ফটাঢোল

কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ

: শ্ৰোতাসকলে ‘চিত্ৰগীত’ অনুষ্ঠানত এইবাৰ শুনিবলৈ পাব দ্বীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত ‘মৰমী’ বোলছবিৰ এটি গীত

– ঘোষকৰ ঘোষণাৰ পাছতেই ৰেডিঅ’ত বাজি উঠে –

‘আলফুলীয়া কপৌফুল

অ’ দেহি ক’ত পালা

চিৎ বিয়াকুল।

হাবি ভাঙি দেখিলোঁ

অ’ বিৰিখ বগাই ছিঙিলোঁ

কোন হাঁহি এই পাহি বনৰীয়া ফুল’

ৰেডিঅ’ত গীতিমালিকা বা চিত্ৰগীত শুনি ডাঙৰ হোৱা প্ৰজন্মটো বা তাৰেও আগৰ প্ৰজন্মৰ কাৰণে যি কেইগৰাকী অসমীয়া গায়িকা প্ৰাতঃস্মৰণীয়, তেওঁলোকৰ ভিতৰত নমিতা ভট্টাচাৰ্য অন্যতম।

সত্তৰ-আশীৰ দশকৰ বহু কেইটা বহুলভাৱে জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নমিতা ভট্টাচাৰ্যই। সেই সময়ত বহুতে ‘দ্বীপেন বৰুৱা-নমিতা ভট্টাচাৰ্য’ক বলিউডৰ ‘লতা-কিশোৰ’ যুটিৰ সৈতেও ৰিজাইছিল।

২০২১ চনত অসম চৰকাৰৰ শিল্পী বঁটা আৰু সংগীত ৰত্ন বঁটাৰে বিভূষিতা নমিতা ভট্টাচাৰ্যক ফটাঢোলৰ ফালৰ আমি তেখেতৰ সাংগীতিক যাত্ৰাৰ বিষয়ে জানিবলৈ যোগাযোগ কৰিছিলোঁ।

ফটাঢোলঃ প্ৰথমে আপোনালৈ ফটাঢোলৰ তৰফৰ পৰা সম্ভাষণ জনালোঁ।

নমিতা ভট্টাচাৰ্যঃ অশেষ ধন্যবাদ

ফটাঢোলঃ প্ৰথমে আপোনাৰ শৈশৱ, লগতে ঘৰৰ কথা জানিবলৈ বিচাৰিম।

নমিতা ভট্টাচাৰ্যঃ মোৰ জন্ম হৈছিল নলবাৰী জিলাৰ টিহুৰ ভট্ট পৰিয়ালত। দেউতাৰ নাম আছিল তাৰানাথ ভট্টাচাৰ্য আৰু মাৰ নাম নীলিমা ভট্টাচাৰ্য। তাত মোৰ জন্মহে হৈছিল, দেউতাৰ চাকৰি সূত্ৰে গুৱাহাটীতে থাকিবলৈ ল’লোঁ।

মা দেউতাৰ পাঁচটি সন্তানৰ মই ডাঙৰ আছিলোঁ। গুৱাহাটীত শিক্ষা দীক্ষা লৈ ডাঙৰ দীঘল হ’লোঁ। মেট্ৰিকলৈ তাৰিণীচৰণ হাইস্কুল আৰু পিছত সন্দিকৈ কলেজত পঢ়োঁ।

সৰুৰে পৰা গান বাজনাৰ ধাউতি আছিল। মাহঁ‌তে এই কথাটো জানিব পাৰিলে আৰু সংগীতৰ পথাৰখনত ভৰি দিবলৈ প্ৰেৰণা দিলে।

ফটাঢোলঃ পৰিয়ালৰ কোনে বেছি আপোনাক প্ৰেৰণা যোগাইছিল?

নমিতা ভটাচাৰ্যঃ প্ৰায় সকলোৱেই। কিন্তু মাৰ প্ৰেৰণা আছিল অপৰিসীম।

আগতে আমি বিদ্যালয়ত পঢ়ি থকাৰ সময়ত বিদ্যালয়ৰ পৰা আহিয়েই খেলিবলৈ দৌৰ দিওঁ৷ সন্ধিয়া আমি ভাই-ভনীহঁতক মায়ে পতকৰে পঢ়িব নিদিছিল৷ প্ৰথমে আধাঘণ্টামান বিদ্যালয়ত দিনটোত কি কি কৰিছিলোঁ সোধে৷ মোক মায়ে গান গাবলৈ দিয়ে, বিদ্যালয়ত যে গান শিকি আহিছিলোঁ৷ আমি সাধাৰণ পৰিয়ালত ডাঙৰ দীঘল হোৱা৷ আকালো নাই, ভঁৰালো নাই- তেনে অৱস্থাই আছিল তেতিয়া প্ৰায় সকলোৰে৷

ফটাঢোলঃ হয়, আমিও যিহেতু তেনে পৰিয়ালৰেই, গতিকে কথাখিনি অনুধাৱন কৰিব পাৰিছোঁ..

নমিতা ভটাচাৰ্যঃ হয়। আমি সৰু থাকোঁতে গুৱাহাটীত গানৰ প্ৰতিযোগিতা কিছুমান হৈছিল। কিছুমানত অংশ  ল’বলৈ ভৰ্তি মাচুল লাগিছিল।

আমাৰ মা আছিল বিৰাট উৎসাহী। মায়ে এইবোৰ প্ৰতিযোগিতাত মই ভাগ ল’বলৈ হাহাকাৰ লগায়, এক উৎসাহ আচলতে। আমি বাঁহৰ খুটাত খুচুৰা পইছা জমা কৰিছিলোঁ। মায়ে খুটা কাটি পইছাবোৰ উলিয়াই মামাক মাতিছিল। মা আৰু মামাই সেই ‘কইন’বোৰ মচি চাফা কৰি শিলপুখুৰীৰ বেংকলৈ লৈ গৈ ন’ট কৰি আনিছিল। সেইবোৰ আমি গানৰ প্ৰতিযোগিতাবোৰত অংশ ল’বলৈ ব্যৱহাৰ কৰিছিলোঁ। আমি আছিলোঁ নিম্ন মধ্যবিত্তৰ। আমি কষ্ট দেখিছিলোঁ, আমি অভাৱ দেখিছিলোঁ।

আজিৰ চামৰ বহুতেই কষ্ট কৰি পোৱা নাই। সেয়ে আগবাঢ়িব পৰা নাই। গতিকে মোৰ সাংগীতিক যাত্ৰাত মায়েই প্ৰথমে আঙুলিত ধৰি খোজ পেলাবলৈ সহায় কৰি দিছিল। সংগীতৰ গুৰু বুলিবলৈ মই সেয়ে মা আৰু ককা নবীন চন্দ্ৰ শৰ্মাৰ নামেই ল’ব লাগিব।

ফটাঢোলঃ আপুনি কেতিয়া সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিল? শৈশৱতেই নে?

নমিতা ভটাচাৰ্যঃ সৰু থাকোঁতে ঘৰুৱা ভাৱে শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লওঁ ভূপেন দাসৰ পৰা। তেখেত মোৰ মামাৰ বন্ধু আছিল, গুৱাহাটী চেণ্ট্ৰেল স্কুলৰ শিক্ষক। চতুৰ্থ শ্ৰেণীৰ পৰা তেখেতৰ পৰা শিকিবলৈ লওঁ। শাস্ত্ৰীয় সংগীতৰ ব্যাকৰণ মই তেখেতৰ পৰাই শিকোঁ‌। প্ৰায় মেট্ৰিকলৈকে তেখেতৰ ওচৰত শিক্ষা ল’লোঁ‌।

টি চি হাইস্কুলত আমাৰ মিউজিক টীচাৰ আছিল গুনদা কৌৰ। তেওঁ‌ৰ পৰা স্কুলত আমি মিউজিক চাবজেক্ট শিকোঁ‌। শাস্ত্ৰীয় সংগীতৰ শিক্ষা লওঁ। মিউজিক মোৰ ফৰ্থ চাবজেক্ট আছিল স্কুলত, সেয়ে সুবিধা হৈছিল।

পিছত হেন্দিকত পঢ়িবলৈ লোৱাৰ পৰা মই গুৰু হীৰেণ শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লওঁ। সেই সময়ত মোৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতি ধাউতিটো বেছি আছিল – ষ্টেজ প্ৰগ্ৰাম কৰিছিলোঁ শাস্ত্ৰীয় সংগীতৰ।

ফটাঢোলঃ বোলছবি জগতলৈ কেনেকৈ আহিল আপুনি?

নমিতা ভট্টাচাৰ্যঃ সন্দিকৈ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহত ৰমেন বৰুৱা দেৱে মোৰ গান শুনি ’তৰামাই’ ছবিখনত গান গাবলৈ মাতে৷ সেয়া ১৯৭৫ চনৰ কথা৷ ৰমেন দাহঁত আমাৰ ঘৰুৱা চিনাকিও আছিল৷ প্ৰথম ৰেকৰ্ডিং কৰা গানটো আছিল “আলি ঢাকি পৰ শালিকী”৷ সেই চিনেমাখন জনপ্ৰিয় হয়, লগে লগে গীতবোৰো৷ তাৰপাছত ৰমেন দাৰ ‘মৰম’ আৰু ‘মৰমী’ ছবি দুখনত গান গাবলৈ সুযোগ পাওঁ৷ গীতবোৰ জনপ্ৰিয় হোৱাৰ লগে লগে অসমৰ বিভিন্ন ঠাইৰ পৰা মঞ্চত গীতৰ অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ আহে৷ নামৰূপ, দুলিয়াজানকে ধৰি উজনি অসমত বিশেষকৈ৷ কিন্তু তেতিয়া যাবলৈ অসুবিধা,ৰাতি থাকিব লাগে৷ অকলে যাবলৈ দিয়াৰ প্ৰশ্নই নুঠে৷ লগত কোনোবা যায়েই৷ যাতায়াতৰো সমস্যা আছিল৷ লগত সদায় যাবলৈ মানুহ নাথাকে৷ দূৰৰ অনুষ্ঠানবোৰৰ বেছিভাগ কৰিব নোৱাৰোঁ তেনেবোৰ কাৰণতেই৷ ওচৰৰ ঠাই যেনে, নগাঁও, নলবাৰী, ৰঙিয়া আদিত প্ৰায়েই গৈছিলোঁ৷

মই অৱশ্যে ক্লাচিকেল সংগীতহে ভাল পাইছিলোঁ, প্ৰথমতে ক্লাচিকেল সংগীতৰ অনুষ্ঠানহে কৰিছিলোঁ৷ চিনেমাত গীত গোৱাৰ পাছত সলনি হ’ল৷ ক্লাচিকেল কমেই গোৱা হ’লোঁ বা গাবলগীয়াত পৰিলোঁ৷ ৰমেন বৰুৱা দাৰ লগত ‘তৰামাই’ৰ পাছত ন খন মান ছবিত গান গালোঁ৷ প্ৰায় আটাইবোৰ ছবিৰে গীত হিট হ’ল৷ আগতে আমি কলিকতাত ৰেকৰ্ডিং কৰিবলৈ যাওঁ৷ তৰামাইৰ গানো তাতেই কৰা৷ কেৱল ৯০ ৰ দশকৰ শেষৰ দুখনমানৰ ৰেকৰ্ডিং গুৱাহাটীতে কৰিছিলোঁ৷

ফটাঢোলঃ অ’ তেতিয়া অসমত গীতৰ ৰেকৰ্ডিং কৰা নহৈছিল, নহয় নে?

নমিতা ভট্টাচাৰ্যঃ হয়৷ আমি কলিকতালৈ গৈছিলোঁ৷ অঁ, ’কল্লোল’ চিনেমাখনৰ গীত এটা জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং কৰিছিলোঁ৷ প্ৰয়াত ৰূদ্ৰ বৰুৱাদেৱৰ সংগীত আছিল সেইখন ছবিত৷ কলিকাতাত ৰেকৰ্ডিং কৰাৰ এক বেলেগ অভিজ্ঞতা আছিল৷ তেতিয়া আমি গীতটো সম্পূৰ্ণ লাইভ ৰেকৰ্ডিং কৰোঁ৷ বাদ্যযন্ত্ৰীসকলে লাইভ বজাই আৰু আমি কণ্ঠদান কৰোঁ৷ দ্বৈত কণ্ঠৰ গীত হ’লে পুৰুষ কণ্ঠশিল্পীজনো থাকিব লাগে৷ আচলতে তেতিয়া ‘এক্সপ্ৰেশ্যন’ ভাল হয়৷ পুৰুষ কণ্ঠশিল্পীজন থাকিলে বুজাবুজি এটা হয়, গীতটোত সেইবোৰ ফুটি উঠে৷ মাজত কিবা ভুল হ’লেও আকৌ প্ৰথমৰে পৰা কৰোঁ৷ আজিৰ দৰে ট্ৰেকত গোৱা নাছিল৷ কলকাতাৰ বাদ্যযন্ত্ৰীসকল বৰ সাংঘাতিক আছিল৷ বহুকেইজনে লতা মংগেছকাৰৰ লগত মঞ্চত অনুষ্ঠান কৰিছিল তেতিয়া৷ যেনে ৰমাকান্ত নন্দী৷ বিৰাট প্ৰতিভাৱান বাদ্যযন্ত্ৰী আছিল৷ কেতিয়াবা মই আপোনপাহৰা হৈ তেওঁলোকৰ সংগীত শুনি গীত গাবলৈ পাহৰি যাওঁ৷ ৰমেন দায়ে চিঞৰে “ঐ কি কৰি আছ, গান গা আকৌ”।

ফটাঢোলঃ এনে কোনো সুৰকাৰ বা সংগীত শিল্পী আছে বা আছিল নেকি, যাৰ লগত আপোনাৰ গানৰ কাম কৰাৰ মন আছিল?

নমিতা ভট্টাচাৰ্যঃ সেই সময়ৰ প্ৰায় আটাইবোৰ সংগীত পৰিচালকৰ লগতে মই চিনেমাত গান গাইছিলোঁ, যেনে ৰমেন বৰুৱা, কূল বৰুৱা, বসন্ত-মানিক আদি৷ ৰেডিঅ’ত অনুপম চৌধুৰী, অবনী পাঠক আদিৰ গান গাইছোঁ, নন্দ বেনাৰ্জীৰো গান গাইছোঁ৷ তাৰ মাজতে কিছুমান নতুন ল’ৰা আছে, যাৰ গীতৰ সুৰত মোৰ গান গাবলৈ মন আছে৷ ৰূপম ভূঞা- বৰ ধুনীয়া সুৰ কৰে তেওঁ৷ তেনেকুৱা অন্য এজন বিমল মেধি৷

পুলক বেনাৰ্জী, সুনীল দেৱৰ গান মই গাইছোঁ৷ খুব ধুনীয়া সুৰ কৰিছিল তেওঁলোকে৷ ডিব্ৰুগড়ৰ দুজনমানৰ গান গাবলৈ মোৰ মন আছিল৷ চৈয়দ চাদুল্লা, ৰাজেন গোঁহাই আদি৷ মাৰ্ঘেৰিটাত থাকোঁতে মই অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়লৈ বদলি কৰি লৈছিলোঁ, তেওঁলোকৰ গান গাবলৈ ইচ্ছা আছিল৷ কিন্তু নহ’লগৈ! এতিয়া নতুনকৈ পলাশ গগৈৰ লগত গীত এটাৰ কথা চলি আছে৷ এটা গীত আধৰুৱা হৈ আছে, পলাশে খুব ধুনীয়া সুৰ কৰে৷ বিমল মেধিৰ লগতো গান এটাৰ কথা চলি আছে৷

ফটাঢোলঃ কোনগৰাকী সংগীত শিল্পীয়ে আপোনাক প্ৰভাৱান্বিত কৰিছিল বা এতিয়াও কৰে?

নমিতা ভট্টাচাৰ্যঃ প্ৰভাৱান্বিত কৰা বুলি ক’বলৈ মই ৰমেন দাৰ (ৰমেন বৰুৱা) এটা কথা কওঁ৷ ৰমেন দায়ে প্ৰথমে মোক ছবিত গান গোৱাইছিল৷ ৰেডিঅ’ বা অন্য ক’ৰবাত হ’লে মই নিজৰ কাৰণে গাওঁ৷ ছবিত মই আন কাৰোবাৰ কাৰণে গাব লাগিব৷ নায়িকা কোন মই মনতে ভাবি লৈ সেই ধৰণেৰে তেখেতৰ লগত মিলাকৈ গাবলৈ চেষ্টা কৰোঁ৷ তৰামাইত যে ৰূপজ্যোতি নায়িকা হ’ব মই নাজানিছিলোঁ, মই এনেয়েই গাই দিছিলোঁ৷ পাছত মই সুধি লোৱা কৰিলোঁ নায়িকা সম্পৰ্কে৷ যেতিয়া মই গম পাওঁ ছবিখনৰ নায়িকা মৃদুলা বৰুৱা বা বিদ্যা ৰাও হ’ব, তেতিয়া তেওঁলোকৰ ছবি এটা মনতে নিৰ্মাণ কৰি গান গাইছিলোঁ৷ ছবি এখন মনতে নিৰ্মাণ কৰি ল’লে ‘এক্সপ্ৰেশ্যন’বোৰ ভাল হয়৷ তেওঁলোকেও তেনেকুৱাই কৰিছিল৷ বিদ্যা ৰাৱে মোক কৈছিল যে, যেতিয়া তুমি গানটো গোৱা বুলি জানো, তেতিয়া তোমাৰ মুখখন মনত পেলাই ‘লিপচ’ মিলাইছিলোঁ৷  

ফটাঢোলঃ ৮০ৰ দশকৰ পাছত আপুনি সংগীত জগতৰ পৰা অলপ আঁতৰি অহা যেন ভাব হয়–

নমিতা ভট্টাচাৰ্যঃ বিয়াৰ পাছত যেতিয়া আমাৰ দুটা সন্তান হ’ল, সেই সময়ত সংগীতৰ যাত্ৰাটো অলপ স্থবিৰ হৈ যোৱা যেন লাগিছিল৷ প্ৰকৃততে অলপ অসুবিধা পাইছিলোঁ তেতিয়া, সঁচা কথা ক’বলৈ গ’লে চৰ্চা বা হ’মৱ’ৰ্ক নাথাকিলে শ্ৰোতাৰ ওচৰলৈ যাব নাপায়৷ দুটামানত কণ্ঠদান কৰিছিলোঁ যদিও নিজেই সন্তুষ্ট নাছিলোঁ৷ সেয়ে কিছু বছৰলৈ বাদেই দিয়াৰ দৰে হৈছিল৷ পাছলৈ অৱশ্যে স্বামী আৰু ইহঁত দুটায়ে জোৰ কৰা হ’ল, প্ৰেৰণা দিয়া হ’ল৷ ভাইটি দীপকেও কৈ থাকে৷ পোনপতীয়াকৈ ক’বলৈ গ’লে মই অলপ ‘মুডী’। ‘মুড’ এটা নাহিলে মই নোৱাৰোঁ৷

ফটাঢোলঃ নতুন প্ৰজন্মৰ গীতৰ শব্দৰ যি লালিত্য বা গীতি সাহিত্যৰ বিষয়ে কি ক’ব ?

নমিতা ভট্টাচাৰ্যঃ নতুন চামৰ কণ্ঠ বা voice quality বৰ সুন্দৰ৷ কিন্তু কিছুমান গীতক তেওঁলোকৰ গীতৰ যি সুৰ সেয়া একঘেয়ামী। এক যেন বৃত্তৰ মাজত তেওঁলোকৰ গীতৰ সুৰবোৰ সোমাই পৰিছে। তেওঁলোক যথেষ্ট প্ৰতিভাসম্পন্ন কিন্তু গীতত নতুনত্ব আনিবলৈ তেওঁলোক যেন ব্যৰ্থ হৈছে। আনহাতে গীত এটা শুনাৰ লগে সেই গীতৰ কথাংশত আগতে আমি সোমাই পৰিছিলোঁ। গীতৰ সকলোখিনি কথায়ে আমাক কল্পনাৰ জগত এখনলৈ লৈ গৈছিল। কিন্তু বৰ্তমান গীতৰ শব্দত সেই গভীৰতা যেন হেৰাই গৈছে। আজিকালি গীত এটা শুনি কল্পনাৰ জগত এখনলৈ উৰা মাৰি যাব পৰা নাযায়। তথাপিও মই আশাবাদী নতুন প্ৰজন্মৰ গীতলৈ এক নতুনত্ব আহিব আৰু আমাক প্ৰতিটো শব্দয়ে গীতৰ কথাখিনি চুই চাব পৰাকৈ সুবিধা দিব। আমাৰো  নতুন নতুন শিল্পীৰ গীত শুনিবলৈ মন যায়৷ মই বহুতো ঠাইত বিচাৰক হিচাপে যাওঁ৷ তেওঁলোকৰ কণ্ঠ খুবেই ভাল, কিন্তু প্ৰায় সকলোৱে একেই ‘ৰিডম’ত গায়৷ লগতে ভাষাৰ সামঞ্জস্য নাই গীতৰ কথাত৷ আমাৰ আগৰ গীত এটা শুনিলে কাহিনী এটা চকুৰ সন্মুখত ভাঁহি উঠিছিল৷ এটা গানে কাহিনী ক’ব পাৰিছিল৷ আজিকালি বেছিভাগ গীতৰ কথাত সেইটো বিচাৰি নাপাওঁ৷ তথাপিও দুই এজন আছে খুব ভাল৷

ফটাঢোলঃ ক্ষন্তেকীয়া জনপ্ৰিয়তাৰ মাজত হেৰাই গৈছে নেকি নতুন প্ৰজন্মৰ গান, হ্ৰাস পাইছে নেকি পুৰণি গীতৰ প্ৰতি হাবিয়াস নতুন প্ৰজন্মৰ?

নমিতা ভট্টাচাৰ্যঃ হয়, কিছু কিছু ক্ষেত্ৰত অনুভৱ কৰিছোঁ যে ক্ষন্তেকীয়া জনপ্ৰিয়তাক যেন নতুন প্ৰজন্মই অধিক গুৰুত্ব দিছে। তেওঁলোকৰ গীতবোৰ সৃষ্টি হয়, দুদিনমান খুউব জনপ্ৰিয় হৈ লাহে লাহে স্তিমিত হৈ পৰে। কিন্তু আগৰ গীতবোৰ তেনে নাছিল। আমি আগৰ গীতবোৰ এতিয়াও খুউব আনন্দৰে আওৰাওঁ। তেতিয়া এটি এটি গীত সৃষ্টি হয় মানে তাত সকলোৰে অপৰিসীম কষ্ট আৰু প্ৰচেষ্টা যোগ হৈ আছিল। আমি গীতবোৰ কেৱল ভাললগাৰ বাবেই নহয় ভিতৰৰ পৰা অনুভৱ কৰি গাইছিলোঁ। কিন্তু বৰ্তমান যুগত গায়ক-গায়িকাসকলৰ ভিতৰৰ উপলব্ধিতকৈ বাহিৰৰ জাকজমকতাক বেছি গুৰুত্ব দিয়া যেন অনুভৱ হয়।

হয়, নতুন প্ৰজন্মৰ মাজত পুৰণি গীতৰ জনপ্ৰিয়তা হ্ৰাস পাইছে যেন উপলদ্ধি হয়। কাৰণ আজিকালি সকলো বস্তু সহজলভ্য হৈ পৰিছে। ইউটিউব বা অন্যান্য এপবোৰ খুলিলেই আমি মনৰ পচন্দৰ গীতটো শুনিবলৈ পাওঁ। যাৰফলত গীতটোৰ প্ৰতি থকা অকুণ্ঠ হাবিয়াস হ্ৰাস পাইছে। আগতে আমি এটা গান শুনিবলৈ কেতিয়াবা এসপ্তাহ পৰা এমাহলৈ অপেক্ষা কৰিব লগা হৈছিল। কাৰণ তেতিয়া এই সঁজুলিবোৰ নাছিল, এপবোৰ নাছিল। ৰেডিঅ’ত গীত এটা শুনি এক দুই শাৰী লিখি থৈ আকৌ সপ্তাহ, দহদিন ৰ’ব লগা হৈছিল। কাৰণ ৰেডিঅ’ত পুনৰ গীতটো প্ৰচাৰ হ’লেহে আমি আকৌ শুনিবলৈ পাইছিলোঁ। যিটো কথা হয়তো আজিৰ প্ৰজন্ময়ে কল্পনাও কৰিব নোৱাৰে। সেয়েহে আজিৰ প্ৰজন্ময়ে অতীজৰ সেই অপেক্ষা বা হেঁপাহৰ কথা উপলদ্ধি কৰিবলৈ টান পাব।

ফটাঢোলঃ শেষত – যদি নিজৰ প্ৰিয় তিনিটা গীত কি কি বুলি সোধোঁ৷৷

নমিতা ভট্টাচাৰ্যঃ (হাঁহি) নিজৰ আটাইবোৰ গানেই প্ৰিয়৷ তথাপিও মানুহে যিবোৰ গান বেছি ভাল পায় তাৰ ভিতৰত ঘৰ-সংসাৰ চিনেমাৰ “বহুতকে বহু দিয়ো নাপালোঁ একোকে”, আশ্ৰয় চিনেমাখনৰ “কি নো মৰমৰ জৰী” আৰু এটা নতুন গীত “সাত সাগৰৰ সিপাৰতে”- এইটো গুণগুণ গানে গানে চিনেমাখনৰ৷ এইকেইটা মোৰো প্ৰিয়৷

ফটাঢোলঃ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অকণমান জনাব আমাক৷

নমিতা ভট্টাচাৰ্যঃ বাংলা গান কেইটামান গোৱাৰ বৰ হেঁপাহ আছে৷ হয়তো অতি সোনকালে সেই হেঁপাহ পূৰ হ’ব৷ নতুনকৈ অসমীয়া গান দুটামানো কৰি আছোঁ৷ মোৰ সাংগীতিক যাত্ৰাৰ বিষয়ে লিখি কিতাপ আকাৰে প্ৰকাশ কৰাৰো আগ্ৰহ আছে৷ চাওচোন কিমান কি মিলাব পাৰোঁ

ফটাঢোলঃ আপোনাৰ অভিজ্ঞতা বৰ্ণিত কিতাপ এখন পঢ়িবলৈ পোৱাটো আমাৰ বাবে এক সৌভাগ্য হ’ব৷ শেষত ফটাঢোল গোটৰ পৰা আপোনালৈ অশেষ ধন্যবাদ আৰু শুভকামনা জনালোঁ।

নমিতা ভট্টাচাৰ্যঃ ফটাঢোল গোটৰ আটাইলৈকে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম৷

(সাক্ষাৎকাৰটো যুগুত কৰিলে দিগন্ত কুমাৰ ভট্টাচাৰ্যয়ে)

☆ ★ ☆ ★ ☆

2 Comments

  • ৰিণ্টু

    নষ্টালজিক হৈ গ’লো। বাইদেউৰ গীতবোৰ এতিয়াও প্ৰায়েই শুনি থাকো, অন্যতম প্ৰিয়।

    তেখেত সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল সাক্ষাৎকাৰটো৷ যিসকলে তেওঁ গোৱা গীতবোৰ শুনিছে তেওঁলোকৰ বাবে নিশ্চয় আজিও সজীৱ হৈ আছে গীতবোৰ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *