ফটাঢোল

দেতা – অসীমা শইকীয়া দত্ত

সৰুৰে পৰা মোৰ নামটো বৰ ভাল পোৱা নাছিলো। সৰুতে যিয়েই সুধে সিয়েই কয় সীমা ডাল ক’ত থলি। এই নামৰ সীমা বিবাদ মোৰ দেউতাৰ লগত বহুত দিনলৈকে চলিলে কি নাম থলে মোৰ। নামৰ ক্ষেত্ৰত দেউতাই যি দিলে তাকে পিন্ধি ললো আমি। দাদাৰো নামৰ মাজত দেউতাৰ ভক্তিত এলপিৰ পৰা মেট্ৰিকৰ সময়লৈকে নাৰায়ণ শুই আছিল।পিছত সি নামৰ মাজত শুই থকা অনন্ত শয্যাৰ নাৰায়ণক জগাই উঠাই শুদা নামটো ৰাখিলে।

অলপতে ঘৰলৈ গৈছিলো। ফেৰীতে পালো মাজু বাৰ লগৰ এজনী। নাম বহুবল্কী।মোৰ চেহেৰাৰ বাৰ লগত মিল দেখি উপযাচি আহি চিনাকি হ’ল।

-“কি নাম আছিল তোমাৰ?”

নামটো কলোঁ। তেখেতে মোৰ নামটো শুনি লৈ ক’লে

-“তোমাৰ নাম অসীমা, মোৰ লগৰ তোমাৰ বাজনীৰ নাম মুনমা, আৰু এজনী যে আছিল তোমালোকৰ তাইৰ নাম কি? মা………।”

মই কওঁ নকওঁ কৈ কলো

-“অনিমা।”

তেখেতে খুক-খুকাই হাঁহি ক’লে

-“তোমালোকৰ নামত গোটেইখন মায়েই মা। হিঃ হিঃ।”

মই গহীনাই কলো

-“হয় আমাৰ দেউতাই মাক বহুত ভাল পাইছিল সেয়ে প্ৰডাকচনটো মাৰ নামত খুলিলে।” মানুহজনী মনে মনে থাকিল।

ঘৰ গৈ পাই ফেৰীৰ হাঁহি খন মনত পৰাত সৰু কালৰ ঠেহটো উক দিয়াত দেউতাক অলপ সময় নামাতিলো। দেউতাও নাতিয়েকহঁতৰ লগত ব্যস্ত। মোক পাত্তাই দিয়া নাই। যেন মই চেম্পুৰ লগত ফ্ৰী কণ্ডিচনাৰ পেকেটটোহে গৈছো। এপাকত সুধিলো

-“কি অ দেতা! মোক চিনি পোৱা নাইনি?”

মুখলৈ চাই ক’লে

-“অ তইহে, মই আকৌ জপৰা চুলিৰে খগেন মহন্তৰ পুতেকে চুৰিদাৰ পিন্ধি অহা বুলিহে।”

এইবাৰ মোৰ মানুহটোৰ হাঁহি। ওফন্দা মুখখন মোৰ আৰু ওফন্দিল। ৰাতি মবাইলটো চাৰ্জত দিবলৈ লওঁতে দেউতাই ক’লে

-“মোলে ষ্টীলৰ হাঁকুটি ডাল আনিছনে নাই? নহলে, তোৰ হাঁকুটি ডালকে মোক দি যাবি। মোৰ ইয়াত বৰ দৰকাৰ।”
বুজিলো! দেউতাই এবাৰ নৰসিংহপাত পাৰি চেল্ফী ষ্টীক ডাল ভাঙি থৈ আহিছিল। তাকে খুজিছে। হ’ব দিম বুলি কৈ শুলোহি।

পিছদিনাৰ পৰা বিচাৰি মৰিছো মোৰ মবাইলৰ হেডফোন ডাল। অনবৰতে মবাইলতে লাগি থাকে সেইডাল। য’তে-ত’তে হেৰাই বাবে লগাই থওঁ তাতে। ফুৰিবলৈ আহিলে আৰু লাগে মোক সেইডাল। হেৰাল বুলি বাদ দিওঁতে দেউতাই সুধিছেহি

-“কি বিছাৰিছ অ তই?”

মই ক’লো মবাইলত লাগি থকা হেদফোনডাল। দেউতাই ক’লে

-“বগা প্লাষ্টীকৰ ৰছী ডাল? ৰহ মই থৈছো। তাকে নো কোৱা নাই কেলেই? কালি ৰাতি মই আঁঠুৱা ৰচি কৰিলো।”
দহপাক দি আটি আটি বন্ধা খুঁটিটোত হেডফোনৰ গতি দেখি মই হতবাক!

-“মোৰ মবাইলৰ সম্পত্তি কেইটাতহে আপোনাৰ চকু নে দেতা?”

★★★★

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *