ফটাঢোল

গেজেট বাইদেউ – বন্দিতা গগৈ বৰা

(১)

মনত পৰিছে মোৰ আৰু গেজেট বাইদেউৰ মুখামুখি হোৱা প্ৰথম দিনটোৰ কথা। স্কুলত জইন কৰাৰ প্ৰথম দিন, অলপ লাজ, অলপ সংকোচেৰে কোনোবা এজনে দেখুৱাই দিয়া চকী এখনত বহি ইজন সিজনৰ লগত চা চিনাকি পৰ্ব চলিছে। এটা দুটা কথা পাতি পিছত লগ পাম বুলি নিজৰ নিজৰ ক্লাছলৈ গৈছে। মই বহি ৰৈছো, প্ৰথম দিন, মোৰ ক্লাছ কি হ’ব, ক’ত হ’ব ছাৰে ঠিক কৰি জনোৱালৈ অপেক্ষা কৰিছো। তেনেতে এগৰাকী বাইদেউ আহি মোৰ ওচৰত থিয় হ’ল,

-“নতুন নেকি?”

মোক মূৰৰ পৰা ভৰিলৈকে পৰীক্ষা কৰি তেওঁ মোৰ ওচৰৰ খালী চকীখনত বহিল। মুখত হাঁহি এটা লৈয়ে ক’লে,

-“আচলতে তুমি বহি থকা চিটটো মোৰ, পিছে বহা বহা একো নাই!”

মই থিয় হৈ নাজানি বহিলো, বেয়া নাপাব বুলি কৈ কৈ কাষত থকা খালী চকীখনত বহি তেখেতৰ চকীখন এৰি দিলোঁ। তেওঁ “এ উঠিব নালাগে বহা বহা” বুলি কৈ কৈ নিজৰ চকীত বহিহে যে ভাল লাগে তাকো ক’বলৈ নাপাহৰিলে। এইবাৰ মোক কথা সুধিবলৈ আৰম্ভ কৰিলে,

-“কত ঘৰ? কোন কোন আছে ঘৰত? হাজবেণ্ডে কি কৰে? নিজৰ ঘৰ নে ভাৰাঘৰ? মেট্ৰিকত কোন ডিভিজন? লেটাৰ আছিল নে?”

তেওঁৰ প্ৰশ্নত বিৰক্ত হোৱা যেন দেখুৱালো আৰু মাত্ৰ বুলি কোৱা বাবে তেখেতলৈ প্ৰশ্নববোধক দৃষ্টিৰে চালোঁ ৷

-“হেৰি মানে তোমালোকৰ দিনত দুটা তিনিটাত লেটাৰ পোৱাটো কমন আছিল আমাৰ দিনত আকৌ চেকেণ্ড ডিভিচন পোৱা মানেই বহুত ডাঙৰ কথা আছিল বুজিছা!”

তেওঁ আৰু কিবা কবলৈ মুখ মেলিছিল এনেতে দুৱাৰ মুখৰ পৰা প্ৰিঞ্চিপাল ছাৰে,

-“অমুক বাইদেউ আপোনাৰ ক্লাছ আছে নহয় এতিয়া, ল’ৰাবোৰে বৰকৈ উৎপাত কৰিছে, ক্লাছলৈ যাওক!”

বুলি কবলৈহে পালে, তেওঁ চোন বেগটো হাতত লৈ মোলৈ আঙুলিয়াই,

-“মই ক্লাছলৈ বুলি যাব লৈছিলোয়ে, এওঁহে নতুন যে কিবাকিবি সুধি মোক ৰখাই দিলে।”

মোৰ কাণ মূৰ গৰম হ’ল, কিন্তু মিছা কথা মই কেতিয়াও মানি নলও, মই থিয় হৈ,

-“ছাৰ, বাইদেউৰ ক্লাছ আছে বুলি মই নাজানোঁ আৰু তেখেতেহে মোৰ লগত কথা পাতি আছে মই তেখেতক ৰবলৈ কোৱা নাই!”

মোৰ এই উত্তৰ বাইদেউৰ বাবে আশাজনক নাছিল, তেখেতে মোলৈ পোন্দোৱাকৈ চাই, ৰহ পিছত দিম এনে এটা ভাবেৰে ৰুমৰ পৰা ওলাই গল। ছাৰে হাঁহিলে আৰু কৈ গল,

-“তুমি চিন্তা কৰিব নালাগে আমি তেখেতক ভালকৈ জানো!”

ছাৰ যোৱাৰ পাছত তাত হাঁহিৰ ৰোল উঠিল,

-“গেজেট বাইদেউক ভাল এচাত দিলে দেই!”

তেতিয়াহে জানিলো তেখেতক যে গেজেট বাইদেউ কয়। মোৰ বায়ডাটা লোৱা নহলগৈ আৰু!

(২)

গেজেট বাইদেউৰ ফেচবুক প্ৰীতি

প্ৰথম দিনৰ পৰিচয় পৰ্বৰ পাছত গেজেট বাইদেউৱে মোক দুদিনমান এৰাই চলিলে। ময়ো ভাবিলোঁ এখেতৰ পৰা ভাল বাচিলো দেই, ৰক্ষা। আগলৈ চাগৈ মোক আৰু কোনো দিনে আমনি নকৰিব। ইতিমধ্যে প্ৰায় সকল সহকৰ্মীৰ স’তে মোৰ ভাল সম্পৰ্ক গঢ়ি উঠিছে। বহু জনৰ কথা বাৰ্তাৰ পৰা বুজি উঠিছো যে বাইদেউক এৰাই চলাই ভাল। পিছে জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে বুলি এষাৰ কথা আছে নহয়। এদিন মই ক্লাছটো কৰি আহি চকীত বহিছোঁ, এনেতে বাইদেয়ো চোন আহি বহিলহি। হাতত মোবাইল, মোলৈ প্ৰশ্ন বাণ এৰিলে,

-“তুমি হেৰিত নাই নি? ”

-“কিহৰ কথা ক’লে বাইদেউ?”

-“হেৰি অ’ ফেচবুকত আছানে?”

কি কোৱা ভাল হ’ব মনতে গুণা গথা কৰিবলৈ ধৰিলোঁ, আছে ক’লেও বিপদ, নাই কলেওঁ বিপদ। আছে ক’লে যদি ফ্ৰেণ্ড ৰিকুইৱেষ্ট পঠায়, মইতো এচেপ্ত কৰিবই লাগিব, আকৌ নাই কলেওঁ পিছত যদি বিচাৰি পায়, মিচলীয়া বুলি অলপ বদনাম এটা হ’ব। মই কি কম ভাবি নেপাই, সেপ ঢুকি,

-“মানে বাইদেউ, মানে ….!”

বুলি কেৰঘহাই ৰ’লো।

-“তোমাক বিচাৰি আছো পোৱা নাই, বেলেগ নামত আছে নেকি? ফটো দিয়া নাই নেকি? তোমাৰ নামৰ লগত মিল থকা এজনীও তোমাৰ মুখৰ লগত মিল নাই!”

হাতৰ মোবাইলত চকু দি কৈ গ’ল! মই প্ৰমোদ গণিলো, ভাগ্য ভাল সেই সময়ত মোৰ প্ৰফাইল পিকচাৰত মোৰ ফটো নাছিল। তেখেত অলপ হতাশ হল,

-“বাৰু মই বিচাৰি পোৱা নাই তুমি মোক পালে মোলৈ ফ্ৰেণ্ড ৰিকুইৱেষ্ট পঠাবা দেই৷”

তাৰ পিছত অলপ পিটিক-পাটাক কৰি মোবাইলটো মোৰ চকুৰ আগত দাঙি ধৰিলে,

-“এইখন চোৱাচোন।”

তেওঁ ফেচবুকত এগৰাকী মহিলাৰ ফটো মোৰ আগত দাঙি ধৰিছে, ফটো খন চালোঁ, বিশেষ একো নাই এগৰাকী চুৰিদাৰ পৰিহিত মহিলাৰ ফটো।
-“চিনি পাইছানে?”

মই মূৰটো লৰালো, নাই পোৱা। তেওঁ মুখখন মোৰ ওচৰলৈ আনি, ফুচফুচাই আমাৰ সন্মুখত বহি থকা চাৰ এজনলৈ ইংগিতৰে দেখুৱাই কলে,

-“বৰুৱাৰ মিচেচ!”

মই বিশেষ আচৰিত হ’ব লগা একো নেদেখিলো আৰু ইমান গোপনে কবলগীয়াও একো দেখা নাপালো।

-“ড্ৰেছ দেখিছা? তেৱো এগৰাকী টিচাৰ বুজিছা?”

এইবাৰ মোৰ সঁচাকৈয়ে অলপ বেয়া লাগিল। প্ৰথম কথা তেওঁ ফটোত দেখুৱা মহিলা গৰাকীয়ে মাৰ্জিত কাপোৰ পিন্ধিছে, দ্বিতীয়তে তেখেতৰ কথা পাতিবলৈ মই তেখেতক চিনি নাপাওঁ আৰু পালেও বেলেগৰ শাক খোৱা ভাত খোৱা কথাত মই বৰ ৰস নাপাওঁ। সেয়ে অলপ গহীনাই কলোঁ,

-“বাইদেউ তেখেতেতো একো বেয়া কাপোৰ পিন্ধা নাই, তেখেত টিচাৰ হ’ল বুলিয়েই চুৰিদাৰ এযোৰো নিপিন্ধিব নি?”

মোলৈ বাইদেউৱে এনেকৈ চালে যেন মই কিবা নকবলগীয়া কথাহে ক’লো। তাৰ পিছত আকৌ ফুচফুচায়ে ক’লে

-“এঃ, ৰবাচোন আৰু ফটো আছে চাবা?”

মই লগে লগেই না কৰিলো, চিনি নোপোৱা মানুহ এগৰাকীক লোকৰ মোবাইলত খুটিয়াই খুটিয়াই চাম, এয়া মোৰ বাবে অসম্ভৱ। তেওঁ পিছে মোৰ পিছতে পৰি ৰ’ল,

-“তুমিয়ো চুৰিদাৰ পিন্ধা নি?”

-“হয় !”

-“তোমাৰ লাভ মেৰেজ নি?”

উৱা কাপোৰ পিন্ধাৰ লগত আকৌ বিয়াৰ কিহৰ সমন্ধ, মনে মনে হাঁহি উঠিল।

-“মোৰ বুজিছা এৰেঞ্জ মেৰেজ, ঘৰত শাহু শহুৰ আছে সেইবোৰ পিন্ধিব নোৱাৰোঁ, তোমালোকৰেই ভাল দিয়া!”

আৰু কিবাকিবি কটবলৈ মন আছিল পিছে বেল পৰাত মই ক্লাছলৈ বুলি যাবলৈ সাজু হ’লো। তেওঁ কৈ উঠিল,

-“মোলৈ ফ্ৰেণ্ড ৰিকুইৱেষ্ট আজিয়েই পঠাবা দেই!”

সেইদিনাই তেওঁক ব্লকাই দিলোঁ দেই। পিছত সুধিলত ক’লো মোৰ একাউণ্টটো ডিএকটিভেট কৰি থৈছো!

★★★★

2 Comments

  • এনেধৰণৰ মানুহৰ পৰা আঁতৰত থকাই মংগল— ভাল লাগিল।

    Reply
  • Rajib gogoi

    ভাল লাগিল সঁচাই ………ধন্যবাদ দি পাল নামাৰিব মোক ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *