ফটাঢোল

ৰন্ধন এক বহুমুখী বিজ্ঞান – ধূৰ্জ্জটি কাকতি

ৰন্ধন এটা দৈনন্দিন প্ৰক্ৰিয়া৷ প্ৰত্যেকৰ ঘৰত সদায় হয়৷ কিন্তু সদায় কৰাৰ কাৰণেই ৰন্ধন ইমান সাধাৰণ প্ৰক্ৰিয়া নে? তলত ৰন্ধন প্ৰকৃততে কি সেয়া বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

প্ৰকৃততে ৰন্ধন গোটেই প্ৰক্ৰিয়াটো হৈছে বিজ্ঞান।

ৰন্ধনত কি উপাদান কিমান পৰিমাণৰ লাগিব সেইটো হৈছে অংক।

ৰন্ধনত কোনটো উপাদান কোন সময়ত দিব লাগে সেইয়া হৈছে ৰসায়ন।

ৰন্ধনত দামী উপাদানৰ সলনি কি দি একে সোৱাদ বা ৰং কৰিব পৰা যায় সেইয়া হৈছে অৰ্থনীতি।

সেইখিনি খাদ্যৰে কিমানজন মানুহক খোৱাব পাৰি সেইয়া হৈছে বাণিজ্য।

ৰন্ধনৰ বাবে শাক পাচলিবোৰ জোখমতে কাটিব পৰাটো হৈছে কাৰিকৰী জ্ঞান।

পৰম্পৰাগত ৰন্ধন প্ৰক্ৰিয়াত নিজৰ ফালৰপৰা কিবা সংযোজন দি সলনি কৰিব পৰাটো হৈছে বিপ্লৱ।

ৰন্ধন প্ৰক্ৰিয়াৰ মাজত প্ৰেচাৰ কুকাৰ, মাইক্ৰোৱেভ, কেৰাহী আদিৰপৰা ওলোৱা শব্দবোৰ হৈছে সংগীত।

ৰন্ধনৰ ৰেচিপি কেনেকৈ ধুনীয়াকৈ লিখি দিব পাৰি সেইয়া হৈছে সাহিত্য।

ৰন্ধন প্ৰক্ৰিয়াটো ক’ৰপৰা আহিল, কেনেকৈ আৰম্ভ হ’ল সেইয়া হৈছে বুৰঞ্জী।

ৰন্ধা আইটেমখিনি কিমান ধুনীয়াকৈ পৰিবেশন কৰিব পাৰে সেইয়া হৈছে কলা।

ৰন্ধা খাদ্যখিনি গাৰ্ণিচ কৰি সুন্দৰ কৰিব পৰাটো হৈছে সৌন্দৰ্য চৰ্চা।

কিমান ৰিজউলিচন কেমেৰাৰে, কিমান এংগলৰপৰা তুলিলে ৰন্ধা খাদ্যৰ ফটো ভাল আহিব সেইয়া হৈছে ফিজিক্স।

অকল ফটো দেখিয়েই কিমান সোৱাদ হৈছে সেইটো ক’ব পৰাটো হৈছে জ্যোতিষ শাস্ত্ৰ।

ৰান্ধনীক কিবা কাৰণত তেল মাৰিবলৈ ৰন্ধনৰ ফটোত খুব সোৱাদ হৈছে বুলি কোৱাটো ৰাজনীতি।

ৰান্ধনীৰ চেহেৰা চাই ৰন্ধা ফটো খুব ধুনীয়া হৈছে বুলি কোৱাটো হৈছে প্ৰেম।

ৰন্ধা খাদ্যৰ প্ৰশংসা কৰি ধুনীয়া ৰান্ধনীৰ লগত ইনবক্সত কথা পাতিব পাৰিম বুলি ভবাটো হৈছে আশা।

কোনোবাই সেই ৰন্ধন ৰেচিপি ভালকৈ পঢ়ি, শিকি ল’ব পৰাটো হৈছে শিক্ষা।

বেলেগৰ ৰেচিপি নকল কৰি নিজৰ নামত প্ৰকাশ কৰাটো হৈছে কেলেংকাৰী।

খোৱা মানুহৰ সংখ্যা সৰহকৈ থাকিলে জ্বলাৰ পৰিমাণ বঢ়াই মানুহক কমকৈ খোৱাব খোজাটো ষড়যন্ত্ৰ।

ৰন্ধন দ্ৰব্যৰ মাজত ঔষধি গুণ বিচাৰি পোৱাটো চিকিৎসা বিজ্ঞান।

ৰন্ধা সামগ্ৰীবোৰেৰে পৰ্বত-পাহাৰ, অৰণ্য সাজি উলিয়াব পৰাটো হৈছে স্থাপত্য বিদ্যা।

ৰেচিপিৰ পোষ্টটো কেনেকৈ দিলে লাইক কমেণ্ট বেছি পাব পাৰি সেইটো ভাবি উলিয়াব পৰাটো লজিক।

ৰন্ধন বেয়া হ’লেও কালিৰখিনিতকৈ খাবলৈ ভাল হৈছে বুলি ভাবি ল’ব পৰাটো হৈছে ফিলচফী।

খাদ্যৰ প্ৰেজেণ্টেচন গোলাকাৰ নে চাৰিকোণীয়া প্লেটত কৰিব সেইটো জ্যামিতি।

ৰন্ধা খাদ্য খাই পেটৰ অসুখ, গেচ হোৱাতো হৈছে বায়োলজি।

ফটোত মোক এদিন মাতিব বুলি কৈ নিমন্ত্ৰণ আশা কৰাটো হৈছে সপোন।

ফেচবুকত বিধে বিধে ৰন্ধনৰ ফটো দিয়া মানুহৰ ঘৰলৈ গৈ খিচিৰি খাবলৈ পোৱাটো হৈছে ৰূঢ় বাস্তৱ।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    এইটো তামাম লিখিছিলা হে কাকতী, আকৌ এবাৰ পঢ়িলো

    Reply
  • parishmita

    হে হে হে এইটো কিন্তু তামাম হিট আছিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *