ইপাৰৰ কবিতা–নৱজিৎ বৈশ্য
আপুনি কথাৰ সিপাৰে উৰুৱাই
ভাবনাৰ কুকুহা
ইপাৰে আমাক পৰুৱাই পায়
আপুনি কথাৰ সিপাৰে থাকে
ধৰা হ’ক
আপুনি কবি
আপুনি মানুহ যোগ পোহৰ
অথবা, মানুহ বিয়োগ আন্ধাৰৰ দৰে
কিবা এটা…
আপোনাৰ কথাৰ
পেনৰোজীয় চিৰি বগাই
মানুহ কাহানিবা উঠিব পাৰেনে
আপোনাৰ আকাশী বাৰন্দালৈ
য’ত বহি কৃতবিদ্য সমালোচকে
পান কৰে লা-ওপালা আতিথ্য
কেতিয়াবা ভাবো
মানুহৰ বাবে আপুনি নিৰ্মাণ নকৰে কিয়
শিলৰ এলানি সৰল চিৰি
কথাৰ ইনডেলিবল্ ৰেখা
খোদাই কৰাবলৈ
আপোনাৰতো কাহানিও শিলৰ অভাৱ হোৱা নাই
(তথাপি
ভগা নৌকাত পাৰ কৰা
ৰাধাৰ কিমান ভাৰ…)
আমি বুজা সূত্ৰানুসৰি
মানুহ যোগ পোহৰ সমান আপুনি
অথবা
মানুহ বিয়োগ আন্ধাৰ সমান আপুনি
আপোনাৰ মতে
আপুনি জোনাকী পৰুৱা
কাহানিও পাখি নজপোৱা
আপুনি প্ৰেমৰ বৃত্তিধাৰী
প্ৰফেচনেল প্ৰেমিক
নন্দনতত্ত্বৰ পাঁজিসেৰীয়া আঙুলিত
জিলিকি থাকে
আপোনাৰ দুষ্মন্তীয় প্ৰেমৰ
ইম্পোৰ্টেড্ মুকুতা
আমি লঘোনীয়া পেটেৰে
আমি চানি পৰা চকুৰে
জলক-তবগ দেখো
আমি জলক-তবগ দেখো
আপোনাৰ এক্সট্ৰা-অৰডিনাৰী মেধাৰ চাবুকে
অৱলীলাক্ৰমে বখলিয়াই
আমাৰ দগধা পিঠি
তথাপি
আপোনাৰ ৰাজসিক ৰহস্যময়তাৰে
আমি চমৎকৃত হওঁ
আমি পাহৰি থাকো পেটৰ ভোক
চকুৰ আমনি পিঠিৰ ফৰফৰণি
কাৰণ
আৱহমান প্ৰবাদ অনুসৰি
আপোনাৰ কথা-আলষণীৰ
চফিষ্টিকেটেড্ জথৰতে ফুলিব
আমাৰ পৰমাকাংখিত
ঢেকীয়া ফুলপাহ
“ফুলোকলাগি মেল্লু হাত
ফুল গেল ওঠ্ৰ হাত”
তথাপি
আমি ফুললৈকে মেলো হাত
আমি ফুললৈকে মেলো হাত
★★★★