তলাচাবিৰ গল্প (মূল: বৰুণ কুমাৰ সাহা) – অনুবাদ: অভিজিত দত্ত
তলাৰ মন বেয়া । অকলে অকলে দুৱাৰত ওলমি থাকিবলৈ একেবাৰে ভাল নালাগে। তাইৰো ইচ্ছা যায় খোলা আকাশৰ তলত উশাহ লবলৈ। কিন্তু ই কেনেকৈ সম্ভৱ!
যি চাবিৰ প্ৰতি তাইৰ অযুত মৰম, অযুত অভিমান, সেই চাবিয়ে অদ্ভূত বশীকৰণ মন্ত্ৰ জানে। এটি আলফুলীয়া আদৰত সি আতৰাই পেলায় তলাৰ মান অভিমান। মন্ত্ৰমুগ্ধ তলাই সপি দিয়ে তাইৰ দেহ-মন। আৰু সেই সুযোগতেই চাবি তাইৰ অভ্যন্তৰত প্ৰৱেশ কৰি এনেদৰে মোচৰ মাৰে যে তাইৰ হাত বান্ধ খাই যায়। দায়িত্বৰ অন্ধকাৰ গহ্বৰত তাইৰ হাত উন্মুখ হৈ পৰে। আৰু বিদায় বেলাত অসহায় হৈ হালিজালি তাই মূৰটো লৰাই থাকে পেণ্ডুলামৰ দৰে।
তলা আৰু চাবি চিৰসঙ্গী। পৰিপুৰক। পিছে তলাই কিয় সমগ্ৰ দিনটো অথবা জীৱনজুৰি ওলমি দুলি থাকিব লগীয়া হয়! চাবিৰটো বহু বন্ধু বান্ধৱ আছে। মৌমাখিৰ মৌচাকখন হৈ সিহতে ভুনভুনাই আড্ডা মাৰে। সিহতে সমস্বৰে হাহি ধেমালি কৰে। জীৱনটো প্ৰাণভৰি উপভোগ কৰে। পিছে তলা! যাৰ ভৰষাত সমগ্ৰ ঘৰ-দুৱাৰ নিশ্চিন্ত, তাইৰ একাকীত্বক লৈ কোনেনো মূৰ ঘমায়!
তথাপি তলা দিনটো ওলমি থাকে নিশাৰ অপেক্ষাত। নিশাটো যে তাইৰ বৰ আপোন! সৰ্বস্ব উজাৰি চাবিক নিজৰ বুকুত গুজি দিয়ে। নিজক পেলাই তাই তলাৰ সমস্ত আৱদাৰ পূৰণ কৰে। নীৰৱে। ইচ্ছাত অথবা অনিচ্ছাত।
বহুদিন হল। চাবিৰ একো খবৰ নাই। তলাৰ মন বিষন্ন। বান্ধোন ছিঙি তাইৰ পলাই যাবলৈ মন। কিন্তু সেইয়া কি সম্ভৱ? সমস্ত ঘৰৰ দায়িত্ব যে তাইৰ ওপৰতেই ন্যস্ত।
পিছে ধৈৰ্যৰো এটা সীমা আছে।
তাইৰো এটা মন আছে, শৰীৰ আছে, যৌৱন আছে। যৌৱনৰ লহৰ আছে। লহৰত সুৰ আছে। নিজৰ শৰীৰটোনো তাই কিয় মামৰে খাবলৈ দিব?
দাঁত কামুৰি তাই শপত খালে। কোনো পৰিস্থিতিতেই তাই বশ নামানে। বজাই ৰাখিব তাইৰ অস্তিত্ব, আত্মসন্মান।
অৱশেষত চাবি এদিন আহিল। সেইদিনা তাক ভোমোৰাৰ দৰে লাগিছিল।
ইফালৰ পৰা সিফাললৈ, ওপৰৰ পৰা তললৈ, আগৰপৰা পিছফাললৈ সি অশেষ চেষ্টা কৰিলে। পিছে তলাই কোনোমতে তাইৰ জেদ এৰি নিদিলে।
শক্তি প্ৰয়োগ কৰি এসময়ত চাবিৰ ডিঙি বেকা হ’ল। তথাপি তলা অটল। নাই, নোখোলে।
চাবিৰ চকুৱে ৰক্তবৰণ ললে। মেজাজটোও গৰম। কি? তলা নোখোলে? তাইৰ ইমান স্পৰ্ধা! তাই খুলিবই লাগিব। এইয়াই তাইৰ ধৰ্ম।
অৱশেষত তলা খোলা হ’ল।
ভাঙি !!!!!!
☆★☆★☆
7:14 pm
সুন্দৰ অনুবাদ৷ মজ্জা৷৷
3:34 am
ধন্যবাদ আপোনাক।
9:05 pm
বৰ সুন্দৰ আৰু সাৱলীল অনুবাদ। ভাল লাগিল অভিজিত।
11:24 pm
পঢ়িলো দেই অভিজিত দা ৷ ভাল লাগিল পঢ়ি
12:21 am
বৰ ধুনীয়াকৈ উপস্হাপন কৰিলে.. বৰ ভাল লাগিল পঢ়ি..
3:53 pm
বৰ ভাল লাগিল