ফটাঢোল

ফাত্ৰাভাষ – জ্যোতিৰূপম দত্ত

(১)

– সৌ ফালে চা চোন!! সেই ল’ৰাটো, দেখিছনে? বৰ ধনী ঘৰৰ ল’ৰা৷

– পিন্ধা-উৰাত তেনেকুৱা নালাগে অৱশ্যে৷ চিনি পাৱ নেকি?

– নাপাওঁ৷

– তেনেহলে কেনেকৈ গম পালি?

– তাৰ মুখৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে৷

– ধেই!! মুখৰ গোন্ধৰ লগত ধনী-দুখীয়াৰ কি সম্পৰ্ক? বুজি নাপালো৷

– তাৰ মুখৰ পৰা পিয়াজৰ গোন্ধ ওলাইছে! আজিৰ দিনত এনেদৰে সোপাসোপে পিয়াজ খাবলৈ ধনী মানুহ হবই লাগিব!!

(২)

– মিস্তিৰি! আউৰ কিতনাজন হে?

– দুই জন৷

ৰামপ্ৰসাদে ইগিংতেৰে মোক বাৰাণ্ডাৰ বেঞ্চখনতে বহিবলৈ কলে৷ চেলুনখনৰ ৰেডিঅ’টোত বিবিধ ভাৰতীৰ ‘জয়মালা’ বাজি আছিল৷ ৰামপ্ৰসাদেও মুৰ দুপিয়াই গান শুনি শুনি কেচীখনেৰে ‘চিক-চিক’ শব্দ কৰি চুলি কটাত ব্যস্ত হৈ পৰিল৷

অলপ পৰ ৰোৱাৰ পাছতে মোৰ পাল পৰিল৷ ওখ চকীখনত বহি লৈ ৰামপ্ৰসাদক এফালৰ পৰা বুজাবলৈ আৰম্ভ কৰিলো৷

– পিছে কা চোটা চোটা কৰো৷ গৰমি বহুত হে! আগে থ’ৰা লাম্বা কৰকে ৰখ দো৷ কাণ কা নিচে….

– হয় দাদা, আপুনি কোৱাধৰণেই কৰি দিম৷ ভালকৈ বহি লওক!

কথাটো কৈয়েই ৰামপ্ৰসাদে জোৰকৈ ‘বজাই’ দিলে…….ৰেডিঅ’টো!

(৩)

– আহক দাদা, আহক! একেবাৰে তাজা পাচলি!

– হয় নেকি? দাম একা?

– আপোনাৰ পৰা কোনোদিনেই বেছি নলও, আজিও নলও। আপোনাৰ বাবে সদায় বিশ টকা ৰেট! মানে আগতে কেজিত বিশ টকা আছিল, এতিয়া এপোৱাত বিশ টকা!

(৪)

খুটুংকৈ শব্দ এটা কৰি ম’বাইললৈ মেচেজ এটা আহিল৷ মোৰ বন্ধু এজনে পঠিয়াইছে৷ মেচেজটো পঢ়ি চালো৷ মেচেজটোৰ সাৰাংশ এনেধৰণৰ –
“হনুমানৰ এই আঠটা নাম ২০ জনলৈ পঠিয়ালে বুধবাৰে এটা ভাল খবৰ পাবা, নপঠালে শনিবাৰৰ দিনাখন যিটো খবৰ পাবা, সেইটো জীৱনলৈ পাহৰিব নোৱাৰিবা।……

ইতি – বজৰংবলী”

ভাবি চিন্তি বন্ধুলৈ উত্তৰ এটা লিখিলো –

“পঠিয়াম বোপাই, নিশ্চয় পঠিয়াম৷ খোদ বজৰংগবলীয়ে নিজেই হোৱাটছএপত লিখি পঠোৱা মেছেজৰ কথা৷ বিশজন কি চল্লিছজনলৈ হলেও পঠিয়াম৷ পঠিয়াবই লাগিব৷ পিছে এইটো মেচেজৰ বিষয়ে আগতেও শুনিছিলো৷

তেখেতে এবাৰ এইটো মেচেজ হেনো ৰাম আৰু ৰাৱণ দুয়োজনলৈ পঠিয়াইছিল৷ সেই সময়ত ৰাম শ্ৰীলংকাতেই Overseas Extraction ৰ কামটোত ব্যস্ত আছিল৷ কিন্তু ব্যস্ততাৰ মাজতো ৰামে মেচেজটো পায়েই সময় নষ্ট নকৰি তেতিয়াই ৰোমিঙ চাৰ্জ ভৰি হলেও ম’বাইলতে নেট লগাই অযোধ্যাৰ ভৰত, শত্ৰুঘ্ন, কৌশল্যা, উৰ্মিলা আদিকে ধৰি বহুতলৈ পঠিয়াইছিল৷ আনকি দৌৰাদৌৰিতে কণ্টেক্ট লিষ্টত থকা কৈকেয়ী আৰু কুজী বুঢ়ী মন্থৰালৈকো হেনো মেচেজটো ফৰৱাৰ্ড হৈছিল৷

আনফালে ৰাৱণে মেচেজটো পঢ়িয়েই চিধাই ডিলিট কৰি লগে লগে বজৰংগবলীক ব্লক কৰি দিছিল৷ এই ঘটনাৰ দুদিন পাছতেই ৰাম আৰু ৰাৱণৰ ৱাৰ-ৰোম-প্ৰেজেণ্টেচনৰ দিন ঠিক আছিল৷

ৰিজাল্টৰ কথা সকলোৱে জানেই, মইনো কি কম?”

(৫)

– আজিহে আজৰি হৈছো৷ ল’ৰাক নতুন কলেজৰ হোষ্টেলত একেবাৰে থান-থিত লগাই আহিলো৷ লাগতিয়াল বস্তু-বাহানিখিনিও কিনি দিলো৷

– ভালেই কৰিলে৷

– বস্তু বাহানিও অলপ নহয় দেই! ঘৰুৱা সামগ্ৰী, পিন্ধা কাপোৰ, বিছনা-পত্ৰৰ উপৰিও ৰন্ধা-বঢ়া কৰিবলৈ যোগাৰখিনিও যতনাই দিলো৷ তাৰ উপৰিও ইলেকট্ৰনিক্সৰ বস্তুখিনি আছেই৷ সেইখিনিও একেবাৰে দি আহিলো৷

– সি হোষ্টেলতহে থাকিব? ৰন্ধা বঢ়া কৰিবলৈ যোগাৰ দি আহিলে মানে?

– অ’, পৰ্টেবল সৰু ফ্ৰিজ এটা, এটা ইলেক্ট্ৰিক কেটলি, তাৰ উপৰিও ইলেক্ট্ৰিক কুকাৰ এটাও দি আহিলো৷ মানে সি আকৌ ভাত-ৰুটি এইবোৰতকৈ মেগীহে খাই ভাল পায়৷ হোষ্টেলত মেগী নচলে নহয়! কেতিয়াবা ৰাতি একাপ কফি খাবলৈ মন গলে ইলেক্ট্ৰিক কেটলিটো কামত আহিব৷ সি আকৌ ঠাণ্ডা পানী এগিলাছ নহলে ভাতেই নাখায়, গতিকে সৰু ফ্ৰিজ এটা৷ সেয়াই আৰু৷

– সি হেনো কলা শাখাতহে এডমিশ্যন লৈছে? ইলেক্ট্ৰনিক্সৰ বস্তু আকৌ কেলেই?

– ইলেক্ট্ৰনিক্সৰ বস্তু মানে নতুন ফোন, টেবলেট, লেপটপ, পাৱাৰ বেংক, হেডফোন, ব্লু-টুথ স্পীকাৰ, এক্সটেনশ্যন কৰ্ড আদি৷ হেঃ হেঃ!!

– বাৰু, কিতাপ-বহীখিনি যতনাই দি আহিলে নে?

– অ’! এইবোৰত লাগি থাকোতে কিতাপ-বহীৰ কথাটো ভবাই নহ’ল!!

(৬)

– কি কৰি আছে ?

– ‘জুচ’ খাই আছো৷

– হয় নেকি? ভাল কথা৷ যি হে গৰম পৰিছে৷ পিছে কিহৰ ‘জুচ’ ?

– আইচক্ৰীমৰ জুচ!

– কি ?

– কি কম আৰু, আৰামত খাম বুলি কেইটামান আইচক্ৰীম আনি থৈছিলো৷ পিছে কালিৰ পৰা কাৰেণ্ট নাই৷ বাকী কথা বুজিছেই নহয়৷

– বুজিছো, সোনকালে খাই থওক, দেৰী হ’লে আইচক্ৰীমৰ ‘জুচ’ৰ সলনি আইচক্ৰীমৰ ‘চুপ’ খাব লাগিব!!

(৭)

– আজি আৰ এইচ খানে ঘৰলৈ আহিয়েই চিধাই বাথৰুমত সোমালে৷ তাৰ পাছতেই হুৰাওৰাৱে কান্দোন আৰম্ভ!

– কিয়? বাথৰুমত পানী নাছিল নেকি?

– আটাইকেইটা টেপৰ পৰাই পানী ওলাইছিল হেনো!!

(৮)

– কোন আহিছিল?

– আমাৰ চুবুৰীৰে কেইজনমান মানুহ, ছ’চিয়েল এক্সট্ৰিমিষ্ট!

– ছ’চিয়েল এক্সট্ৰিমিষ্ট?

– অ’৷ সমাজসেৱাৰ নামত ধমকি দি চান্দা উঠাবলৈ অহা ভদ্ৰলোক৷ ছ’চিয়েল এক্টিভিষ্ট বুলিলে ভুল হ’ব, তেওঁলোক ছ’চিয়েল এক্সট্ৰিমিষ্টহে!

★★★★

 

Leave a Reply

Your email address will not be published. Required fields are marked *