ফটাঢোল

বহাগী বিদায় ফেষ্টিভেল – ৰুবী বৰা বৰদলৈ

তিনি আলিৰ দীপেনৰ দোকানৰ সন্মুখত কেৰম-ব’ৰ্ড টঙনীয়াই থকা পিলিঙাকেইটাৰ দেখিবলৈহে চন-গুৰি নাই, পিচে সিহঁতকেইটাৰ সমান সংস্কৃতিবান ল’ৰা অঞ্চলটোতে নোলাব। ৰ’ব, দেখিবলৈয়ো চন-গুৰি নোহোৱা নহয়। এখন কাণত দুই-ইঞ্চি গজাল একোটাৰ সমান ফুলি। এখন হাতত দুই চোটা ৰড এডালৰ সমান খাৰু আৰু আনখন হাতত প্ৰায় পাঁচ বছৰৰ পৰা সংৰক্ষণ কৰি থোৱা ৰং উৱলি যোৱা, ৰাখী আৰু বিভিন্ন মন্দিৰৰ ধাগাৰ বান্ধোন। ডিঙিত শিকলি, ষ্টিলৰ থাম্ব্-ৰিং, ধান- খেৰৰ মেজি যেন কেশ-সজ্জা, কেঞা আঙুলিত কাউৰীৰ ঠোঁট যেন সুদৃশ্য নখ, কে’ পিৰ ৰঙেৰে বোলোৱা ব্লেক এণ্ড হোৱাইট দন্তপান্তিৰে সৈতে যেতিয়া কঁকালৰ পৰা এই সৰি পৰোঁ এই সৰি পৰোঁকৈ থকা সূতা ওলোৱা জিন্স, কলাৰ উঠোৱা চোলা আৰু ৰঙা জোতা একোজোৰ পিন্ধি ৰাস্তাৰে গজগতিৰে খোজ কাঢ়ি যায়, নোচোৱায়ো ৰৈ ৰৈ চায়। তাতে বাইক এখন পালেতো কোনে পায় আৰু! গিয়েৰত থকা স্পিডকণ চুঁচি-বাছি দি, সেইখন উৰাই যেতিয়া পোন ৰাস্তা একোটাও কাৰ্শলা সাপটোৰ দৰে বেঁকা-বেকি কৰি পেলায়, আমাৰ দৰে পথিকগণৰ কল খোৱা ধাতু বাজ হৈ যায়।

তিনিআলিৰ সৰস্বতীপূজা, গণেশপূজা, লক্ষীপূজা, দূৰ্গাপূজা আৰু আহাৰৰ প্ৰথম সপ্তাহলৈকে পতা বিহু ফাংছনবোৰৰ মূল উদ্যোক্তা সিহঁতেই। ল’ৰাকেইটা অবিহনে অঞ্চলটোত কোনো উৎসৱ নহয়, কোনেও খেলৰ নামত কেৰমখনো উলিয়াই নলয়, কোনেও বতৰৰ গীত এটা জিভাৰ আগলৈ নানে হেৰৌ!

সিদিনা কেৰমখন টঙনীয়াই থাকোঁতেই বিপুলৰ মূৰত বিজুলী এছাটিয়ে খেলা কৰি গ’ল। এইবাৰ বহাগ গ’লেই চাগে। কোনেও বিহু এখনৰ কথা নুলিয়ালে। সি নিপেনৰ পিঠি মেছা হৈ যোৱাকৈ ঢকা এটা মাৰি ক’লে,

: ঐ দোস্তি, বহাগ গ’ল নেকি অ’! এইবাৰ বিহু পতাই নহ’ল বে’!

ঢকা খাই নিপেনে পিঠিটো কোনোমতে পোন কৰিবলৈ চেষ্টা কৰি আছে। মুখেৰে মাত ওলোৱাই নাই। তাকে দেখি অশোক আৰু গণেশে কথাটোত চিৰিয়াচলি ভাগ ল’লে,

: আৰৰৰে’, ভাল য়াদ কৰাই দিলি দোস্তি। মে’ৰ ফিফটিন পাৰ হৈ গ’ল। তাৰমানে বহাগ ফিনিছ। ক’ঈ বাত নেহি, বহাগী বিদায় পাতিব পাৰি।

: ঐ নিপেন, তোৰ আৱাজ ওলোৱাই নাই নেকি ৰে’?

: ৰহ, ই কুত্তাই যিটো ঢাক্কা দিলে…..! বহাগী বিদায় যে পাতিবি, কোনে এৰে’ঞ্জ কৰিব? মোৰ কিন্তু টাইম নাই।জুনৰ লাষ্ট য়া জুলাইৰ ফাৰ্ষ্টত ফ’ৰ্থ চেম। ৰিজাল্ট ভাল নহ’লে বচে ঘৰৰ পৰা আউট কৰি দিব। ষ্টাডি ষ্টাৰ্ট কৰিব লাগে বে’!

: আৰে’ কৰিবি না ষ্টাডি। তই কি পেণ্ডেল দিবি না পাৰ্ফৰ্ম কৰিবি? কালেকছনত হেল্প কৰি দিবি, বচ্‌৷ তাকো দিনত। নাইটত তই ফ্ৰি। পঢ়িবি আৰু!

: তহঁতি যেনেকে কৈছ, বহাগী বিদায় যেন এৰেঞ্জ হৈয়ে গ’ল!

: হৈ গ’ল বুলিয়ে ধৰচোন! কিমান ফাংচন পাতিলোঁ তাৰ হিচাব নাই! বহাগী বিদায়নো কি! টেনছন নল’বি। হৈ যাব আৰামত। ফাৰ্ষ্ট, খৰচৰ হিচাব কৰ। পেণ্ডেল উইথ ষ্টে’জ ধৰ থাৰ্টি থাউজেণ্ড। হাণ্ড্ৰেড চেয়াৰত কিমান ল’ব?

: হাণ্ড্ৰেড চেয়াৰ মানে?

: হ’ব। লেডিজখিনিয়ে বহিবলে পালেই হ’ল। জেন্সখিনি বহি থাকিব নেকি? আৰ্টিষ্ট ষ্টে’জত উঠালৈকে দোকানত ঘুগনি-পকৰি আৰু বয়ল কণী খাই থাকিব। দোকানৰ পিছফালেও থাকিব কেইটামান। তাৰ পিছততো নাচিয়েই থাকিব! নিৰামিচকেইটাই নিজৰ নিজৰ চাইকেল আৰু বাইকৰ ছীটতে বহি থাকিব। বৰষুণ আহিলেতো বাচিয়েই গ’লোঁ।

: আৰ্টিষ্ট কাক ইনভাইট কৰিবি?

: আছে। আমাৰ কলেজৰ গ্ৰুপ এটা আছে। সিহঁতক অহা-যোৱা ফেয়াৰটো আৰু খানাটো দি লামচাম কিবা এটা দিলেই হ’ব। নতুন টিম। ফিল্ড বিচাৰি আছে।গোটেইকেইটা ভাল আৰ্টিষ্ট বে’! ফাৰ্ষ্টত টিম পাৰ্ফৰ্মেন্স কৰিব, তাৰ পিছত চ’ল’। কমচে কম থ্ৰি আৱাৰ্চ বিটাই দিব। বাৰটা বজাত উঠাই দিলোঁ। এক ঘণ্টা হেন্স এৰেঞ্জমেণ্ট, তাৰ পিছত প্ৰগ্ৰেম। মৰ্ণিং চাৰিটাৰ ভিতৰত ফিনিছ। তাতকৈ দেৰি কৰিব নালাগে আৰু। টোপনি ক্ষতিৰ কথা আছে।

: বাৰটালৈকে কি কৰিবি?

: কাম আছে য়াৰ! ইন’গুৰে’ছন হ’বতো!

: ইমান দেৰি?

: তই একদম ৰ বে’! দিনত কম্পিটিছন নহ’ব? তাৰ প্ৰাইজ বিতৰণ চেৰিমণি তেতিয়াহে হ’ব!

: আচ্ছা, কম্পিটিছন বুলি কোৱাত মনত পৰি গ’ল। মোৰ লগৰ এটাৰ ডান্স স্কুল এখন আছে। তাক খবৰ দিলে সি কম্পিটিটৰ আৰু প্ৰাইজ লৈয়ে আহিব।বিচাৰকো সিয়ে হ’ব। তাৰ স্কুলখনৰ ফকাছিং কৰিবলৈ বিচাৰি আছেতো! তাক কিবা এটা দিব লাগিব আৰু!বাকী লোকেল জাজ্ এটা আমাৰ টিমৰ পৰাই দি দিম। তাক একো নিদিলেও হ’ব। আমাৰ নিজৰ কথা। মাত্ৰ তাক দিয়া এনভেলপটো দেখিবলৈ ধুনীয়া হ’ব লাগিব। সেইটো খালী যাব, চিন্তা নকৰিবি। গামোচাখন তাৰ কান্ধৰ পৰাই লৈ ভালকৈ জাপি থৈ দিম চেয়াৰত বহিবলৈ যোৱাৰ আগতে। সেইখনকে পিন্ধাই দিলেই হ’ব। মেইন জাজটোক খালি গামোচা এখন দিব লাগিব।

: কেলেই সি নিজৰ গামোচা লৈ নাহিব নেকি?

: চাল্লা তোক এনেই ঢাক্কা দিওঁ নেকি বে’! চুপ থাক।

: ইমানো কনজুচি কৰিব নোৱাৰি আৰু! ইজ্জতৰ কথা আছে।

: দিনত যে কম্পিটিছনৰ কথা ক’লি, দিনৰ কাৰণেও প্ৰগ্ৰেম ছে’ট কৰিব লাগিব তাৰমানে? কোনো কথা নাই। বিহু-কুঁৱৰী প্ৰতিযোগীতা আৰু আলোচনা-চক্ৰ এখন পাতি দিম। আমাৰ ইয়াতেই এইবোৰ আলোচনা কৰিব পৰা মানুহ আছেই আৰু সেইবোৰ শুনিবলৈনো কোন আহি ব’ৰ হ’ব! সেইবোৰ হৈ যাব। চিন্তা নকৰিবি।

: ছাবজেক্ট কি দিবি?

: সেইটো ভাবিম বাৰু সময়ত।

: ঐ, বিহু-কুঁৱৰী চাবলৈ কোন আহিব? বিহু-ৰাণীৰ কম্পিটিছন পাত। তেতিয়াহে অডিয়েন্স পাবি।

: ইও পিটন পাব এতিয়া কিন্তু!

: ৰ চোন, ফাইট কৰি নাথাকিবি। এতিয়া ক, ট’টেল ফিফটিমান কালেকছন হ’লে হ’বনে?

: ধৈ, ফিফটিত কি হ’ব? পেণ্ডেল আৰু আৰ্টিষ্টহে হৈছে।লাইট, ছাউণ্ড, বেনাৰ, নিমন্ত্ৰণী পত্ৰ আৰু ৰিছিপ্ট-বুক……….

: বাৰু, ঠিক আছে! চেভেণ্টি?

: ন্না! পূৰা-পূৰি ৱান। তেতিয়াহে কিবা এটা থাকিব। তহঁতি কি লাগে ল’বি। মোক মোবাইল এটা হ’লেই হৈ যাব। এইটো আউট-ডেটেড হৈ গ’ল বে’। পিচে বহুত দিন চলিল বেচেৰা।

: কালেকছনৰ আগত ৰিছিপ্ট-বুক লাগিব।

: ফাৰ্ষ্ট লোকেলতে ধৰোঁ। নিমন্ত্ৰণী লেটাৰ নিদিলেও হ’ব। ভাৰ্বেলি কৈ আহিম আৰু কালেকছন কৰিবলৈ দছটকীয়া বহী এখন লৈ ল’লেই হ’ব। ময়ে দিম বাৰু দে। হিচাপটো ৰাখি থ’লেই হ’ল আৰু লোকেলখিনিয়েনো দিব কিমান? বেছিখিনিৰ বাকীয়েই হ’ব। আউটত কালেকছন কৰিবলৈ গ’লেহে ৰিছিপ্ট লাগিব। বাকী ৰাস্তাত গাড়ীখিনি ধৰিব লাগিব দুদিন মান।

: কালেকছন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰ তেতিয়াহ’লে?

: আজিৰ পৰাই কৰিব পাৰি। আজি বৃহস্পতি বাৰ। আৰে’ লক্ষীবাৰ বে’! বঢ়িয়া হ’ব। সেইটো মূৰৰ পৰা ষ্টাৰ্ট কৰি নাইটত ফিনলেণ্ড ৱাইন-চপতে খতম কৰিম। হ’ব?

: হ’ব বাৰু। পিচে সবতকৈ ডাঙৰ কথাটোকে এৰি গ’লি নহয় তহঁতি!

: ক্কি?

: দিনৰ প্ৰগ্ৰেমত সভাপতি কোন হ’ব?

: কিয়, যোৱা বছৰ যে হৈছিল আমাৰ খৰ্গেশ্বৰ ছাৰ……….

: হেইইইইই! নাই নাই নাই। লাষ্ট টাইম কি কৈ গৈছিল চাৰে মনত নাই! “……..বিহুৰ নামত এনেকৈ চুপতি নকৰিবা তোমালোকে। তোমালোকৰ দৰে লোকৰ বাবেই আজি আমাৰ সংস্কৃতিয়ে বিকৃত ৰূপ লৈছে। আমাৰ লাজ-মান নাইকিয়া হৈছে অন্য জাতিৰ মাজত!” ধুৰ্! আৰু মাতিবলৈ যাওঁতে কি হৈছিল মনত নাই?

: কি হৈছিলনো? মই যোৱা নাছিলোঁ ন!

: তই নগৈছিলি। লাক ভাল তোৰ। গ’লোঁ। ভালকে বহিবলে দিলে। তাৰ পাছত ভিতৰলে চাই তামোল আনিবলে ক’লে। আমি তামোল খাওঁ নেকি বে’! তাৰ পাছত বিহুৰ কথা উলিয়ালে। ইফালে আমাৰ লে’ট হৈছে। এবাৰ সুধি দিলে নহয় বহাগ বিহুত খোৱা একৈশ বিধ শাকৰ নাম! মোৰতো মুখত চিধাই ওলাই গ’ল আমৰলিৰ টোপ বুলি!

: ধৈ, হাঁহকণীৰ লগত ভাঙৰ আগ ভাজিৰ কথা ক’ব নোৱাৰিলি?

: ঐ অশোক, এইবাৰ ইয়াক পঠিয়াই দিবি ছাৰৰ ওচৰলে শাকৰ নাম ক’বলে। হাঁহকণী, ভাং……..

: হেইইইই! তহঁতৰ লগত এইটোৱেই প্ৰব্লেম। ক’ৰ কথা ক’ত লগাই দিয়গে পাত্তা নাই। তেতিয়াহ’লে সভাপতি কোন হ’ব ক।

: আছে এজন।

: কোন?

: আমাৰ ফিনলেণ্ডৰ মালিক। এইবাৰ পঞ্চায়তৰ ইলেকছনত হাৰি গ’লতো! পিচে নেকষ্ট টাইমত হ’প কৰিছে। সেই কাৰণে পাব্লিক ৱৰ্ক কৰিবলে ষ্টাৰ্ট কৰি দিছে। তেওঁক পতাব পাৰিলে আমাৰ ভালেই হ’ব।ডনেছন নিদিলেও, আমাৰ ৰাতিৰটো ফ্ৰি হৈ যাব।

: তেতিয়াহ’লে বাকীখিনি পিছত পাতি ল’ম। আজিৰ পৰা লোকেলত কালেকছন ছুৰু। ঐ দীপেন, আজিৰ পৰা বহাগী বিদায় ফিনিছ নোহোৱালৈকে টাইম নাই বুজিছ! প্ৰগ্ৰেম ফিনিছ হ’লেহে কেৰম খেলিবলৈ আহিম আৰু।

: অ’ হয়নেকি? বহাগী বিদায় পাতিবি তেতিয়াহ’লে৷ পিচে কেতিয়ালৈ?

: অ’,ডে’ট ফিক্স কৰিবলেই নহ’ল নহয়! তোক কৈ আছোঁ ৰহ। ঐ, তোৰ মোবাইলত কেলেণ্ডাৰ উলিয়া বে’।…………আচ্ছা, ফাৰ্ষ্ট জুন ছেটাৰডে’। সেইদিনাই ভাল হ’ব। নেকষ্ট চানডে’। সবৰে ৰে’ষ্ট। ঐ দীপেন, ডে’ট ফিক্স হৈ গ’ল। থেংক ইউ য়াৰ, তই য়াদ কৰাই দিলি।টেনছনত থাকিয়েই গৈছিল।

: ক’ত পাতিবি পিচে?

: আমাৰ ইচকুলৰ ফিল্ডত আকৌ! তেতিয়ালৈকে বাই দেই! চি ইউ আফটাৰ বহাগী বিদায় ফেষ্টিভেল।কালেকছন কৰিবলৈ আহিম আকৌ তোৰ ওচৰলৈ।ৱান এটা ৰে’ডি ৰাখিবি।

সেইদিনাৰ পৰা বিপুল, নিপেন, অশোক আৰু গণেশে জান-প্ৰাণ দি বহাগী বিদায় পাতিবলৈ লাগি গ’ল। প্ৰথম দিনাৰ কালেকছনৰ এমাউণ্ট বহীতহে জমা হ’ল।হাতলৈ নাহিল। ভবামতেই সকলোৱে বাকী কৰিলে।ৰাতি ফিনলেণ্ড ৱাইন-চপলৈ গ’ল চাৰিওটা। উদ্দেশ্য—কালেকছনৰ হিচাপ কৰা, মানে বহীত লিখাখিনিকে আৰু, মালিকক সভাপতি হ’বলৈ টানি অনুৰোধ কৰা।বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মালিক হাঁহিমুখে ৰাজী হ’ল সভাপতি হ’বলৈ। ইলেকছনৰ মিটিঙত কথা কোৱাৰ অভ্যাস হৈয়ে আছে। গতিকে সেইফালে চিন্তা নাই।

আমাৰ চাৰি-সিদ্ধৰ দিনটো যিহেতু বাকীতে গ’ল, গতিকে শেষটোও বাকীতে কৰোঁ বুলি ৱাইন-চপৰ মালিকক কাণে কাণে কথাষাৰ ক’লে। তেওঁ অলপ থেৰোগেৰো কৰি কোৱাৰ্টাৰ এটা উলিয়াই দিলে। কিছু সময়ৰ পিছত সেইটোৰ তলি উলিয়াই এইবাৰ ফাইনেলি চাৰিওজন ঘৰলৈ বুলি খোজ ল’লে। খোজৰ লগে-লগে দিনটোৰ পৰিশ্ৰমৰ ভাগৰ মুখেদি আপোনা-আপুনি কোৰাছ হৈ ওলাই আহিল—

: অ’…..অ’….অ’..অ’..অ’!
কালেকছন কৰিলোঁং, এটকাও নাপালোঁং
ৱাইন-চপ আহি লৈ, এটুপি ধৰিলোঁং
অ’…..অ’….অ’…অ’…অ’…

☆★☆★☆

2 Comments

  • মাধুৰ্য্য

    আপোনাৰ ষ্টাইলেই বেলেগ বাইদেউ। বঢ়িয়া।

    Reply
  • Rintumoni Dutta

    বঢ়িয়া, খুব ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *