ফটাঢোল

নিবনুৱা প্ৰেমিক– অভিজিৎ মেধি

মা-কচম্,
ফুটা মানিবেগত খুচুৰাকেইটাও নাথাকে
নহ’লে আইচক্ৰীম পাৰ্লাৰত
তোমাক সুধিলোঁহে- ভেনিলা নে ষ্ট্ৰৱেৰী?
নাঙলৰ ভৰষাত থকা পিতায়ে নাজানে
আধুনিকতাত শকত মানিবেগ, আইফোনৰ প্ৰয়োজন
পকেটমানিৰে গৰম কৰিব নোৱাৰি চিচিডি-ৰ কোমল চকী
আৰুনো কেনেকৈ কওঁ
তোমাক ভালপাওঁ বুলি !
“পঢ়িবলৈ গৈ চহৰীয়া ছোৱালীৰ প্ৰেমত পাহৰিম
গাঁৱৰ আলি-পদূলি,
ডাঙৰ চাকৰি কৰি সজাম ডাঙৰ ঘৰ
কুকুৰৰ ভয়ত নাহিব আলহী”
-অন্ততঃ লগৰীয়াৰ আড্ডাত এইয়া আছিল মোৰ ভৱিষ্যত ।
সিহঁতেতো নুবুজে
চহৰৰ বুকুত
শুঙি উলিয়াব নোৱাৰি চাকৰি!
নৈতিকতাৰ কাপোৰ খুলি,
পইচা ঢালিলেই আহি যাব হেনো এপইন্টমেণ্ট লেটাৰ
বিলাসী জীৱন, বিলাসী কাৰ
তুলাচেনীত জুখি চাওঁ
এটা পিনে চাকৰি, এটা পিনে পলিওত ভোগা সঞ্চয়।
উস ৰাম, চাকৰি ইম্মান অভাৰৱেট !
চাকৰিয়ে জীম নাযায়, নাজানে ডায়েটিং কি বস্তু।
তেনেহ’লেনো কেনেকৈ পৰিম তোমাৰ প্ৰেমত,
কেনেকৈ তোমাক যাচিম এল18, লেকমি বিহীন জীৱন?
সমীকৰণৰ সমাধান বিচাৰি থাকোঁতেই
হয়তো তুমি এদিন ফেচবুকত ওলাবা…..কইনা হৈ
শিৰত ল’বা অচিনাজনৰ ৰঙা ৰং।
আৰু মই?
মই তেতিয়াও জীয়াই থাকিম নিবনুৱা প্ৰেমিকৰ জীৱন।

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *