ৰাজনীতিৰ অ আ ক খ!– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
-“ঐ,টিউচন লবি নেকি হৰেন চাৰৰ তাত। বিৰাট ভাল অংক শিকায়। মই গৈছিলো ছাৰৰ তালৈ, লগত আৰু কেইজনমানক লৈ যাবলৈ কৈছে। গ্ৰুপতহে পঢ়াব বোলে চাৰে, পইচাও বেছি নহয়, গাইপতি এশ টকা। সপ্তাহত তিনি দিন পঢ়াব। দহজনীয়া গ্ৰুপ হ’লে ভাল।”
ময়ো যাম, ময়ো যাম বুলি দিগন্তৰ কথাত প্ৰায় বাৰ জনমান ল’ৰাই একেমুখে সঁহাৰি জনালে। হৰেন ছাৰৰ তাত টিউচন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা আছিল আমাৰ কাৰণে। চহৰৰ বিখ্যাত কলেজখনৰ গণিতৰ মুৰব্বী অধ্যাপক হৰেন শৰ্মা। ঘৰটো আমি পঢ়া কলেজখনৰ ওচৰতে হোৱাত আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীকো টিউচন কৰে গ্ৰুপ হিচাপত।
টেম্পোৰ পিছফালৰ চিটটোত ঠেলি হেঁচি এগালমান যাত্ৰী বহুৱাৰ দৰে দহ জনৰ ঠাইত তেৰ জন ল’ৰা চাৰৰ সেই দহ বৰ্গফুটৰ ৰুমটোত বহুৱাই দিগন্তই এটা বিজয়সূচক হাঁহি মাৰিলে। দুজন অতিৰিক্ত ছাত্ৰ মানে তাৰ নিজৰ ফিজটো নিশ্চিতভাৱে ফ্ৰী।
কেনেকুৱা ধূৰ্ত এই দিগন্ত মোৰ সমান ভালকৈ চাগে কোনেও নাজানে। বাপেকৰ পৰা টিউচনৰ ফিজ বুলি দুশ টকাকৈ আনিব আৰু এইফালে ল’ৰা গোটাই গ্ৰুপ খুলি নিজৰ ফিজটোও ফ্ৰী কৰি ল’ব। পইচা কিন্তু খৰচো নকৰে সি, বেংকত একাউণ্ট আছে তাৰ।
সকলো কামতে আগভাগ ল’ব সি, যদিহে কামটোত পইচা অহাৰ কিবা সুবিধা দেখে, পইচা নোহোৱা কামত দিগন্তৰ ছাঁটোও কোনেও নেদেখে। পইচাৰ কাৰণে মাৰ-পিট কৰিবলৈকো সদা প্ৰস্তুত দিগন্ত। মাৰোৱাৰীৰ দোকানত চান্দা তোলা কামটোত সি সদায় আগত। সৰস্বতী পূজাত আগভাগ লোৱাৰপৰা (যদিহে বজাৰৰ দায়িত্ব দিয়া হয়) কলেজত বানসাহায্য উঠোৱা কেণ্ডিমেন চকলেটৰ বৈয়ামটো লোৱালৈকে সকলোতে দিগন্ত আগৰণুৱা। পইচাৰ হিচাপ দিব নোৱাৰি কিমান গালি-গালাজ, ককৰ্থনাৰ সন্মুখীন হৈছে লেখ নাই। দুবাৰমান সহপাঠীৰ লগত মাৰপিটো লাগিছে।
সকলোৰে সন্মুখত কিছুদিন আগতে প্ৰথম বৰ্ষৰ ছোৱালী এজনীয়ে কাণতলীয়া চৰ শোধাইছিল। তাইক স্কলাৰশ্বিপৰ ফৰ্ম আনি দিব বুলি এশ টকা লৈছিল বোলে বাপেকৰ পৰা এড্মিচনৰ দিনা। কলেজৰ কেৰাণীৰ ওচৰতে ফৰ্ম পায় বুলি জানি ছোৱালীজনীয়ে পইচাটো ওভতাই বিচাৰোতে কেৰোণটো আৰম্ভ হ’ল। সাপৰ মুখত ভেকুলী পৰা আৰু দিগন্তৰ হাতত পইচা সোমোৱা একেই কথা, ঘূৰি অহাৰ সম্ভাৱনা প্ৰায় শূন্য। উপায় নাপায় বেচেৰীজনীয়ে চৰটো শোধায়ে মানসিক শান্তি পালে। ইফালে মহাশয়ৰ গড়ৰ চামৰা, চৰ খালে কি হ’ব পইচাটো হাতত আহি গ’ল। তাৰ স্বভাৱবোৰৰ বেছিভাগেই ৰাজনীতিবিদ সকলৰ লগত মিলে। কলেজত কাৰোবাৰ লগত কাজিয়া লাগি ৰামধূলাই খাই যেতিয়া আমাৰ ওচৰলৈ আহে তাৰ ৰাজনীতি আৰম্ভ হৈ যায়।
-“চাল্লা গৰীয়াৰ জাত, মোক চিনি পোৱা নাই সি। হিন্দু ল’ৰাৰ গাত হাত দিছে। কি চাই আছ তহঁতে, ব’ল মোৰ লগত, তাক ঘৰত গৈ পিঠি বহল কৰি থৈ আহিম আজি। দেখুৱাই দিম আমাৰ হিন্দুৰ তেজৰ গৰম। যাবি নে তহঁত মোৰ লগত?”
-“কোনো নাযাওঁ, অকলে যা তই, মাইনৰিটি ফাণ্ডৰ স্কলাৰশ্বিপৰ পইচাটো প্ৰিন্সিপালৰ লগ হৈ খোৱাৰ সময়ত লগ ধৰিছিলি নেকি আমাক?”
মুখখন সেমেনা সেমেনি কৰি আঁতৰি যায় সি|
-“চাল্লা বিহাৰীৰ জাত, মোক চিনি পোৱা নাই, অসমীয়া ল’ৰাৰ গাত হাত দিব আহিছে। কি চাই আছ তহঁতে, ব’ল মোৰ লগত, তাক ঘৰত গৈ পিঠি বহল কৰি থৈ আহিম আজি। দেখুৱাই দিম আমাৰ অসমীয়া ছাত্ৰৰ একতা। যাবি নে তহঁত মোৰ লগত?”
-“কোনো নাযাওঁ, অকলে যা তই।”
ৰামুক খেদি তাৰ চেলুনখনৰ ৰুমটো লোৱাৰ সময়ত লগ ধৰিছিলি নেকি আমাক? আকৌ মুখখন সেমেনা সেমেনি কৰি আঁতৰি যায় সি।
-“চাল্লা বামুণৰ জাত, মোক চিনি পোৱা নাই। কলিতাৰ ল’ৰাৰ গাত হাত দিব আহিছে। কি চাই আছ তহঁতে? বল মোৰ লগত, তাক ঘৰত গৈ পিঠি বহল কৰি থৈ আহিম আজি। দেখুৱাই দিম আমাৰ কলিতাসকলৰ একতা। যাবি নে তহঁত মোৰ লগত?”
-“কোনো নাযাওঁ, অকলে যা তই। ঘন পুৰোহিতৰ পুতেকটোক কলেজত চিট দিয়াই দিম বুলি যে যোৱা এবছৰ ধৰি ঠগাই আছ সেইটো আমাক সুধি কৰিছিলি নেকি?”
মুখখন সেমেনা সেমেনি কৰি আতঁৰি যায় সি।
-“চাল্লা নলবেইৰাৰ জাত, মোক চিনি পোৱা নাই? ৰঙিয়াৰ ল’ৰাৰ গাত হাত দিব আহিছে। কি চাই আছ তহঁতে, ব’ল মোৰ লগত, তাক ঘৰত গৈ পিঠি বহল কৰি থৈ আহিম আজি। দেখুৱাই দিম আমাৰ ৰঙিয়াৰ একতা। যাবি নে তহঁত মোৰ লগত?”
-“তোৰ হৈছে কি দিগন্ত! ইমান ধূৰ্ত কিয় তই? ইমান সুবিধাবাদী কিয়? কেতিয়াবা যদি হিন্দু-মুছলমান, কেতিয়াবা বামুণ-কলিতা, কেতিয়াবা ৰঙিয়া-নলবাৰী, কেতিয়াবা অসমীয়া-বিহাৰী, কেতিয়াবা এইখন গাঁও-সেইখন গাঁও। সেইদিনাটো নিজৰ গাঁৱৰে ৰতনৰ লগত কাজিয়া কৰি গাঁৱৰ মাজত থকা কাৰ্লভাৰ্টটোৰো এইফাল-সেইফাল সূত্ৰ উলিয়াইছিলি তই।”
-“কি বুজিবি তহঁতে এইবোৰ। এতিয়া মই কলেজৰ জেনেৰেল চেক্ৰেটাৰী, দুদিন পিছত যুৱ নেতা তাৰপিছত বিধায়ক, তাৰপিছত……এইবোৰেইটো ৰাজনীতিৰ অ আ ক খ। আৰম্ভণিবোৰ সকলোৰে এনেকুৱাই। চামৰা এতিয়াৰ পৰাই ডাঠ কৰিব লাগিব।”
2:05 pm
ভাল লাগিল
7:32 pm
বহুত বহুত ধন্যবাদ।
7:32 pm
দেখি ্হা এনে কিছুমানৰ বাবেই এতিয়া জাতিটোৰ গোট খাব লগীয়া শক্তিবোৰে গা এৰা দিয়ে ৷
7:39 pm
ধন্যবাদ।
হয়,এনেকৈয়ে ৰাজনীতিৰ পাঠশালা আৰম্ভ হয়।