ফটাঢোল

বিজ্ঞাপন বিজ্ঞাপন বিজ্ঞাপন – মনজিৎ

আমাৰ আতি মৰমৰ থুলুকৰ নতুন প্রজেক্ট আপকামিং হৈ এই আহোঁ আহোঁ আৰু..

এখন ফাটাফাটি বোলছবি৷ সকলো ৰেকর্ড ব্রেক কৰোঁ কৰোঁকে গুজৰি গুমৰি আছে৷ প্রযোজক থুলুকে ইংৰাজী, অসমীয়া, হিন্দি, তামিল, তেলেগুকে ধৰি মুঠ ওঁঠৰটা ভাষাত ৰিলিজ দিব বোলে। প্রায় সকলো কামেই সম্পুর্ণ হৈ উঠিছে৷ ডিষ্টিবিউটৰ পালেই পূজাৰ আগে আগে ৰিলিজ দিয়াটো খাটাং।

সেই খবৰটো পাই আমাৰ ফিউজ লাইভৰ একমাত্র এদিটৰ ইন চিফ তথা একমাত্র সাংবাদিক নবীনে সদায় ইণ্টাৰভিউত যোৱা দি বিনা কেমেৰা মেনৰে থুলুকৰ অফিছ পালেগৈ চিনেমাখনৰ বিষয়ে থূলমূল আভাষ এটা লওঁ বুলি। নবীন আৰু থুলুক যদিও ‘ক’ শ্রেণীৰ পৰা একেলগে দুই তিনিবছৰকে প্রতিটো শ্রেণীত পাৰ কৰি তিনিবাৰৰ মূৰত মেট্রিকৰ দেওনা একেবাৰতে পাৰ কৰিছিল বা নবীন আৰু থুলুক খুবেই অন্তৰংগ বন্ধু যদিও দুয়োটাই কিন্তু কামৰ ক্ষেত্রত বেচ প্রফেছনেল৷ নবীনে প্রপাৰ এপইণ্টমেণ্ট লৈহে থুলুকৰ অফিছ সোমাইছে। নবীনক দেখা পাই থুলুকে স্বভাবসুলভ গহীন মাতেৰে ক’লে,

: কাম মিষ্টাৰ নবীন ৱেলকাম টু মাই অফিছ, প্লিজ হেভ এ চিট৷

সমুখৰ চকীখন দেখুৱাই ক’লে৷ নবীনেও থুলুকৰ সাদৰ সম্ভাষণত আপ্লুত হৈ ধন্যবাদসুচক মিচিকি হাঁহিৰে চকীখনত বহি পৰিল।

: মিষ্টাৰ থুলুক মই ফিউজ লাইভৰ এদিটৰ ইন চীফ নবীন। নাম ট’ চুনা হি হৌগা৷

অলপ বুকু চুকু ফিন্দাই,

: মই আমাৰ ‘চিলভাৰ পর্দা’ নামৰ জনপ্রিয় প্রগ্রেমটোত আপোনাৰ আহিবলগীয়া নতুন ছবিখনৰ বিষয়ে ৰাইজক জনাবৰ বাবে কিছু কথা আপোনাৰ পৰা জানিবলে আহিছোঁঁ৷ মানে কেনেধৰণৰ ছবি কি কথা কি বতৰা?

প্রফেচনেল হোৱাৰ প্রমাণ দি দাইৰেক্ট কামৰ কথাত আহি গ’ল,

: অহ ৰিয়েলী! ইটছ মাই প্লেজাৰ। আহক মই মুখেৰে কোৱাত কৈ আপোনাক ৰেডী কৰি থোৱা টেইলৰটোকে দেখাই দিওঁ, নে কি কয়?

বুলি কৈ থুলুকেও অভিজ্ঞ প্রযোজকৰ দৰে তৎক্ষণাত ৩ বছৰ আগতেই লাখটকীয়া বজাৰৰ পৰা ১২০০ টকাত কিনা ডি ভি ডিটোত চিনেমাখনৰ চিডিখন ভৰাই ভাড়ালে অনা প্রজেক্টৰত ফকাছ কৰিলে। অলপ সময় এংগোল মিলোৱাৰ পাছত, প্রজেক্টৰটোৰ তলত চিডিৰ কাভাৰ কেইখন দি ডাঙি দিয়াত বগা পর্দাখনত চিনেমাখন পৰিষ্কাৰকৈ দেখা গ’ল। নবীনেও এটা আঙুলি গালত দি একদম ফিলিম ক্রিটিকছ টাইপত লুক এটা বনাই চিনেমাৰ টেইলৰটোত মনোযোগ দিলে।
চিনেমা আৰম্ভ হ’ল মিউজিকৰ তালে তালে নেম কাষ্টিং ‘শ্যাম ৰূপালী’ ফ্রণ্টত চিনেমাখনৰ নাম ভাঁহি আহিল

‘থুলুক…. ডি কমেডি মেন’ দি দি দিচ দি দিত দি ধিচ……… (মিউজিক )

ইন্ত্রদিউচিং

‘শ্রী শ্রী থুলুক পণ্ডিত’

প্রযোজনা/পৰিকল্পনা/পৰিচালনা/সংগীত পৰিচালনা/কাহীনী/চিত্রনাট্য/কৰিয়গ্রাফী……
‘শ্রী শ্রী থুলুক পণ্ডিত’
থুলুক থুলুক থুলুক…… দি দি দিত দি দি দিত দি ধিচ……… (মিউজিক )

নেমকাষ্টিং শেষ হোৱাৰ লগে লগেই পর্দাত চুট বুট পিন্ধি টুৱেণ্টি টাইট হৈ থুলুকে বেৰত আৰি থোৱা ছবি এখন দেখুৱাই সহ অভিনেতাজনক কৈছে,

: সেই যে ছবিখন দেখিছেনে?

: অ দেখিছোঁ দেখিছোঁ।

সহ অভিনেতাজনৰ উৎসাহি প্ৰত্যুত্তৰ

: ময়ো দেখিছোঁ৷ ছবিখনৰ কাষত বগাই ফুৰা জেঠিটো দেখিছেনে?

থুলুকৰ প্রশ্নবান

: অঁ দেখিছোঁ দেখিছোঁ৷

সহ অভিনেতাজনৰ আকৌ উৎসাহি প্ৰত্যুত্তৰ,

: গুদ ময়ো দেখিছোঁঁ৷ সেই ফটোখনত থকা মকৰা জালবোৰ দেখিছেনে?

থুলুকৰ প্রশ্নবান কণ্টিনিউইং

: অ দেখিছোঁঁ দেখিছোঁ।

এইবাৰ সহ অভিনেতাজনে সেমেনা সেমেনকে একো বুজি নোপোৱাৰ দৰে উত্তৰ দিলে,

: ভেৰি গুদ ময়ো দেখিছোঁ। এইবাৰ কওকচোন ফটো খনৰ ক’লা ফ্রেমটো ক’লাই দেখিছেনে বাৰু আপুনি?

থুলুকৰ আকৌ উৎসাহিত প্রশ্ন

: অঁ দেখিছোঁ দেখিছোঁ।

আচৰিত ভাব এটা চকুত আঁৰিলৈ সহ অভিনেতাজনে উত্তৰ দিলে।

তেওঁৰ উত্তৰটো শুনি থুলুকে একো নকৈ মিচিকয়াই হাঁহি ভিতৰলে গুছি গ’ল…..আৰু লগা লগ পর্দাত আকৌ শ্যামৰূপালী ফ্রণ্টত ভাঁহি আহিল

সোলোক-ঢোলোক প্রডাকচন প্রেজেণ্টচ……
“থুলুক…. ডি কমেডি মেন”
থুলুক থুলুক থুলুক…… দি দি দিচ দি দিত দি ধিচ…….. (মিউজিক )

নবীনে টর্জনী আঙুলিৰে বুদ্ধিজীৱীৰ পজ দি থকোঁতে টেইলৰ শেষ হ’ল বুলি গমেই নাপালে। থুলুকে টেইলৰ শেষ হ’ল উঠক বুলি ক’লতহে সম্বিত ঘূৰাই পায়। ৰঙা হৈ গালত ধৰা দিব খোজা লাজটোক গহীনকে ঢাকি ক’লে,

: নাই নাই মই আপুনি কোৱাৰ আগতেই গম পাইছোঁ শেষ হ’ল বুলি। অলপ দকৈ ভাবিহে আছিলোঁ কহিনীটোৰ গূঢ়াৰ্থৰ কথা৷ বেছ ইণ্টাৰেষ্টিং। সুন্দৰ নিটোল কাহিনী৷ সুদক্ষ অভিনয় আৰু পৰিচালনা। কোনো এংগোলৰ পৰাই নালাগিল আপোনাৰ প্রথম চিনেমা যেন। বাহ কি দাইলগ কি মিউজিক। অপূর্ব অনন্য৷

: এহ কি যে কয় মিষ্টাৰ নবীন অলপ বেছিকৈয়ে কৈ দিলে নেকি?
দেখাত সলাজকৈ পিচে ভিতৰি ভিতৰি গংগাটোপটো হৈ থুলুকে ক’লে,

: পিচে এটা কথা নুবুজিলোঁ চিনেমাখনতো কমেডী বুলি কৈছিল আপুনি?

নবীনে প্রশ্নবোধক চিন এটা ভ্ৰুকুটিত আঁকি সুধিলে,

: কিয় আপুনি টেইলৰটোত কমেডী বিচাৰি নাপালে নেকি?

থুলুকে ওলোটাই সুধিলে৷

: পাইছোঁ পাইছোঁঁ৷ ভাল কমেডী হৈছে খুব ভাল হৈছে। পিচে বেলেগ কমেডীবোৰৰ দৰে নহয় দেখোন ইয়াৰ কমেডীবোৰ৷ অলপ বেলেগ৷ মই অকনমান বুজাত অসুবিধা পাইছোঁ৷ আপুনি যদি বেয়া নাপায়?

: হেঃ হেঃ হেঃ!

বয়স্ক হাঁহি এটা মাৰি থুলুকে পাণ এটা মুখত ভৰাই ক’বলৈ ধৰিলে,

: কি জানে মিষ্টাৰ নবীন; এইখন এলা পেছা কমেডী ছবি নহয়৷ এইখন এখন চাচপেন্স কমেডী ছবি। ইয়াত টেইলৰত দেখুৱা ধৰণৰ অনেক জ’ক বা ডাইলগ থাকিব আৰম্ভণিৰ পৰা শেষলৈকে। কিন্তু দশর্কে চিনেমা শেষ হৈ ঘৰ পোৱালৈকে এইটো চাচপেন্সত থাকিব যে এদজেক্টলি হাঁহিব লাগিছিল ক’ত? বুজিলে নে?

পাকৈত বিশেষজ্ঞৰ দৰে বুজাই নবীনলে চাই পঠিয়ালে৷ একো মাথা মুণ্ড নুবুজিলে যদিও আমাৰ প্রফেচনেল নবীনে গহীন হাঁহি এটাৰে ক’লে,

: ৱাহ হোৱাট এন আইডিয়া থুলুক জী!

আৰু ওলাই আহিল মনত এটি বুজা নুবুজা চাচপেন্স লৈ৷

যি কি নহওক ৰাইজ আজি চাৰে আঠ বজাত ফিউজ লাইভৰ ‘চিলভাৰ পর্দাত’ প্রিভিউ চাবলে নাপাহৰিব বোলছবি বিশেষজ্ঞ মিষ্টাৰ নবীনৰ স’তে নতুন ‘সোলোক-ঢোলোক প্রডাকচনৰ’ বেনাৰত নৱনিৰ্মীত বোলছবি,

‘থুলুক….ডি কমেডি মেন’

এ পিউৰ চাচপেন্স কমেডী

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *