ফটাঢোল

আই এম ইন ইউ.এচ.এ – অঞ্জলি গগৈ বৰগোহাঞি

কালিৰ কথা বুজিছে! বুজিছে বুলি ক’লেই কেনেকৈ বুজি পাব, নহয় জানো! ৰ’ব, কথাটো ভালকৈ বুজাই কৈছোঁ। সেই আমাৰ তাপেশ্বৰ মানে মানুহজন, পুৱা খাই বৈ ন বজাত অফিচলৈ গ’ল।

কি কৈছে,

-“তাতে কি হ’ল?”

শুনক আকৌ তাৰ পিছত কি হ’ল। মইও মানে ঘৰুৱা কাম-কাজ কৰি আজৰি হলোঁ, এই ধৰক এঘাৰ বাজি ত্ৰিশ মান বজাত। তাৰ পিছত মোবাইল ডাটা খোলাৰ লগে লগে কিটলিং কৈ মেচেজৰ ৰিংটন আহি গ’ল নহয়। Whatsapp মেচেজ আছিল, তাকো আমাৰ তাপেশ্বৰৰ। মইও মনে মনে ভাৱিলোঁ,

-“আউ বালক কৃষ্ণ, এইজনৰ আজি অফিচ টাইমত কিয় বা মনত পৰিল মোলৈ!”

যিকি নহওঁক মেচেজ খুলি চালোঁ। কৈছো নহয় চকু একেবাৰে কপালত। আপুনি কিয় বুলি সুধিছে? নহ’ব কিয় কওঁকচোন! ৰ’ব মেচেজটো কপি পেষ্ট কৰি দিছোঁ…

“I’m in USA,due to some official work with my secretary Barnali.”

মাথা গৰম নহ’ব কওঁক! গৈছেও গৈছে, একেবাৰে বৰ্ণালীৰ লগত। মিছা কথা নহয় এইটো, জানো মই। কাৰণ আমাৰ বিয়া হোৱা দহ বছৰ হৈ গ’ল, পিছে তাপেশ্বৰে এদিনো মোৰ আগত মিছা কথা কৈ পোৱা নাই।

খঙৰ কোবত একো চিন্তাই কৰিব নোৱাৰা হলোঁ। পিছে অলপ পিছত চিন্তা হ’ল নহয়। পুৱা ন বজাত ওলাই যোৱা মানুহজন এঘাৰটা ত্ৰিশ মান বজাত একেবাৰে ইউ.এচ.এ পায় গ’ল! হৰি হৰি! এনেকুৱা মিছা কথাও ক’ব পায়নে বাৰু! আকৌ ভাৱিলোঁ হ’বও পাৰে কিবা চাগে টাইম মেচিন ওলাই গ’ল, মই ঘৰৰ ভিতৰত থাকো বাবে সেইবোৰৰ ভূকে পোৱা নাই।

এইবাৰ একেবাৰে ফেচবুক একাউন্ট চালোঁগৈ। আয়ৈ আমাৰ তাপেই ( মৰমতে তাপেশ্বৰক তাপে বুলি কওঁ ) কিবা এটাত টেগাই থৈছে। চাওঁতে চাৰিখন ফ’টৰ সৈতে ষ্টেটাচ দেখিলোঁ..আই এম ইন ইউ.এচ.এ!! সপোনতো আমেৰিকা দেখি নোপোৱা মইজনীয়ে জুমি জুমি মুঠতে চাইছোঁ কেৱল চাইছোঁ আমেৰিকাখন। একেবাৰে আমাৰ ফালৰ ঠাইৰ দৰে একেই। ঘৰ-দুৱাৰ, খেতি-বাতি আৰু ৰাষ্টাটোও। ৰাষ্টাটো মানে সেই যে মাজত পুখুৰী একোটাকৈ থাকে তেনেকুৱা একেবাৰে একেই! তেতিয়াহে ভাৱিছোঁ, আয়ৈ দেহি সেইগুণেহে আগৰ স্বৰ্গদেউ ঈশ্বৰে কৈ গৈছিল, -অকল আমাৰ ইয়াতে বানপানী হয় বুলি ভাবিছে নেকি? আমেৰিকাতো বানপানী হয়! এৰাতো ঠিকেই কৈছিল স্বৰ্গদেউৱে, সকলো বস্তুৰে মিল আছে যেতিয়া বানপানী নহ’ব বা কিয় আমেৰিকাত।

ফেচবুকাই আছিলোঁ বাবে মনটো ভাল হৈ আছিল। পিছে আকৌ খঙটো উঠি আহিল। মানে এখন ফ’টো বৰ্ণালীৰ লগতো আছিল। সেইটো কথা নাই কোৱা নহয়নে? তাৰপিছত কি কৰিম আৰু দুখত ম্ৰিয়মাণ হৈ বিচনাত পৰিলোঁ। তাৰ আগতে ফ’নটো বন্ধ কৰি দিলোঁ। যা বাপ্পেকে!

সন্ধিয়া হৈ ৰাতি হ’ল। ভাত বনাবলৈ মন ন’গল। মেগীকে সিজাই খাই শুই থাকিলো। ৰাতি এঘাৰটা ত্ৰিশ বজাত কলিং বেলৰ মাতত সাৰ পালোঁ। ভয়ও লাগিল, এই ৰাতিখন কোন ওলাল বুলি। তাতে মানুহটোও নাই ঘৰত। তথাপি অলপ সাহস গোটাই দুৱাৰখন খুলি দিলোঁ! পিছে দুৱাৰ খুলি দিয়াৰ পাছত যি দেখিলোঁ, তাৰ পিছত আৰু একো মনত নাই!

যেতিয়া সাৰ পালোঁ, তেতিয়া নিজকে বিচনাত আৱিষ্কাৰ কৰিলোঁ। তাপেশ্বৰে মূৰত তেল-পানী দি মূৰটো পিটিকি আছে। মই চকু মেলা দেখি বৰ মৰমেৰে সুধিলে –

-“তাপেশ্বৰী অ’ কিনো হ’ল অ’ তোৰ, মোক দেখাৰ লগে লগে যে মূৰ্ছা গলি?”

-“তাপে প্ৰথমে কচোন তই ভূত নে মানুহ হয়?”

-“হেৰৌ মই তোৰ তাপেই হওঁ। ভূত হোৱা হ’লে তোৰ মূৰত তেল-পানী দিলোঁহেতেন জানো?”

-“কিন্তু তই ৰাতিপুৱা ঘৰত, দুপৰ বেলা ইউ.এচ.এ ত আৰু এতিয়া ঘৰত। ভাগ্যে মই নমৰাকৈ থাকি মূৰ্ছাহে গলোঁ। বাৰু কচোন তাপে, এই টাইম মেচিন বস্তুটো কেতিয়া ওলালে বাৰু। মোকো এদিন উঠাই নিবি দেই!”

আয়ৈ মানুহটোৰ কি হাঁহি ঐ। হাঁহি হাঁহি ক’বই নোৱাৰা হ’ল নহয়। তথাপি হাঁহি হাঁহি যি ক’লে শুনিব নেকি? শুনক তেনে ..

ইউ.এচ.এ মানে ‘আপাৰ চাইড অব আচাম’!!

★★★★

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *