ফটাঢোল

ডিজিটেল চুমা – দেবজিত শইকীয়া

আজিৰ পৰা বহুবছৰ আগতেই অসম মূলুকত জন্ম লাভ কৰা কৃপাবৰ বৰুৱাদেৱে তেখেতৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাত “চুমাৰ নিচিনা এটা কঠিন পদাৰ্থৰ” বিষদ বৈজ্ঞানিক বাখ্যা দাঙি ধৰিছিল৷ তেখেতে “অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে৷ তেওঁবিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ’ল৷ কোনো কোনো ধনুৰ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰি ধৰে; কোনোৱে আকৌ ধোৰা-কাউৰীয়ে পকা আম খুটিৱাৰ দৰে খুটিয়ায়; কোনোৱে বা ৰাক্ষসৰ মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে৷” বুলি আক্ষেপ প্ৰকাশ কৰি চুমা কাক কয়, চুমাৰ আৱিষ্কাৰ, চুমাৰ প্ৰকাৰ তথা লক্ষণ ইত্যাদিৰ বিষয়ে সবিশেষ বৈজ্ঞানিক বিশ্লেষণ কৰি চুমাপতিসকলক চুমা সম্পৰ্কে চহকী কৰি থৈ গৈছে৷

আজি অতবছৰৰ পিছত তেখেতে দি যোৱা জ্ঞানকে সৰোগত কৰি এই অধমে তেখেতৰ “চুমা-বিজ্ঞান”ক আধুনিক বিজ্ঞানৰ দৃষ্টিকোনৰে পৰ্যবেক্ষণ কৰি চুমাশ্বৰী আৰু চুমাপতিসকলৰ গালি শপনি খাই হ’লেও একঠা লিখিহে এৰিম বুলি কুষ্মাণ্ড হেন মগজুতে টঙালিখন বান্ধি ভোটা কলমক পুৱাৰে পৰা ধৰাই মেলি একো নহ’লেও চুমা বিষয়ক অশ্বডিম্ব এটা হ’লেও প্ৰসৱ কৰিমেই বুলি অকৰা মৈত উঠি লৈছোঁ৷

বৰুৱাদেৱৰ দিনত বিজ্ঞান তেনেই পানীকেঁচুৱা আছিল আৰু তেওঁক বাদে আন কোনো পণ্ডিতে চুমা বিষয়ক বিষদ বাখ্যাক দন্তস্ফূৰ্ত কৰিবলৈ সাহ কৰা নাছিল কিন্তু এতিয়া বিজ্ঞানে কলকলাবলৈ শিকিছে আৰু বহুতেই নামৰ আগত ডম্বৰুৰ ‘ড’টো লগাইছে যদিও চুমাবিষয়ক কোনোৱে গৱেষণা নকৰাত অমুকায়েই ‘ক’ শিকিয়েই কীৰ্তন পঢ়িবলৈ মনস্থ কৰিলোঁ৷ বৰুৱাদেৱৰ পৰৱৰ্তী সময়ত চুমাই বিৱৰ্তনৰ ফলতেই কওক বা আধুনিকতাৰ চেপাখুন্দা খাইয়েই হওক বহুখিনি পৰিবৰ্তনৰ মাজেদি পাৰহৈ হৈ আজিৰ আধুনিক বিজ্ঞানৰ চুমাৰ ৰূপ পাইছেহি৷ চুমা-জিজ্ঞাসু এই অল্পমতিয়ে বাঘা বাঘা গৱেষকৰ দৰেই ইণ্টাৰনেট খুচৰি কৰা গৱেষণাৰ গভীৰ অনুসন্ধানৰ ফলত চুমাৰ উৎপত্তি পোন প্ৰথমে ভাৰতভূমিতে হোৱা বুলি বুকু ডাঠি ক’বলৈ সক্ষম হৈছোঁহক৷ চুমাপণ্ডিত ভন ব্ৰায়েণ্টৰ গৱেষণাৰ উদ্ধৃতি টানি আনি অমুকাইও ক’ব বিছাৰোঁ যে চুমাজাতীয় ক্ৰিয়াকলাপ ঋকবেদ মহাভাৰত ব্যাৎসায়নৰ কামসূত্ৰ আদিত বিস্তাৰিত ৰূপত থকা বৰ্ণনাই আকৌ এবাৰলৈ চুমাৰ ক্ষেত্ৰত “মেৰা ভাৰত মহান” বাক্যশাৰী প্ৰতিপন্ন কৰে৷

৩২৬ খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰ তথা তেওঁৰ সেনাবাহিনীয়ে ভাৰতলৈ আহি চুমাজ্ঞান লাভ কৰি বিশ্বৰ অন্য ঠাইলৈ এই খাদ্যবিধৰ জ্ঞান বিয়পাই দিয়ে বাবেহে আজিৰ বিশ্বই এই চুমাৰ সোৱাদ ল’বলৈ সাৰ্থক হৈছে৷ কিন্তু দুৰ্ভাগ্যবশত এই চুমাক আজিও ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলি কৈ সকলোৱে লুকাই চুৰকৈ খোৱাতহে মনোনিৱেশ কৰাৰ পৰিৱৰ্তে ইউৰোপৰ সমাজত দৈনন্দিন অভ্যাস বা সাংস্কৃতিক আচৰণত অন্তৰ্ভুক্ত হোৱা কাৰ্যই বৰ্তমান প্ৰজন্মৰ চুমাখাদকসকলক অন্তৰত কষ্ট দিয়াই নহয় তেনে দেশত জন্ম লাভ নকৰাৰ সুপ্ত দুখ এটাই অহৰহ মনোকষ্ট দি আহিছে৷

বৰুৱাদেৱে চুমাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে সবিশেষ আলোচনা কৰি গৈছে৷ তেখেতৰ বৈজ্ঞানিক বিশ্লেষণৰ প্ৰকাৰত প্ৰধানত চুমাক ঘৰুৱা চুমা আৰু পৰুৱা চুমাত বিভক্ত কৰিছে ৷ ঘৰুৱা চুমাৰ ভিতৰত “তপত চুমা, চেঁচা চুমা, দীঘল বা লেঙা চুমা, কটীয়া বা বাওনা চুমা, নাল লগা চুমা, খৰা চুমাক আৰু পৰুৱা চুমাৰ ভিতৰত হাকুটীয়া চুমা, এফলীয়া চুমা, নিমাতি বা নিবুকা চুমা, লেলপেল চুমা, বনৰীয়া চুমা, পখিলা চুমা, চোৰ চুমা, কিনা চুমাক স্থান দিয়াৰ ওপৰিও তপত আৰু চেঁচাৰ দৰে ঘৰুৱা চুমা দুবিধকো অন্তৰ্ভুক্ত কৰিছে৷ সময় তথা শব্দ আৰু চুম্বকীয় চুম্বনৰ তৰংগৰ ওপৰত তাহানিতে বৰুৱাদেৱে বিভক্ত কৰি যোৱা এই চুমাৰ ওপৰত কোনোবা বৈজ্ঞানিকে কি স্বয়ং চুমা বিভাগৰ দেৱতা কামদেৱেও একো মাত মাতিব নোৱাৰে৷ চুমা বুলি শব্দটো শুনিলেই দাড়ী মোচ নগজা ফুকলীয়াটোৰ পৰা দুপাৰী দাঁত নোহোৱা সোলা বুঢ়াটোলৈকে সৰ্ব শৰীৰত চিৰিং কৈ বিজুলী বাণ মাৰে, ক’বলৈ গ’লে সাগৰৰ ঢৌ সোপাকে বুকুৰ মাজত উথলি উঠে৷ সেই তাহানি ক’লা- বগা চলচিত্ৰত নায়ক নায়িকাই যে চকুত চকু থৈ ওঁঠ দুখন আগুৱাই অন্তৰংগ হ’বলৈ ধৰোঁতেই দুটা ফুলক ইটোৱে সিটোৰ গাত লগাই দৰ্শকক চুমা জাতীয় কিবা এটা হ’ল বুলি বুজিবলৈ দি পিছৰ দৃশ্যটোত কেঁচুৱাৰ কান্দোন দেখাই হয়তো তেতিয়াৰে পৰা এই চুমা নামৰ বস্তুবিধৰ সা-সোৱাদ কেনেকুৱা জানিবলৈ বৰ মন আছিল৷ পিচে বগা চাহাবৰ দৰে য’তে ত’তে যাকে তাকে গালত ওঁঠ লগাব পৰা ফেচিলিটিটো অসম মূলুকত নথকাৰ বাবে কত লোকে চুমাহীন জীৱন পাৰ কৰিবলগিয়া হয় হয়তো আপুনিও যদি ভুক্তভোগী তেন্তে নিশ্চয় বুজিব৷ নহ’লেনো “এক চুম্মা দে দে বদলে মে পুৰা ইউপি বিহাৰ লে লে” বুলি নায়কে চিঞৰি চিঞৰি গাব লগা হয় নে?

চুমাহীন জীৱন দাৰি, কমাহীন নিৰস লেখাবোৰৰ দৰেই৷ য’তেই চুমাটো পাই জীৱন ৰৈ যায়৷ যি কি নহওক ফটা মুখ ক’বলৈ গ’লে চুমাৰ বিষয়ে শেষেই নহ’ব৷ ৰসৰাজৰ পিছতেই এই মূঢ়মতিয়ে অত্যাধুনিক চুমা কেইবিধমানৰ সংযোগ কৰাৰ হেঁপাহ সামৰিব নোৱাৰিলোঁ৷ তাৰে এবিধ বৰ্তমানৰ ভ্ৰাম্যমান দূৰসংযোগ যন্ত্ৰত সন্নিবিশিষ্ট ৱাটচএপ ফেচবুকৰ প্ৰয়োগৰ দ্বাৰা ঘৰৰ বা পৰৰ যাকেই ইচ্ছা তাকেই বিলাবপৰা “মুৱাহ চুমা”(muaaah চুমা)৷ এই চুমাই ওঁঠক ওঁঠে ঘৰ্ষণ কৰি বৈদ্যুতিক তৰংগ সৃষ্টি নকৰিলেও ইয়াৰ গুৰুত্ব বৰ্তমানে অপৰিসীম৷ চেমনীয়াৰ পৰা চিতাত উঠিবলৈ সাজু হৈ থকা বুঢ়াটোলৈকে, অখ্যাতৰ পৰা বিখ্যাতলৈকে হাতত এণ্ড্ৰইড নামৰ ক্ষেপণাস্ত্ৰ লৈ থকা বহু চুমাপতিয়ে এই বিধ চুমা যাঁচি বা গ্ৰহণ কৰি নিজকে চুমাখাদক হিচাপে প্ৰতিষ্ঠা কৰে৷ আন এবিধ চুমা হ’ল “স্মাইলি চুমা”৷ এই স্মাইলি চুমা এবিধ ৰেডিমেড চুমা৷ যিসকলৰ চুমা দিবলৈও মন পিচে “মুৱাহ” লিখিবলৈও এলাহ কৰে তেনেসকলে এই স্মাইলি চুমা প্ৰয়োগ কৰে৷ এই বিধ চুমা ঘৰৰ পৰৰ বুলি নহয় সাৰ্বজনিন চুমা৷ অত্যাধুনিক তথা “আই ডণ্ট মাইণ্ড” প্ৰকাৰৰ ব্যক্তিয়ে “জাষ্ট ফ্ৰেণ্ডকো” এই বিধ চুমা দিব পাৰে৷ এইখিনিতে এটা কথা স্মৰ্তব্য যে বৰুৱাদেৱৰ দিনত ওঁঠত লিপিষ্টিক নামৰ ঠোঁটপলিচ ব্যৱহাৰ কৰি গালে মুখে কাপোৰে কানিয়ে ডাকঘৰত মৰা ষ্টাম্পটোৰ দৰে ৰঙ গুচাব নোৱাৰা প্ৰসাধন ব্যৱহাৰ কৰা হোৱা নাছিল গতিকে চুমাৰ ক্ষেত্ৰত ইমান সতৰ্কতাও ল’বলগিয়া হোৱা নাছিল কিন্তু বৰ্তমান ঠোঁটপলিচৰ বাবে ঘৰে পৰে চুমাৰ ক্ষেত্ৰত কিছু সাবধানতা অৱলম্বন কৰিব লগা হোৱাত এই চুমাই ওঁঠৰ পৰা গৈ গালক গালে ঘৰ্ষণ কৰি মুখৰেই “মুৱাহ” শব্দ উচ্ছাৰণ কৰি খোৱা চুমালৈ ৰূপান্তৰিত হোৱাত টপক শব্দ চুমাৰ শ্ৰেণীৰপৰা পৃথক কৰি ইয়াক “চিক স্পৰ্শ চুমা” নামাকৰণ কৰা হ’ল৷

ডিজিটেল যুগৰ কথা কিনো ক’ম৷ মুখখন সামান্য জোঙা কৰক, ডিঙিটো বেকা কৰক আৰু ওঁঠ দুখনৰে চুমা খোৱাৰ ভঙ্গীমাটো কৰি হাতত থকা মবাইলফোনৰে চেল্ফী এখন ক্লিক কৰক৷ চুমাখোৱাৰ ভংগিমাৰ ফটোখন প্ৰিয়জনলৈ পঠাওক৷ পুতুককৈ দিব পাৰি বাবেই চাগৈ এই বিধ চুমাৰ নাম চুমাষজ্ঞসকলে পউট চুমা (pout) ৰাখিলে৷

এই সকলোখিনিৰ ওপৰিও ৰোমাণ্টিক যুতিয়ে হাত চুমা, কপাল চুমা তথা বায়ুত এৰা চুমাও খোৱা দেখা যায়৷ বায়ুত এৰা চুমাবিধ স্কুৱাড মিচাইলৰ দৰেই৷ ওঁঠৰ চুমা হাতৰ তলুৱাত লৈ ফু মাৰি দিলেই চুমাই বায়ুতে উৰি গৈ হাজাৰজনৰ মাজতো ঠিকনা লিখি পঠোৱা গৰাকীৰ হাতত পৰেগৈ৷

সামৰণিত এটা কথা ক’ব বিচাৰোঁ যে এই আধুনিক চুমা বিজ্ঞান মুকুটবিহীন সম্ৰাট বেজবৰুৱাদেৱৰ লেখাৰ আলম লৈ লেখা আৰু অমুকা চুমাচঞ্চু বিশাৰদো নহয়৷ গতিকে ভুল ত্ৰুটীৰ বাবে দীঘলকৈ প্ৰণিপাত কৰি শেষত সকলো পাঠকলৈ “আখৰ চুমা” যাঁচি সামৰণি মাৰিলোঁ৷

☆★☆★☆

8 Comments

  • Mukut bhattacharjya

    বঢ়িয়া লিখিলা ।

    Reply
  • দিম্পল

    কি তথ্য চোন দাদা।
    ইয়াৰ ওপৰত পি এইচ ডি ৰিচাৰ্ছ তপিক লৈ লও নেকি

    Reply
  • Suntu

    Bah

    Reply
  • Rintumoni Dutta

    আপ্লুত হ’লো দে দেবজিত, শ্বিলঙৰ চি জে এম ইউনিভাৰ্চিটিত চাবমিট কৰি দিয়া, ডক্তৰেট পাক্কা

    Reply
  • Chidananda Bora

    চুমাৰ সবিশেষ জানি ভাল লাগিল.!!

    Reply
  • বহুত জ্ঞান লভিলোঁ৷ভাল লাগিল৷

    Reply
  • পূৰ্ণময়ী

    বঢ়িয়া ,

    Reply
  • parishmita

    এতিয়া মানে ইমানবোৰ পঢ়ি মেলি হাতে কামে লগাৰহে কথা নে কি কয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *