ফটাঢোল

মোৰ মানুহজন – অনিন্দিতা কলিতা

পৰিচয়ঃ ২০১২ৰ পৰা নোকোৱাকৈ হৈ থকা প্ৰেমৰ পিছত প্ৰথম আমাৰ ঘৰ আহি ওলাইছিল ২০১৩ৰ ব’হাগত। তাৰ আগতে আমি ইজনে সিজনক দেখা নাছিলোঁ। সৰুৰে পৰা হিন্দী বা অসমীয়া চিনেমা বা চিৰিয়েল অথবা সম্বন্ধীয় দাদা-বাইদেউহঁতৰ প্ৰেম-কাহিনী; সকলোতে শুনিছিলো প্ৰেমিকে প্ৰেমিকাক প্ৰথম লগ ধৰিবলৈ গ’লে হাতত এপাহ ৰঙা গোলাপ বা ৰঙচঙীয়া কাগজেৰে বন্ধা সুন্দৰ উপহাৰৰ টোপোলা এটা লৈ যায়। আমাৰজন আকৌ আহি ওলাল বাইকৰ পিছৰ ছীটত গোলাপৰ ডাল দুডাল বান্ধি। ফুল ভালপাওঁ যদিও ফুলনি পাতিব মই নাজানো। ফুলপুলি লগাবও নাজানো। আমাৰ মা কিন্তু এইবোৰত বিখ্যাত। কাৰোবাৰ ঘৰত আলহী খাবলৈ গ’লেও ফুলপুলি বিচাৰি ফুৰে। সেয়ে গোলাপৰ ডাল দেখি মোৰ মনটো মৰি গ’ল যদিও মায়ে খুব ভাল পালে। ল’ৰাজন কি উদ্দেশ্যেৰে আমাৰ ঘৰলৈ আহিছে সেইয়া ভাবিবলৈ পাহৰি মায়ে গোলাপৰ ডাল ৰোৱাত লাগিল। কিন্তু মাক নিৰাশ কৰি ডালকেইটাই ইহ সংসাৰৰ পৰা বিদায় মাগিলে। সেইয়া হ’ল মানুহজনক প্ৰথম দেখাৰ দিনাৰ কথা।

এতিয়া আহোঁ ভেলেন্টাইন ডেৰ দিনাৰ উপহাৰৰ বিষয়ে। ইমানেই সৌভাগ্য মোৰ আজিলৈ এপাহ গোলাপ পাই নেপালো মানুহজনৰ পৰা। এইবাৰো ব্যতিক্ৰম নহ’ল। কিন্তু উপহাৰ হ’লে ঠিকেই পালোঁ। ৰঙচঙীয়া কাগজত নহ’লেও খবৰ কাগজেৰে মেৰিয়াই পলিথিনৰ ঠোঙাত ভৰাই অনা গধুৰ উপহাৰৰ পেকেটটো খুলি পালোঁ কাঁহৰ প্লেট ছয়খন আৰু কাঁহৰ চামুচ ছয়খন।

এতিয়া ভাবিছোঁ আহি থকা জন্মদিনত নিশ্চয় হেতা, কেৰাহী, প্ৰেচাৰ কুকাৰ ইত্যাদিৰে ধন্য হ’ম।

আকৃতিঃ একেবাৰে দহ নম্বৰীয়া পোনপটীয়া প্ৰশ্ন এটা কৰোঁ; আজিকালি ট্ৰেফিক চিগনেলত গাড়ী ৰখালেও খিৰিকীৰে পানীলাও আৰু তিতাকেৰেলা বিনা পইচাই ভৰাই দিয়ে নেকি? বজাৰতো বাদেই মিটিঙলৈ গ’লেওচোন মোৰ মানুহজনে হাতত এটা পানীলাও আৰু তিতাকেৰেলা লৈ অহা হৈছে। সেয়া লাগিলে শুৱালকুছিলৈ যাওঁতে পোৱা শিঙিমাৰীৰ বজাৰখন হওঁক বা মোক অফিচলৈ থ’বলৈ যাওঁতে পোৱা বেলতলা বজাৰখনেই হওঁক। সোনকালে খাই শেষ কৰোঁ বুলি ধামধুম পানীলাওকে ৰান্ধি আছোঁ। সমগ্ৰ ৰেচিপি শেষ। এতিয়া মাথোঁ জুচ বনাই খাবলৈ বাকী। কিন্তু কি হ’ব ইফালে এটা ৰান্ধি শেষ হ’লেই তেওঁৰ হাতত ধৰি আন এটা লাওমাইনা ঘৰ সোমায়হি। আজি প্ৰায় তিনিসপ্তাহ ধৰি এই পৰিঘটনাটো আমাৰ পাকঘৰত ঘটি আছে। জীৱনটো পানী পানী হৈ গৈছে।

প্ৰকৃতিঃ
পুৱাৰ পৰা খং এটা উঠিয়ে আছে মানুহজনৰ ওপৰত। খঙতে কৈ দিলোঁ, “তোমাক মই divorce দিম।”

ৰিপ্লাইটো এনেকৈ আহিল, “আগতে অ’টচ বনোৱাচোন খাই লওঁ; তাৰ পিছতো Divorce দিব পাৰিবা।” দুপৰীয়াৰ কথা, শোৱনি কোঠাত পখিলা এটি সোমাল। মই কাপোৰ জাপি থকা বাবে দেখা নাই। এওঁ দেখিলে প্ৰথমে।

তেওঁ: চোৱা পখিলা সোমাইছে।

মই: (পখিলাৰ ফালে নোচোৱাকৈয়ে কাপোৰ জাপি জাপি) ভালেই হৈছে দিয়া। বিয়া নামিছে তোমাৰ।

তেওঁ: তোমাৰো ভাল হৈছে …

মই: কেনেকৈ?

তেওঁ: মোৰ বিয়াত ষ্টাইল মাৰি মাৰি ফটো তুলিব পাৰিবা যে!

অন্য এদিনৰ ঘটনা

তেওঁ- দেখিছানে পানীৰ কাৰণে যে কিমান দিগদাৰ হৈছে! আমাৰ যে প্ৰীতম ( ভাইটি এজন) সিহঁতে যে কিনিব লগা হৈছে। তাতে সিহঁতৰ অকণমানিটোও আছে। বৰ দিগদাৰ দেই এনেকৈ।

মই- ( অফিচৰ ৰিপ’ৰ্ট বনাই বনাই) উম্।

তেওঁ- উপেনহঁতৰো( তেওঁৰ বন্ধু) একেই অৱস্থা জানা। বহুত দূৰৈৰ পৰা পানী আনিব লাগে।

মই- উম্।

তেওঁ- তুমি যে মোক ভিডিঅ এটা দিছিলা, মাকজনীয়ে যে হাত মেলি ৰৈ থাকে, কিন্তু টিকলাটো যে মাকৰ ওচৰলৈ নগৈ থুপুক থাপাককৈ গৈ মাকৰ পিছফালে পানী গৈ থকা টেপটো বন্ধ কৰি দিয়েগৈ, কিমান ধুনীয়া ভিডিঅ বনাইছে ন?

মই- উফ্ ৰাম। মোকনো এইবোৰ কিয় বুজাই আছা তুমি? মইতো অবাবত পানী খৰছ নকৰোঁ আৰু আমাৰ পানীও আছে ।

তেওঁ- নহয় মানে, এইবোৰ ভাবিয়েই মই পানী সংৰক্ষণ কৰিছোঁ। মানে মই যোৱা দুদিন গা ধুৱাই নাই।

ৰাতিৰ কথা। মই মাংস ৰান্ধি আছিলোঁ। মাজতে গৈ তেওঁ ভজা মাংস তিনিডোখৰমান বাতি এটাত লৈ আহি ওপৰৰ শুৱনি কোঠাত টিভি চাই চাই খালে। পিছত ভাত খাবলৈ মাতোতে খাই থোৱা বাতিটো তললৈ নিবলৈ পাহৰিলে। ৰাতি এঘাৰ বজাত সকলো কাম শেষ কৰি বাচন-বৰ্তন ধুই মেলি ওপৰলৈ শুবলৈ আহি শোৱনি কোঠাত সোমাই দেখিলোঁ খোৱা বাতিটো। তাতে এৰেহা হাড়কেইডাল! লগতে কোঠাৰ সকলো খিৰিকী খোলা। টিভি চলি আছে। তেওঁ নাক বজাই টোপনিত। খঙতে ধাম ধামকৈ খিৰিকীকেইখন মাৰিলোঁ। তেওঁ সাৰ পালে। মুখতে ভোৰভোৰাই গালি দুটামান দিলোঁ। তেওঁৰ পৰা উত্তৰ আহিল,”বৰে বৰে ঘৰো মে এইচে ছোটে ছোটে বাত হোতে ৰেহতে হে চিমৰণ।”

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *