ফটাঢোল

অচিনাকি প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মন গৈছিল। বৰকৈ মন গৈছিল। আগদিনা ৰামলাল ধোবীয়ে ধুই ইস্ত্ৰী কৰি দিয়া ছাৰ্টটো পিন্ধি ৰুমমেট অমিতে যেতিয়া ক্লাছ বাংক কৰি ভেলেণ্টাইন ডেৰ ৰাতিপুৱাই নবজাৰ বাছত উঠি পাণবজাৰলৈ যাবলৈ যো-জা চলাইছিল, মোৰো মন গৈছিল তেতিয়া। নেহৰু পাৰ্কত কিমান ভিৰ বা হয় আজি? উমানন্দলৈ ফেৰীত জেগা পাম নে নাই বা! – এনেকুৱা কথাবোৰ ভাবি আগনিশাৰে পৰা উদ্বিগ্ন হ’বলৈ মন গৈছিল, যোৱাটো স্বাভাৱিক। হাতত মেছত দিয়া ঠাণ্ডা চাহকাপ আৰু অকল এক ছেণ্টিমিটাৰমান ঠাইত বাটাৰ লগোৱা ব্ৰেড দুটুকুৰা লিৰিকি বিদাৰি মই অমিতৰ আয়োজনবোৰ চাই বহি ৰৈছিলো।
পৰীক্ষাৰ আগনিশা ‘অহা ছেমিষ্টাৰত প্ৰথমদিনাৰপৰাই পঢ়িম’ ধৰণৰ সংকল্পই মগজুত দৌৰা-দৌৰি কৰাৰ দৰে সেইসময়তো আন এটা সংকল্পই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল – ‘ইমান বছৰে যি হ’ল হ’ল আৰু, অহাবছৰত ভেলেণ্টাইন ডেৰ আগতে কিবা এটা কৰিমেই কৰিম।’

কলেজৰ মাজতে থকা মাৰ্কেটখনত এদিন হঠাতে তাইক দেখা পাইছিলো প্ৰথম। কিতাপ কিনিবলৈ আহিছিল দোকানত। লগত এজন সৰু ল’ৰা। সম্ভৱ ভায়েক হ’ব। বোধকৰো ওচৰতে ক’ৰবাত ঘৰ তাইৰ।
প্ৰতিদিনে এপলক হ’লেও তাইক নেদেখিলে অশান্তি হ’বলৈ আৰম্ভ কৰাত মই বুজি পাইছিলো মোৰ কিবা এটা হৈছে৷ বুধবাৰে ৰাতি হোষ্টেলৰ মেছত ভাত খাবলৈ যাওঁতে শৰ্মাদাই এটাৰ সলনি মাংসৰ দুটা বাটি দিলেও মনটো আনন্দেৰে ভৰি নপৰাত মই নিশ্চিত হ’লো যে মোৰ সঁচাকৈয়ে কিবা হৈছে!

: ধেই, তোৰ প্ৰেম হৈছে৷ সেইটোও গম পোৱা নাই নে!
– ছিনিয়ৰ ৰাজ দাই ফিল্টাৰটো পোৰাৰ আগত আৰু কেই হোপা মাৰিব পাৰিব সেইটোৰ হিচাপ এটা মনতে কৰি মোলৈ চাই ক’লে।

: হৈছে কিজানি ৰাজ দা। মোৰ মানে এক্সপেৰিয়েন্স নাই ন। প্ৰেম হ’লে লাজটোও দেখোন বাঢ়ে।
– সি বুজিলে।

: বাৰু, তইতো জানই মই এই প্ৰেম-চেম আদিত এক্সপাৰ্ট। ক’ৰ ছোৱালী, ক’ত থাকে কৈ দিবি। চিন্তা নকৰিবি সহায় কৰিম। ‘ইয়েছ’ হ’লে মাত্ৰ এটা ‘ফুল’।

প্ৰায় এসপ্তাহ হামিয়াই হামিয়াই তাই আহিব বুলি আবেলিৰপৰা ৰৈ থকাৰ পাছত হঠাতে এদিন আমাৰ দুয়োৰে সৌভাগ্য জাৰকালি নমান বজাত বেলিটোৰ দৰে উদয় হ’ল।

: আৰে ভাই, এইজনী দেখোন আমাৰ দেউতাৰ বন্ধু মহেন খুৰাৰ জীয়েক। অলপ আঁতৰত ঘৰ। হোষ্টেললৈ অহাৰ পাছত বহুবাৰ মাতিলে তেওঁলোকৰ ঘৰলৈ। কাইলৈ ওলাবি, তেওঁলোকৰ ঘৰলৈ। দুদিন পাছতেই তোৰ কাম হৈ যাব।
– ৰাজদাই তাইক দেখাৰ পাছত একপ্ৰকাৰ চিঞৰিয়ে ক’লে কথাখিনি।

: কাইলৈ? এসপ্তাহ পাছত পৰীক্ষা। পাছত যাম দিয়ক।

: পৰীক্ষা আহি থাকিব। এইবোৰ কামত দেৰি কৰিব নালাগে। শুভস্য শীঘ্ৰম। ওলাবি।
– ৰাজ দাই বুজালে মোক।

পাছদিনা ছয়মান বজাত ৰাজদাই হোষ্টেলৰপৰা প্ৰায় এক কিল’মিটাৰমান আঁতৰৰ মহেন খুৰাৰ ঘৰলৈ লৈ গ’ল মোক। বুকুত এক মৃদু কঁপনি মোৰ। ৰুমমেটৰপৰা নতুন জোতা ধাৰ কৰিছোঁ, জুনিয়’ৰ এজনৰপৰা জীনচ্। ভাল ছাৰ্ট এটা ৰাজদাই কাষৰ হোষ্টেলৰ এজনৰপৰা আনি দিলে মোক।
মহেন খুৰাই ৰাজক দেখি খুব ভাল পালে। যোৱা তিনি বছৰত প্ৰথমবাৰৰ কাৰণে অহাৰ বাবে মৃদু গালিও দিলে। খুৰীয়ে চাহ আৰু পাপৰ দি গ’ল। পাপৰখন তুলি লওঁতেই মিঠাতেল বাগৰি আহি জীনচত পৰিল। কথা নাই, জুনিয়’ৰৰ এইটো। মেনেজ কৰিম। ভবিলো মই। চাহ খোৱা হ’ল।

: খুৰাই কবিতা লিখে নহয় মাজে মাজে? ইয়াৰ আকৌ কবিতাৰ প্ৰতি বিৰাট ৰাপ। মাজে মাজে লিখেও।
-ৰাজ দাই মোলৈ আঙুলিয়ালে।

‘কবিতা! সেই ‘গোলাপ’টোৱেই হয়তো আছিল পঢ়ি মনত থকা শেষৰটো কবিতা’- মই ভাবিলো। ৰাজদাই চকু টিপিয়ালে। মহেন খুৰাই তিনি-চাৰিখনমান কবিতা পুথি হাতত লৈ আহিল ভিতৰৰপৰা।

: পঢ়াচোন এইকেইটা। মোৰ কবিতা! কেনে পালা জনোৱা মোক।

মই ঘামি গ’লো। উপাই নাপাই পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
এঘণ্টামানৰ পাছত মহেন খুৰাৰ জীয়েক মাজনীৰ প্ৰৱেশ। ৰাজদাই কথা আৰম্ভ কৰিলে। ওচৰতে কবিতা পঢ়ি থকা মোকো চিনাকি কৰাই দিলে। কথাৰ মাজতে ৰাজদাই মোলৈ চাই চকুৰে বুজায় – ‘মই চব মেনেজ কৰি আছোঁ। ড’ন্ট ৱ’ৰী!’

: মাজনী, পঢ়া-শুনা কেনে চলিছে? তোমাৰ ফিজিক্স আছিল ন?
-ৰাজদাই সোধে তাইক।

: ভালেই, পিছে অলপ টান পাওঁ কেতিয়াবা।

: আচ্ছা? ই পিছে ফিজিক্স’ত মাষ্টাৰ দেই। কিবা নোৱাৰিলে সুধিব পাৰা।

‘মই ফিজিক্সত মাষ্টাৰ! ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজিক্স’ৰ বেক এতিয়াও ক্লিয়েৰ হোৱা নাই!’
– মই মনে মনে ভাবিলো।

মাজনীয়ে দৌৰি গৈ বহী এখন আনি কিবা এটা প্ৰ’ব্লেম দেখুৱালে। মই জ্বৰ ঘমাদি ঘামিবলৈ ধৰিলো। মোৰ মনটোৱে, চকু দুটাই কবিতা পুথিৰ ‘তুমি মোৰ ৰাতিপুৱাৰ ৰ’দালি’ৰপৰা ডাইৰেক্ট ‘কুৱাণ্টাম মেকানিকচ্’লৈ আহিবলগীয়া হোৱাত ধোঁৱা-কোৱা দেখিবলৈ ধৰিলো। ৰাজদা আৰু মহেন খুৰাৰ আলোচনা অখিল-সৰ্বানন্দৰপৰা ‘ইঞ্জিনিয়েৰিং পাছ কৰি কি ডাল কৰিবাহে’লৈ অহা-যোৱা কৰিবলৈ ধৰিলে। মই ৰাজ দাক ভৰিৰে হেঁচুকি হেঁচুকি পাগল হৈ গ’লো।
প্ৰায় দুঘণ্টামানৰ পাছত মই ৰাজদাক চিঞৰি ক’লো,
: যাও ব’লক, বহু হ’ল আজি।

মই আৰু ৰাজ দা তেওঁলোকৰ ঘৰৰপৰা ওলালো।

: এদিন ভাত খোৱাকৈ আহিবা।
– পিছৰপৰা মহেন খুৰাই চিঞৰি ক’লে।

: আহিম খুৰা, ইয়াকো লৈ আহিম। আজি বাকী থাকি গ’ল নহয়। ফিজিক্স, কবিতা। – ৰাজ দাই দুগুণ উৎসাহেৰে চিঞৰিলে।

মোৰ ‘তাঁৰ’ কিজানি এডালো চিগিবলৈ বাকী নাছিল। ৰাজদাই মোক কিলাকুটিৰে হেঁচুকি সুধিলে-
: ভাই, মানি গ’লি ন এই ৰাজক? চাই থাক, মোৰ লগত আৰু দুদিন আহিবি, দেখিবি চব হৈ গ’ল! ‘ফুল’টো নাপাহৰিবি।

: আপুনি মাথা নষ্ট কৰি দিলে আজি। তিনিঘণ্টা সময় মিছাতে বৰবাদ, তাতে ছাল চিগি যোৱাকৈ কামোৰ!

: কি কথা কৱ ভাই? তোৰ কাৰণেই মই ইমান দেৰি বহিলো, তোৰ কিবা এটা হওক বুলিয়েই…।

: আৰে, মই দেখুওৱাজনী এই ‘মাজনী’জনী নহয়েই! কি চাই অ’ আপুনি? এনেই মিছামিছ। ধুৰৰ!

: এহ, বেয়া নাপাবি। ভুল হৈ গ’ল কিজানি চাওঁতে।

ৰাতি চাৰে ন বাজিছে। বুধবাৰ। মেছত মাংস আছে। ‘এক বাটি পালেও ‘কাফি’ আজি’ – মই বেগাবেগিকৈ খোজ দিবলৈ ধৰিলো।

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    ৰাতিপুৱাৰ ৰ’দালিৰ পৰা কোৱাণ্টাম মেকানিকচলৈ – বঢ়িয়া।

    খুব ভাল লাগিল পঢ়ি

    Reply
  • HARI CHANDRA KONWAR

    বঢ়িয়া
    পঢ়ি খুবেই ভাল লাগিল

    Reply
  • HARI CHANDRA KONWAR

    বঢ়িয়া
    পঢ়ি খুবেই ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.