ফটাঢোল

বাটে-পথে, বজাৰে-সমাৰে – ৰঞ্জিত হাজৰিকা

“হেৰা, তিতা কেৰেলা কিমানকৈ দিছাহে?” আদবয়সীয়া গ্ৰাহকজনৰ প্ৰশ্নটো শুনি বজাৰৰ চেঙেলীয়া পাচলি বেপাৰীৰ স্মাৰ্ট উত্তৰ— “খুৰা, বেলেগক এপোৱাত পোন্ধৰ টকাকৈ দি আছোঁ৷ আপোনাক বাৰকৈ দিওঁ, লৈ যাওক৷” পিচে পাচলি বেপাৰীতকৈও স্মাৰ্ট এইজন ‘গ্ৰাহক খুৰা।’ তেওঁ বোলে— “আনবোৰক পোন্ধৰ আৰু মোক বাৰকৈ দিবা? কিয় হে? মোকনো কি ভাল দেখিলা হয়নে?” পাল্লাত উঠাবলৈ লোৱা শুকান তিতা কেৰেলাকেইটা হাতত লৈ সেমেনাসেমেনি কৰা চেঙেলীয়া বেপাৰীক তাতে এৰি বজাৰৰ আৰু ভিতৰলৈ সোমাই গ’ল ‘গ্ৰাহক খুৰা৷’
**

চিটীবাছত ধৰা পৰিল পকেটমাৰ৷ চৰ-ভুকুবোৰ আৰম্ভ হৈ গৈছে৷ মাৰপিট কৰিব নোৱৰাসকলে ঠাইখিনি বৃত্তাকাৰে ঘেৰি লৈ তাহানিৰ বাইস্কোপ চোৱাদি চাই আছে৷ এইসকল দৰ্শকৰ মাজৰে এজনে পকেটমাৰক লক্ষ্য কৰি কৈছে— “ঐ, তহঁতে এইবোৰ কিয় কৰ হাঁ? পইচা লাগে যদি খোজ আমাক৷ কোনে নিদিব…?” জুমটোৰ মাজৰে আনফালে থকা এজনে চকুহাল ঘোপাই শুনা-নুশুনাকৈ বিৰবিৰাই উঠিছে— “এস, তেখেতে যেনিবা চোৰ-পকেটমাৰে খুজিবহি পাৰে বুলি আছুতীয়াকৈ টকাৰ টোপোলা এটা খোঁচনিত লৈহে ঘৰৰ পৰা সদায় ওলাই আহে…!”
**

সন্ধিয়া অলপ ‘ৰঙীণ’হৈ বজাৰৰ কাষৰ কেঁচা ৰাস্তাটোৰে ওলাই অহা মানুহজন৷ গেলা মদৰ সুবাস বিলাই চানাৱালাৰ কাষত তেওঁ৷ পাঁচটকাৰে কিনা চানাৰ টোপোলাটোৰ পৰা অলপমান মুখত দিয়েই জাঙুৰ খাই উঠিছে ‘ৰঙীণ ভদ্ৰলোক৷’ মুখখন বিকটাই চানাৱালাক উদ্দেশ্য কৰি তেওঁ কৈছে— “ঐ, নিমখ একেবাৰে আখেজত দিয়াদি দিলি দেখোন৷ নিমখৰ উৎপাতত মুখত দিব নোৱাৰি…!”
**

বজাৰৰ দোকান এখনৰ সন্মুখতে সেয়া নাট্যকাৰ বন্ধুজন৷ ৰসৰ ভাণ্ডাৰ তেওঁ৷ আনদিনাৰ দৰে সেইদিনাও তেওঁৰ মুখেৰে বৰ সোৱাদলগা কাহিনী এটা শুনিলোঁ৷ আহক, তেওঁৰ মুখেৰেই শুনো কাহিনীটো—

“আৱাহন থিয়েটাৰৰ আজিৰ নিশাৰ দৰ্শনীত এই বছৰৰ মঞ্চসফল জনপ্ৰিয় নাট ষাঠি ভবেন্দ্ৰনাথ শইকীয়াৰ শতাব্দী…৷” কথাখিনি শুনি উচপ খাই উঠিলোঁ৷ ভবেন্দ্ৰনাথ শইকীয়া বাৰু বুজিলোঁ৷ নাটকখনো মনত পৰিল৷ কিন্তু ‘ষাঠি’টো আকৌ কি?! ষাঠি মানে ১৯৬০ চনৰ কথা নেকি? ধুৰ, হ’বই নোৱাৰে সেইটো৷ ১৯৬০ চনত আৱাহন থিয়েটাৰ দূৰৰ কথা, সম্ভৱ ভ্ৰাম্যমাণ থিয়েটাৰেই আৰম্ভ হোৱা নাছিল৷ তেনেহ’লে সেই সময়ত সাহিত্যিকগৰাকীৰ বয়স ৬০ বছৰ হৈছিল? হ’বও পাৰে৷ কিন্তু হ’ল বুলিয়েই নামটোৰ আগত বয়সটো উল্লেখ কৰাৰ দস্তুৰ জগতৰ ক’ৰবাত আছে বুলিতো কাহানিও শুনা নাই! তেনেহ’লে ‘ষাঠি’ৰ অৰ্থটো কি হ’ব পাৰে?” এইখিনিলৈকে বৰ্ণনা কৰি মোৰ বিভ্ৰান্ত অৱস্থাটো উপভোগ কৰি গ’ল বন্ধুৱে৷ মিচমিচকৈ হাঁহি হাঁহি এইবাৰ লাহে লাহে ভেদ ভাঙিবলৈ আৰম্ভ কৰিলে নাট্যকাৰ বন্ধুৱে৷ আচলতে অটোৰিক্সা এখনত উঠি মাইকত টেঁটু ফালি ফালি সেইদৰে ঘোষণা কৰি আগবাঢ়ি যোৱা হোজা ধৰণৰ মানুহজনৰ হাতত আছিল এখন কাগজ৷ তাতে কমিটীৰ কোনোবা এজনে কাউৰীঠেঙীয়া আখৰেৰে লিখি দিছিল ঘোষণা কৰিবলগীয়া কথাখিনি৷ সেইমতে মানুহজনে অত্যন্ত নিষ্ঠাৰে আখৰে আখৰে পঢ়ি ৰাস্তাই ৰাস্তাই মাইকত ঘোষণা কৰি গৈছিল৷ স্বৰূপাৰ্থত গণ্ডগোলটো আৰম্ভ হ’ল ভবেন্দ্ৰনাথ শইকীয়াৰ ডক্টৰেট ডিগ্ৰীটোৰ পৰাই৷ কমিটীৰ মানুহজনো আছিল আৰু দেই! তেখেতৰ নামৰ আগৰ ‘ড°’ শব্দটো অলপ স্পষ্টকৈতো লিখিব পাৰিলেহেঁতেন! ‘ড°’টো বাদ দি অকল নামটো লিখা হ’লেওনো কি মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন? অন্ততঃ ‘ষাঠি (৬০)’ৰ ভূতটোৰ পৰাতো ৰক্ষা পালেহেঁতেন আমাৰ প্ৰিয় সাহিত্যিকগৰাকীয়ে৷

(তিতা কেৰেলাৰ দামৰ পৰা পকেটমাৰলৈ, দোকানৰ সন্মুখৰ ৰসাল আড্ডাৰ পৰা ‘ৰঙীণ ভদ্ৰলোক’লৈ…৷ বাটে-ঘাটে, বজাৰে-সমাৰে কিমানবোৰ যে ৰসাল মানুহ-ৰসাল মুহূৰ্তই অপেক্ষা কৰি থাকে৷)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *