ফটাঢোল

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ – অভিজিত কলিতা

=পাতনি= সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা

Read more

অভ্যাসৰ নৰ – অভিজিত মেধি

মনত পৰে তাহানিৰ দিনবোৰৰ কথা। আজিৰ দিনত মোবাইল-লেপটপৰ বুকুত টাইপ কৰা আখৰৰ অনুশীলন ফলি-পেঞ্চিল লৈ কৰা দিনবোৰৰ কথা। আমাৰ পাঁচজনীয়া পৰিয়ালটো আছিল নিম্ন মধ্যবিত্ত শ্ৰেণীৰ, সীমিত উপাৰ্জনে প্ৰায়েই লেকাম লগাইছিল হেঁপাহৰ দৌৰত। ইটো কিনি উঠি সিটো লাগ বুলিলেই “মৰাণ নহা, মাইৰে-বাইপেৰে টাকাৰ গাছ পুতছি? জোকাৰ মাল্লি টাকা আইহবো?” বুলি ধমক দিয়া হৈছিল। অৱশ্যে মা-দেউতাই মৰমতে স্কুলত কিবা এটা খাবি বুলি মাজে সময়ে পইচা এটা দুটা নিদিয়া ধৰণৰ নাছিল। ইয়াৰে সৰহ সংখ্যক পইচা বাৰীৰ ভাল যেন লগা ঠাই এটুকুৰাত পুতি থৈছিলোঁ।

Read more

ফটাঢোল ই-আলোচনী, September, ২০১৯ – ৰিমঝিম বৰঠাকুৰ

‘ৰিমঝিম’ ‘হয় দাদা’ ‘কামটো হ’লনে?’ ‘কোনটো কাম দাদা?’ ‘কি কোনটো কাম? মাহৰ আৰম্ভণিতে যে দিছিলোঁ।’ ‘অঃ আচ্ছা, আচ্ছা বুজিছোঁ। সেইটো কাম হৈ যাব, চিন্তাই নকৰিব।’ ‘বাঃ, এইয়াহে আমাৰ ছোৱালী। পাৰিলে আজি ৰাতিলৈ মেইল কৰিবা দেই।’ ‘বাৰু, দাদা।’ এই যে ডাঃ পাৰ্থসাৰথি ভূঞা। এইবাৰ ফটাঢোল ই-আলোচনীৰ সম্পাদক হোৱাৰেপৰা মানুহজন কিবা সলনি হৈ গ’ল। সেই আগৰ হাঁহিমুখীয়া মানুহজন এতিয়া আৰু নাই। মই আকৌ তেওঁক সম্পাদক পাতোঁতে ভালেই পাইছিলোঁ। হাঁহিমুখীয়া সম্পাদক, তাতে ডাক্তৰ। হাঁহি হাঁহিয়েই কিবাকিবি বেমাৰ আছে যদি সুধি-মেলি প্ৰেছক্ৰিপচনখন লিখাই ল’ম।

Read more

প’ষ্ট ডক্টৰেল ফেল’শ্বিপ – ড° সমাদৃতা গোস্বামী

তললৈ হাউলি তিতা চুলিসোপা ওভতাই মোহাৰি আধা তিতা গামোছাখন বিচনালৈ দলিয়াই খপজপকৈ মূৰটো আঁচুৰি শিৰত নামমাত্ৰ সেন্দুৰকণ লৈ চকুত অলপমান কাজল বোলাই আইনা খনৰ পৰা চিকুটি ফোঁটটো দুই চেলাউৰিৰ মাজত হেঁচা এটা মাৰি আলনাৰ পৰা হলৌ বেগটো চিলনীৰ দৰে থপিয়াই লৈ মই কেঁকো-জেঁকোকৈ স্কুটিখন ঘুৰাই টিকাটো থেপেচকৈ চিটটোত বহাই দীঘলীয়া হৰ্ণ এটা মাৰি জোৰত এক্সেলেটৰ দবালো৷ দীঘলীয়া হৰ্ণটোৰে সদায় ঘৰৰ মানুহখিনিক জনাই থৈ যাওঁ যে ঘৰৰ লখিমী দিনটোলৈ ওলাল৷ আয়ে আগফালে বহি মোৰ আলেখলেখ চাই থাকে৷ আই মানে শাহু আই৷

Read more

বৰুৱাৰ ডায়েৰী: আদাক দেখি উঠিল গা – মুদুল নাথ

যােৱা তিনিদিন একেৰাহে বৰুৱাক ‘মৰ্ণিং ৱাক’ত লগ নাপাই মনত অলপ খু-দুৱনিৰ সৃষ্টি হ’ল। ঘৰলৈ নিশ্চয় যােৱা নাই, কাৰণ ঘৰলৈ গ’লে সদাই মােক আগতিয়াকৈ জনায়। চাকৰি একেটা প্রতিষ্ঠানত হ’লেও আমাৰ বিভাগবােৰ বেলেগ বেলেগ হােৱা বাবে অফিছত খুউব কমেই লগ পােৱা হয়। ৰসৰ ভাণ্ডাৰ বৰুৱাৰ সান্নিধ্যত ৰাতিপুৱাৰ সময়কণ মােৰ বেচ ভালকৈয়ে পাৰ হৈ যায়, লগতে ‘মৰ্ণিং ৱাক’ টোও হৈ যায়। প্রথম দুদিন লগ নাপাই সৰুসুৰা কিবা অসুবিধা হ’ব পাৰে বুলি সিমান গুৰুত্ব দিয়া নাছিলোঁ। পিচে তিনিদিন ধৰি একেৰাহে নেদেখিহে গা চেবালে। মনত

Read more

ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শক – ডলী তালুকদাৰ

বিভিন্ন কলাকুশলী আৰু নিজস্ব শৈলীৰে অসমৰ নাট্য জগতত সকলোৰে মন জয় কৰা ভ্ৰাম্যমান থিয়েটাৰসমূহৰ বিষয়ে নিশ্চয় সকলোৱে জানে৷ এই থিয়েটাৰবোৰ চাই ভাল পাইনে আপুনি? থিয়েটাৰ চাই ভাল নোপোৱা লোক হয়তো কমেই ওলাব, তথাপি বেয়া পোৱা লোকো নাই বুলি নকওঁ৷ মঞ্চত নায়ক নায়িকাৰ জীৱন্ত অভিনয়, সংলাপৰ যি ৰস সেইয়া থিয়েটাৰ-বলিয়া বা নাটক-বলিয়া লোকেহে জানে৷ মইও তেনে থিয়েটাৰ বলিয়াৰ ভিতৰৰে এজনী৷ ভ্ৰাম্যমান থিয়েটাৰ বুলিলে মই যিমান পাগল মোতকৈ মোৰ মা আৰু ওপৰত৷ থিয়েটাৰ অহা শুনিলেই মাৰ ৰক্ষা নাই; যেনেকৈ নহওক চাবই৷ সেইকেইদিন

Read more

আণ্ডাৰৱেৰৰ ধৰ্ম – ডঃ বিক্ৰমজিত কাকতি

সাধাৰণ মানুহৰ ধৰ্মচর্চা আণ্ডাৰৱেৰ ব্যৱহাৰৰ কৰাৰ দৰে হ’লে পৃথিৱী শান্তিত থাকিব। উদাহৰণ স্বৰূপে যিদৰে আপুনি কি ব্ৰেণ্ডৰ আণ্ডাৰৱেৰ পিন্ধি ভাল পাই সেইটো ৰাজহুৱাকৈ কৈ নাথাকে আৰু আপুনি পিন্ধা আণ্ডাৰৱেৰ কিয় আনতকৈ ভাল সেইটোও ৰাজহুৱা ভাবে কৈ নাথাকে, ঠিক সেইদৰে আপুনি কি ধৰ্ম চৰ্চা কৰি ভাল পাই আৰু সেই ধৰ্ম কিয় ভাল সেইটো সদায় ৰাজহুৱাভাৱে কৈ নথকাই ভাল নেকি? আণ্ডাৰৱেৰৰ যদি বেছি টাইট হয় তেতিয়া শৰীৰটোৱে কষ্ট পাই আৰু বেছি ঢিলা হ’লেও য’তে ত’তে খুলি যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে নিজৰ শৰীৰত

Read more

এটা মাৰ্ডাৰৰ শেষত – ৰূপজ্যোতি নাথ

ভৰ দুপৰীয়া ঘৰ‍ৰ সন্মুখত ৰৈ থকা বুলেটখন দেখিয়েই চিণ্টুৰ খঙে মূৰ‍ৰ চুলিৰ আগ পালেগৈ৷ মহানগৰলৈ বুলি সকাম এটাত পুৱাই ওলাই গৈ গাড়ীলৈ বোন্দাপৰ দি থাকোঁতেই তাৰ এবেলা গ’ল৷ মটৰ শ্ৰমিক সন্থাৰ হৰতাল বাবে এখনো বাছ চলা নাই৷ বহুপৰ অপেক্ষা কৰি উঠিও কাম নহ’ব যেন পাই চিণ্টু ঘৰলৈ ওভটি আহিল৷ পিছে ঘৰত উপস্থিত হৈ সি দৃশ্য দেখি ক্ষোভত জ্বলি উঠিল৷ তাৰমানে চিণ্টু নথকাৰ সুযোগত সি প্ৰায়ে সিহঁতৰ ঘৰলৈ আহে৷ এনেদৰে হঠাতে হোৱা তাৰ উপস্থিতিত পত্নীৰ লগতে সেই ল’ৰাজনো বৰ বিব্ৰত হৈ

Read more

ৰমণীখুৰা – সুৰজিত ৰাজখোৱা

“আজিৰ পৰা ধৰ প্ৰায় ১৬২ বছৰ মান আগৰ কথা, এৰ’প্লেন নতুনকৈ ওলাইছেহে মাত্ৰ। তেতিয়াই তহঁতৰ খুৰীয়েৰক লিলাবাড়ীৰ পৰা বৰঝাৰলৈ পলোৱাই আনিছিলোঁ‌।” ৰমণী খুৰা এক নম্বৰৰ ধপ মাষ্টৰ। সকলোৱে জানে। তথাপি তেঁওৰ ৰস লগা কথাবোৰ শুনিবলৈকে মানুহবোৰ গোট খায়। মোৰ শৈশৱত ৰামায়ণ, মহাভাৰতক বাদ দিলে তৃতীয় প্ৰখ্যাত বস্তু আছিল ৰমণী খুৰাৰ কাহিনীবো। গিনিচ্ বুকৰ প্ৰথমটো ৰেকৰ্ড হেনো তেঁওৰ নামতে আছে। এৰ’প্লেনত খুৰীক পলুৱাই অনাৰ বাবে। “বুজিছ, পঞ্চাছৰ বানপানীটোত চাৰ্টিফিকেতখন উটি নোযোৱাহেঁ‌তেন তহঁতক দেখুৱাবই পাৰিলোঁ‌হেতেন।” খুৰাৰ বয়স তেতিয়া পঞ্চলিছমান হৈছিল যদিও তেওঁ‌

Read more

এ কাশ কি হম … – সোণটো ৰঞ্জন বৰুৱা

বহুদিনৰ পাছত কলিতাদাৰ লগত একেখন গাড়ীতে আহিছিলোঁ‌। জলবিদ্যুৎ প্ৰকল্পত ডাঙৰ চাকৰি, কেতিয়াবা ঘৰলৈ আহিলে বা এনেদৰেই ক’ৰবাত লগ পাওঁ‌। মানুহজনৰ লগত কথা পাতি কিবা এটা ভাল লাগে, সময় পাহৰি যোৱা যায়। স্বপ্নদ্ৰষ্টা মানুহ, আমাৰ চকুত সাধাৰণ ঘটনা এটা ভিন্ন দৃষ্টিৰে বিশ্লেষণ দি আচৰিত কৰি দিয়ে। কোৱা কথাৰ আধা বুজি পাওঁ‌, আধা মূৰৰ বহু ওপৰে পাৰ হৈ গ’লেও মনপুতি শুনোঁ‌।সেইদিনাও ভাল-বেয়া, স্কুল আদি বিভিন্ন বিষয় পাৰ হৈ কেতিয়া ব্যৱসায় পালোগৈ নিজেই ধৰিব নোৱাৰিলোঁ‌। :………….আচৰিত নহয়নে দাদা। প্ৰথমে ফ্ৰী চিম, তাৰ পাছত

Read more
1 2 3 42