ফটাঢোল

ফেচবুক,গড্ডলিকা প্ৰৱাহ আৰু জৰদ্গব ৰজাৰ সাধু – আৰাধনা বৰুৱা

আমাৰ ছোৱালী হ’ষ্টেলত হঠাতে হুলস্থূল লাগিল৷ তেতিয়া হাতে হাতে ম’বাইল বা ইণ্টাৰনেট নাছিল৷ ক’ৰবাৰ পৰা বাতৰি এটা বতাহত উৰি আহিল যে কাইলৈ পুৱা অমুক সময়ত বিৰাট ভূমিকম্প হ’ব৷ আৰু পৃথিৱী যে ধংস হ’ব খাটাং৷ হুৱাদুৱা লগাৰে কথা৷ পৃথিৱী যদি ধংসই হয় তেন্তে চোন দূৰৈত থকা মা দেউতা, প্ৰেমিক, পৰিয়াল কাকোৱেই লগ পোৱা সম্ভৱ নহ’ব, নেদেখাকৈয়ে মৰিব লাগিব৷ পৰিস্থিতি গম্ভীৰ হ’ল তেতিয়া যেতিয়া হ’ষ্টেলৰ চুপাৰইনটেণ্ডেণ্টে কোৱাৰ্টাৰৰ টিভি আদি দামী বস্তুবোৰ সব তললৈ নমাই পেকিং কৰি নিৰাপদ স্থানত ৰাখিলে৷ সৰু পুতেকৰ কাৰণে

Read more

টনী মৰিছন — এযুৰি নীলা চকু আৰু এমুঠি শানিত শব্দৰ চিকমিকনি – দীপাঞ্জলি দাস পাঠক

এযুৰি সুগভীৰ নীলা চকুৰে তাইও পৰীৰ দৰেই অতীৱ সুন্দৰী হ’ব। যিফালেই চকু তুলি চাব সকলােৱে থৰ লাগিব তাইৰ বিমুগ্ধ দুনয়নৰ ৰাগিত। তাই যেনিয়েই খােজ দিব আলফুলীয়া জোতাৰ তলৰ ঘাঁহনিডৰাও তাইৰ প্রেমিক হৈ উঠিব। বতাহজাক উতনুৱা হ’ব দুবাহুত মেৰিয়াই লৈ তাইক এটি চুমা দিবলৈ। সেই উমাল আলিংগনৰ আৱেষ্টনীতে তাই সাৰ পালে সপােনৰ পৰা আৰু নিজকে আৱিষ্কাৰ কৰিলে ৰূঢ় বাস্তৱৰ নির্মম পৃষ্ঠভূমিত। তাইৰ গ’ম সাপৰ বৰণীয়া শৰীৰ আৰু এঙেৰুৱা চকুযুৰিয়ে সজা কাছাজিয়ে তাইক প্রক্ষেপ কৰিলে অৱজ্ঞা আৰু উপেক্ষা কর্কশ মৰুভূমিত। এয়াই অবাঞ্চিত

Read more

আহক, ওলাই যাওঁ অকণ – ৰুবী বৰা বৰদলৈ

বৰ গৰম পৰিছে। গেলেপা লগা গৰমত দিনটো ব্যস্ত থকাৰ পাছত আবেলিলৈ মনটোৱে ইচাট্-বিচাট্ কৰে। কি কৰোঁ কি নকৰোঁ কৰে। ঘৰৰ, কৰ্মক্ষেত্ৰৰ বন্ধ আৱহাৱাৰ পৰা অকণমান মনটো মুকলি হ’বলৈ বিচাৰে। আহকচোন, গাটো ধুই কম্ফৰ্টেবল ড্ৰেচ এটা কৰি লওক। আপোনাৰ পচন্দ মতে ডিঅ’, বডি স্প্ৰে’, পাৰফিউম যি লয় অকণ সানি লওক আৰু আহক, অকণ ওলাই যাওঁ। এইটো পথেৰে যাওঁ আহক। পথটোত বৰকৈ ভিৰ নাই, গতিকে হুলস্থূলো নাই। অলপ আগতেই সেইখন পাৰ্ক।যদিও চিলড্ৰেন পাৰ্ক, আমিও সোমাব পাৰিম। চিলড্ৰেন নহ’লেও আমিওতো চিলড্ৰেনৰ মাক-দেউতাক দিয়কচোন!

Read more

জীৱন বৃত্তৰ পৰিধি – পলাক্ষী দৌলবৰুৱা

জীৱনটোত আমি কি বিচাৰো বুলিলেই বহুতেই হয়তো নিজস্বতাখিনিক সাঙুৰিয়েই উত্তৰটো দিব। এটা নিৰাপদ তথা সা সুবিধাৰে পৰিপূৰ্ণ জীৱন অথবা আৰু কত কি! তথাপিও বিৰল কিছু উদাহৰণে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। নিজৰ পৃথিৱীখনত মত্ত থকা এচাম মানুহৰ বিপৰীতে এমুঠি মানুহ আমি দেখিবলৈ পাওঁ, যি নিজৰ জীৱন বৃত্তৰ পৰিধি বহলাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেনে বহুকেইটা বাতৰিয়ে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তিনিটা শিশুৰ অভিভাৱকৰ দায়িত্ব লোৱা দম্পত্তিহালৰ মহানুভৱতাই বাতৰিটো চোৱা প্ৰতিজন দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিছিল। এনে সৰু বৰ

Read more

জ্যোতি প্ৰসাদৰ দৃষ্টিত নাৰী – ববিতা শৰ্মা

জাতীয় সাহিত্যক জাতীয় জীৱনৰ দাপোণ বুলি কোৱাৰ সমান্তৰালকৈ এজন লেখকৰ লেখা সমূহক তেওঁৰ মনৰ দাপোণ বুলি কব পাৰি৷ কিয়নো সেই লেখাসমূহৰ মাজত ব্যক্তিজনৰ নিজস্ব দৃষ্টিভংগী, ব্যক্তিত্ব প্ৰতিফলিত হয় আৰু তাক পঢ়ি আমি তেওঁৰ মনৰ ভিতৰখনৰ খবৰ পাব পাৰোঁ৷ সাধাৰণতে এজন লিখকৰ লেখাৰ মাজৰ চৰিত্ৰসমূহে মানুহৰ প্ৰতি তেওঁৰ মানসিকতা, ধ্যান-ধাৰণাকে প্ৰতিনিধিত্ব কৰে৷ গতিকে মানুহৰ প্ৰতি লেখক এজনৰ ধ্যান-ধাৰণা কেনে তাক তেওঁৰ দ্বাৰা সৃষ্ট চৰিত্ৰসমূহ বিশ্লেষণ কৰি চালেই সহজে অনুমান কৰি লব পাৰি৷ অসমীয়া সাহিত্য- সংস্কৃতিৰ একান্ত সাধক, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি

Read more

কি, ক’ত, কেনেকৈ ইত্যাদি – অত্ৰেয়ী গোস্বামী

সময় বৰ দ্ৰুতগতিত সলনি হৈছে৷ সেই সলনি আমি মানি লৈছোঁ‌৷ মানি নোলোৱা মানেই হাজাৰ খোজ পিছুৱাই অৱস্থান কৰা৷ পৰিৱৰ্তিত সময়ৰ সৈতে নিজকে খাপ খুৱাই সমান্তৰাল গতিত অগ্ৰসৰ হ’ব পৰাটো এটা কলা৷ অন্ততঃ আজিৰ যুগৰ এক সুন্দৰ কলা৷ আমি সম্পূৰ্ণৰূপে সেই কলা আহৰণ কৰিব নোৱাৰো বা নাই পৰা৷ আমাৰ এটা ভেঁটি আছে৷ সেই ভেঁটিৰ ইটা-বালি-চিমেণ্টৰ সৈতে খাপ নোখোৱা সামগ্ৰীৰ ব্যৱহাৰে আমাক আমুৱায়৷ আমি ভেঁটি খহাব নোৱাৰো। আমি ভেঁটি খহোৱাৰ চূড়ান্ত প্ৰতিবাদ কৰোঁ৷ কাৰণ আমি আমাৰ শিপাডাল সেই ভেঁটিতেই গুজি থ’লো৷ আমি

Read more

আমাৰ ছালখনৰ উজ্জলতা ধৰি ৰখাৰ উপায় – ডাঃ বিজিতা চুতীয়া

আমাৰ ছালখন হৈছে সৌন্দৰ্যৰে অন্য এক আকৰ্ষণ। ছালখন বয়সৰ চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ ছালৰ যত্ন লোৱাটো অত্যন্ত জৰুৰী। বয়স বঢ়াৰ লগে লগে ছালৰ বলিৰেখা বা ছালখন ওলমি যোৱা দেখা যায়। এয়া অনিবাৰ্য প্ৰক্ৰিয়া। কিন্তু আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে ছালখন উজ্বল আৰু কমনীয় কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিব পাৰোঁ। ছালৰ প্ৰভাৱ পেলোৱা কাৰক সমূহঃ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে আমি ছালখনত প্ৰভাৱ পেলোৱা কেতবোৰ কাৰকৰ বিষয়ে আগতে জানি ল’ব লাগিব । সেই সমূহ হৈছে – ১) বয়সৰ লগে লগে

Read more

সমাজ আৰু নাৰী – ভাৰতী পাঠক

‘হে নাৰী, তুমি নিজকে নিচিনা কিয় তোমাৰো আছে নিজৰো অস্তিত্ব, নিজৰ শক্তি। প্ৰতি খোজতে অৱহেলিত নিষ্পেসিত হ’লেও নিজৰ মহানতাৰে তুমি সদায় মহিয়সী।’ ‘নাৰী’ ঈশ্বৰৰ এক মহান সৃষ্টি। যাৰ অবিহনে এখন সমাজ অসম্পূৰ্ণ। নাৰীক ত্যাগ, ধৈৰ্য আৰু সাহসৰ প্ৰতীক হিচাপে মান্যতা দিয়া হয়। হিন্দু শাস্ত্ৰত নাৰীক ‘দেৱী’ বা ‘শক্তিৰ অধিষ্টাত্ৰী’ হিচাপে পূজা কৰা হয়। কিন্তু বিচাৰ্যৰ বিষয়টো হল ‘দেৱী’ ৰ স্থান দি পূজাৰ পিছতো হিন্দু সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি ইমান শোষণ কিয়? পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীক বহু ক্ষেত্ৰত ভোগ্য আৰু পন্য

Read more

বাৰিষাৰ অনুভৱ : ঔ ফুলাৰ বতৰ – কৰবী দুৱৰী

বৰষুণ বাৰিষাৰ অবিচ্ছেদ্য অংগ। কেতিয়াবা মুষলধাৰে, কেতিয়াবা কিনকিনিয়াকৈ বাৰিষাৰ দিনকেইটাত বৰষুণ থাকেই। এয়া যে খেতিৰ বতৰ, উকা পথাৰখন সেউজীয়া কৰি তোলাৰ বতৰ। খেতিয়ক ৰাইজৰ কিমান যে হেঁপাহ বাৰিষাক লৈ! বাৰিষাৰ বৰষুণক লৈ সৃষ্টি হৈছে অসংখ্য কবিতাৰ। বাৰিষাই কঢ়িয়াই সৃষ্টিৰ উন্মাদনা, নতুনৰ সম্ভাৱনা। ভৱিষ্যতৰ ভাতমুঠি যোগাৰ কৰিবলৈ এই দিনকেইটাত ল’ৰাৰপৰা বৃদ্ধলৈকে সকলো পথাৰত ব্যস্ত হৈ  পৰে। কাহিলী পুৱাতেই শোৱাপাটি এৰি  বলধহাল মেলি কান্ধত নাঙলটো লৈ কৃষকসকল আগবাঢ়ে পথাৰলৈ বুলি। গৃহিণীসকলেও ততাতৈয়াকৈ ঘৰৰ কাম-বন কৰি গৃহস্থলৈ জলপানৰ টোপোলাটো লৈ পথাৰলৈ বুলি খোজ

Read more

হাঁহি আৰু হাঁহিৰ লাভালাভ – মনালিছা পাঠক নেওগ

“তোমাৰ হাঁহি আৰু মোৰ বাঁহী… যদি মিলি একেলগ হয়। কোৱাচোন হ’বনে নহ’ব আমাৰ হাজাৰ সুখ ৰাহি…” আপোনাৰ এটা প্ৰাণ খোলা ধুনীয়া হাঁহিয়ে আপোনাৰ জীৱনৰ কঠিনতকৈ কঠিন অসম্ভৱক সম্ভৱ কৰি তোলে। লগতে আপোনাৰ মুখমণ্ডলৰ সুন্দৰ হাঁহিটি দেখি কিমানজনৰ যে দিনটো শুভ হৈ পৰে! আপুনি জানেনে হাঁহিৰ এনে ধৰণৰ লাভালাভ আছে যে আপোনাক সুস্বাস্থ্যবান কৰি তুলিব পাৰে। বিশ্বাস হোৱা নাই নহয়! ঠিক আছে তেন্তে, আহক জানোঁ আপোনাৰ হাঁহিটিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰখাত কেনেদৰে সহায় কৰে। টেনশ্যনৰপৰা মুক্তি : দিনটোৰ দৌৰা দৌৰি আৰু

Read more
1 2 3 15