গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি-বিন্দু ৰাজবংশী কলিতা
মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিয়ে শোড়শ শতিকাৰপৰা এতিয়ালৈ মানৱ সমাজৰ মাজত প্ৰেম অমৃতৰ নদী বোৱাই আছে। শংকৰী ধৰ্মৰ আদৰ্শ, ৰীতি-নীতিসমূহ জনগণৰ মাজত প্ৰচাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰপৰা অন্ধবিশ্বাস, কু-সংস্কাৰসমূহ আঁতৰ কৰিবলৈ বিচাৰিছিল। শংকৰ দেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কোনো আড়ম্বৰতা নাই। সমতা আৰু মানৱতাৰ ভেটিত সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাটোৱেই তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। মানৱতাৰ মুক্তিৰ বাবে অন্ধকাৰ দূৰ কৰি পোহৰ সিঁচিবলৈ তেওঁ অক্লান্ত চেষ্টা কৰিছিল। সাম্য আৰু সমতাৰে এখন নিকা সমাজ
Read more