ফটাঢোল

জয় হৰি বোল.. – ভাস্কৰজ্যোতি দাস

গুণাৰাম বৰা ডি.আৰ.ডি.এ. অফিচৰ জ্যেষ্ঠ সহায়ক আছিল৷ বুৰঞ্জী থকা মানুহ৷ মানে পঢ়া-শুনাত কি আছিল সেয়ে জৰুৰী নহয়৷ এইজনাৰ বুৰঞ্জী চাকৰি কৰি থকা দিনৰহে৷ বিভাগীয় বস্তু সৰকোৱাত নাম আছে৷ একেদৰে দামোদৰ গোস্বামী জলসম্পদ বিভাগৰ মহৰি আছিল৷ কামৰ নামত নিজৰ চাইটলৈ গৈ খালাচী দুটামানৰ হতুৱাই দিখৌত মাছ-পুঠি দুটামান গোটাই ঘৰলৈ আনিব পাৰিলেই দিনটোৰ ডিউটি শেষ বুলি ধৰা মানুহ৷ পি.ডব্লিউ.ডি.ৰ অফিচত খালাচীৰ চাকৰি কৰা কচুৰ নামটো যে কেশবানন্দ দাস সেয়া বহুতেই নাজানিছিল৷ শশী ভুঞা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰ’মোচন পাই পাই হোৱা এচ.ই. আছিল৷ এনেকুৱা আৰু ভালেকেইজন লোক আছিল যি কৰ্মসূত্ৰে য’ত-ত’ত আছিল যদিও এতিয়ালৈ চাকৰিৰ পৰা অৱসৰ লৈ জিলা কাৰাগাৰৰ পিছফালে নিগাজীকৈ ঘৰ সাজিলেহি৷ এতিয়ালৈ তেওঁলোকৰ আগৰ পৰিচয়বোৰো গ’ল৷ মানুহে এই কেইজনক এতিয়ালৈ কণজান চাৰিআলি বৰনামঘৰৰ মেইন ভকত বুলিহে চিনি পায়৷ এই ভকতকেইজন আৰু প্ৰায় ৫০ ঘৰমান লোকে মাহেকীয়া খেল এখন নামঘৰভাগিত চলন্তি কৰিছে৷

চাৰিআলিৰ নামঘৰটো সজা দহ বছৰমান হ’ল৷ ধৰ্মেশ্বৰ মাষ্টৰৰ সৰু জীয়েকৰ বিয়াত সেৱা-উচৰ্গাৰ নামত যি পাঁচ-ছয়শ টকা উঠিছিল তাৰেই আৰম্ভ হৈছিল কেঁচা নামঘৰটোৰ কাম৷ এই বৰা, দাস আৰু কচুহঁত সেই আৰম্ভনিৰ সময়খিনিৰেপৰা লাগি থকা মানুহ৷ অ’ৰ ত’ৰ মানুহে সমাজ পতা এনেকুৱা ঠাইৰ নামঘৰ বুলিলেই মানুহৰ লগতে ধন আৰু সমলৰ অহা-যোৱা চলি থাকে৷ ইয়াৰ মানুহে লাহে লাহে এই নামঘৰভাগিৰ আধ্যাত্মিকতাক একপ্ৰকাৰৰ ফেশ্যন কৰি লোৱাৰে পৰা নামঘৰত কিবা এটা হ’ল বুলিয়েই ৰাইজৰ দান-বৰঙনিৰ পৰা আৰম্ভ কৰি শৰাই-সঁফুৰালৈকে বহুত কিবা-কিবি আহে৷ পিছে, নামঘৰৰ মূলৰ এই মানুহকেইজনৰ ভিতৰত গুণাৰাম আৰু কচু অলপ লুভীয়া বুলি দুই-চাৰিজন ৰাইজে কোৱা-কুই কৰে৷ সঁচা-মিছা কি তাৰ উৱাদিহ নামঘৰত এনেই চলি থকা কোনো লোকে নাপায়৷ কোনোবাই কিবা জানে যদি সেয়া হ’ল দামোদৰ, শশীহঁতৰ দৰে মূলৰ মানুহকেইজন৷ সাধাৰণ ৰাইজে এইবোৰৰৰ বিষয়ে একো নাজানিলেও গল্প-গুজৱ কিছুমান মাজে-মধ্যে শুনে সিমানেই৷

এইকেইদিন পৰিৱেশ অলপ গৰম৷ নামঘৰ কমিটিয়ে ৰাইজৰ সহযোগত প্ৰথমবাৰলৈ চাৰিদিনীয়াকৈ অবিৰত ভাগৱত পাঠ পাতিছে৷ অন্তিম দিনা বৰসবাহ আৰু ৰাতিলৈ ‘কুলাচল বধ’ ভাওনা৷ মুঠ আঢ়ৈ লাখমান টকাৰ কাৰবাৰ৷ ওচৰতে সৌৰভ নগৰ নামেৰে নগৰ পতা মাটিৰ দালাল গোবিন কটকীয়ে টেণ্টটো দিয়াৰ লগতে বুট-মগু আৰু চিৰাখিনি দিব৷ বাকীখিনি ৰাইজে কৰি ল’ব৷ সাধাৰণ সভা পাতি ঘৰমূলি পাঁচশকৈ তোলাৰ সিদ্ধান্ত লোৱা হ’ল৷ মূলৰ লোককেইজন মূলত ৰাখি ডেকা কেইটামানক কমিটিৰ ভিতৰত লোৱা হ’ল৷ চান্দা তুলিবলৈ ডেকা মানুহ লাগে৷ বুঢ়া মানুহে চান্দা তুলিবলৈ গৈ কথাৰ মহলা আৰম্ভ কৰি চাহ-তামোল খাইগৈ মানে দিনটোত চাৰি-পাঁচঘৰমানহে ঘুৰিব পাৰে৷ এইটো, চাকৰি কৰি থকাৰ সময়ত বৰাহঁতে নিজে দেখা৷ মানে ডেকা ডেকা মানুহ বিভাগবোৰত যোগ দিলেই পুৰণা মানুহবোৰৰ আঁঠুৰ বিষ, প্ৰেছাৰ, চুগাৰ বাঢ়ে৷ বৰাহঁতে প্ৰথমে নিজেই ভুগিছিল, পাছলৈ ভোগাইছিল৷ সেই কামটো ৰিটায়াৰমেণ্টৰ পাছতো এৰা নাই৷

নিৰ্দিষ্ট দিনত ৰাইজৰ উচাহ-উদ্দীপনা পাৰ নোহোৱাৰ দৰে হ’ল৷ সকলোৱে নতুন নতুন সাজ আৰু গামোচাৰে সাজি কাচি ভাগৱত ভ্ৰমনত ওলাল৷ গোঁসাই ফুৰোৱাৰ পাছত মূলৰ ভাগৱত ভাগ প্ৰতিষ্ঠা হ’ল৷ অথন্তৰটো সেই প্ৰথমৰ দিনটোতে লাগিল৷

ভাগৱতৰ ছয়-সাত অধ্যায়মান পাৰ হৈছে৷ মানুহৰ ভীৰ৷ নামঘৰভাগিৰ কাষতে এটুকুৰা মুকলি ঠাইত সাজি উলিওৱা ৰভাত চিৰা-জলপাণ, চাহ-তামোলৰ কাৰবাৰ এটা চলি আছে৷ গুণাৰামে বাহিৰৰ পৰা নিমন্ত্ৰণ কৰি অনা দাঁত নথকা বুঢ়া ভকত কেইজনৰ সুবিধাৰ বাবে তামোল খুন্দিবলৈ উৰাল এটা উৰাল মাৰিৰ সৈতে ঘৰৰ পৰা লৈ আহিছিল৷ গোপিনীসকলে মিলিজুলি এপোণমান তামোল খুন্দি দুটা কেৰিবেগত ভৰাই চিৰাৰ বস্তা এটাৰ ওচৰতে উৰালটো ৰাখিলে৷

অনুষ্ঠানে গতি লোৱাৰ পাছতে গুণাৰামে চাইকেলখন লৈ ঘৰত গৈ কাপোৰসাজ সলাই আহোঁ বুলি ওলাল আৰু উৰালটোৰ ওচৰতে ৰৈ থকা কচুলৈ চাই, উৰালটোলৈ আঙুলিয়াই চিঞৰ এটা মাৰিলে-

– দেউ, সেইভাগ আগবঢ়াই দিয়কচোন৷

চৌদিশে মানুহৰ ভীৰ৷ মাইকত ভাগৱতৰ অধ্যায়বোৰ এটা সুন্দৰ ছন্দেৰে পাৰ হৈ আছে৷ কোনেও কাৰো মাত শুনিবলৈ পোৱা নাই৷ কচুৱে ভালদৰে একো নুশুনি ইংগিতটোতে কিবা এটা বুজি পলম নকৰি চিৰাৰ বস্তাটো কঢ়িয়াই গুণাৰামৰ ফালে খোজ ল’লে৷

– “হেৰি, এই চিৰাখিনি ক’লৈ নিয়ে?” – দুগৰাকীমান গোপিনীয়ে প্ৰায় চিঞৰি উঠিল৷

– “সেইজনে এইভাগ বিচাৰিছে” বুলি কচুৱে চাইকেলখন লৈ থিয় হৈ থকা গুণাৰামৰ ফালে আঙুলিয়াই দিলে৷

এইবাৰ কথাই বেলেগলৈ গতি ল’লে৷ কিছুমান কঠিন বাক্যবাণ আৰু গোৱাল-গালিৰ সন্মুখীন হ’ল দুয়ো৷

– কেনেকুৱা লুতুৰা মানুহ ঐ এইকেইটা৷

– যোৱাবাৰ সবাহত যাদব কলিতাৰ ঘৰৰ পৰা দিয়া তামোলৰ বেগটোও গায়ব কৰিছিল এওঁ৷

– হেৰেউ, ভগৱানলৈতো কমচে কম ভয় কৰ৷

– চোৰ ক’ৰবাৰ৷

ঘটনাটো কি ঘটিছে একো তৰ্কিব নোৱাৰি এইবাৰ গুণাৰামে চাইকেলখন ষ্টেণ্ড কৰি ঘটনাস্থলীত উপস্থিত হ’ল৷ তেওঁ ঘটনাটো কিছু গমি “মই মোৰ উৰালটো…….” বুলি আৰম্ভ কৰিছিলহে৷ পিছে শুনোতা কোনো নোলাল৷ চৌদিশৰ পৰা কেৱল গালি নিক্ষেপ কৰা দেখা গ’ল৷ ৰুণুমাইৰ আঠ বছৰীয়া ধুতি পিন্ধা অঘাইটং পোৱালীটো ক’ৰপৰা আহি গুণাৰামৰ ধুতিৰ পোন্ধটো খুলি দিলে কোনেও তৰ্কিবই নোৱাৰিলে৷ নামঘৰত উপস্থিত সকলো ভকত-গোপীনী মূহুৰ্ততে এটুকুৰাকৈ অগ্নিপিণ্ড হৈ দুয়োৰে ওপৰত বৰষিবলৈ ধৰিলে৷ ভাগৱত পঢ়ি থকা পাঠেকী দুজনেও পাঠ কৰি থকাৰপৰা চকুকেইটা ঘটনাস্থলীৰ ফালে ঘুৰালে আৰু অলপ বেছিকৈ চিঞৰি অধ্যায়বোৰ পঢ়িবলৈ ধৰিলে৷

নিজৰ উৰালটো চাইকেলৰ কেৰিয়াৰত লগাই ভোৰভোৰাই গুণাৰাম তাৰপৰা আঁতৰি গ’ল৷

পিচদিনা আকৌ নতুন কথা কিছুমান শুনা গ’ল৷

দুই-একে ক’লে –”যি হ’ল ভালেই হ’ল৷ এনেকুৱা মানুহ সমাজত থকাতকৈ নথকাই ভাল।”

কচু আৰু গুণাৰামকে ধৰি এতিয়ালৈ কণজান চাৰিআলি নামঘৰৰ প্ৰায় এঘাৰজনমান ভকত ওচৰৰে সৌৰভ নগৰ নামঘৰৰ ষোল্ল দিনীয়া খেলত যোগ দিলেগৈ৷

☆★☆★☆

5 Comments

  • Rintumoni Dutta

    এনেকুৱা পৰিস্থিতি বহুত দেখিলো আগতে ভাস্কৰ। খুব সুন্দৰ হৈছে প্ৰকাশভংগী

    Reply
    • ভাস্কৰজ্যোতি দাস

      এইবোৰ হৈছে সমাজৰ অসুখ৷ এনেবোৰ কাৰণেই আজি সকলো ভাগ-ভাগ৷

      Reply
  • Nilakshi

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *