ফটাঢোল

নানা কথা – সোমকান্ত শইকীয়া

(ক)

স্কুলৰ গৰম-বন্ধ হোৱাৰ বাবে কেইদিনমান, মানে এমাহমান ঘৰত থাকিম বুলিয়েই আহিছোঁ। ঘৰ পাওঁতে গধূলিয়েই হ’ল। গতিকে সোনকালে ভাত-পানী খাই বিচনাত উঠিলোঁ, ওচৰতে থকা আইতাহঁতৰ ফালে মাত লগোৱা নহ’ল।

পিছদিনা পুৱা দাঁত মাজি মাজি ঘৰৰ সমুখৰ ৰাস্তাটোৰে ওলাই গ’লোঁ; লাহে লাহে গৈ থাকোঁতে আধা মাইলমানেই যোৱা হ’ল, দুখোজমান গ’লেই আইতাহঁতৰ ঘৰটো পামগৈ। তেনেতে আইতাক দেখিলোৱেই। তেওঁৱেই প্ৰথমে মাত লগালে,

“বোলো সেইটো ভাইটি নহয় নে?”

“হয়, আইতা, আপুনি উঠিলে?”

“ই আই! কোন কেতিয়াই উঠিলোঁ। পিছে তইনো কেতিয়া আহিলি?”

“মই কালি ৰাতিহে পাইছোঁহি। বোলো এপাক মাৰি চাই আহোঁচোন আইতাহঁতৰ ঘৰৰপৰা।”

“ভাল কৰিলি বোপাই; পিছে তইনো ক’ত আছ আৰু কি কৰি আছ তাত?”

“মই দুলীয়াজানত থাকোঁ আৰু শিক্ষকতা কৰোঁ , আইতা।”

“কি কটা বুলিলি?”

“কটা নহয় অ’, শিক্ষকতা। মানে মাষ্টৰী কৰোঁ।”

“অ’ হয় নেকি? মাষ্টৰী? মই আক’ চাকৰি কৰ বুলিহে ভাবিছিলোঁ; আৰু মাৰেও মিছা কথা ক’ব নালাগে নহয়!”

“বৌৱেনো কি বুলি ক’লে?”

“ক’লে বোলে আমাৰ সোণে চাকৰি পালে; মই সেইবাবেহে তই চাকৰি কৰ বুলি ভাবি আছিলোঁ। আজিহে গম পালোঁ।”

“এৰা আইতা, আছোঁ আৰু মাষ্টৰী কৰি মাহটো যেনে তেনে তৰি!”

(খ)

আবেলি সময়ত দুমাইলমান দূৰৈত থকা মোৰ বংশৰে ককাইদেউ এজনৰ ঘৰলৈ যাবলৈ ওলালোঁ। যোৱাৰ কাৰণ এটাও আছিল অৱশ্যে! ককাইদেউহঁতৰ কেচুঁৱা এটা হৈছে। ল’ৰা। দুমাহমান হ’ল; মই কেইবামাহো ঘৰলৈ অহা নাছিলোঁ বাবে গম পোৱা নাছিলোঁ। বৌৱেহে সোঁৱৰাই দিলে বোলে, খবৰ এটা কৰিবি; নহ’লে ককায়েৰে বেয়া পাব। প্ৰথম ল’ৰা!

এই ককাইদেউজনৰ এটা অভ্যাস আছে। তেওঁ কথাৰ মাজে মাজে ইংৰাজী কয়। এনেয়ে পঢ়া-শুনা বেছি নাই। দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিল।

ইংৰাজীবোৰ এনেকুৱা –

“মই ভয় নকৰোঁ নহয়; একদম ফেচ ফেচ কৈ দিওঁ!”
– ফেচ ফেচ মানে face to face বুজাব খোজে।

“মনটো মোৰ চাছপেক চাছপেক লাগিছে।”
– এনেকৈ ক’লে বুজিব লাগিব কাৰোবাক কিবা কথাত suspect (সন্দেহ) কৰিছে।

যি কি নহওক, আমি ককাইদেউৰ ঘৰত আগফালে বাৰাণ্ডাতে বহি ভাল বেয়া কথা পাতি আছোঁ। তেনেকুৱাতে নবৌৱে এটা মৰমলগা নোদোকা ২ মহীয়া কেঁচুৱা লৈ ওলাই আহিল। মই কেঁচুৱাটোক মৰম কৰি কোঁচলৈ দাঙি লৈ ককাদেউক সুধিলোঁ বোলো, ‘ল’ৰাৰ কিবা নাম দিছা নে নাই?’

ককাইদেৱে বোলে, ‘নাম তেনেকৈ দিয়া হোৱাই নাই; মানুহবোৰে হৰেশ্বৰ বোলে। আমাৰ হৰেশ্বৰ ডাক্তৰৰ লগত কমপ্লেন কৰে।’

মই তৱধ মানিলোঁ! মানুহেনো কি কমপ্লেইন কৰে!

তেওঁৱেই কথাৰ ভেদ ভাঙি দিলে। দেখিবলৈ একে যে, সেইবাবে দুইটাকে কমপ্লেন কৰে।

এতিয়াহে বুজি পালোঁ কি কমপ্লেন কৰে!

আচলতে ডাক্তৰৰ লগত compare কৰে!

Compare গৈ ককাইদেউৰ ইংৰাজীত Complain (কমপ্লেন) হ’লগৈ!

তেনেকৈয়ে আমি চেমনীয়া বয়সত বিহুৰ সময়ত গোটেই চেমনীয়াবোৰ লগ লাগি ককাইদেউৰ ঘৰত বিহু খাওঁগৈ বুলি গ’লে তেওঁ আমাক পদূলিমূৰত দেখিলেই নবৌক চিঞৰে, “হেৰা, আহি গ’ল আমাৰ হ’ল দ’ল পাৰ্টি!” হ’ল দ’ল পাৰ্টি মানে গোটেই হুলস্থূলীয়া দলটো,মানে Whole party.

সেইবোৰ এতিয়া স্মৃতি হ’ল!

(গ)

অনুভৱ কেনে?

সন্ধ্যা সময়ত হেলিকপ্টাৰখন নমাৰ লগে লগে অঞ্চলটো লোকে লোকাৰণ্য হৈ পৰিল। আচলতে,পুৱাৰেপৰাই মানুহবোৰ মহা উৎকণ্ঠাৰে এই বিশেষ মুহূৰ্তটোৰ বাবেই দূৰ-দূৰণিৰপৰা আহি গোট খাইছেহি। সকলো ৰাজনৈতিক, ভাষিক, ধাৰ্মিক,সাংস্কৃতিক, ৰজাঘৰীয়া-প্ৰজাঘৰীয়া নিৰ্বিশেষে আহি শোকস্তব্ধ হৈ এক মৌন মিচিলতহে যেন ভাগ লৈছে! ইয়াৰ মাজতে, দূৰদৰ্শন কেন্দ্ৰবিলাকৰপৰা অহা সংবাদ পৰিবেশক আৰু “কেমেৰা-পাৰ্চন”সকলো আছে; বিভিন্ন চেনেলৰপৰা অহা দূৰদৰ্শনৰ এই লোকসকলে নিজৰ ভিতৰতে কথা বতৰা, আলোচনা আদিত মগ্ন হৈ থকা দেখা গৈছে; সৰু সৰু ল’ৰা ছোৱালীবোৰে দূৰদৰ্শন কেন্দ্ৰৰপৰা অহা এই লোকসকলক বিস্ময়-বিস্ফোৰিত নয়নেৰে দূৰৰপৰাই চাই আছে।

ছহিদৰ পৰিয়ালৰ আত্মীয়সকল শোকত ভাগি পৰিছে আৰু ৰৈ ৰৈ কোনোৱে বিনাইছে বা কোনোৱে হয়তো উচুপি আছে!
এটা গহীন থমথমীয়া পৰিবেশ বিৰাজ কৰিছে!

তেনেতে, অদূৰত হেলিকপ্টাৰখন নামিলেহি আৰু সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ছহিদৰ শৰীৰৰ অৱশিষ্ট অংশবোৰ এটা সুসজ্জিত কফিনৰ ভিতৰত লৈ কেইজনমান সেনা-জোৱান বেণ্ডৰ তালে তালে খোজ মিলাই আগবাঢ়ি আহিছে!

ক্ষন্তেকতে মানুহবোৰৰ মাজত এক অবৰ্ণনীয় আলোড়নৰ সৃষ্টি হ’ল; সাধাৰণ লোকসকল বা বিশেষ ব্যক্তিসকলৰ কথা বাদ দিলে এই মুহূৰ্তত আটাইতকৈ বেছি তৎপৰ হোৱা লোকসকলেই হ’ল দূৰদৰ্শনৰপৰা অহা লোকসকল আৰু এইটো হোৱাৰে কথা, কাৰণ, তেওঁলোকে এই সমস্ত কাৰ্যসূচীৰ এক জীৱন্ত ধাৰা-বিবৰণি সম্প্ৰচাৰ কৰিব।

কোনো এটা চেনেলৰ ধাৰা-বিৱৰণি দিওঁতাজনে এনে ভাৱ-ভঙ্গীত কথাবোৰ কৈছে যেন এখন অতি প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফুটবল খেলৰ চৰম মুহূৰ্তৰ বিবৰণিহে ডাঙি ধৰিছে। মাতত- ভাষাত-অঙ্গী-ভঙ্গীত এক চৰম নাটকীয়তা ফুটি উঠিছে।

আন এটা চেনেলৰ ভাষ্যকাৰজনে তুলনামূলকভাৱে লাহে ধীৰে আৰু উত্তেজনাহীন ভাবে বিৱৰণি দি আছে। লগে লগে ছহিদলৈ শেষ বিদায় জনোৱা, শ্ৰদ্ধা জনোৱা, সামৰিক মৰ্যাদাৰ বাবে কৰণীয় আনুষ্ঠানিকতা আদিৰ দৃশ্যখিনিও সমান্তৰালভাৱে দেখুৱাই থকা হৈছে।

তাৰ পিছতে…. তাৰ পিছতে….

সাংবাদিকসকলৰ মাজৰপৰা এজন আগবাঢ়ি গ’ল ছহিদ পৰিয়ালৰ লোকসকলৰ ফালে আৰু ছহিদৰ জীয়াৰীলৈ মাইক্ৰফোনটো আগবঢ়াই দি প্ৰশ্ন কৰিলে, “আজি ইমান মানুহ গোট খাইছে ছহিদৰ প্ৰতি সন্মান জনাবলৈ। নিশ্চিতভাবে ক’বলৈ গ’লে -এইটো এটা অভূতপূৰ্ব বিৰল মুহূৰ্ত। গতিকে আমি জানিবলৈ বিচাৰিম এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনে?”

ছহিদ-কন্যাই পৰম বিতৃষ্ণাৰে মূৰটো দাঙি সাংবাদিকৰ ফালে চালে। তেওঁৰ দুচকুত যেন দুটা অগ্নি স্ফুলিঙ্গহে তগবগাই আছে। মুখত এক পৰম ঘৃণাৰ অভিব্যক্তি ফুটাই অস্ফুট ভাষাৰে যেন ক’ব খুজিছে – “তোমাৰ নিজৰ আত্মীয় এজন এনেকৈ অপঘাত মৃত্যুত ছহিদ হ’লে যি অনুভৱ হ’ব মোৰো সেই অনুভৱেই হৈছে।” কিন্তু তেওঁ মুখ ফুটাই একো নক’লে আৰু শান্তভাৱে দৃষ্টি অন্যফালে আঁতৰাই নিলে। সাংবাদিকে ইঙ্গিতটো যেন বুজি পালে আৰু চিঞৰি চিঞৰি ক’বলৈ ধৰিলে –

“এতিয়া নিশ্চিতভাৱে আমি কেমেৰা পাৰ্চন……”

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *