ফটাঢোল

ফিউজন – উৎপলা শইকীয়া

অৱশেষত শইকীয়াই সিদ্ধান্ত ল’লে, যি হয় হ’ব৷ নাটখনৰ সুত্ৰধাৰৰ ভাওটো তেঁ‌ৱেই গাই দিব৷ বাকীখিনি তেওঁ এৰি দিব পৰিৱৰ্তনকামী যুৱশক্তিৰ ওপৰত৷ ঘৰৰ আৰামী চকীখনত দেওবৰীয়া অলস আবেলিটোত গাটো এৰি দিলে অঞ্চলৰ সংস্কৃতিবান শিক্ষক মানস শইকীয়াই। মাজে মাজে তেওঁৰ ভাৱ হয় তেওঁ‌লোকৰ অঞ্চলৰ এইকেইজন যুৱক যদি কেনেবাকৈ জাপান বা আমেৰিকাত জন্মিল হয় তেনেহ’লে দেখোন তেওঁলোকে ফিউজনৰ নামত নেপচুন আৰু প্লুটো গ্ৰহ দুটাকো এটা কৰি পেলালে হয়। হৈ যোৱা ঘটনাৰাজিৰ বাবে মনৰ মাজতে গুৰুজনাৰ শ্ৰীচৰণত ক্ষমা ভিক্ষা মাগি পদুলিমূৰৰ নামঘৰটোলৈ চাই সেৱা এটি জনালে। তেওঁৰ অলস দুচকুত টোপনিৰ লগে লগে যোৱা দেওবাৰটোৰ ডোখৰীয়া ছবিবোৰে দোলা দিলেহি ৷

সেইদিনা মানে যোৱা দেওবাৰে ফটাগ্ৰামৰ গাওঁবুঢ়া হেমন্ত কাকতিদেৱে গাঁ‌ৱৰ বছৰেকীয়া সবাহৰ লগত সংগতি ৰাখি গুৰুজনাৰ অংকীয়া নাট এখন মেলাৰ মানসেৰে গাঁ‌ৱৰ নামঘৰৰ বাকৰিত এখন ৰাইজমেলৰ আহ্বান কৰিলে। সভাত গাওঁখনৰ বুঢ়ামেথা দুজনমানৰ লগতে উপস্থিত থাকিল গাওঁখনৰ সাংস্কৃতিক দিশত আগৰণুৱা মাননীয় গৌৰীশংকৰ তালুকদাৰ, মানস শইকীয়া, ৰামানুজ গোস্বামী, কংকনা মহন্ত, নীলাক্ষী দেৱী ডেকা, নাজিম হুচেইন, ফৰিজা আৰফিন, দুলাল চন্দ্ৰ বৰাকে আদি কৰি প্ৰায় সকলো পুৰুষ মহিলা ডেকা ডেকেৰী। আজি সকলোৰে মনত উজ্জ্বলতা প্ৰৱাহমান৷ তাৰ কাৰণো নথকা নহয়৷ সকলোৰে মনত এটাই দুৰ্বাৰ আশা সেইয়া হ’ল নাটখনত ভাও এটা পোৱাটো৷

ইতিমধ্যে সভাত উপস্থিত ডেকা ডেকেৰীহঁতৰ মাজত পাতলীয়া গুণগুণনি এটা শুনিবলৈ পোৱা গ’ল। “গাৱঁত ভাওনা পাতিলে সদায় বয়োবৃদ্ধসকলে ভাওবোৰ লয় আৰু আমাক কামত খটুৱাই মাৰে। হুহ এইবাৰ সেইবোৰ মানি থাকিবলৈ নাই।” এই গুজৱৰ শব্দ কাণত পৰাত গাঁ‌ৱৰ মুখিয়াল হেমন্ত কাকতিয়ে ( যাক সকলোৱে সংক্ষেপত হেকাদা বুলি কয়) মহাভাৰতৰ কৃষ্ণৰ দৰেই কূটনৈতিক ভাৱে সভা পৰিচালনাৰ ভাৰ গাঁ‌ৱৰ সকলোৱে সমীহ কৰা গৌৰীশংকৰ তালুকদাৰক (যাৰ গাঁ‌ৱত চমু নাম জি এচ টি) অৰ্পণ কৰি নিজে অলপ কাটি খাই দিলে৷ জি এচ টিদাই সভাৰ সকলোকে সম্বোধন কৰি ক’লে, “এইবাৰ গাঁ‌ৱত গুৰুজনাৰ এখনি নাট মেলিবলৈ মনস্থ কৰা হৈছে৷ সেই উদ্দেশ্যে সকলোকে ইয়াত একগোট কৰা গৈছেহক। (নিজৰ ভাগলৈ নাৰদৰ ভাওটোকে ৰখাৰ মানসেৰে পুনৰ এড কৰিলে) মোৰ বোধেৰে এইবাৰ ‘পাৰিজাত হৰণ’খনকে মেলা যাওঁক৷ নে কি কয় ৰাইজ?” জিএচটিদায়ে পাৰিজাত হৰণৰ নামটো কৈ কিবা যেন দায়হে লগালে। নামঘৰৰ বাঁকৰি কাঁহ পৰি জীন গ’ল। ডেকাসকলৰ মাজত গুজৱ, ৱাহ বুঢ়া কম নহয় দেই৷ আগৰে পৰা সকলো ভাওনাতে নাৰদৰ নাৰায়ন নাৰায়ন গাই থাকেযে এতিয়াও নাৰদ হোৱাৰে মন, সেয়েহে এইখন নাট ল’বলৈ ওলাইছে। ইফালে চৰিত্ৰও দেখোন মাত্ৰ পাঁচ ছটামানহে৷ ডেকাসকল অলপ গৰমেই হ’ল। “নাই এনেকৈ হ’লে নহ’ব।” এই মনোভাৱেৰে গাঁ‌ৱৰ পাৰ্থপ্ৰতিম শৰ্মাই মাত লগালে – : চাওঁক জিএচটিদা, এইবাৰ আমাৰ ডেকাসকলৰ কথা নাভাবিলে কিন্তু গাঁ‌ৱত আমি জংগী আন্দোলন আৰম্ভ কৰি দিম। লাগিলে মিডিয়া মাতিম। গাঁ‌ৱৰ ডেকা আৰু বয়সীয়াৰ মাজত বিভেদকামী মনোভাৱ ত্যাগ কৰক।

পাৰ্থৰ কথা শেষ হ’বলৈ নাপাওঁতেই মনৰ ভিতৰতে নিজৰ অন্যতম হবি ভেকুঁলীৰ টোৰটোৰণিৰ প্ৰেক্টিছ কৰি থকা গাভৰু জিমিয়েও মাত লগালে –

: কি ভাবি ইমান কম ভাৱৰীয়া থকা নাটকখন ল’ব লগাত পৰিছে? আমি ইমানবোৰ ডেকা ডেকেৰীৰ প্ৰতিভাক ভৰিৰে মোহাৰি মুষ্টিমেয় কেইজনমান মানুহৰ মাজতে ভাওনাখন কৰেই যদি আমাক ইয়ালৈ কি কৰিবলৈ মাতিছিল? জিমি আৰু পাৰ্থৰ কথাত দিম্পল, ভাস্কৰ, তাবিবৰহঁতে হয়ভৰ দিলে। এইদৰেই তৰ্কাতৰ্কি বাঢ়ি অহাত পৰিবেশটো লাহে লাহে গৰম হৈ আহিল। ইমান সময়ে লগৰ পাৰ্টনাৰ অলকেশ ভাগৱতী, হিমাংশু ভাগৱতী, ধুৰ্জটি কাকতি আৰু সঞ্জীৱ ভট্টাচাৰ্য্য আহি বাকৰি নোপোৱাত তেওঁলোকক ফোন কৰি থকা অশোক হুজুৰী্য়ে হুলস্থুল শুনি দুইহাত দাঙি সকলোকে মনে মনে থাকিবলৈ অনুৰোধ কৰিলে৷ পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱা যেন দেখি বাকৰিৰ এচুকত থকা দুলাল চন্দ্ৰ বৰাই সাউতকৈ নামঘৰৰ চাহ কৰা প্ৰকাণ্ড ক’লা কেটলীটো হাতত লৈ ৰাইজৰ আগত আঁঠু ল’লে –“ৰাইজ, মই মোৰ দায়িত্ব আজিয়েই ল’লোঁ‌। ভাওনাৰ দিনা ৰাইজক চাহ পানীটোপা যোগোৱাৰ দায়িত্ব এই অভাজনেই পালন কৰিম। এতিয়া সেৱাহে৷”

ইফালে নিজৰ ডিটিপি চেন্টাৰৰ পৰা নামঘৰৰ বাকৰিত ডাইৰেক্ট এণ্ট্ৰি মৰা নাজিম হুছেইনে পকেটত ডিটিপিৰ অৰ্দাৰৰ সবিশেষ লিখি অনা কাগজকেইখনকে হাতত লৈ ৰাইজক উদ্দেশ্যি ক’লে- “ৰাইজ, মই পইচা তোলাৰ পৰা লাইট মাইক অনালৈ হিচাবৰ সমস্ত দায়িত্ব মুৰ পাতিলোঁ‌৷” এইবুলি তেৱোঁ‌ বৰাৰ লগতে ৰাইজক সেৱা জনাই নিৰাপদ দূৰত্বত অৱস্থান কৰিব খুজিলে। তেনেতে গাঁ‌ৱৰ বয়োবৃদ্ধ চিদানন্দ বৰাই পলম নকৰি অলপ জোৰকৈ চিঞৰি “আউৱা হৰি আউৱা ৰাম” বুলি আশীৰ্বাদ জুৰিলে। আশীৰ্বাদৰ সুবাদতে পৰিবেশটো অলপ ঠাণ্ডা হ’ল আৰু ডেকা ডেকেৰীসকলেও বাকৰিতে লেপেটা কাঢ়ি বহি মণিকূটৰ ফালে চাই মুৰ দোৱালে৷

: আৰে হৰিভকত, অলপ জল্দি কৰাহে৷ তোমালোকে আৰু কিমান দেৰি লগোৱা? ইফালে গাঁ‌ৱৰ ডেকাসোপা কণ্ট্ৰ’ল কৰিব নোৱৰা অৱস্থা৷

বাকৰিৰ পৰা আঁ‌তৰি আহি আলিবাটটোত উঠি অশোক হুজুৰীয়ে হিমাংশু ভাগৱতীলৈ পুনৰ ফোন লগালে।

গাওঁবুঢ়া হেকাদাইয়ো যেন এইবোৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁ‌ৱৰ সকলো দিশতে আগভাগ লোৱা সেই যুৱক কেইজনলৈকে বাট চাই আছিল-মুখৰ তেনে এটা অভিব্যক্তিৰে হুজুৰীক সুধিলেহি- “এ ইহঁতৰ কবি মেল শেষ হোৱাই নাই নেকিহে৷ যি দেখিছোঁ‌ এই কবিতাই ইহঁতক বৰ্বাদহে কৰিব অ’। গুৰুজনাৰ সৃষ্টিৰ প্ৰতি ইহঁতৰ অকনমানো ধাউতি নোহোৱা হ’ল৷ কি যে দিনকাল পৰিল ঔ।“

ইফালে বাকৰিত বয়োজ্যেষ্ঠ আৰু ডেকা ডেকেৰীসকলৰ মাজত মেডিয়েটৰৰ কাম কৰি থকা কৃষ্ণ দাসে মুখত স্বভাৱসুলভ মিহিমাৰ্কা হাঁহিটো লৈ ডেকাসকলক উদ্দেশ্যি ক’লে- “ডেকাহঁত, তোমালোকে কিয় ইমান চিন্তা কৰিছা? খং ৰাগ পৰিহাৰ কৰা৷ আমি আছো নহয়। ইহঁত চাৰিটাকো আহিবলৈ দিয়াচোন৷ জিএচটিদায়ে নাটখন প্ৰস্তাৱহে কৰিছে। সকলোৰে সন্মতিতহে ভাওনাৰ নাটখনৰ চিলেকচন হ’ব।“

এইবাৰ জিএচটিদায়েও যেনিবা দাসৰ কথাটোতে হয়ভৰ দিলে আৰু ক’লে – “ৰাইজ নাট যিহকে নলওক সূত্ৰধাৰত কিন্তু শইকীয়া মাষ্টৰকে ল’ব লাগিব দেই।“ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই শইকীয়াইয়ো বিলম্ব নকৰি ৰাইজৰ আগত সেৱা ধৰিলে। পুনৰ চিদা বাৰাৰ ৰেডিমেড আশীৰ্বাদৰ জোৱাৰ উঠিল৷

ইতিমধ্যে সকলো ৰৈ থকা গাওঁখনৰ মানিকহেন যুৱক কেইজনে তেওঁলোকৰ বিশেষ কবি সন্মিলন শেষ কৰি আহি নামঘৰৰ বাকৰিত পদাৰ্পণ কৰিছিলহি৷ হেকাদাই এইবাৰ হুলস্থূলীয়া পৰিবেশটো তল পেলাবলৈ অলপ চিঞৰি ক’লে- “উপস্থিত সভাপতি মহোদয়, গাঁ‌ৱৰ বয়োবৃদ্ধসকল, মহিলা, যুৱতীৰ লগতে ডেকাসকল যিহেতু পাৰিজাত হৰণ নাটখনক লৈ যুৱচামৰ অসন্তুষ্টি পৰিলক্ষিত হৈছে আৰু যিহেতু গাঁ‌ৱৰ যুৱশক্তিৰ অবিহনে গাঁ‌ৱত কোনো কামতেই আমি আগবঢ়াটো অসম্ভৱ, সেয়ে পাৰিজাত হৰণ নাটখনৰ বাহিৰে বেলেগ এখন নাটৰ কথা বিবেচনা কৰিবলৈ মই সভাপতি মহোদয়ক আহ্বান জনালোঁ।“

হেকাদাৰ ঘোষণা শুনি জিএচটিদাৰ নিজৰ ভাওটো যোৱাত পেটেপেটে খং উঠিলেও জাঙুৰ খাই থকা ডেকা ডেকেৰীহঁতৰ বিৰুদ্ধে একো ক’ব নোৱাৰি মুখৰ ভিতৰতে ভোৰভোৰালে – “হুহ এই হেকাৰ তেল মৰা অভ্যসটো নগ’ল আৰু মানে।“

হেকাদাৰ ঘোষণাৰ লগে লগে ইতিমধ্যে বাকৰিত হাত চাপৰিৰ উজান উঠিছিলেই। তাৰ মাজতে দুজন মানে চিঞৰিলে – “এইবাৰ কিন্তু বেছি ভাও থকা নাট এখনত ধৰক ৰাইজ। আমি সদায় লাঞ্চিত, বঞ্চিত হৈ থাকিব নোৱাৰো নহয়।“

সকলোৱে হয়ভৰ দি পৰিবেশটোক পুনৰ হাইউৰুমিৰ পৰা ওপৰলৈ প্ৰমোচন দিয়ালে। অনিচ্ছা স্বত্বেও জিএচটিদা থিয় হ’ল আৰু ক’লে- :বাৰু ঠিক আছে তেনেহলে নাটৰ নাম ডেকা ডেকেৰীসকলৰ পৰাই প্ৰস্তাৱ কৰা হওঁক।“

ইমান পৰে বিয়নীমেলত ব্যস্ত মহিলাসকলৰ মাজৰ পৰা কংকনা মহন্তই উচাট্ মাৰি কাষতে বহি থকা নীলাক্ষী দেৱী ডেকাক উদ্দেশ্যি ক’লে – “ঐ নীলা ব’লহে। আমাৰ ইয়াত কোনো কাম নাই। একেটা ফ’ৰ্চতে উচাট্ মাৰি উঠা নীলাক্ষী দেৱীয়েও হয়ভৰ দিলে- “হয় হয় কংকুবা, চব আলোচনা যদি ডেকা আৰু বয়সীয়াসকলৰ মাজতে হয়, তেনেহ’লে আমি মহিলাসকলক এই হেকাদাটোৱে কি ফুলদানী কৰি থ’বলৈ মাতিছিল ইয়ালৈ? ব’লা ব’লা বাই। ঐ ফৰিজা, কি চাই আছা? উঠা উঠা।“ বন্ধৰ দিনত শ্বিলংত কৰিবলগীয়া পাৰ্টিটোৰ জল্পনা কল্পনা কৰি থকা ফৰিজা আৰফিনে নীলাক্ষী দেৱীৰ ধমকিত খপজপকৈ যাবলৈ উঠিল। পৰিস্থিতিৰ তাগিদাত মহিলাসকলৰ মাজত মৰমীয়াল হিচাপে পৰিচিত ৰস্না বৰা বাইদেৱে মহিলাসকলক বাধা দিলে- “নীলা, কংকনা ৰ’বা ৰ’বা, তোমালোক অলপ বহাচোন। আমি একো নকৰিলেও এই মহান অনুস্থানটোৰ আয়োজনৰ বাবে সাহসতো দিব পাৰিম ন? জিএচটিদা তুমি নৰ’বা। এইবোৰ মৰমৰ অভিমানহে। কৈ যোৱা তুমি।“

মহিলাসকলৰ কাণ্ড দেখি থতমত খোৱা জিএচটিদাই এইষাৰ শুনাৰ লগে লগে ক’লে- “তেনেহলে নাটখন এইবাৰ মহিলা আৰু ডেকাসকলৰ মাজৰ পৰাই প্ৰস্তাৱ কৰিব লাগে। মই সেৱাহে ধৰিলোঁ‌।“ এইবুলি তেখেতে আঁঠুকাঢ়ি সেৱা ধৰিলে৷ পুনৰ চিদা বৰাৰ আশীৰ্বাদৰ জোঁ‌ৱাৰ উঠিল। কথাটো নিজৰ পাৰ্টিৰ আয়ত্বলৈ অহাত কংকনা মহন্তই ঠিয় হৈ ক’লে-

: ৰাইজ, ‘হৰিচন্দ্ৰ আখ্যান’খনকে মেলিলে কেনে হয়? ভাৱৰীয়াৰ সংখ্যাও তুলনামূলকভাবে বেছি। কথাটোৰ সমৰ্থনত নীলাক্ষী দেৱীয়ে লগে লগে থপথপকৈ হাতচাপৰি বজালে যদিও বাকী কাৰো বিশেষ সমৰ্থন নাপাই সেমেনা সেমেনিকৈ বহি থাকিল৷

ইমান পৰে এই আলেখলেখবোৰ চাই অলপ পৰিস্থিতিটো বুজি লৈ গাঁ‌ৱৰ ভিতৰতে চতুৰ বুলি পৰিচিত ধুৰ্জ্জটি কাকতিয়ে ৰাইজক উদ্দেশ্যি মাত লগালে – “ৰাইজ এইবাৰ কেলিগোপাল নাটখনকে মেলক। ভাৱৰীয়াও সৰহ, কাৰো ভাগত ভাও নপৰাৰ চাঞ্চেই নাই। নাটখনৰ মতে গোপীয়ে যিহেতু ষোল্লশ, গতিকে গাঁ‌ৱৰ ৰাইজৰ মাজত ভাও ভগাই উঠিও চুবুৰীয়া গাঁ‌ৱকো আমি ভাও দিবহে পাৰিম।“

ধুৰ্জ্জটিৰ এই কথাষাৰ শুনি হেকাদা, জিএচটিদা আৰু মানস শইকীয়াই একেলগে চিঞৰি উঠিল-“কি কোৱাহে ধুৰৰ বোপা, ‘কেলিগোপাল’ আহিনৰ ৰাসত কৰা নাটহে! এতিয়া শাওণৰ মাহত কেলিগোপাল কেনেকৈ কৰাহে? হ’ল বুলি ভাও ভগোৱাৰ নামত নিয়ম কানুনবোৰ এইদৰে এৰিব নোৱাৰি দেই৷ চিৰি বিষ্টু চিৰি বিষ্টু।“

ধুৰ্জ্জটি: “এহ হ’বহে হেকাদা, বহাগৰ বিহুটো যদি জেঠ আষাৰ মাহলৈকে পাতিব পাৰে তেনেহ’লে কেলিগোপাল শাওণত পাতিলেনো কি ক্ষতিটো হ’ব? সকলোৱে ভাও পোৱা নোপোৱাক লৈ খেলিমেলি কৰি থকাতকৈ পুৰুষ মহিলা বুঢ়া ডেকা সকলোৱে গোপী ওলাব পৰাকৈ এইখনেই বেষ্ট ভাওনা মোৰ হিচাবত৷”

ধুৰ্জ্জটিৰ চতুৰ বুদ্ধিত আপ্লুত হৈ সকলো ডেকা ডেকেৰীয়ে আনন্দমনে হয়ভৰ দিয়া দেখি অৱশেষত মহিলা আৰু বয়সীয়াসকলেও থেৰোগেৰোকৈ কেলিগোপালতে ভোটটো দিলে৷ নামঘৰৰ বাকৰিত ইমান পৰে কেলেংমেলেংকৈ বহি থকা কবিসকলৰ যেন এতিয়াহে মুখত মাত আহিল। হিমাংশু ভাগৱতী বোলা মেইন কবিজনে চুকৰ পৰাই মাত লগালে- “ৰাইজ মোৰ নাটৰ ভাৱক লৈ একো ডিমাণ্ড নাই৷ মই ভাও পালেও নাপালেও কিন্তু প্ৰথম গোপীজনীক নেহাংগনা নাম দিব লাগিব। তেওঁৰ গাত মিচ ইণ্ডিয়াসকলে মৰাৰ দৰে সেইযে কাপোৰখন মেৰিয়াই দিয়ে তাত নেহাংগনা বুলি লিখি দিব লাগিব৷ নহ’লে মোৰ এই ভাওনাত কোনো সহযোগ নাথাকিব।“

এইবাৰ কাষতে বহি থকা সঞ্জীৱ ভট্টাচাৰ্য্যইয়ো মাত লগালে – “ৰাইজ মোৰো এটা ডিমাণ্ড আছে৷ আই লব চাউথ ইণ্ডিয়ান মুভিজ৷ সেইকাৰণে গোপীৰ নৃত্যৰ লগতে মোৰ ফেভাৰিট লুংগী ডান্সৰ চেওটোও বায়ন কাইদৌয়ে বজাব লাগিব৷ নহ’লে মোৰ ফালেও নেচেল৷”

সঞ্জীৱ ভট্টাচাৰ্যৰ কথা শুনি কান্ধত খোলটো লৈ ঠিয় হৈ থকা গাঁ‌ৱৰ বায়ন ৰিণ্টুমণি দত্তই খোলতে লুংগী ডান্সৰ চেওটো বজায় এক বিশেষ ভংগীমাত মুৰটো আগলৈ লৰাই লৰাই প্ৰায় নাচিবলৈয়ে আৰম্ভ কৰিলে৷ তাকে দেখি গাওঁমেলৰ কথা পাহৰি সঞ্জীৱ ভট্টাচাৰ্য্যইয়ো ভাংৰা ষ্টাইলতে লুংগী ডান্স মৰা আৰম্ভ কৰিয়ে দিলে৷ ইফালে ডান্স দেখি ডেকাহঁতৰ কিৰিলি দুগুনে বাঢ়িল।

জীৱনত কেতিয়াও নেদেখা নুশুনা এই ডেকাহঁতৰ কাণ্ডবোৰ দেখি শুনি হেকাদা, জিএচটিদা, কংকনাবাইদেউকে আদি কৰি আগৰ চামটোৱে দুলাল বাৰক ইংগিতেৰে পানী বিচাৰি আটাইকেইজনে এগিলাচকৈ পানী খাইহে উঠি অহা চৰ্চৰণিটো দমালে৷ জিএচটিদায়ে মণিকূটৰ ফালে চাই ঈশ্বৰক স্মৰণ কৰিলে- “হে প্ৰভু, আজি এইখন সভাৰ পৰা জীউটো বচাই নিবা আৰু কিবাকে৷”

ডেকাহঁতৰ কিৰিলি আৰু হাতচাপৰি মাৰ নৌযাওঁতেই এইবাৰ ধুৰ্জ্জটি কাকতিয়েও নিজৰ ডিমাণ্ড যোগ দিবলৈ উঠিল- “ৰাইজ শিশুলীলাৰ পুতনা ৰাক্ষসীৰ প্ৰৱেশ মোৰ ডিৰেক্সনতহে হ’ব কিন্তু।“

ৰিণ্টু দত্ত: “ধুৰ, চেওটো আগতীয়াকৈ কৈ দিলে ভাল আছিল।“

ধুৰ্জ্জটি কাকতি: “ঠিক আছে তেনেহ’লে মিলাই যাওঁক মোৰ লগত৷ বাগুৰুমবা অ বাগুৰুমবা উৰিবকে খুজিছো উৰিবকে নাপাৰোং পৰি পৰি যাং ঐ বাগুৰুমবা” – এইদৰে গাই গাই ধুৰ্জ্জটিয়ে হাতদুখন বাগুৰুমবা ষ্টাইলত মেলি এক অদ্ভুদ জাঁ‌প মাৰি মাৰি নাচিবলৈ লাগিল।

গাঁ‌ৱৰ একেবাৰে বৃদ্ধসকলৰ মাজৰ পয়সত্তৰ বছৰীয়া গোলক বৰুৱাই এই অদ্ভুত কাণ্ডবোৰ দেখি আৰু ৰৈ থাকিব নোৱাৰিলে – “হেৰ’ বোপাইহঁত তহঁতে এইদৰে উভতগুৰে নাচিবলৈ নাযাবিহঁত৷ অলপমান গুৰু গোঁসাইক ভয় কৰিবি। প্ৰভুৱে তহঁতক সুখত নেৰিব কিন্তু মই কৈ থ’লো। হে প্ৰভু এই মুঢ়মতিহঁতক অলপ সংযম দিয়া। মই উঠিলোঁ‌৷ তহঁতে যি কৰ কৰি থাক। হে মধুসুধন, ৰক্ষা কৰা প্ৰভু।“

এইবুলি তেখেত যাবলৈ উদ্যত হওঁতেই ইমান সময়ে নিজৰ খেয়ালী দুনীয়াত হেৰাই থকা অলকেশ ভাগৱতীয়ে মাত লগালে- “গোলক বৰদেউতা, আপুনি অলপ বহকচোন। মোৰখিনি নুশুনাকৈ যাব নোৱাৰে আপুনি৷ সেই আগৰ পুৰণিকলীয়া ঢিনিক টাক্ খিতিক টাক্বোৰ এতিয়া অলপ আউটডেটেড হ’ল আজিকালি সকলোতে নতুনত্ব লগা হৈছে। মোৰ মতে গোটেই নাটখনৰ মাজে মাজে গোপী আৰু কৃষ্ণৰ নৃত্যত “শ্বিলঙৰে মনালিচা লিংডো” গানটোৰ তাল এটা দি গোপী কৃষ্ণক চালছা টাইপৰ নাচ এটা নচোৱালে ভাল হ’ব৷ মুঠতে যিকোনো পৰিস্থিতিত মনালিচা লিংডোক বাদ দিব নোৱাৰিব কিন্তু। হাৰে এণ্টাৰটেণ্টমেণ্ট বুলিও কথা এষাৰ আছেতো৷”

ডেকাচামৰ এই আজৱ কথাবোৰ শুনি গাঁ‌ৱৰ গাওঁবুঢ়া হেকাদা আৰু জিএচটিদায়ে মুৰে কপালে হাত দিলে।ইফালে গোলক বুঢ়াৰ মুৰৰ ঘুৰণিত জীউ যাওঁ যাওঁ অৱস্থা হ’ল৷ হেকাদা আৰু জিএচটিদাই একেলগে অলপ খঙৰেই ক’লে – “হেৰ’ বোপাইহঁত এইখন অংকীয়া নাটেই হ’বনে?”

ইফালে অলকেশ ভাগৱতীৰ কথাত চাপ’ৰ্ট দিয়া ডেকা ডেকেৰীহঁতৰ হাততালিৰ গিজগিজনীত ভাগৱতীয়ে দুগুন উৎসাহেৰে বুকুফিন্দাই উত্তৰ দিলে- “হাৰে কিয় নহ’ব? আজিকালি দেখোন সকলোতে ফিউজনৰ ধুম উঠিছে৷ লোকগীতত ফিউজন কৰি তিনি চাৰিটা ভাষা এড কৰিব পাৰে, দিহানামত ফিউজন কৰি “কহো না প্যাৰ হেই”ৰ ডান্স কৰিব পাৰে যদি আমি অংকীয়া নাটখন কিয় বাদ দিম? হওঁক সকলোতে ফিউজন। লাগিলে বেনাৰখনত ‘ফিউজাংকীয়া ভাওঁনা’ এখন মঞ্চস্থ কৰা হ’ব বুলি লগাই দিম। কাষৰ গাওঁবোৰৰ মানুহে নতুত্বৰ আশাত হিলদল ভাঙি আমাক সহযোগো কৰিবহি আৰু আমাৰ গাঁ‌ৱৰ ইন’ভেটিভ আইডিয়াটোৰ পপুলাৰিটিও বাঢ়িব। এইখিনি ফিউজন কৰা বাবে যদি আপোনালোকৰ কিবা অসুবিধা আছে তেনেহ’লে মইয়েই সুত্ৰধাৰৰ ৰোলটো গাই দিম৷ ভাবিবলে কি আছে? “

অলকেশ ভাগৱতীৰ অংকীয়া নাটৰ ফিউজনৰ ওপৰত এই উদাত্ত ভাষণটো শুনি মানস শইকীয়াই কি ক’ব একো ভাবি নাপালে। শেষত যি হয় হ’ব বুলি সমাজৰ আগত সূত্ৰধাৰৰ ভাওটো গোৱাৰ দায়িত্ব লৈ আঠু ল’লে। চিদা বৰাৰ “আউৱা হৰি আউৱা ৰাম”ৰ লগে লগেই কথা আৰু বেছিদুৰ আগ নাবাঢ়ক বুলি জিএচটিদাই – “আজিৰ সভা ইমানতে ভংগ ৰাইজ৷ বাকী আলোচনা পৰৱৰ্তী সময়ত সভাৰ জৰিয়তেই কৰা হ’ব।“ বুলি সভা ভংগ ঘোষণা কৰিলে।

: ঐ ভাইটি, তেতিয়াৰে পৰা চাহকাপ খাবলৈ চিঞৰি আছোঁ‌। কি চিন্তাত এনেকৈ ডুবি আছনো? আহ চাহ ঠাণ্ডা হ’ব এতিয়া। মোৰো ঘৰলৈ যাবৰ হ’ল। বতৰো বেয়া কৰি আহিছে৷”

ৰাস্না বাইদেউৰ মৃদু হেচুঁকনিত সাৰ পাই শ্ৰী শইকীয়া বাস্তৱলৈ ঘুৰি আহিল আৰু ৰাস্না বাইদেৱেকৰ পিছে পিছে ডাইনিং টেবুলৰ ফালে খোজ ল’লে৷

☆★☆★☆

15 Comments

  • সুন্দৰ ভাল লাগিল পঢ়ি। ধেমালিৰ চলেৰে সুন্দৰ বাৰ্তা। ধন্যবাদ উৎপলা শইকীয়া।

    Reply
  • Nilakshi Devi Deka

    ভীষণ সুন্দৰ ৰসাল লিখনি। ধেমালিৰ চলেৰে কোৱা ব্যঙ্গ খিনিও ভাল লাগিল বহুত। আৰু এনে লিখনিৰ বাবে বাট চালোঁ উৎপলা।

    Reply
    • নীলাা বা এই এলেহুৱা ভনীজনীক আপুনি সদায় উৎসাহিত কৰে ৷ আপোনাৰ অনুবাদো তামাম হৈছে ৷ মুঠতে এইবাৰ অনুবাদ শিতানে ফালি দিছে

      Reply
  • ৰামানুজ

    বাহ উৎপলা ! মজ্জা !!

    Reply
  • ধূৰ্জ্জটি

    বঢ়িয়া

    Reply
  • সঞ্জীৱ

    মজা একদম।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি

    Reply
  • Thank you ধুৰৰৰ

    Reply
  • হেমন্ত কাকতি

    তামাম দেখোন উৎপলা৷ নাটৰ মাজত নাট৷ বিৰাট ভাল লাগিল৷

    Reply
  • মানসী বৰা

    বৰ ভাল পালো..ৰসাল হৈছে..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *