ফটাঢোল

চুবুৰীয়া – নয়নমণি দত্ত নেওগ

টিট….টিট…
টিট…টিট….
টিটটট…..টিটটট….

: এহ কোনেনো ইমানকৈ হৰ্নডাল মাৰি আছেহে। এনে একেবাৰে গাড়ীখন, যেন পৃথিৱীত আৰু কাৰোৰে গাড়ী নাইহে যেন হুহহহ!

মিছেছ বৰুৱানীয়ে পৰ্দাখন ঠেলি বেলকনিলৈ ওলাই আহি তেওঁৰ চকু ডাঙৰ হৈ পৰে।

: বাঃ! তাৰমানে শৰ্মানীহঁতৰ গাড়ী আনিলে। ৰঙটোযে বৰ ধুনীয়া লাগিছে পাই৷

গাড়ীখনলৈ চাই চাই নিজৰ মাজতে কথা পাতি থকা বৰুৱানীক দেখা পাই শৰ্মানীয়ে মাত দিবলৈ লওঁতেই বৰুৱানীয়ে নেদেখাৰ ভাও জুৰি বেলকনিত মেলি থোৱা কাপোৰবোৰ অলপ লিৰিকি-বিদাৰি ভিতৰলৈ সোমাই আহে।

: হুহহহ লোকৰ কি দেখিবা গাড়ীয়েই গাড়ী। আজি যদি এখন কালিলৈ আন এখন গাড়ী গেৰেজত সোমোৱাইহি আৰু আমাৰ আকৌ সেইকণো ভাগ্যই নাটানেগে। সেই পুৰণিকলীয়া মাৰুতি এইট হান্দ্ৰেদকেই ঠেলি ঠেলি জীৱনটো যাবগৈ যেন পাইছোঁঁ৷ মুখেৰে ভোৰভোৰাই বৰুৱানীয়ে পাকঘৰৰ কামত লাগে।

ইফালে পেপাৰ পঢ়ি থকা বৰুৱাই পাকঘৰত বাচন-বৰ্তনৰ শব্দ বেছি হোৱাত পত্নীৰ কথাৰ উমান পাইয়েই লাহেকৈ উঠি আহি বেলকনিৰ পৰা কিবা এটা চাই পঠিয়ায়।

অ’….হহ….তাৰমানে কথা এইটোহে। এইযে মাইকী মানুহবোৰৰো কাম নাই দেই। লোকে কিবা এটা কিনিব তাতো চকু। কিবা এযোৰ পিন্ধিব তাতো চকু। কিবা এটা খাব সেইটোটো চকু। মহা মস্কিলহে।

আজি বৰুৱানীহঁত ওচৰৰে শইকীয়ানীহঁতৰ ঘৰত বাৰ্থডে পাৰ্টি এটা খাবলৈ বুলি দুয়ো ওলাই আহে। পাৰ্টিত ওচৰৰ সকলো চুবুৰীয়া গোট খোৱাত সকলোৱে হাঁহি স্ফূৰ্তিৰ মাজেৰে পাৰ্টি উপভোগ কৰিছে। তাৰ মাজতে শৰ্মা-শইকীয়ানীহঁতে তেওঁলোকে পিন্ধি অহা কাপোৰ গহনাবোৰক লৈ ইটো সিটো কথা পতাত ব্যস্ত হৈ পৰিল ।

“এইযে জানা মোৰ এই নেকলেচডাল এওঁ সিদিনা কামৰ সূত্ৰে মুম্বাইলৈ যাওঁতে ভাল দেখি লৈ আনিছিল জানা!”

“হয় নেকি। বৰ ভাল দেখাইছে আপোনাক। বেছি দাম নহয় চাগে।”

“ইহহ নাই নাই; মাত্ৰ পঞ্চাশ হাজাৰ টকাহে।”

মিছেছ শৰ্মানী আৰু শইকীয়ানীৰ কথা শুনি বৰুৱানীয়ে নিজৰ ডিঙিত পিন্ধি যোৱা সৰু চেইনডাল লাহেকৈ চুই কিবা এটা অজুহাত দেখুৱাই বৰুৱাৰ কাষ পাইহি।

: হেৰি যাওঁ ব’লক আৰু৷ সময় বহুত হ’ল৷

: এহহ…হয় নেকি? যদি তোমালোকৰ কথা পতা হৈ গ’ল তেনেহ’লে যাওঁ ব’লা৷

বৰুৱাই অলপ ইতিকিঙৰ সুৰত কোৱাত বৰুৱানীয়ে বৰুৱালৈ ঘোপা চাৱনিৰে চাই পঠিয়ায়।

ঘৰ অহাৰ লৈকে বৰুৱানীয়ে শৰ্মানীহঁতৰ কথাই বৰুৱাৰ আগত কৈ অহাত বৰুৱাই লাহেকৈ মাত দিয়ে।

: হেৰা তুমিনো তেওঁলোকৰ কথাবোৰত মন দিব লাগেনে কোৱাচোন। তেওঁৰ ডিঙিত পিন্ধাডাল ইমান দামী নহ’বওতো পাৰে। তুমিনো সেইবোৰ কথাত বিশ্বাস কৰিব লাগেনে। যদি ইমানেই তোমাৰ গাত লাগিল তেনেহ’লে তুমিও ক’ব পাৰিলেহেঁতেন।

: কি কয় হে আপুনি। মিছা মাতি মই ধৰা পৰি মোৰ মান-সন্মান শেষ কৰিব নোৱাৰোঁ দেই।

: কিয়! সিদিনাখন আমাৰ চুবুৰীয়াৰ কলিতানীৰ আগত তোমাৰ ভনীয়েৰৰ পাটৰ কাপোৰযোৰচোন মই তোমাক কিনি দিয়া বুলি মিছা মাতিছিলা দেখোন। তেতিয়া জানো তোমাৰ মান-সন্মান যোৱা নাছিল হ’বলা!

বৰুৱাই মিহি মিহিকৈ কথাকেইটা কৈ মুখলৈ ভেবা লাগি চাই থকা পত্নীক দুৱাৰৰ তলা খুলিবলৈ লাহেকৈ চকুৰে ইংগিত দিয়ে।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *