি গ’ল। আশাকৰোঁ তাৰ মৃত্যু নিশ্চয় ভয়ংকৰ আছিল।

“উম, তুমি ঠিকেই ভাবিছা”- জ্যোতিষীয়ে লাহেকৈ ক’লে। “এটা দুৰ্ঘটনাত বাছ এখনৰ চেপাত তাৰ মৃত্যু হ’ল।”

এইষাৰ শুনি গ্ৰাহক জন সম্পূৰ্ণ সন্তুষ্ট হ’ল।

তেওঁ যেতিয়ালৈ নিজৰ টালি টোপোলা বান্ধি যাবলৈ সাজু হৈছিল, তেতিয়ালৈ যথেষ্ট সময় হৈছিল। সকলো ফালে পোহৰ বিলাক নুমাই ঠাইখন সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল, চাৰিওফালে এটা শান্ত পৰিৱেশ আছিল। গ্ৰাহক জনেও ইতিমধ্যে তেওঁৰ ওচৰত যিখিনি টকা আছিল, সেইয়া জ্যোতিষীৰ হাতত দি অহা বাটেৰে ঘূৰি গৈছিল।

জ্যোতিষীৰ ঘৰ গৈ পাওঁতে সময় মাজনিশা হৈছিল। পত্নীয়ে দুৱাৰ মুখত ঠিয়হৈ তেওঁলৈ অপেক্ষা কৰি আছিল। স্বামীক দেখি তেওঁ সুধিলে, “আজি ইমান পলম হ’ল কিয়?”

জ্যোতিষীয়ে তেওঁৰ হাতত থকা আটাইখিনি পইচা পত্নীৰ হাতত দি ক’লে, “হিচাপ কৰাচোন, এই আটাইখিনি পইচা আজি একেজন গ্ৰহকেই শেষৰ সময়ত দি গৈছে।”

-“দুই..তিনি..চাৰি..চাৰে চাৰি টকা।” গণি গণি পত্নীয়ে কৈ গৈছিল। তেওঁ ইমান খিনি টকা একেলগে পাই বৰ সুখীও হৈছিল।

-“কাইলৈ মই বজাৰৰ পৰা গুড় আৰু নাৰিকল কিনি আনিম। ল’ৰাটোৱে কেইবাদিনৰ পৰা মিঠাই খাওঁ খাওঁ কৰি আছিল, মই তাৰ বাবে ভাল কিবা এটা ৰান্ধিম।”

-“বদমাছটোৱে মোক আঠ অনা ঠগি থৈ গ’ল! সিটো মোক পাঁচ টকা দিয়াৰ কথা আছিল!”- জ্যোতিষীয়ে ভোৰভোৰালে।

-“কি হ’ল, আজি কিবা খেলিমেলি হৈছিল নেকি?”- পত্নীয়ে সুধিলে।

-“আৰে একো নাই, বাদ দিয়া।”

ৰাতিৰ আহাৰ খোৱাৰ পাছত বিচনাত শুই শুই জ্যোতিষীয়ে পত্নীক ক’বলৈ ধৰিলে, “আজি মোৰ মূৰৰ ওপৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰি গ’ল বুজিছা। ইমান দিনে মই এইটো ভাবি ভয় খাই আছিলোঁ যে মোৰ হাতেৰে এটা হত্যা হৈছিল। সেই ভয়তেই মই নিজ গাঁও এৰি পলাই আহিছিলোঁ আৰু ইয়াত আহি তোমাক বিয়া কৰাই ঘৰ সংসাৰ আৰম্ভ কৰিছিলোঁ। কিন্তু আজি গম পালোঁ সেই মানুহজন মৰাই নাছিল।”

পত্নীয়ে আচৰিত হৈ ক’লে,”কি? আপুনি কাৰোবাক হত্যা কৰিছিল?”

“উম, গাঁৱত থাকোতেই। তেতিয়া মই ডেকা আছিলোঁ আৰু বুৰ্বকো। আমি সেইদিনা একেলগে মদ খাইছিলোঁ, জুৱা খেলিছিলোঁ আৰু দুইটাই খুব কাজিয়া কৰিছিলোঁ। এতিয়া এইবোৰ চিন্তা কৰি কি লাভ! শুই থাকা।”

কথা খিনি কৈ জ্যোতিষীয়েও হাত ভৰি ভালকৈ মেলি শুবলৈ চেষ্টা কৰিলে।

☆★☆★☆

7 Comments

  • সেই মানুহজনে জ্যোতিষীক চিনি নাপালে বুলিহে, নহলে জ্যোতিষীৰ লাল বন্তি জ্বলিলহেতেঁন। ভাল লাগিল অনুৰূপ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অতি সুন্দৰ হৈছে অনুবাদ টি। আৰু পঢ়িবলৈ পাম দেই।

    Reply
  • তৃষ্ণা সো

    সুন্দৰ অনুবাদ, বৰ ভাল লাগিল কাহিনীটো।

    Reply
  • নীলাক্ষি

    সাংঘাতিক কাহিনী। অনুবাদো বৰ সুন্দৰ হৈছে অনুৰূপ।

    Reply
  • জ্ঞানদীপ খনিকৰ

    হে ভগৱান.. ৰাষ্টাত টুকুৰি এটা লৈ ভগৱানৰ নাম লৈ ফোট দিব বিছৰা বিহাৰী ডেকা কেইটালে সন্দেহ হয় দেই.. বহুত ধুনীয়া কাহিনী আৰু বৰ ধুনীয়াকৈ অনুবাদ কৰিছে..

    Reply
  • Mridula

    মজ্জা লাগিল

    Reply
  • Anonymous

    সুন্দৰ অনুবাদ। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *