ফটাঢোল

মোৰ দিনলিপি – নাজিফ হাজৰিকা

হু…..ও……ও….আ ……
ৰাতিপুৱা উঠিয়েই মুখখন মেলি দীঘলকৈ হামি এটা মাৰি ল’লোঁ। ইফালে ইফালে চালোঁ , লগৰবোৰ উঠাই নাই শুই আছে সকলো। ফাপৰি আৰু মলুৱা উঠিলে পিছে।

কালি ৰাতিটো আমি তপনহঁতৰ ঘৰৰ পিছফালৰ বাঁহনিখনতে পাৰ কৰিলোঁ, মহৰ যিহে উৎপাত।

মোক উঠা দেখি ফাপৰিয়ে মোলৈ চাই মাতিলে
: খেক-খেক খ খোঁ অৰ্থাৎ (ঐ ঠগিৰাম(মোৰ নাম) , মোৰ পিঠিৰ উকণিকেইটা বাছি দে না)

মই বোলো
: হি …..খুক খুক খ-ক খ-ক
অৰ্থাৎ (ধুৰ কাম নাই আৰু মোৰ ?)

ফাপৰি উচাৎ মাৰি মোৰ ওচৰৰ পৰা গুচি গ’ল। মলুৱাই তাইক ভালৰি লগাবলৈ দৌৰি আহিল। মলুৱাই আহিয়েই তাইৰ উকণি বচাত লাগিল। একদম ৰোমান্টিক মুদত আছে এতিয়া দুইটা।

ময়ো অলপ ফুৰি আহোঁ বুলি ওলালোঁ। আহিবৰ সময়ত সিহঁত দুইটাৰ ওচৰলৈ আহিলোঁ। ইমানেই ৰোমাঞ্চ যে, মই আছোঁ বুলি গমেই পোৱা নাই।

ইফালে সিফালে চাই মনে মনে মলুৱাৰ নেগুৰৰ আগটোতে ধৰি জোৰেৰে টান মাৰি দিলোঁ।
– খেক – খেক …..
খেক, খোঁ খোঁ
দুইটাই মোলৈ খঙত চোঁচা মাৰি আহিল, মই পলাই পত্ৰং দিলোঁ

ইজোপা গছৰ পৰা সিজোপা গছলৈ জঁপিয়াই আছোঁ। আহি আহি তপনহঁতৰ ঘৰৰ ওচৰ পালোঁহি। সিহঁতৰ ঘৰৰ সীমাতে থকা চজিনাজোপাত উঠি অলপ বহিলোঁ। টিকাটো চুই চালোঁ, অলপ অলপ এতিয়াও বিষাই আছে।

কালি তপনৰ বাপেক তপাটোৱে মোলৈ কেটেপা মাৰিছিল, একদম টিকাতে লাগিছিল। বিৰাট খং উঠিছিল মোৰ। আজি তাৰেই বদলা লব লাগিব।

মনে মনে তপনহঁতৰ ঘৰলৈ আগবাঢ়ি গ’লোঁ। খিৰিকীত ধৰি জঁপিয়াই একেকোবে সিহঁতৰ চাদৰ ওপৰ পালোঁ গৈ।

দেখিলোঁ তপনৰ মাকে কাপোৰ মেলি থৈছে চাঁদৰ ওপৰত। ভালেই পালোঁ, ইয়াৰ পৰাই আৰম্ভ কৰা যাওক।

এটা এটাকৈ কাপোৰত মাৰি থোৱা ক্লিপবোৰ খুলিলোঁ, গোটেইবোৰ একেলগ কৰি তাৰ ওপৰত চুচু কৰি দিলোঁ।
: হেই …..ধৰ …..ধৰ ….

বাঁহৰ দাং এডাল লৈ তপনৰ মাক আৰু হাতত কেটেপাখন লৈ তপনৰ বাপেক দৌৰি আহিল চাঁদৰ ওপৰলৈ। দুয়ো আহি মোলৈ চোঁচা ল’লে। মই চাঁদৰ পৰা এক্কে জাঁপে কঁঠাল জোপাত উঠিলোঁ। তপনৰ বাপেকে কেটপা মাৰিলে মোলৈ, নালাগিল গাত।

ই….ই…

মই মই দাঁত নিকটাই জিভা উলিয়াই দেখুৱাই দিলোঁ বাপেকক। এইবাৰ আকৌ কেটপা মাৰিলে, এইবাৰো নালাগিল মোৰ গাত। এইবাৰ মই টিকাটো দেখুৱাই দিলোঁ। মোৰ ৰঙা টিকাটো তপনৰ বাপেকৰ ফালে দি খজুৱাই দেখুৱালো। বাপেকে আকৌ কেটেপা টোঁৱালে মোলৈ, মই পলাই পত্ৰং দিলোঁ।

কিছু সময় অনাই বনাই ঘূৰি আছোঁ। অলপ পিছত দেখিলোঁ তপনৰ মাকে পিঠাগুৰি শুকাবলৈ দিছে ৰ’দত


মই চুচুক চামাককৈ মনে মনে পিঠাগুৰিখিনিৰ ফালে আগবাঢ়ি গ’লোঁ।

ভৌ ….ভৌ……ভৌ…

ছেঃ , আহিল নহয় সিহঁতৰ ঘৰৰ ভতুৱা কুকুৰটো। মোলৈ খেদা মাৰি আহিল। মই জাপ মাৰি জেওৰা খনৰ ওপৰত উঠিলোঁগৈ। সি জঁপিয়াই জঁপিয়াই মোলৈ চাই ভুকি থাকিল। মই এপাকত অলপ তললৈ নামি তাক কানতলীয়া চৰ এটা দি আকৌ ওপৰলৈ উঠি আহিলোঁ। সি এইবাৰ আৰু জোৰে ভুকিবলৈ আৰম্ভ কৰিলে। ময়ো সুযোগ বুজি তাক আকৌ এটা কানতলীয়া লগাই দিলোঁ। এইদৰে ৫ টা মান চৰ খাই সি লাহেকৈ ভুকি ভুকি আঁতৰি গ’ল।

অলপ পিছত তপনহঁতৰ ঘৰলৈ আকৌ গ’লোঁ। আগফালৰ খিৰিকীয়েদি ভুমুকি মাৰি চাই দেখিলোঁ তপন আৰু বাপেকে একেলগে TV চাই আছে। মই লাহেকৈ আহি আগফালে থকা Dish TV ৰ ডিছ খনৰ ওপৰত উঠি গাৰ জোৰেৰে জোকাৰি দিলোঁ। জোকাৰি জোকাৰি নাচিবলৈ ধৰিলোঁ।

তপনৰ তপা বাপেকটোৱে খঙত কেটেপাখন লৈ দৌৰি ওলাই আহিল। মই পলাই গৈ দেৱদাৰু জোপাত লুকাই দিলোঁ। বাপেকে গছডাল জোকাৰি দিয়াত মই জাঁপ মাৰি চজিনাজোপা পালোঁগৈ। বাপেকে মোক খেদি খেদি কেটেপা মাৰিয়েই থাকিল। ময়ো ইজোপাৰ পৰা সিজোপা গছ বগাই থাকিলোঁ।

বাপেকে মোক খেদিয়েই আছে খেদিয়েই আছে। ময়ো পলাই আছোঁ। অৱশেষত মই আহি বাঁহনিখন পালোঁহি।

লগৰবোৰ এতিয়া ইয়াত নাই, ক’ৰবাত গ’ল। মই বাঁহ এদালৰ একেবাৰে আগলৈকে উঠি গ’লোঁ। এইখিনিৰ পৰা লুকাবলৈ ভাল, কোনেও নেদেখে। মই তাতে মনে মনে লুকাই থাকিলোঁ। ভাগৰো লাগিছে বহুত।

তপনৰ বাপেকে আহি মোক বাঁহনিখনত বিচাৰিব ধৰিলে। মই নীৰৱে ৰৈ থাকিলোঁ, বহুত ভাগৰ লাগিছিল মোৰ।

বাপেকে মোক বিচাৰি বিচাৰি আহি আহি মই থকা বাঁহদালৰ ঠিক তল পালেহি।

মই ভালেই পালোঁ, একদম Aim মিলাই ল’লোঁ।

এক , দুই , তিনি ….

টি…ৰ….ৰ…ৰ…

বাপেকৰ তপা মূৰটোলৈ মিলাই মুতি দিলোঁ বাপ্পেকে।

আৰু নৰলো, এক্কে জাপে পলাই পত্ৰং দিলোঁ……

আফটাৰ অল মই বা__ৰ হে কিবা …..।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    বঢ়িয়া নাজিফ, ভাল লাগিল পঢ়ি

    Reply
  • parishmita

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *