ফটাঢোল

বাগানীয়া মন – ডলী তালুকদাৰ

আঠ বছৰ চাহ বাগানত কটাই আহিছোঁ। বহুতো অভিজ্ঞতা বুকুত বান্ধি লৈ আহিছোঁ যদিও বেছিভাগেই ৰসাল। যিবোৰ মনত পৰিলে এতিয়াও ওঁঠত হাঁহি বিৰিঙে।

স্বামীৰ কৰ্মসুত্ৰে আমি যিখন চাহ বাগানত আছিলোঁ সেইখন বাগানত ঘটা ৰসাল ঘটনাবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কাহিনী আৰম্ভ হয় চড়ক পূজাৰে। আমি থকা বাগানৰ গাতে লাগি আছিল আৰু দুখন চাহ বাগান। এখন বাগানত চড়ক পূজা পতা হয়। বাকী দুখন বাগানেও তাত সহযোগ কৰে। সাধাৰণতে চাহ মজদুৰসকল উৎসৱ বুলি ক’লে পাগল। তুচু পূজা, দূৰ্গা পূজা, কৰম পূজা, বাসন্তী পূজা আদি বৰ উলহ মালহেৰে পাতে। তেনেকৈ খ্ৰীষ্টিয়ানসকলেও খ্ৰীষ্টমাছৰ সময়ত এমাহ আগৰ পৰা গীৰ্জাত গৈ প্ৰাৰ্থনা কৰে। খ্ৰীষ্টমাছৰ দিনাৰ পিছৰ পৰা নতুন বছৰৰ প্ৰথম মাহটো ঘৰে ঘৰে ঝুমুৰ, দমকছ আদি নাচে, আশীৰ্বাদ দিয়ে। বাৰু বাৰু বহুত লিখিলোঁ উৎসৱৰ কথা। এতিয়া আহোঁ মূল কথালৈ।

ঘটনাটো মোক আমাৰ বঙলাত কাম কৰা সহায়িকা গৰাকীয়ে কৈছিল। তাইৰ খুৰাকৰ লগত হোৱা কাহিনী। বাগানৰ মজদুৰসকল অলপ অন্ধবিশ্বাসী। বিশেষকৈ বেজ, কবিৰাজ, তন্ত্ৰ-মন্ত্ৰ, গোঁসানী লম্ভা আদিত বৰকৈ বিশ্বাস কৰে। প্ৰায় ভাগ লাইনতে(বাগানৰ মজদুৰ থকা চুবুৰি)এজন বা এজনী বাবা আৰু মাই লম্ভা থাকিবই।

ঠিক তেনেদৰে চড়ক পূজাৰ সময়ত পূজাথলিত বহুতো বাবা আৰু দেৱী লম্ভা স্ব-নিৰ্মিত ভগৱান আহে। মানুহবোৰে ভৱিষ্যত সোধে। তাবিজ, মাদলি আৰু ঔষধো দিয়ে। বেছিভাগ অবিবাহিত ছোৱালী বা ল’ৰাই ভাল দৰা বা কইনা পোৱাৰ তাবিজ লয় আৰু সকলোতকৈ বিক্ৰী হোৱা তাবিজ হ’ল কোনোবা ল’ৰাৰ যদি কোনো ছোৱালীক পচন্দ হয় আৰু যদি ছোৱালীজনীয়ে পাত্তা নিদিয়ে তেতিয়া সেই তাবিজ পিন্ধি ছোৱালীজনীৰ আগত থিয় দিয়াৰ লগে লগে যাতে ছোৱালীয়ে পিছে পিছে দৌৰ দিয়ে ল’ৰাৰ। মুঠতে বহুত মাহাত্ম্য থকা বাবা, দেৱী আহে।

আমাৰ সহায়িকা গৰাকীৰ খুৰাকৰো সেইবাৰ বাবা হ’বলৈ মন গ’ল। নামটো পাহৰিছোঁ তেওঁৰ(ধৰি ল’লোঁ মঙ্গলু নাম তেওঁৰ)। তেওঁ জানিছিল যে এই বাবা, মাই লম্ভা বেছিভাগেই ভণ্ড। বহুতে টকাহে লুটিছিল। গতিকে তেওঁ ভাবিলে ময়ো এই কামটো কৰি অলপ ধন-বিত উপাৰ্জন কৰি লওঁ। ঘৰৰ সকলোকে ক’লে কথাটো। বিশেষকৈ ঘৈণীয়েকক, ভনীয়েকক ক’লে যে এইবাৰ চড়ক পূজাত মোৰো গাত ভগৱান আহিব। গতিকে মই ডিঙিত মালা, ফোট সেন্দুৰ লগাই তাত বহি থাকিম।তহঁতে মানুহে দেখাকৈ সুধিবি মই কোন হয়, কোন দেৱ বা দেৱী আহিছে মোৰ গাত। আৰু প্ৰশ্নও শিকাই দিলে কেইটামান।

সাধাৰণতে গাত লম্ভা ভগৱানৰ ভিতৰত শিৱ বাবা আৰু কালি মা বেছি লম্ভে। গতিকে খুৰাকে ক’লে যে মোৰ গাত দূৰ্গা মা আহিব; অলপ আনকমন ভগৱান। এইদৰে জোৰদাৰ ট্ৰেইনিং চলিল। লাহে লাহে চড়ক পূজাৰ দিন কাষ চাপি আহিল। ইফালে আমাৰ মঙ্গলুৰো আনন্দতে তত নাই গাত। সি ভগৱান হ’ব। সবেই তাক সেৱা কৰিব। টকা উপাৰ্জন কৰিব। ইফালে ঘৈণীয়েক, মাক, ভনীয়েকক ট্ৰেইনিং পুৰা দি আছে। এসপ্তাহ আগতে কাম ছুটি লৈছে। হস্পিতালত গৈ ডাক্তৰৰ পৰা বেমাৰ বুলি লিখাই আনিছে। মঙ্গলুৰ ইমানেই স্ফূৰ্তি লাগিল যে ছুটি লোৱাৰ দিনাৰ পৰাই হাৰিয়া খোৱা আৰম্ভ কৰিছে আৰু আচল পূজাৰ দিনালৈ তাৰ হুঁচ নোহোৱা হৈ গৈছে; যথাসময়ত পূজাত কপালত ডাঙৰ ফোট, ডিঙিত ৰুদ্ৰাক্ষৰ মালা, ত্ৰিশূল লৈ গোটেইটো বাবাজী সাজি গ’ল। পূজাথলিত ইফালে বেণ্ডপাৰ্টি, মাদল, হিন্দী চিনেমাৰ গান ফুল ভলিউমত বাজি আছে। হাৰিয়াৰ নিচা লাহে লাহে মঙ্গলুৰ গাত আহি আছে। ইফালে স্ফুৰ্তি আৰু নিচাতে মঙ্গলুৱে পুৰা নাচোনত ধৰিলে। নাচিছে আৰু তাতে মেলাত বিকা হাৰিয়া খাইছে। আৰু এটা সময়ত সি পাহৰি গ’ল যে সি কিয় আহিছিল পূজাত। এনেতে ঘৈণীয়েক, ভনীয়েকে আগতে কৰা প্লেন মতে আহিল। হাতত থাল এখনত ফুল, সেন্দুৰ, প্ৰসাদ, পইচাৰে সৈতেৰে। প্ৰথমে ঘৈণীয়েকে মঙ্গলুৰ চৰণত সেৱা জনাই শিকাই থোৱা মতে ক’লে “ও মা তুই কোন দেৱী লাগে”। ঘৈণীয়েকে সুধিবলৈহে পালে, ইফালে হাৰিয়াৰ নিচাত সকলো পাহৰি যোৱা মঙ্গলু খঙতে টিঙিৰি-তুলা হৈ মাত দিলে “তোৰ বাপ লাগে। নিজেৰ মতাকে চিনি নাই। ৰ তোকে আজি কাটি দুই টুক্ৰা কৰিম” এইবুলি ত্ৰিশূল ডাল লৈ ঘৈণীয়েকক খেদা মাৰি আহিল। ঘৈণীয়েকে আই ঐ মৰিলোঁ বুলি দে দৌৰ। তাকে দেখি মাক আৰু ভনীয়েকেও মৰিলোঁ বুলি দৌৰ দিলে। আগে আগে ঘৈণীয়েক আৰু মাক, ভনীয়েক আৰু পিছে পিছে মঙ্গলু। গোটেই বাগান সিহঁতক খেদি ফুৰিছে আৰু ঘৈণীয়েকক গালি পাৰিছে “নিজেৰ মতাক চিনিচ নাই।” শেষত কোনোমতে মানুহবোৰে তাক ধৰিলে আৰু ঘৰত কোঠাৰ ভিতৰত সুমুৱাই থ’লে।

চাৰিদিন মান পিছতহে মঙ্গলুৰ নিচা ফাটিছিল বোলে। যেতিয়া নিচা ফাটিছিল সি বোলে বহুত কান্দিছিল ভগৱান হোৱাৰ আশা পূৰ্ণ নোহোৱাত।

☆★☆★☆

16 Comments

  • হাঁ হাঁ৷কি যে হ’ব!ভাল লাগিল

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, বঢ়িয়া ডলী

    Reply
  • ৰাজশ্ৰী

    হা হা হা। কি জমনি চোন বা।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম জমনি এইটো৷ গ্ৰুপত পঢ়িছিলো এইটো৷

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি। বাগানত এনে বহু জমনি ঘটনা হৈয়ে থাকে।

    Reply
  • কাবেৰী মহন্ত

    আকৌ মজা ললো ৷

    Reply
  • হাঃ হাঃ, ভাল জমনি। হাৰিয়াৰ নিচাত প্লেন ধুলিৎসাত হৈ গ’ল।

    Reply
  • somkanta Saikia

    তিৰোতাই দিলেও বিধাতাই নিদিয়ে -ইয়াকে কয় !

    Reply
  • হিৰণ্যজ্যোতি দাস

    আগতে পঢ়িছিলো ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *